অধিকাৰৰ যুঁজঃ দেশবাসীৰ চকুত চকুপানী কৃষক বিক্ষোভৰ এইসমূহ ফটো দেখি
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ কৃষি আইনৰ প্ৰত্যাহাৰৰ দাবীত কৃষক সংগঠনে অব্যাহত ৰখা প্ৰতিবাদ একাদশ দিনত ভৰি দিলে। দিল্লী চলো কাৰ্যসূচীৰে দিল্লী সীমান্তত বাহৰ পাতি থকা কেইবালাখ কৃষকৰ প্ৰতিনিধিৰে কেইবালানি বৈঠক হোৱাৰ পাছতো কোনো মীমাংসা হোৱা নাই।
কিন্তু ইয়াৰ মাজতে ৩ কৃষি আইন প্ৰত্যাহাৰৰ দাবীত অটল হৈ থকা কৃষক বিদ্ৰোহৰ কেইখনমান আলোকচিত্ৰই সমগ্ৰ দেশবাসীকে চুই গৈছে। চাও আহক কেইখনমান বিশেষ আলোকচিত্ৰ-
ছ’চিয়েল মিডিয়াত ভাইৰেল এই মর্মস্পর্শী ছবি। য’ত আৰক্ষীৰ লাঠিৰ সন্মুখীন এজন বিক্ষোভকাৰী।
এফালে বিদ্ৰোহ, আনফালে শিক্ষা… সিংহু সীমান্তত কৃষকৰ প্ৰতিবাদৰ মাজতে কেইজনমান শিশুৱে অনলাইন ক্লাছ কৰাৰ দৃশ্য
কৃষক বিক্ষোভত অংশ লৈছিল ৫৫ বছৰীয়া এই শিখলোকজন। কিন্তু ইয়াৰ মাজতে অসুস্থ হৈ প্ৰাণ গ’ল তেওঁৰ।
ৰাজধানী দিল্লীত এতিয়া প্ৰচন্দ শীত। আৰু তাৰ মাজতেই এনেদৰেই কেইজনমান বৃদ্ধই আলোচনাত বহাৰ দৃশ্য।