অর্থনৈতিক বিকাশক সদায় জনমুখী হোৱা উচিত বুলি মতামত দাঙি ধৰা হয়৷ আর্থ–সামাজিক বিকাশৰ বাবে যিবিলাক আঁচনি প্রস্তুত কৰা হৈছে তাৰ মূল উদ্দেশ্য হৈছে মানুহৰ কল্যাণ সাধন কৰা৷ সাম্প্রতিক সময়ত ভাৰত্বর্ষই যিবিলাক আর্থ–সামাজিক আৰু ৰাজনৈতিক তথা সাংস্কৃতিক ৈবশিষ্ট্যবোৰৰ উত্থান–পতনৰ মুখামুখি হৈছে তাৰ মূলতে আছে মানুহ৷ অর্থাৎ সমাজৰ বিকাশৰ বাবে মানুহ হৈছে লক্ষ্য আৰু উপাদান৷ এটা সুস্থিৰ আকাৰ আৰু গুণমানৰ জনসংখ্যা বিকাশৰ বাবে খুবেই গুৰুত্বপূর্ণ উপাদান হিচাপে পৰিগণিত হৈছে৷ অনুন্নত আৰু উন্নয়নশীল দেশৰ জনসংখ্যা যিমানে অধিক হয় সিমানে শক্তিশালী স্থিতি হয় কিছুমান মৌলিক সমস্যাৰ৷ যেনে দৰিদ্রতা, ন্বিনুৱা সমস্যা, পৰিৱেশ প্রদূষণ, বেমাৰৰ প্রাদুর্ভাৱ, বিচ্ছিন্নতাবাদী সমস্যা আদি আৰু ই লাহে লাহে সংক্রমিত কৰে মানুহৰ ৰাজনৈতিক অধিকাৰ, অর্থনৈতিক অধিকাৰ, ভাষা–সংস্কৃতিৰ অস্তিত্ব, সামাজিক নিৰাপত্তা আদিৰ দৰে খুবেই গুৰুত্বপূর্ণ বিষয়বোৰ৷ উদাহৰণস্বৰূপে নিশ্চিতভাৱে ভোক, অপুষ্টি আৰু দুর্ভিক্ষৰ কথা উল্লেখ কৰিব পাৰি৷ কেৱল খাদ্য অধিক পৰিমাণে উৎপাদন কৰিলেই জানো এই সমস্যাবোৰ নাইকিয়া হৈ যাব? বৰং ই নির্ভৰ কৰিছে কি মূল্যত খাদ্য ক্রয় কৰা হৈছে, পৰিয়ালত মানুহৰ সংখ্যা কিমান আৰু খাদ্য কি দৰে বিতৰণ কৰা হৈছে– তেনেকুৱা প্রশ্ণৰ ওপৰত৷ আজিৰ পৰা প্রায় দুশ বছৰ আগতে প্রখ্যাত অর্থবিজ্ঞানী মালথাছে কৈছিল যে খাদ্য উৎপাদন আৰু জন্ম হাৰৰ মাজত এক প্রতিযোগিতা থাকে৷ খাদ্যৰ উৎপাদন যি হাৰত বৃদ্ধি পায় তাতকৈ অধিক হাৰত বৃদ্ধি পায় জন্মহাৰ৷ গতিকে এনেকুৱা এটা সময় আহ্বি, যেতিয়া খাদ্য উৎপাদনতকৈ মানুহৰ জন্মৰ হাৰ অধিক হৈ এক বিপর্যয় মাতি আন্বি৷ মালথাছৰ ভাবধাৰাক পিছত বাৰুকৈয়ে সমালোচনা কৰা হৈছিল৷ কাৰণ তমান সময়ত বিজ্ঞানসন্মতভাৱে কৃষিকার্য কৰাৰ বাবে বিশ্বত খাদ্যৰ উৎপাদন বহুগুণে বাঢ়িছে আৰু যিখিনি জনসংখ্যাৰভোক ন্বিাৰণৰ বাবে যথেষ্ট কিন্তু বিগত সময়ছোৱাত জনসংখ্যা, দৰিদ্রতা আৰু খাদ্যমূল্য ইমান বৃদ্ধি পাইছে যে ই একাংশ মানুহৰ সাধ্যৰ বাহিৰত লাহে লাহে গুচি গৈছে৷
