নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্থনৈতিক সংকট, নিবনুৱা সমস্যা আদি

বর্তমান সময়ত বিজ্ঞান শিক্ষাৰ চৰম সাফল্যৰ পাছতো সহজে নিয়ন্ত্রণ কৰিব নোৱাৰা ক’ৰোনা মহামাৰীয়ে সমগ্র বিশ্বক সংকটত পেলালে৷ একবিংশ শতিকাৰ উন্নত চিকিৎসা বিজ্ঞানকো নতশিৰ কৰি মানুহৰ জীৱনলৈ শংকা কঢ়িয়াই আনিলে এই মহামাৰীয়ে৷ অনাগত দিনত ইয়াৰ প্রতিক্রিয়াৰ বাবেই বিশ্বৰ অর্থনীতি বিপন্ন হৈ পৰাৰ সমান্তৰালভাৱে আমাৰ দেশখনৰ আর্থিক অৱস্থাও যে বেয়া হ’ব সেইটো খাটাং৷

মহামাৰীৰ সংক্রমণ আৰু ইয়াক প্রতিৰোধ কৰিবলৈ দেশত বলৱৎ কৰা লকডাউনৰ ফলত ঘৰুৱা উৎপাদনত নেতিবাচক প্রভাৱ পৰিল৷ দেশৰ মুঠ ঘৰুৱা উৎপাদনত (জি ডি পি) প্রায় ১৪ লাখ কোটি টকা ক্ষতি হ’ল৷ পৰিণতিত দেশৰ বিভিন্ন খণ্ডৰ চাকৰিত ব্যাপক প্রভাৱ পৰিলক্ষিত হ’ল৷ উক্ত সময়ছোৱাত দেশৰ উৎপাদিত সামগ্রীৰ চাহিদা আৰু যোগানৰ মাজতো ব্যৱধান দেখিবলৈ পোৱা গ’ল৷ চীন আৰু ভাৰতবর্ষৰ মাজত বিবাদৰ সূত্রপাত হোৱাৰ বাবে চৰকাৰে দেশখনৰ পৰা আমদানিকৃত সামগ্রীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিলে৷ সেই বাবেই সামগ্রীৰ উৎপাদনৰ ক্ষেত্রত দেশখন আত্মনির্ভৰ হ’বলৈ বাধ্য হৈ পৰিল৷ কিন্তু লকডাউনৰ সময়ছোৱাত দেশৰ কৃষিজাত দ্রব্যৰ উৎপাদন, ঔদ্যোগিক উৎপাদন, খাদ্য দ্রব্যৰ যোগান ব্যৱস্থা আদি সকলো স্থবিৰ হৈ পৰিল৷ গুৰুত্ব প্রদান কৰা হ’ল কেৱল স্বাস্থ্য খণ্ডত৷ আনহাতে, দেশৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ, যান–বাহন, অসামৰিক বিমান পৰিবহণ, পর্যটন উদ্যোগ আদি বন্ধ হৈ গ’ল৷ দেশৰ যান–বাহন ব্যৱস্থাৰ লগত প্রায় ৪.৫ লাখ কোটি লোক জড়িত হৈ আছে, যিটোৱে মুঠ ঘৰুৱা উৎপাদনলৈ প্রায় ৮ শতাংশ বৰঙণি আগবঢ়ায়৷ গতিকে এনে এটা ব্যৱস্থা হঠাৎ বন্ধ হৈ পৰাত কোটি কোটি লোকে কর্মসংস্থাপন হেৰুৱাই হাহাকাৰ কৰিব লগা হ’ল আৰু আয়ৰ পৰিমাণ ১৮ শতাংশ কমি যোৱা বুলি অনুমান কৰা হ’ল৷ সেইদৰে পর্যটন খণ্ডটোৱেও দেশৰ প্রায় ৪ কোটি লোকক সংস্থাপন দিছে৷ কিন্তু মহামাৰীৰ সংক্রমণৰ বাবে বিদেশী পর্যটক আহিব নোৱাৰাৰ পৰিপ্রেক্ষিতত এই খণ্ডটোৰ প্রায় ৮৫ হাজাৰ কোটি টকা লোকচান হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ লগতে ঘৰুৱা পর্যটকৰ সংখ্যা ধৰিবলৈ হ’লে ক্ষতিৰ পৰিমাণ আৰু বেছি হ’ব৷

লকডাউনৰ সময়ছোৱাত আটাইতকৈ বেছি ক্ষতি হৈছিল দেশৰ মুঠ ঘৰুৱা উৎপাদনলৈ সর্বাধিক পৰিমাণৰ অৱদান আগবঢ়োৱা ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ড৷ দেশৰ প্রায় ১২ কোটি লোকে সংস্থাপন লাভ কৰা এই খণ্ডটোৰ জি ডি পিলৈ অৱদান হ’ল ৩৯ শতাংশ৷ কিন্তু লকডাউনৰ সময়ছোৱাত এই উদ্যোগসমূহৰ অভাৱনীয় ক্ষতি হ’ল৷ সেইদৰে প্রায় ৪৩ শতাংশ শ্রম শক্তিক সংস্থাপনৰ সুযোগ দিয়া খাদ্য আৰু কৃষি খণ্ডই ৩০ শতাংশ বৰঙণি দিয়ে ঘৰুৱা উৎপাদনলৈ৷ কিন্তু বজাৰ, যাতায়াত আদি বন্ধ হৈ পৰাত খেতিয়কসকলৰ জীৱনযাত্রা স্তব্ধ হৈ আর্থিক দিশত যথেষ্ট কষ্ট ভোগ কৰিব লগা হ’ল৷ মহামাৰীৰ ফলত দেশৰ তথ্য–প্রযুক্তি খণ্ডৰো ব্যাপক ক্ষতি হ’ল৷ লকডাউনৰ সময়ছোৱাত এই খণ্ডৰ কোম্পানীবোৰৰ আয়ৰ পৰিমাণ ৫ৰ পৰা ১০ শতাংশ পর্যন্ত হ্রাস পাইছিল৷ ব্যৱসায়ত হোৱা লোকচানৰ বাবে বহু কোম্পানীয়ে প্রতিষ্ঠানৰ তলা বন্ধ কৰিবলৈ বাধ্য হয়৷ তেনেদৰে ক্ষতি হৈছে দেশৰ শক্তি খণ্ডৰো৷ উল্লেখ্য যে লকডাউনৰ সময়ছোৱাত সকলো ব্যৱসায়, প্রতিষ্ঠান, কল–কাৰখানা, হোটেল, বাৰ আদি বন্ধ হৈ যোৱাৰ ফলত শক্তি খণ্ডৰ ৰাজহ আহৰণৰ পৰিমাণ কমি আহিবলৈ ধৰিলে৷ অসমৰ নিচিনা দুখীয়া ৰাজ্যসমূহৰ প্রয়োজনীয় বিদ্যুৎ যোগানৰ বাবে বহিঃ উৎসৰ পৰা বিদ্যুৎ ক্রয় কৰিবলৈ সামর্থ্য নোহোৱা হ’ল৷ ফলত অসম, ত্রিপুৰাৰ দৰে ৰাজ্যসমূহত অভাৱনীয়ভাৱে বিদ্যুৎ নাটনি হৈছে৷ ইফালে হোটেল, ৰেস্তোৰাঁ আদি প্রতিষ্ঠানৰ লোকচানৰ পৰিমাণ প্রায় ৩৫ হাজাৰ কোটি টকা৷ এই প্রতিষ্ঠানবিলাকৰ বিগত বিত্তীয় বর্ষত প্রায় ১ লাখ কোটি টকাৰ লেনাদেনা হৈছিল৷ কিন্তু ২০২০ বর্ষটোত লেনদেনৰ পৰিমাণ ৬৫ হাজাৰ কোটি টকালৈ নামি আহে৷

ভাৰতীয় অর্থনীতিক মহামাৰীয়ে শোচনীয় অৱস্থা সৃষ্টি কৰা সময়ত দেশৰ আয়ৰ পৰিমাণ কমি গৈ ব্যয় বৃদ্ধি পাবলৈ ধৰে৷ ফলত চৰকাৰৰ বিত্তীয় ঘাটি অভাৱনীয় হাৰত বৃদ্ধি পায়৷ বর্তমান সময়ত চৰকাৰৰ আয়ৰ শতকৰা ৬০ ভাগেই খৰচ কৰা হৈছে স্বাস্থ্য খণ্ডত৷ যিহেতু দেশখনত মহামাৰীয়ে সংক্রমণ ৰূপ ধাৰণ কৰিছে, সেয়েহে ইয়াৰ পৰা দেশৰ নাগৰিকক সুস্থ কৰি ৰাখিবলৈ যত্ন কৰাটো চৰকাৰৰ কর্তব্য৷ কিন্তু ইয়াৰ বাবে যথেষ্ট পৰিমাণত ৰাজহৰ প্রয়োজন হ’ব যদিও চৰকাৰৰ ৰাজহ সংগ্রহ সন্তোষজনক নহয়৷ লকডাউনৰ সময়ছোৱাত ৰাজহ সংগ্রহ ৩২ শতাংশ কমিছিল৷ সেইদৰে আয়কৰ কমি গৈছিল প্রায় ৩৬ শতাংশ৷ সেইবাবেই দেশখনে বর্তমান তীব্র বিত্তীয় সংকটত ভুগিব লগা হৈছে, যাৰ বাবে ৰাজ্যসমূহৰ জি এছ টিৰ অংশ মোকলাই দিয়াৰো অক্ষমতা প্রকাশ কৰিছে বিত্ত মন্ত্রালয়ে৷ জি এছ টি প্রৱর্তন কৰাৰ পাছৰে পৰা কেন্দ্রীয় চৰকাৰে ইয়াৰ এটা অংশ প্রদান কৰিছিল, যাতে ৰাজ্যসমূহে লোকচানৰ সন্মুখীন হ’ব নালাগে৷ ইয়াৰ অবিহনে ৰাজ্যসমূহৰ উন্নয়ন দূৰৰে কথা বিত্তীয় জোৰা মাৰিবলৈও টান হ’ব৷ সাধাৰণতে জি এছ টি সংগ্রহ কৰাৰ পিছৰে পৰা ৰাজ্যৰ নিজাববীয়া কৰ সংগ্রহত সমস্যা আহি পৰে৷ সেই বাবেই কেন্দ্রীয় চৰকাৰে ক্ষতিৰ বাবদ সংগৃহীত কৰৰ এটা অংশ আদায় দিয়াৰ সিদ্ধান্ত লয়৷ কিন্তু দেশৰ এই পৰিস্থিতিত চৰকাৰে জি এছ টিৰ ক্ষতিপূৰণ অংশ আদায় দিব নোৱাৰে বুলি কোৱাত ৰাজ্যসমূহৰ বিত্তীয় পৰিস্থিতি শোচনীয় হৈ পৰিব৷ কেন্দ্রীয় চৰকাৰে ইয়াক আদায় নিদিলে ৰাজ্যসমূহে বিভিন্ন উৎসৰ পৰা ঋণ ল’ব লাগিব আৰু জনমূৰি ঋণৰ বোজা বাঢ়িব৷ কিন্তু দেশজুৰি প্রৱর্তন কৰা লকডাউন বা আনলকৰ ম্যাদ বৃদ্ধি কৰি গৈ থাকিলে আগন্তুক দিনত বিত্তীয় সংকট অধিক হোৱাৰ সম্ভাৱনা থাকিব৷

