এটা দুশ্চিন্তাৰ অন্ত পৰিল যদিও আন এটা দুশ্চিন্তা আৰম্ভ হ’ল৷ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা নপতাৰ সিদ্ধান্ত হ’ল৷ পৰীক্ষা বাতিলৰ কথাটো মানি লওঁ বা নলওঁ অভিভাৱক আৰু ছাত্র–ছাত্রী মানসিক চাপৰ পৰা মুক্ত হ’ল৷ কিন্তু তেওঁলোকক কি পদ্ধতিৰে মূল্যাংকন কৰিব, সেইটোহে এতিয়া এটা ডাঙৰ প্রশ্ণ৷ গতিকে এতিয়া এটা নতুন মানসিক চাপ আৰম্ভ হ’ল৷ এই মূল্যায়নৰ পদ্ধতিৰ প্রশ্ণৰ অৱতাৰণা হোৱাৰ কাৰণ হ’ল পৰিকল্পনাৰ ৰূপৰেখা তৈয়াৰ কৰা আমাৰ ৰাজ্যৰ কর্তৃত্বশীল পক্ষই আমাৰ দেশতে অন্য এখন ব’র্ডে চলাই থকা শৈক্ষিক পদ্ধতিৰ লগত ফেৰ মাৰবি পৰাকৈ শিক্ষার্থীৰ নিৰৱচ্ছিন্ন মূল্যায়নৰ ব্যৱস্থা ইমানদিনে কৰিব পৰা নাছিল৷ অতি সামান্য কিবাকিবি ব্যৱস্থা আছে যদিও বহু শিক্ষানুষ্ঠানত সেয়া কৰাই নহয় আৰু কৰিলেও পালমৰাবিধৰ ধৰণেহে কাম হৈ আহিছে৷ ভাৰতৰ বাহিৰৰ অন্য আগশাৰীৰ ৰাষ্ট্রৰ শিক্ষা ব্যৱস্থাৰ লগত তুলনা কৰিবলৈ গ’লে কি ওলাব বুজি পোৱাই গৈছে৷ ক’ভিড অতিমাৰীৰ এই বিষম সময়ত আমাৰ স্বৰূপ ওলাই পৰিছে৷ ক’ভিডৰ প্রলয়ত বহুতো ঘটনা ঘটিছে৷ কিমান যে স্বপ্ণ ধূলিসাৎ হৈ গৈছে তেনে বহু ঘটনাৰ একো উত্তৰ আমাৰ হাতত নাই৷ কিন্তু আমি পোৱা এই শিক্ষাবিলাকৰ ভিত্তিত এতিয়া কিছুমান কাম হাতত ল’ব লাগিব৷ এই কথাবিলাকৰ পুনৰাবৃত্তি যাতে নহয়, তাৰ সংশোধনৰ বাবে ভৱিষ্যতৰ পৰিকল্পনাৰ আলোচনা কৰাহে এতিয়া উচিত হ’ব৷ ‘আমুকটো হোৱাহেঁতেন’, ‘তমুকটো কৰাহেঁতেন’, ‘এইটো কিয় নকৰিলে’ আদি কথাবিলাক দবা পিটি পিটি কৈ ফুৰাতকৈ সেই ‘হেঁতেনবোৰ’ বা এইবোৰৰ ভিত্তিত সংস্কাৰৰ উন্নত সংস্কৰণৰ বাবে এতিয়াৰ পৰা প্রচেষ্টা লোৱা ভাল৷ ইমানদিনে বিতর্কবোৰ কৰিলোঁ৷ এই বিতর্কবিলাক যুক্তিসংগতেই আছিল নিশ্চয়৷ কাৰণ এই বিতর্কবিলাকৰ ভিত্তিতেই এতিয়া কাম কৰিবলৈ ব্যৱস্থা হাতত ল’ব লাগিব৷ ‘আমাৰ’ বিদ্যালয়বিলাকত আভ্যন্তৰীণ মূল্যায়নৰ ব্যৱস্থা নাছিল, গতিকে এতিয়া যিহেতু বুজিছোঁ যে ইয়াৰ পৰিণাম কি হ’ল, সেয়ে এতিয়া সঠিক ৰূপত ভালকৈ কৰিব লাগিব৷ দশম