খাদ্যৰ উৎপাদন আৰু ইয়াৰ মূল্যৰ মাজত এক অদ্ভুত ৈবপৰীত্য আছে৷ খেতিয়কে খাদ্যশস্য উৎপাদন কৰিছে, কিন্তু বজাৰত ইয়াৰ উপযুক্ত মূল্য পোৱা নাই৷ এনেকুৱা উদাহৰণ আমি কেতিয়াবা সংবাদ মাধ্যমত পাইছোঁ যে উপযুক্ত মূল্যৰ অভাৱত খেতিয়কে উৎপাদিত শস্য বজাৰতেই পেলাই থৈ গৈছে৷ অথচ উপভোক্তাই যেতিয়া বজাৰত সেই একে খাদ্যশস্য ক্রয় কৰিবলৈ গৈছে তেতিয়া মূল্য্বৃদ্ধিৰ বাবে ইয়াক সংগ্রহ কৰিবলৈ ব্যর্থ হৈছে৷ এনেকুৱা ৈবপৰীত্য কেৱল খাদ্যদ্রব্যতেই সীমিত হৈ থকা নাই, বৰং আমাৰ সমাজৰ প্রায় প্রতিটো ক্ষেত্রতেই স্পষ্ট হৈ উঠিছে৷ ইয়াৰ মূল কাৰণ হৈছে মুকলি বজাৰৰ চাহিদা আৰু যোগানৰ খেল৷ কোৱা বাহুল্য যে তাৰ অন্তৰালত আছে অত্যধিক জনবিস্ফোৰণ৷ সমাজ বিজ্ঞানীসকলে ব্যাখ্যা কৰি দেখুৱাইছে যে যদি জনসংখ্যাক সীমিত কৰিব পৰা যায়, তেনেহ’লে মানুহৰ হেৰোৱা অধিকাৰবোৰ সহজভাৱে পুনৰুদ্ধাৰ হ’ পাৰিব৷
সন্তান জন্ম দিয়াটোক একেটা সময়ত নৈতিক দায়িত্ব আৰু অধিকাৰৰ পর্যায়ত ধৰা হৈছে৷ এয়া যেন এক বাধ অধিকাৰ৷ পৰিয়ালৰ আকাৰ দ্ধি কৰাটো নির্ভৰ কৰে পৰিয়ালৰ মুৰব্বীৰ সিদ্ধান্তৰ ওপৰত৷ দেখা গৈছে যে মানুহৰ অবিবেচক সিদ্ধান্তই সমাজলৈ অভিশাপহে কঢ়িয়াই আনিছে৷ পৰিস্থিতি এতিয়া এনেকুৱা পর্যায়লৈ গৈছে যে এটা পৰিয়ালৰ বাধ সন্তান জন্ম দিয়াৰ অধিকাৰে আন এটা পৰিয়ালৰ গুৰুত্বপূর্ণ অধিকাৰবোৰক সংকুচিত কৰিছে৷ অর্থাৎX–ৰ সন্তান জন্ম দিয়াৰ সিদ্ধান্তইY–ক বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত কৰিছে৷ ধৰা হ’ল এজন ব্যক্তিয়ে সচেতনতাৰে নিজৰ পৰিয়ালৰ আকাৰ দুটা কিম্বা এটা সন্তানত সীমিত কৰি ৰাখিছে৷ কিন্তু প্রতিৱেশী এজনৰ অসচেতনতামূলক সিদ্ধান্তৰ ফলত যি তিনি–চাৰিটা বা ততোধিক সন্তানৰ জন্ম হ’ল, তাৰ দ্বাৰা দুটা ঋণাত্মক প্রভাৱৰ সৃষ্টি হ’৷ প্রথমতে, সেই পৰিয়ালে অতি সোনকালে তেওঁৰ অৱশিষ্ট সম্পদৰ অধিকাৰ হেৰুৱাব আৰু দ্বিতীয়তে সেই সন্তানে এদিন আহি সচেতন পৰিয়ালৰ সন্তানৰ অর্থনৈতিক, শৈক্ষিক, ৰাজনৈতিক আদি প্রতিটো অধিকাৰ খ্ব কৰিব৷ ৰাষ্ট্র ব্যৱস্থাই সমাজ কল্যাণৰ বাবে বিনামূলীয়া পৰিসেৱা আগবঢ়াইছে৷ যেনে, বিনামূলীয়া শিক্ষা, চিকিৎসা সেৱা, ৰেচন আদি৷ এই পৰিসেৱাৰ সৰহভাগ উপভোগ কৰিছে মূলতে দুখীয়া শ্রেণীৰ পৰিয়ালবোৰে, য’ত সন্তানৰ সংখ্যা এতিয়াও অধিক৷ পৰিয়ালৰ চাহিদা ইমানেই অধিক যে সেই বিনামূলীয়া পৰিসেৱাও কম হৈ গৈছে৷ যদি পৰিয়ালৰ আকাৰ সীমিত হ’লহেঁতেন, তেনেহ’লে বিনামূলীয়া পৰিসেৱাই মানৱিক উৎকর্ষৰ কাৰক হিচাপে গণ্য হ’লহেঁতেন৷ বিনামূলীয়া পৰিসেৱাবোৰ প্রদান কৰিবলৈ এক বৃহৎ পৰিমাণৰ ৰাজহুৱা ধনৰ অপ্ব্যয় হৈছে অথচ সমাজত দৰিদ্রতা, ন্বিনুৱা, বেমাৰৰ প্রাদুর্ভাৱ আদিয়ে এতিয়াও শক্তিশালী স্থিতি গ্রহণ কৰি আছে৷
সন্তান জন্ম দিয়াটো যিহেতু ব্বিাহিত দম্পতীৰ এটা নৈতিক দায়িত্ব আৰু অধিকাৰ গতিকে ইয়াৰ নিয়ন্ত্রণত মানুহে কিমান গুৰুত্ব আৰোপ কৰিব সেয়া নিশ্চিতভাৱে এক চিন্তনীয় বিষয়৷ যদি ধৰি লোৱা হয়, মানুহে পৰিয়ালৰ আকাৰ সীমিত ৰাখ্বি বিচাৰিছে, তেনেহ’লে নিশ্চিতভাৱে তাৰ লিংগ নির্ধাৰণৰ ওপৰত তেওঁলোক মনোযোগী হয়৷ সন্তান যদি এটা কিম্বা দুটাত সীমিত কৰিব লাগে, তেনেহ’লে নিশ্চিতভাৱে তাত নূ্যনতম এটি পুৰুষ সন্তান কামনা কৰা হয়৷ পুৰুষ সন্তান প্রাপ্তিৰ বাবে দেশৰ বিভিন্ন প্রান্তত এতিয়াও ৈবধভাৱে গর্ভস্থ সন্তানৰ লিংগ নির্ধাৰণ কৰা আৰু গর্ভপাত কৰোৱা এক লাভজনক বেহাত পৰিণত হৈছে৷ আজিৰ দিনতো দুটা পুৰুষ সন্তানৰ অভিভাৱকে মনে মনে এক আত্মসন্তুষ্টি অনুভৱ কৰে আৰু ঠিক বিপৰীতখিনি অনুভৱ কৰে দুজনী ছোৱালী জন্ম দিয়া অভিভাৱকে৷ সেইফালৰ পৰা বিচাৰ কৰিলে এটা পুৰুষ আৰু এটা কন্যা সন্তান জন্ম দিয়া পৰিয়ালবোৰেই হৈছে এক আদর্শ সুখী আৰু সৰু ভাৰসাম্য পৰিয়াল৷ গতিকে, যদি পৰিয়ালৰ আকাৰ সীমিত কৰিবলৈ হেঁচা বা বল প্রয়োগ কৰা হয়, তেনেহ’লে তাত লিংগ পক্ষপাতদুষ্টতা থকাৰ আশংকা থাকে৷ দ্বিতীয়তে, পৰিয়ালৰ আকাৰ সীমিত ৰাখ্বিলৈ যদি বল প্রয়োগৰ দ্বাৰা বিধিগত কিছুমান ব্যৱস্থাৰ প্রয়োগ কৰা হয়, যেনে তৃতীয় সন্তানৰ অভিভাৱকে ৰাষ্ট্রপ্রদত্ত কোনো সা–সুবিধা উপভোগ কৰিব নোৱাৰিব, তেনেহ’লে ইয়াক কেন্দ্র কৰি এক বিকট ৰাজনৈতিক খেল আৰম্ভ হ’৷ সত্তৰৰ দশকত জৰুৰীকালীন অৱস্থাৰ সময়ত বল প্রয়োগৰ দ্বাৰা জনসংখ্যা হ্রাসৰ ওপৰত গুৰুত্ব দিয়া হৈছিল৷ সেই সময়ত পুৰুষ বন্ধ্যাকৰণৰ বাবে এক প্রকাৰে বল প্রয়োগৰ প্রচেষ্টা চলোৱা হৈছিল৷ ৰে’ল স্টেচনৰ পৰা পুৰুষ মানুহক ধৰি বান্ধি হেনো সেই সময়ত বন্ধ্যাকৰণ কৰা হৈছিল৷ সেইবাবে ১৯৭৭ চনৰ সাধাৰণ র্ন্বিাচনত মানুহে তেওঁলোকৰ জন্মদানৰ অধিকাৰ কাঢ়ি লোৱাৰ বিৰুদ্ধে ভোটদান কৰিছিল৷ গতিকে বল প্রয়োগৰ দ্বাৰা জন্মৰ হাৰ কমোৱাৰ বিষয়টো খুবেই ৰাজনৈতিক স্পর্শকাতৰ৷
অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী ডাঙৰীয়াই লিখিছিল, ‘জাকে জাকে ল’ৰা–ছোৱালী ওপজাই দৰিদ্র দেশৰ দাৰিদ্র্য বৃদ্ধি কৰা অবিবেচনামূলক বিয়া কৰোৱাটোও আমি অনুচিত বুলি ভাবোঁ৷’ উল্লেখযোগ্য কথাটো হৈছে যে তেখেতেও মহাত্মা গান্ধীৰ দৰে জন্মৰ হাৰ কমাবলৈ কৃত্রিম উপায় ব্যাৱহাৰৰ সমর্থন কৰা নাছিল৷ তেখেতে বিচাৰিছিল যে ডেকাসকলে নিজৰ সংস্থানৰ উপযুক্ততাৰ পিছতহে বিয়া আৰু সন্তান জন্ম দিয়াৰ বিষয়ে যাতে মনযোগী হয়৷ তেখেতৰ ভাষাত, ‘প্রত্যেক ডেকাৰ বিয়াৰ কাব্যময় ভাবটোতকৈ গদ্যময় অর্থনৈতিক ভাবটোৰ ফালেহে চকু দ্বি লাগে৷ ব্বিাহিত জীৱনৰ সন্তান কামনা এটা প্রধান অংগ, কিন্তু উপযুক্ত ব্যৱস্থা নথকাকৈ কিছুমানে নিঃসহায় প্রাণীক সংসাৰৰ দাৰিদ্র্যৰ মাজলৈ নমাই অনাৰ কি সকাম তাক ভাবি চোৱা উচিত৷’ বল প্রয়োগ কৰাৰ ক্ষেত্রত চীনৰ নাম আগত উল্লেখ কৰা উচিত৷ কাৰণ চীনে ১৯৭৯ চনত ‘এক পৰিবাৰ এক সন্তান’ নীতিৰ প্রয়োগ কৰিছিল৷ চীনৰ স্বাস্থ্য মন্ত্রালয় ২০১৩ চনত যি তথ্য প্রকাশ কৰিছিল তাৰ মতে ১৯৭১ চনৰ পৰা ২০১২ চনলৈকে তাত প্রায় ৩৩ কোটি ৬০ লাখ গর্ভপাত কৰোৱা হৈছিল৷ আনহাতে, বয়স্ক জনসংখ্যা বাঢ়ি গৈছিল৷ অর্থাৎ এক সন্তানৰ নীতিৰে কেৱল হ্রস্বকালীন লাভহে হৈছিল৷ মানৱীয়তাৰ হত্যা কৰা এই এক সন্তানৰ নীতিক অৱশেষত বাতিল কৰা হৈছিল৷ দৰাচলতে চীনৰ জন্মৰ হাৰ নিয়ন্ত্রণত সাম্প্রতিক সময়ত অগ্রণী ভূমিকা গ্রহণ কৰিছে দীর্ঘকালীন আর্থ–সামাজিক বিকাশমূলক আঁচনি৷ অমর্ত্য সেনে কৈছিল, ‘উন্নয়ন হৈছে শ্রেষ্ঠ জন্মনিৰোধক৷’ সেই ফালৰ পৰা বিচাৰ কৰিলে অম্বিকাগিৰী ৰায়চৌধুৰীৰ মত্বাদৰ নিশ্চয় গুৰুত্ব আছে৷ বিকাশমূলক অধ্যয়নৰ পৰা স্পষ্ট হৈ পৰে যে দেশৰ আর্থ–সামাজিক বিকাশ আঁচনিত মহিলাৰ সাক্ষৰতা, শ্রম–বজাৰত মহিলাৰ অংশগ্রহণ, মহিলা আৰু পুৰুষৰ শিক্ষা গ্রহণ, স্বাস্থ্য পৰিসেৱাৰ বিস্তাৰ, কামৰ সা–সুবিধাৰ বিস্তাৰ আদিৰ দ্বাৰাও উচ্চ জন্মহাৰক বহু পৰিমাণে হ্রাস কৰিব পৰা যায়৷ ইয়াত উল্লেখ কৰা হৈছিল যে মানুহে সদায় জন্মদান কৰাটোক নিজৰ স্বকীয় সিদ্ধান্ত বুলি ভাবে, য’ত বেলেগৰ হস্তক্ষেপ সাধাৰণতে মানি লোৱা নহয়৷ এই সিদ্ধান্তৰ অন্তৰালত আছে এক বিচিত্র মূল্যবোধৰ প্রভাৱ৷ বল–প্রয়োগৰ দ্বাৰা এনেকুৱা মূল্যবোধক সলনি কৰিব পৰা নাযায়৷ যেনে বিয়া নোহোৱাটো এতিয়াও এক সামাজিক হীনমন্যতাৰ চিন হিচাপে বিবেচিত হৈছে, সন্তান পলমকৈ হোৱা নাইবা এক্বোৰে নোহোৱাটো সামাজিকভাৱে হেয় কৰা হৈছে, আকৌ অধিক সন্তান জন্ম দিয়াটোক বিধাতাৰ ইচ্ছা বুলি বিবেচনা কৰা হৈছে, এনেকি কিছুমানে কৃত্রিম পদ্ধতিৰে জন্মনিয়ন্ত্রণৰ সমলবোৰক ব্যৱহাৰ কৰাক পাপ বুলি গণ্য কৰিছে৷ ইমান বছৰজুৰি বিভিন্ন বিধিগত শাস্তিমূলক ব্যৱস্থাৰ দ্বাৰা বিভিন্ন নেত্বিাচক বিষয়ত মানুহৰ আচৰণ সলনি কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও তাৰদ্বাৰা খুব নগণ্য অংশৰ মানুহৰহে আচৰণ সলনি হৈছিল বুলি ক’ পাৰি৷ বৃহত্তৰ মানুহে সেই শাস্তিমূলক ব্যৱস্থাক ভ্রূক্ষেপ কৰা নাই৷ যেনে পৰিৱেশ প্রদূষণ, ধূমপান, ধর্ষণ আদি৷ সেইদৰে জন্মদানৰ বিষয়েও মানুহ এক্বোৰে নিজৰ মূল্যবোধকেন্দ্রিক সিদ্ধান্তৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্রৱণতা স্পষ্ট হৈছে৷ উদাহৰণ স্বৰূপে এতিয়াও গাঁওবোৰত মুকলিকৈ বাল্য–ব্বিাহ হৈছে, বহু–ব্বিাহ হৈছে, গর্ভ–পাত কৰা হৈছে, সন্তানৰ কাম্যতম সংখ্যাক মান্যতা দিয়া হোৱা নাই, স্বাস্থ্যবিধি মানি চলা হোৱা নাই আদি৷ গতিকে সমাগত সময়ত যদি বল প্রয়োগৰ দ্বাৰা জনসংখ্যাক হ্রাস কৰিবলৈ বিচৰা হয়, তাত ক্বিা ইত্বিাচক প্রভাৱ পৰিব বুলি প্রত্যাশা কৰাটো সন্দেহজনক৷ কিন্তু আর্থিক বিকাশৰ গতিক ত্বৰান্বিত কৰি মানুহৰ মানসিকতা আৰু মূল্যবোধক ইত্বিাচকভাৱে সলনি নিশ্চয় কৰিব পাৰি৷ দেখা গৈছে যে শিক্ষিত ডেকাসকলে নিজৰ সংস্থাপন নোহোৱালৈকে ব্বিাহ্বন্ধন কিম্বা সন্তান জন্ম দিয়াত আগ্রহী হোৱা নাই৷ শিক্ষিত আৰু সচেতন ডেকাসকলে ব্বিাহোত্তৰ জীৱনত কেৱল সন্তানৰ সংখ্যা সীমিত ৰখা নাই, বৰং যাৱতীয় কৃত্রিম জন্ম নিয়ন্ত্রণৰ সমলবোৰক স্বচ্ছন্দ্যে ব্যৱহাৰ কৰিছে৷ কিন্তু তাৰ পৰিমাণ এক্বোৰে সীমিত আৰু ইয়াৰ বিপৰীতে এতিয়াও এক বৃহৎসংখ্যক মানুহ জন্মদান সম্পর্কে এক্বোৰে উদাসীন৷
