নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্নীতিবিৰোধী যুঁজঃ বেজৰ নাকত খৰ

বৈকুণ্ঠনাথ গোস্বামী

২০১৬ চনৰ বিধানসভা নির্বাচনত অসমক এখন দুর্নীতিমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্রতিশ্রুতি দি বিজেপিয়ে ক্ষমতা দখল কৰিছিল৷ ভোটাৰৰ মন জয় কৰিবলৈ তেনে প্রতিশ্রুতিৰ প্রয়োজন আছিল৷ কাৰণ সেই সময়ৰ কংগ্রেছ চৰকাৰখন দুর্নীতিত আকণ্ঠ নিমজ্জিত হৈ পৰিছিল৷ দুর্নীতিৰ হাঁতোৰাই সকলোবোৰ চৰকাৰী বিভাগকে স্পর্শ কৰিছিল৷ উৎকোচ নিদিয়াকৈ চৰকাৰী প্রাপ্য আদায় কৰাৰ কথা জনসাধাৰণৰ কল্পনাৰো অগোচৰ আছিল৷ তাৰ উপৰি সেই সময়ত ‘জাতীয় নায়ক’ হিচাপে জনাজাত সর্বানন্দ সোণোৱালক মুখ্যমন্ত্রীৰূপে প্রক্ষেপ কৰিছিল বিজেপিয়ে৷ সেয়ে বিজেপি চৰকাৰে দুর্নীতিক প্রশ্রয় নিদিব বুলি বিশ্বাস কৰিছিল কংগ্রেছৰ প্রতি ৰুষ্ট হৈ পৰা অসমৰ ৰাইজে৷ অৱশ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উদাত্ত আৰু মনমোহিনী ভাষণেও জনসাধাৰণৰ মনত প্রত্যয় জন্মাইছিল যে বিজেপিয়ে মূল্যবোধৰ ৰাজনীতি কৰে আৰু অসমৰ ৰাইজে বিজেপিৰ নেতৃত্বত এখন নিকা চৰকাৰ লাভ কৰিব৷
ক্ষমতা দখল কৰাৰ পাছতে মুখ্যমন্ত্রী সোণোৱালে ঘোষণা কৰিছিল যে ‘দুর্নীতিৰ প্রতি শূন্য সহনশীলতা’ হ’ব বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰৰ নীতি৷ প্রথম অৱস্থাত চমক সৃষ্টি কৰিবলৈকে হওক বা নিষ্ঠাৰে দুর্নীতি নিবাৰণ কৰিবলৈকে হওক, সোণোৱাল চৰকাৰে দুই–এটা পদক্ষেপ গ্রহণ কৰিছিল৷ সংবাদ মাধ্যমত তেনে ব্যৱস্থাৰ বাতৰি ফলাও কৰি প্রচাৰ কৰিছিল৷
এ পি এছ চিৰ কেলেংকাৰি ফাদিল বিজেপি চৰকাৰৰ কার্যকালত উন্মোচিত হোৱা প্রথমটো উল্লেখযোগ্য ঘটনা৷ অসৎ উপায় অৱলম্বন কৰি এ চি এছ, এ পি এছ আদি পদত নিযুক্তি লাভ কৰা ৫০জনৰো অধিক বিষয়াই অকল চাকৰি হেৰুৱাই নহয়, ৰঙাঘৰৰ ভাত খাবলগীয়া হৈছে৷ এই কেলেংকাৰিৰ তদন্ত চৰকাৰে নিজাববীয়াকৈ আৰম্ভ কৰা নাছিল৷ এগৰাকী বঞ্চিত প্রার্থীৰ গোচৰৰ তদন্ত প্রক্রিয়াত কেঁচু খান্দোতে সাপ ওলাল৷ এ পি এছ চিৰ অধ্যক্ষগৰাকী পদবীৰ পৰা অপসাৰিত হোৱাই নহয়, কাৰাবাস খাটিবলগীয়া হ’ল৷ কিন্তু তাতে তদন্ত থমকি ৰ’ল৷ ভালেমান ৰাজনীতিক, জাতীয় সংগঠনৰ নেতা আৰু এগৰাকী সাংবাদিকৰ নামো এই কেলেংকাৰিৰ সৈতে জড়িত হৈ পৰিছিল৷ কিন্তু সেইবোৰৰ তদন্ত নহ’ল৷ এই কেলেংকাৰি উন্মোচনৰ বাবে কৃতিত্ব দাবী কৰা সর্বানন্দ সোণোৱালে কি কাৰণে তদন্তত স্থবিৰতা আহিবলৈ দিলে, তাৰ কোনো স্পষ্টীকৰণ এতিয়ালৈকে দিয়া নাই৷ অথচ তেওঁ নজনা নহয় যে দুর্নীতিৰ পথেদি অযোগ্য লোকে প্রশাসনিক পদ লাভ কৰিলে অন্ততঃ অহা তিনিটা দশকলৈ নিকা আৰু দুর্নীতিমুক্ত প্রশাসন লাভ কৰাৰ পৰা অসমবাসী বঞ্চিত হ’ব৷ লাখ লাখ টকা উৎকোচ দি লাভ কৰা চাকৰিটোৱে হাতত তুলি দিয়া ক্ষমতাৰ (অপ) ব্যৱহাৰ কৰি চাকৰি পাবলৈ ব্যয় কৰা ধন আদায় কৰাৰ বাবে চেষ্টা কৰাটো স্বাভাৱিক৷ এনেদৰে প্রশাসনৰ সর্বস্তৰলৈ দুর্নীতি বিয়পি পৰে৷
এ পি এছ চিৰ কেলেংকাৰিৰ বাতৰি ৰাষ্ট্রীয় সংবাদ মাধ্যমতো সম্প্রচাৰ/প্রকাশ হৈছিল৷ এই ঘটনাটোক ‘জব ফৰ কেচ’ (ধনৰ বিনিময়ত চাকৰি) নামে খ্যাত হৈছিল৷ তৰুণ গগৈ নেতৃত্বাধীন কংগ্রেছ চৰকাৰৰ দিনতে এই কেলেংকাৰি সংঘটিত হৈছিল৷ আশ্চর্যৰ বিষয় এই কেলেংকাৰিৰ অন্যতম অভিযুক্ত আৰু এ পি এছ চিৰ অপসাৰিত অধ্যক্ষ ৰাকেশ পালৰ ভাতৃক পুলিচে এতিয়াও গ্রেপ্তাৰ কৰিব পৰা নাই৷ তেওঁ সন্ধানহীন হৈ আছে৷ মানুহে তেওঁৰ কথা পাহৰি গ’ল৷ মুখ্যমন্ত্রীয়েও?
তাৰ উপৰি উৎকোচ লৈ থকা অৱস্থাত ভালেমান উচ্চপদস্থ চৰকাৰী বিষয়া আৰক্ষীৰ হাতত গ্রেপ্তাৰ হৈছে৷ আগতেই কোৱা হৈছে, সংশ্লিষ্ট বিষয়া–কর্মচাৰীক ঘোচ দি নিজৰ কাম কৰাই অনাটো একপ্রকাৰ ‘নিয়ম’ত পৰিণত হৈছে৷ কোনেও তাৰ প্রতিবাদ নকৰে৷ ‘নিয়ম’ৰ প্রতিবাদ কৰিলে নিজৰে ক্ষতি
দুই–এটা ব্যতিক্রম নথকা নহয়৷ কিন্তু অতি নগণ্য৷ যিসকল বিষয়াৰ শাসকীয় ৰাজনীতিকৰ সৈতে ‘কানেকচন’ আছে, বিভাগীয় ওপৰৱালাৰ লগত ভাগ–বাটোৱাৰাৰ অংক মিলি থাকে আৰু আৰক্ষীৰ দুর্নীতি নিবাৰক সংস্থাবোৰৰ সৈতে ‘বুজাবুজি’ আছে, সেইসকল বিষয়াই নির্বিবাদে দুর্নীতিৰ পোহাৰ চলাই আছে৷ দুর্নীতিৰ শৃংখলাডাল আৰম্ভ হয় তৃণমূল পর্যায়ত, শেষ ক’ত হয় কোনেও নাজানে৷ শৃংখলাডালৰ এটা আঙঠি ছিঙি গ’লেই খেলিমেলি হৈ যায় আৰু উৎকোচ গ্রহণ কৰা বিষয়াজন বিপদত পৰে৷ বেপৰোৱা হৈ পৰা দুই–এজন বিষয়াই অফিচতে অবৈধ ধনৰ লেনদেন কৰি ধৰা পৰাৰ ঘটনাও ঘটিছে৷ পিছত গোচৰবোৰৰ আদালতে কি ৰায় দিয়ে, তাৰ খবৰ ৰখাৰ কোনেও প্রয়োজন বোধ নকৰে৷ এনেদৰে ঘোচখোৰ বিষয়াক গ্রেপ্তাৰ কৰাৰ এক ইতিবাচক দিশ আছে৷ অফিচত বহি ধনৰ লেনদেন কৰিবলৈ দুর্নীতিগ্রস্ত বিষয়াসকলে ভয় কৰা হৈছে৷ অৱশ্যে অফিচৰ বাহিৰত ‘বুজাবুজি’ কৰাত বাধা নাই৷