শ্রেণীৰ বাছনি পৰীক্ষা, একাদশ শ্রেণীৰ পৰীক্ষা আদিত গুৰুত্ব দিয়া হোৱা নাছিল, গতিকে এতিয়াৰ পৰা এইবিলাকত কঠোৰ হ’ব লাগিব৷NEP ২০২০ৰ আওতাত কিবা যদি আগলৈ সলনি হয়, তেন্তে কামবোৰ সেইমতে কৰিম৷ কিন্তু যি যি ব্যৱস্থা দিয়া হয় তাকে যেন ভালকৈ নিষ্ঠাসহকাৰে কৰা হয়৷ পাল মাৰিলে ই বিপদ৷ একোটা প্রজন্মৰ ভৱিষ্যতৰ কথা ইয়াৰ লগত জডিত হৈ থাকে৷
বিগত সময়ত বহু দুখৰ ছবিয়েই দেখা পালোঁ৷ থকা আৰু নথকাৰ সীমাৰেখাডাল যে তেনেই থুনুকা বুজি পালোঁ৷ যাৰ বুকু দহিছে তেৱেঁই বুজিছে এই দহনৰ তীব্রতা কি আৰু ইয়াৰ প্রভাৱ কিমান সুদূৰপ্রসাৰী হ’ব পাৰে৷ সেয়ে আমি এইবিলাক কথাও আমাৰ দৃষ্টিত ৰাখিব লাগিব৷ সেয়ে যেতিয়া দেহা সুৰক্ষা আৰু পৰীক্ষাৰ কথা আহে, তেতিয়া অৱধাৰিতভাৱেই এইবিলাক দৃশ্য চকুত ভাহি উঠে৷ ‘ক’ভিড নোহোৱাহেঁতেন’, ‘তেওঁৰ দেহাৱসান নঘটাহেঁতেন’, ‘পৰীক্ষা ফেব্রুৱাৰীতেই পতাহেঁতেন’ আদি ধৰণৰ কথাবিলাক এতিয়া পাতি থাকিলে একো লাভ নহয়৷ এতিয়া পৰিস্থিতিৰ মোকাবিলা কৰিব লাগিব৷ বাতৰিকাকতত পঢ়িছোঁ যে পিতৃ–মাতৃৰ দুঃখজনক বিয়োগত সন্তান নিঠৰুৱা হৈছে৷ উস্ কি যে মর্মান্তিক হূদয়বিদাৰক এইবিলাক ঘটনা কিন্তু এতিয়া এয়াই চৰম সত্য৷ এতিয়া আমি কি কৰিব লাগিব সেই কথা অতি সুস্থিৰভাৱে চিন্তা কৰিব লাগিব৷ এই শূন্যতা কেতিয়াও পূৰণ নহয়৷ কিন্তু আমি সমাজে সেই শিশুবিলাকক আঁকোৱালি লৈ তেওঁলোকক আগুৱাই নিবই লাগিব৷ এয়া এখন সমাজৰ পৱিত্র কর্তব্য৷ পিতৃ–মাতৃৰ অভাৱ পূৰণ কৰিব সহজে পাৰিম জানো? অসম্ভৱ৷ কিন্তু সেয়ে হ’লেও অভিভাৱকৰ দায়িত্ব লৈ আমি সমুখৰ হাজাৰ বাধা আঁতৰাই শিশুহঁতক আগুৱাই যোৱাৰ পৰিৱেশ দিব লাগিব৷ তেওঁলোকক প্রত্যয় নিয়াব পাৰিব লাগিব যে যুঁজি যুঁজি হ’লেও জিকিব লাগিব, প্রতিষ্ঠা লাভ কৰিব পাৰিবই লাগিব৷ এনে সময়ত ঋণাত্মক কথাৰে তেওঁলোকক ভাৰাক্রান্ত নকৰি আশাৰ পোহৰ দেখুৱাব পাৰিব লাগিব৷ সমাজৰ সফলতা, সভ্যতা তাতেই নিহিত আছে৷ আমি আনসকলে জানিবলৈ যত্ন কৰিব লাগিব যে এসময়ত সন্তানৰ মনৰ চাপ কমাই কেনেকৈ পৰিস্থিতিসাপেক্ষে তেওঁলোকে সাঁতুৰিব পাৰে তাৰ বাবে মনোবল দিব পাৰিব লাগিব৷ প্রতিকূলতাক অনুকূল কৰিব পৰাটোতেই এখনCivil Societyৰ মুক্ত চিন্তা আৰু কৌশল প্রতিফলিত হয়৷
এইখিনি অৱতাৰণা কৰিলোঁ এইবাবেই যাতে আমি বহু কথাত অহেতুক বিতর্ক নকৰি ধনাত্মক চিন্তাৰে আনক অনুপ্রাণিত কৰিব পাৰোঁ৷ এতিয়া ক’ভিডসৃষ্ট পৰিৱেশত মুহূর্ততে নিচেই কাষৰজন অজান মুলুকলৈ গতি কৰিছে, পৰীক্ষা বাতিল হৈছে আৰু যে কত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আমি ইয়াত অন্য কথাৰ উল্লেখ নকৰোঁ৷ সামান্য পৰীক্ষা সম্পর্কতহে উল্লেখ কৰিম৷
এতিয়া এটা নতুন হৈ–চৈ আৰম্ভ হৈছে৷ পৰীক্ষা কিয় বাতিল কৰিলে, মূল্যায়ন কিহৰ ভিত্তিত কৰিব, আমাৰ ছাত্র–ছাত্রীৰ ভৱিষ্যৎ ধবংস নহ’বনে আদি ধৰণৰ কথাবিলাকে আকৌ পানী ঘোলা কৰিবলৈ আৰম্ভ কৰিছে৷ সেয়ে ওপৰত প্রাসংগিক কিছু কথা কৈ লৈছিলোঁ৷ আমি এতিয়া যুক্তিৰ খাতিৰত যুক্তি কৰি থাকি লাভ নাই৷ পিতৃ–মাতৃ, অভিভাৱক আৰু শিক্ষাবিদে শিক্ষার্থীৰ মানসিক চাপ উপলব্ধি কৰিব পাৰিব লাগিব৷ প্রায়েই দেখা যায় ল’ৰা–ছোৱালীতকৈ মাক–বাপেক বা যুক্তি কৰি ফুৰাসকলৰহে এতিয়া দুশ্চিন্তা বেছি হৈছে৷ অৱশ্যে সেয়া স্বাভাৱিক কথা৷ কিন্তু পৰিস্থিতি উপলব্ধি কৰি এতিয়া আমি শিক্ষার্থীসকলক বুজাব লাগিব যে ‘যি হৈছে ভালেই হৈছে আৰু তহঁতে এতিয়া মনোবল নেহেৰুৱাই নিজকে প্রস্তুত কৰ যাতে আহি থকা দিনত এই ক্ষতি পূৰণ কৰিব পাৰ৷’ আমি দেখিছোঁ যে মেড্রিকত তৃতীয় বিভাগ পায়ো সর্বভাৰতীয় অসামৰিক পৰীক্ষাত বা ৰাজ্যিক অসামৰিক পৰীক্ষাত সফল হোৱা লোক অথবা ভাল সাহিত্যিক, ভাল শিক্ষক হোৱাৰ উদাহৰণ বহুত আছে৷ ডাক্তৰ, ইঞ্জিনীয়াৰৰ জীৱনেইহে সফল জীৱন নেকি? এইটো ঠিক যে নিজৰ জীৱনৰ লক্ষ্য এটা সকলোৰে থাকে৷ কিন্তু এই প্রসংগতে কওঁ, ডাক্তৰ হোৱাৰ সপোন দেখা সকলোৱেই ডাক্তৰ হ’ব পাৰিছেনে? মেড্রিক, হায়াৰ ছেকেণ্ডাৰীত বহু উচ্চ নম্বৰ পায়ো মেডিকেলত ছীট নোপোৱাকৈ থকা লোক নাইনে? সেয়েহে কওঁ, এতিয়া আমি ছাত্র–ছাত্রীক লৈ গঠনমূলক চিন্তা কৰাহে ভাল৷ তাকে নকৰি অহেতুক যুক্তি কৰি থাকিলে তেওঁলোকৰ মানসিক চাপ বাঢ়িব৷ এতিয়া আমি বিভিন্ন ভাল উদাহৰণ আৰু ভাল পৰিকল্পনাৰ আধাৰত তেওঁলোকক সন্তুষ্টি লভিবলৈ শিকোৱা ভাল৷
কিছুমান কথা অপ্রিয় হ’লেও সত্য যে বহুতো মাক–দেউতাকে নিজে আগতে কৰি সফল নোহোৱা বাবে সন্তানৰ প্রজন্মত তেওঁলোকৰ প্রতিভাক আগুৱাই নি সেই সপোন পূৰণৰ কথা চিন্তা কৰে৷ ই নিশ্চয়কৈ অতি উত্তম কথা৷ পৰিয়ালৰ সামাজিক প্রতিষ্ঠা, অর্থনৈতিক বিকাশ ইয়াৰ লগত জডিত থাকে৷ কিন্তু মন কৰিব লাগিব যে অত্যধিক হেঁচাৰ বাবে যাতে সন্তানৰ মানসিক চাপ বৃদ্ধি নহয়৷ এনে হ’লে বহু বিষম পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ তেনেকুৱা বহু ঘটনা ঘটাৰ কথা কাকতত পঢ়িবলৈ পাইছোঁ৷ সেয়ে চাপবিহীন আৰু আনন্দকৰ পৰিৱেশৰ মাজত তেওঁলোকক প্রতিযোগিতাত অৱতীর্ণ কৰাব লাগে৷ মাক–বাপেকৰ সন্তুষ্টি আৰু সন্তানৰ সন্তুষ্টি সমানেই গুৰুত্বপূর্ণ কথা৷ আমি প্রায়েই কওঁ যে সমুখৰ এখন দর্জা বন্ধ হৈ গ’লে অন্য দিশত সফলতাৰ বাবে আন এখন দর্জা উন্মুক্ত হৈ পৰে৷ আমি এনেদৰে কথাবোৰ চাব লাগে৷
এতিয়া পৰীক্ষা বাতিল হোৱাৰ বাবে ছাত্র–ছাত্রীৰHSLC আৰুHS পৰীক্ষাৰ মূল্যায়নৰ সূত্র নির্ধাৰণ কৰিবলৈ চৰকাৰে গঠন কৰা কমিটীৰ সন্মুখত প্রত্যাহ্বান বহুত আহিব৷ কিহৰ আধাৰত তেওঁলোকে ছাত্র–ছাত্রীৰ মূল্যায়ন কৰি উত্তীর্ণ কৰাব? কোনো অনুত্তীর্ণ হৈ ৰৈ যাব নেকি? পৰীক্ষা হোৱা হ’লে কিছুসংখ্যক অনুত্তীর্ণ হৈ ৰৈ গ’লহেঁতেন৷ চৰকাৰে কৈছে যে ‘পূর্বৰ ৰেকর্ড’ৰ ভিত্তিত এটা সূত্র নির্ধাৰণ কৰা হ’ব৷ পূর্বৰ ৰেকর্ডবোৰ কি কি হ’ব? আমি এটা কথা উল্লেখ কৰোঁ৷ গ্রহণযোগ্য হ’বও পাৰে নহ’বও পাৰে৷ আমাৰ বহু ছাত্র–ছাত্রীয়ে আনুষ্ঠানিক স্কুলীয়া শিক্ষাৰ সমান্তৰালকৈ বিভিন্ন সহঃশৈক্ষিক কামত নিজকে জডিত কৰি ৰাখে৷ নাচ, গান, কবিতা আবৃত্তি, গল্প–কবিতা লিখা, চিত্র ঁকা, ফটোগ্রাফী আদি তেনে বহু কামৰ কথা উল্লেখ কৰিব পাৰি৷ তাৰ লগতে গণিত অলিম্পিয়াড, বিজ্ঞান প্রতিযোগিতা, মডেল প্রতিযোগিতা বা আন আন তেনেধৰণৰ মেধা আৰু