লকডাউনৰ সময়ছোৱাত দেশত আর্থিক সংকটে দেখা দিয়াত কেন্দ্রীয় চৰকাৰে নির্বিনিয়োগ আঁচনিৰ অধীনত সাতটা ৰাষ্ট্রীয়কৃত বেংকত থকা চৰকাৰী অংশ বিক্রী কৰাৰ প্রস্তুতি চলাইছে৷ ভাৰত চৰকাৰে ব্যক্তিগতকৰণৰ দিশত এটা খোজ আগবাঢ়ি দেশত থকা সর্বমুঠ বাৰটা ৰাষ্ট্রীয়কৃত বেংকৰ ভিতৰত সাতটা বেংকক ব্যক্তিগত খণ্ডৰ হাতলৈ আগবঢ়াই দিছে৷ দেশৰ শোচনীয় অর্থনৈতিক অৱস্থাৰ বাবেই চৰকাৰে এই বেংককেইটাৰ অংশ বিক্রী কৰি ধন গোটোৱাৰ কৌশল অৱলম্বন কৰিছে বুলি অনুমান কৰা হৈছে৷ বর্তমান পৰিস্থিতিত চৰকাৰী খণ্ডৰ বেংকৰ চামিলকৰণ ব্যৱস্থাটো বাতিল কৰা হৈছে আৰু চৰকাৰৰ হাতত যেতিয়া নতুন বিকল্প ব্যৱস্থা নাই সেয়েহে সাতটা ৰাষ্ট্রীয়কৃত বেংককে ব্যক্তিগত খণ্ডৰ হাতত গটাব বিচাৰিছে৷ ইয়াৰ মূল কাৰণ হৈছে যে বর্তমান দেশৰ অর্থনৈতিক সংকটৰ পাছত বেংকসমূহৰ ঋণৰ বোজা দুগুণলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ ২০১৯ চনত ৰাষ্ট্রীয়কৃত বেংকৰ প্রায় ৯.৩৫ লাখ কোটি টকাৰ ঋণ আছে৷ সেয়েহে চৰকাৰে সাতটা ৰাষ্ট্রীয়কৃত বেংকৰ চৰকাৰী অংশ বিক্রী কৰিবলৈ ওলাইছে৷ অৱশ্যে দেশৰ এই সংকটৰ সময়তো নন বেংকিং বিত্তীয় প্রতিষ্ঠান আৰু নির্মাণ খণ্ডক সকাহ দিবৰ বাবে ৰিজার্ভ বেংকে দহ হাজাৰ কোটি টকা সাহায্য আগবঢ়াইছে৷ ইয়াৰ ভিতৰত পাঁচ হাজাৰ কোটি টকা নাবার্ডক আৰু বাকী পাঁচ হাজাৰ কোটি টকা নেচনেল হাউছিং বেংকক দিয়া হ’ব৷ অৱশ্যে মহামাৰী আৰু লকডাউনৰ প্রভাৱ দীঘলীয়া হ’লে দেশৰ অর্থনৈতিক অৱস্থা অধিক সংকুচিত হোৱাৰ পৰা ৰক্ষা কৰাটো কঠিন হ’ব৷

মহামাৰীৰ সংক্রমণ প্রতিৰোধকল্পে দেশত যি ব্যৱস্থা গ্রহণ কৰা হ’ল তাৰ ফলত ভাৰতীয় অর্থনীতিৰ গতি স্তব্ধ হৈ পৰিল৷ কৃষিৰ পৰা উদ্যোগলৈ প্রতিটো খণ্ডতে স্থবিৰতাই বিৰাজ কৰিলে৷ পৰিণতিত দেশত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিল নিবনুৱাৰ সংখ্যা৷ বিশেষকৈ গ্রামাঞ্চলত বাস কৰা লোকৰ মাজত কর্মহীনতাৰ সংখ্যা বাঢ়িল৷ দেশৰ উদ্যোগ খণ্ড বন্ধ হৈ যোৱাৰ পৰিণতিতে নিবনুৱাৰ সংখ্যা এনেদৰে বাঢ়ি গৈছে বুলি অনুমান কৰা হৈছে৷ যোৱা ২৪ মার্চত ঘোষণা কৰা লকডাউনৰ পৰিপ্রেক্ষিতত উদ্যোগকে ধৰি উৎপাদনশীল প্রতিটো খণ্ড স্থবিৰ হৈ পৰিছিল৷ এই সময়ছোৱাত হাজাৰ হাজাৰ লোকে কর্মসংস্থাপন হেৰুৱাই গৃহাভিমুখী হৈছে৷ লকডাউনে দেশৰ জনসাধাৰণৰ জীৱনলৈ অন্ধকাৰ নমাই আনিলে৷ কর্মসংস্থাপন হেৰুৱাই এইসকল লোকে হাহাকাৰ কৰিব লগা হ’ল৷ তদুপৰি বহু ব্যক্তিয়ে এতিয়া বিনা বেতনেৰে চাকৰি কৰিবলৈ বাধ্য হৈছে৷ পৰৱর্তী সময়ত বৃদ্ধি পাইছে কর্মচাৰীৰ চাটাই অভিযান৷ তথ্য অনুসৰি লকডাউনৰ সময়ছোৱাত সম্পূর্ণৰূপে চাকৰিৰ পৰা অব্যাহতি দিয়া লোকৰ সংখ্যা ২১.৫৭ শতাংশ৷ ইয়াৰ মাজতে আকৌ ২৩.৯৭ শতাংশৰে চাকৰি যোৱা নাই যদিও লকডাউন আৰম্ভ হোৱাৰ পৰাই সেইসকল লোকক প্রতিষ্ঠানে ছুটী প্রদান কৰিছে৷ ভৱিষ্যতে পুনৰ সংস্থাপন যে হ’ব তাৰো একো নিশ্চয়তা নাই৷ যিসকল লোকে কর্মসংস্থাপন হেৰুৱাই গৃহাভিমুখী হৈছিল চৰকাৰৰ তৰফৰ পৰা তেনে লোকক ‘জবকার্ড’ দি এম জি এনৰেগাৰ দৰে আঁচনিত অন্তর্ভুক্ত কৰাৰ কথা ঘোষণা কৰিলে যদিও বাস্তৱ ক্ষেত্রত কিমান ফলৱতী হ’ব সেয়াও বিচার্যৰ বিষয়৷ গ্রামাঞ্চলত এতিয়াও নিবনুৱাৰ সংখ্যা ২৭.১ শতাংশ (পূর্বতে ২৬.৩ শতাংশ) পর্যন্ত বৃদ্ধি পাইছে৷ সেইদৰে চহৰাঞ্চলত ২৯.২ শতাংশ বুলি তথ্যত পোৱা গৈছে৷ তদুপৰি চহৰাঞ্চলৰ যিসকল শ্রমিকে দৈনিক ৪০০–৫০০ টকা পর্যন্ত মজুৰিত নিয়োজিত হৈ আছিল সেইসকলে এতিয়া পূর্বৰে তিনি ভাগৰ ২ অংশহে উপার্জন কৰিব পাৰিছে৷ পৰিণতিত এইসকল লোকৰ উপার্জন স্বাভাৱিকতে কমিছে, যিটো অর্থনৈতিক দিশত অন্য এটা ঋণাত্মক হিচাপে চিহ্ণিত হৈছে৷ লকডাউনৰ সময়ছোৱাত দেশত প্রায় ১৪ কোটি লোকে সর্মসংস্থাপন হেৰুৱালে৷ তথ্য অনুসৰি আমাৰ দেশত ইতিমধ্যে প্রায় ৩৫ নিযুততকৈও অধিক কর্মহীন লোক আছে৷ সেইবাবেই দেশত এতিয়া নিবনুৱা এটা জ্বলন্ত সমস্যা ৰূপে দেখা দিছে৷ যদিহে এই সমস্যা সমাধানৰ বাবে প্রয়োজনীয় ব্যৱস্থা লোৱা নহয়, তেন্তে অনাগত দিনত এই সমস্যাই ভয়ংকৰ ৰূপ ল’ব আৰু ইয়াৰ লগে লগে দেশত দৰিদ্রতাৰ সংখ্যাও বাঢ়িব৷

You might also like