চৰকাৰৰ জনকল্যাণমূলক আঁচনিবোৰৰ হিতাধিকাৰী নির্বাচন কৰা আৰু প্রাপ্য ধন মোকলাই দিয়াক কেন্দ্র কৰি আন এটা দুর্নীতিৰ চক্র চলি আছে৷ কংগ্রেছৰ দিনতো চলিছিল, বিজেপিৰ দিনতো চলি আছে৷ আগতে অলপ লুক–ঢ়াককৈ লেনদেন হৈছিল৷ এতিয়া আঁচনিভেদে ধনৰ পৰিমাণ নির্দিষ্ট কৰি দিয়া আছে৷ সম্প্রতি হিতাধিকাৰী হোৱাৰ বাবে আন এটা চর্ত সংযোজন হৈছে৷ সেয়া হ’ল – বিজেপিৰ সদস্যভর্তি হোৱা৷ এইবোৰ দুর্নীতিৰ শাৰীত পৰে নে নপৰে, সেই কথা নির্ণয় কৰাৰ ভাৰ পঢ়ুৱৈৰ ওপৰত দিলো৷
বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰৰ পাঁচ বছৰীয়া কার্যকালৰ অন্তিমটো বছৰত এটাৰ পিছত এটাকৈ নিযুুক্তি কেলেংকাৰিৰ ঘটনা সদৰী হ’বলৈ ধৰিছে৷ জলসিঞ্চন, পঞ্চায়ত আৰু গ্রাম্য উন্নয়ন বিভাগৰ নিযুক্তিৰ ক্ষেত্রত ঘটা কেলেংকাৰিৰ ঘটনা পুৰণিয়েই হ’ল৷ শেহোক্ত বিভাগত নিযুক্তিপ্রাপ্ত প্রার্থীৰ তালিকাখন চালে এনে ভাব হয় যে হয় বিজেপি নেতা–পালিনেতাৰ অঙহী–বঙহীসকল হয় অত্যন্ত মেধাৱী, নহ’লে সকলো মেধাৱী প্রার্থীয়েই শাসক দলৰ নেতাৰ আত্মীয়৷ এনেকৈয়ে বিজেপিয়ে দক্ষ প্রশাসন ব্যৱস্থা গঢ়ি তুলিব তথ্য আৰু জনসংযোগ বিভাগত বিজেপি চৰকাৰৰ দিনত নিযুক্তি লাভ কৰা প্রায় আটাইবোৰ বিষয়াই হয় গেৰুৱা দলটোৰ নেতা–পালিনেতাৰ বা শাসকীয় দলৰ সৈতে সু–সম্পর্ক ৰক্ষা কৰি চলা নিৰপেক্ষ () সাংবাদিকৰ নিকট সম্পর্কীয় প্রার্থী৷ তথ্য আৰু জনসংযোগ বিভাগটো মুখ্যমন্ত্রীৰ হাতত আছে৷ এই ঘটনা তেওঁৰ দৃষ্টিগোচৰ কৰাৰ পাছতো ৰহস্যজনক কাৰণত কোনো তদন্ত ঘোষণা কৰা নাই৷
প্রায় ছশ আৰক্ষী উপ–পৰিদর্শক নিযুক্তিৰ বাবে বাছনি পৰীক্ষা পতাত সংঘটিত কেলেংকাৰিক লৈ সম্প্রতি ৰাজ্যখনত তোল–পাৰ লাগিছে৷ পোনপটীয়াকৈ ক’বলৈ গ’লে ধনৰ বিনিময়ত চাকৰি বিক্রীৰ এয়া আন এক নিদর্শন৷ প্রার্থী বাছনিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব আছিল পুলিচ ৰিক্রুইটমেণ্ট ব’ডৰ৷ এই ব’ডৰ অধ্যক্ষ আছিল প্রদীপ কুমাৰ নামৰ এগৰাকী অৱসৰী পুলিচ বিষয়া৷ ২০১৫ চনতো কনিষ্টবল নিযুক্তিৰ ক্ষেত্রত এই বিষয়াগৰাকীৰ নেতৃত্বতে অনিয়ম হোৱাৰ অভিযোগ আছে৷ প্রদীপ কুমাৰে তিনিটা কোম্পানীক লিখিত পৰীক্ষা পতাৰ ঠিকা দিছিল৷ পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতেই প্রশ্ণকাকত ফাদিল হ’ল৷ তাৰ পাছৰ ঘটনাৰ পুনৰাবৃত্তিৰ প্রয়োজন নাই৷ এই নিবন্ধ প্রস্তুত কৰা সময়লৈ এই কেলেংকাৰিৰ মূল খলনায়ক অৱসৰী ডি আই জি পি কে দত্ত আৰু বিজেপিৰ পালিনেতা দিবন ডেকাক চি আই ডিয়ে জেৰা কৰি আছে৷ অৱস্থা বেগতিক দেখি চতুৰ প্রদীপ কুমাৰে পদত্যাগ কৰি দায় সাৰিছে৷
লক্ষণীয় বিষয়, পি কে দত্তক জেৰা কৰিছে অতিৰিক্ত আৰক্ষী মহাপ্রবন্ধক জি পি সিঙে৷ জেৰাৰ সময়ত কোনো বিষয়াকে উপস্থিত থকাৰ অনুমতি দিয়া নাই৷ পি কে দত্তই এই ঘটনাত পৃষ্ঠপোষকতা কৰা কোনো ৰাজনীতিক বা উচ্চপদস্থ বিষয়াৰ নাম ফাদিল কৰিলেও যাতে সিঙক বাদ দি আন কোনো বিষয়াই জানিব নোৱাৰে তাৰ বাবেই এই কটকটীয়া ব্যৱস্থা – এনে অভিযোগ ইতিমধ্যে উঠিছে৷ কর্মৰত কোনো পুলিচ বিষয়া আৰু শাসকীয় দলৰ কোনো প্রভাৱশালী ৰাজনীতিকৰ পৃষ্ঠপোষকতা অবিহনে ধনৰ বিনিময়ত চাকৰি বিক্রী কৰা চক্রটোৱে যে কাম চলাই যাব নোৱাৰে, সেয়া সকলোৱে জানে৷
কিন্তু তদন্তৰ গতি–গোত্র চাই এই কেলেংকাৰিত জড়িত ‘ৰৌ–বৰালি’বোৰক তদন্তৰ আওতালৈ আনিব বুলি ৰাইজ আশ্বস্ত হ’ব পৰা নাই৷ অকল পি কে দত্ততেই তদন্ত সামৰাৰ দিশে আগবাঢ়িছে নেকি চি আই ডি? এতিয়া আকৌ পি কে দত্তই চাকৰিকালত সন্দেহজনক উপায়েৰে আহৰণ কৰা বিশাল সম্পত্তিৰ তদন্তত নামিছে অসম আৰক্ষী৷ আয়তকৈ অধিক সম্পত্তিৰ গৰাকী হৈছে দত্ত৷ অসম আৰক্ষীৰ অৱসৰী বিষয়াসকলৰ মাজত অলপ বিচাৰ–খোঁচাৰ কৰিলেই অনেক পি কে দত্ত ওলাব৷ এই মুহূর্তত পি কে দত্তৰ সম্পত্তিৰ ওপৰত চকু পৰাৰ কাৰণ কি? কাৰণ স্পষ্ট৷ উপ–পৰিদর্শক বাছনি পৰীক্ষাৰ কেলেংকাৰি ইমানতে অন্ত পেলাই জনসাধাৰণৰ দৃষ্টি সম্পত্তিৰ বিষয়লৈ আকর্ষণ কৰা৷ এই কেলেংকাৰিত জড়িত ৰাজনৈতিক নেতা তথা উচ্চপদস্থ পুলিচ বিষয়াক ৰক্ষণাবেক্ষণ দিয়াৰ এয়া এক কৌশলহে৷ বিজেপিৰ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ এয়ে নমুনা নেকি?