১৯২১ চনৰ জনসংখ্যাৰ বৃদ্ধি আছিল খুবেই তাৎপর্যপূর্ণ৷ কাৰণ এতিয়ালৈকে কেৱল ১৯২১ চনৰ জনসংখ্যাৰ বৃদ্ধি হ্রাস পাইছিল আৰু ইয়াৰ কাৰণ আছিল সেই সময়ত সংঘটিত দুর্ভিক্ষ, প্লেগ, মেলেৰিয়া আদিৰ দ্বাৰা বৃহৎ জনসংখ্যাৰ মৃত্যু৷ সেইবাবে ১৯২১ চনৰ এই ৈবশিষ্ট্যক কোৱা হয়Great Divide৷ ইয়াৰ পৰৱর্তী সময়ছোৱাত ভাৰতৰ জনসংখ্যা ক্রমান্বয়ে বাঢ়ি গৈ আছে আৰু বর্তমান কালত ই বিশ্বৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে৷ এয়া ২০২১ চন আৰু প্রথা মতে ইয়াত ভাৰতৰ জনসংখ্যাক আকৌ এবাৰ গণনা কৰা হ’৷ সেই জনসংখ্যাৰ তথ্য হ’বগৈ এক গুৰুত্বপূর্ণ বিকাশ নীতি নির্ধাৰণৰ ভেটি৷ ইতিমধ্যে বিভিন্ন গৱেষকসকলে নিজৰ নিজৰ গণিত আদিক ব্যৱহাৰ কৰি আশংকা প্রকাশ কৰিছে যে সমাগত সময়ত ভাৰতৰ জনসংখ্যা হ্রাস পোৱাৰ কোনো লক্ষণ নাই বৰং বৃদ্ধিৰ প্রৱণতা স্পষ্ট৷ সম্ভৱতঃ ২০২১ চনৰ জনসংখ্যাৰ তথ্যৰ ওপৰত ভিত্তি কৰি একাধিক আর্থ–সামাজিক নীতি আৰু ৰাজনৈতিক সমীকৰণ সালসলনি কৰা হ’৷ জনসংখ্যা যিদৰে উন্নয়নৰ সহায়ক হয় সেইদৰে ই মানুহৰ অকল্যাণ সাধন কৰাটো খাটাং৷ সম্ভৱতঃ চৰকাৰে ভৱিষ্যতৰ কথা চিন্তা কৰি নতুন জনসংখ্যা নীতি গ্রহণ কৰিবলৈ বাধ্য হ’ আৰু সেই সময়ত একাধিক আশংকামূলক প্রশ্ণ উত্থাপন হোৱাটো স্বাভাৱিক৷ গণতান্ত্রিক সমাজ ৱস্থাত যিকোনো নীতি নির্ধাৰণত বল প্রয়োগক মানুহে কেতিয়াও মানি লোৱা নাই বৰং তাৰ দ্বাৰা ৰাষ্ট্রযন্ত্রৰ স্বৈৰাচাৰী তন্ত্রৰ কথাহে স্পষ্ট হৈছে৷ ইয়াৰ প্রধান উদাহৰণ হৈছে চীনৰ এক সন্তান নীতি আৰু জৰুৰীকালীন সময়ৰ পুৰুষ ন্ধ্যাকৰণ ৱস্থা৷ অমর্ত্য সেনৰ কথাৰে, ‘সামান্য প্রমাণ পোৱা গৈছে যে স্বইচ্ছাৰে সামাজিক পৰিৱর্তনৰ তুলনাত ল প্রয়োগৰ দ্বাৰা উন্নয়নৰ দ্রুততৰ কার্যসিদ্ধি হয়৷ পৰিয়াল পৰিকল্পনাৰ ক্ষেত্রত লপ্রয়োগ কৰিলে িবশেষতঃ শিশুৰ মৃত্যুহাৰত জন্মদানৰ স্বাধীনতা খর্বৰ অধিক অশুভ ফল হ’ পাৰে Development As Freedom)৷ এই মুহূর্তৰ মানুহৰ প্রজনন ক্ষমতাক ইত্বিাচকভাৱে প্রভাৱিত কৰাৰ উপায় হৈছে আর্থ–সামাজিক উন্নয়ন তথা নাৰী কল্যাণ আৰু ইয়াৰ কোনো িবকল্প নাই৷