প্রতিভা বিকাশৰ পৰীক্ষাত অৱতীর্ণ হয়৷ এইবিলাকো মূল্যায়নৰ এটা অংশ হ’ব পাৰে৷ তাৰ লগে লগে শ্রেণীকোঠাত উপস্থিতিৰ হাৰ, শিক্ষকৰ মন্তব্য আদিও মূল্যায়নৰ মাপকাঠীৰ আওতাত পৰিব পাৰে৷ গতিকে আমি আশা কৰিম এইবিলাক কথাৰ গুৰুত্ব যদি বুজি পোৱা যায় বিবেচনালৈ আহিব পাৰে৷ ইয়াৰ এটা প্রভাৱো থাকিব৷ ভৱিষ্যতে আমাৰ শিক্ষার্থীয়ে এনে কামত গুৰুত্ব দিব আৰু ই তেওঁলোকৰ চৰিত্র গঠনত প্রভূতভাৱে ধনাত্মক প্রভাৱ পেলাব৷ কাৰণ ৰাষ্ট্রীয় শিক্ষানীতি (২০২০)ত এনে বহু কথাৰ উল্লেখ আছে৷ গতিকে আমাৰ প্রস্তুতিৰ ক্ষেত্রত এইবিলাক কথা সহায়ক হ’ব পাৰে৷
লগতে আন এটা কথা৷ কোনো শিক্ষার্থী যদি কমিটীৰ মূল্যায়নত সন্তুষ্ট নহয়, তেন্তে তেওঁ যদি বিচাৰে কোনো বিশেষ পৰীক্ষাত অৱতীর্ণ হোৱাৰ ব্যৱস্থা ৰাখিব পৰা যায়৷ তদুপৰি আমি আন এটা বিশেষ কথা উল্লেখ কৰোঁ৷ ধৰি লওঁ, এজন শিক্ষার্থীয়ে হ’বলগীয়া মূল্যায়ন পদ্ধতিৰ দ্বাৰা তেওঁ পোৱা মূল্যাংকনত সন্তুষ্ট নহয়৷ তেন্তে তেওঁ কিয় সন্তুষ্ট নহয় বা কিয় বেছি পাব লাগিছিল তাৰ সপক্ষে প্রত্যয়সূচক প্রমাণ বা যুক্তি দাঙি ধৰিবলৈ দিব লাগে৷ এটা উদাহৰণ দিয়া ভাল হ’ব৷ ধৰি লওঁ এজন শিক্ষার্থীক ইংৰাজী বিষয়ত ৬০ শতাংশ নম্বৰ দিয়া হ’ল৷ যদি শিক্ষার্থীজন সন্তুষ্ট হৈছে ঠিকেই আছে৷ যদি সন্তুষ্ট নহয় তেন্তে তেওঁৰ আগৰ পৰীক্ষা বা শিক্ষকৰ প্রসংগৰে কথাটো জনাওক৷ দৰকাৰ হ’লে তেওঁক ইংৰাজী বিষয়ৰ এটা সাধাৰণ পৰীক্ষা লৈ বাMCQ Test পাতি তেওঁৰ ইংৰাজী বিষয়ৰ ব্যুৎপত্তিৰ পুনৰীক্ষণ হওক৷ এইবিলাকো নিশ্চয় বিচার্যৰ বিষয় হ’ব পাৰে৷
আমি জানো যে প্রাকৃতিকভাৱে দিন আৰু ৰাতিৰ দৰেই আমাৰ মতামতো ভিন্ন হয়৷ তথাপি ভিন্নতা বা বিভেদৰ মাজেৰেই আমি গ্রহণযোগ্য ব্যৱস্থা এটা উলিয়াব লাগিব৷ মুঠতে কথাটো হ’ল শিক্ষার্থী সন্তুষ্ট হৈ থাকিব লাগিব৷ শিক্ষার্থীৰো যত্ন লাগিব যে এই ক্ষতি তেওঁলোকে পূৰণ কৰিব পাৰিব লাগিব আৰু আহি থকা দিনত যি শিক্ষাতেই জডিত নহওক কিয়, তাৰ দ্বাৰাই সুনাগৰিক হ’বলৈ যত্ন কৰিব লাগিব৷
ফোন: ৯৪৩৫১–৬০৯৮০