আজিকালি প্রায় প্রতিদিনে টেলিভিছনৰ পর্দাত বা বাতৰিকাকতৰ পৃষ্ঠাত দুর্নীতিৰ বাতৰি সম্প্রচাৰ/প্রকাশ হৈ থাকে৷ সেইবোৰত পঞ্চায়তৰ প্রতিনিধিৰ পৰা মন্ত্রীসভাৰ সদস্যলৈকে বিভিন্ন পর্যায়ৰ জনপ্রতিনিধি জড়িত থকাৰ অভিযোগ দাঙি ধৰা হয়৷ কিন্তু চৰকাৰে সাধাৰণতে তেনেধৰণে উত্থাপিত অভিযোগত গুৰুত্ব দিয়া দেখা নাযায়৷ আনকি বাতৰিকাকতত প্রকাশিত ৰাজহুৱা ধন লুণ্ঠনৰ ঘটনাৰ বাতৰিৰ উদ্ধৃতি দি কোনো সদস্যই চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিলেও প্রায়ে চৰকাৰী পক্ষই লিখিত অভিযোগ নোপোৱাৰ অজুহাতত এৰাই চলে৷
চৰকাৰৰ তেনে আওকণীয়া মনোভাবে দুর্নীতিগ্রস্ত লোকসকলক পুনৰ দুষ্কার্যত প্রবৃত্ত হ’বলৈ উদ্গনি যোগায়৷ অসৎ বিষয়াসকলে নির্বাচিত জনপ্রতিনিধিৰ দুর্বলতাৰ সুযোগ গ্রহণ কৰি নিজৰ লগতে ‘বচ’ৰো জেপ শকত কৰে৷ এনেভাৱে ৰাতিটোৰ ভিতৰতে ধনী হৈ পৰা লোকসকলে আকৌ ৰাজহুৱা অনুষ্ঠানবোৰলৈ অকৃপণভাৱে দান/বৰঙণি আগবঢ়ায়৷ ক’ভিড অতিমাৰীৰ সংক্রমণ ৰোধ কৰাৰ উদ্দেশ্যে যি ৰাজকোষ বহির্ভূত নিধিৰ সৃষ্টি কৰা হৈছিল, তালৈ স্বেচ্ছামূলক বৰঙণি আগবঢ়োৱা লোকসকলৰ তালিকা প্রকাশ কৰিলে ওলাই পৰিব যে নিধিত জমা হোৱা ধনৰ অধিকাংশই আহিছে ঠিকাদাৰ আৰু ব্যৱসায়ীসকলৰ পৰা৷ এই দাতাসকলে নিঃস্বার্থভাৱে দান আগবঢ়াইছেনে? অৱশ্যে সেৱামূলক কামৰ বাবে নিজৰ সৎ উপায়েৰে উপার্জন কৰা ধন আগবঢ়োৱা লোকৰ সংখ্যাও কম নহয়৷
যিয়ে নহওক, দুর্নীতি নির্মূল কৰাৰ কথাই নকওঁ, নিয়ন্ত্রণ কৰাটোও সহজসাধ্য কাম নহয়৷ তাৰ বাবে লাগিব শাসকীয় পক্ষৰ ৰাজনৈতিক সদিচ্ছা৷ এক গণ আন্দোলনৰ ৰূপত দুর্নীতিবিৰোধী সংগ্রাম আগবঢ়াই নিব লাগিব৷ অকল চৰকাৰী বিভাগৰ ওপৰত নির্ভৰ কৰি থাকিলে দুর্নীতি নির্মূল কৰা সম্ভৱ নহ’ব৷ কাৰণ এতিয়া বেজৰ নাকতে খৰ ওলাইছে৷
ফোন- ৯৯৫৪০–৩২০৭৬

You might also like