নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুই

🔹 ড০ পার্থসাৰথি মহন্ত

জুই৷ জীৱনৰ এক প্রতীক৷ জীৱন সলনি কৰাৰ এক প্রতীক৷ মানে সৃষ্টিৰ এক প্রতীক৷ লগতে ধ্বংসৰো প্রতীক৷ বিনাশৰ প্রতীক৷ জুই এনে এক মৌল যাৰ এক ফিৰিঙতিয়েই যথেষ্ট সৃষ্টিৰ বাবে, অথচ জুইৰ মাজত কোনো জীয়াই নাথাকে৷
এক লাখ বছৰ আগতে যদি আপোনাৰ জন্ম হ’লহেঁতেন, জুই জ্বলাব নাজানিলে আপুনি জীয়াই থাকিব নোৱাৰিলেহেঁতেন৷ মানে পাথৰৰ ফিৰিঙতিৰে জ্বলোৱা শুকান পাতৰ জুই, গছৰ শুকান ডালৰ জুই৷ মানুহ হেনো জন্মই হয় জুই জ্বলোৱা আৰু নিয়ন্ত্রণ কৰাৰ এক দুর্বাৰ ইচ্ছা লৈ৷ এক সহজাত প্রবৃত্তি৷ সেইকাৰণেই বিৱর্তনত মানুহে আধুনিক ৰূপটো মানে হম’ চেপিয়েন ৰূপ পোৱাৰ বহু আগতেই জুই আৱিষ্কাৰ কৰিছিল৷ মানুহে হম’ চেপিয়েন ৰূপ পাইছিল দুইৰ পৰা তিনি লাখ বছৰ আগতে৷ ভাষাৰ বিকাশ আৰম্ভ হৈছিল পঞ্চাশ হাজাৰ বছৰ পূর্বে৷ কিন্তু জুই মানুহে আৱিষ্কাৰ কৰিছিল বিশ লাখ বছৰ আগতেই৷ মানুহৰ সেই সময়ৰ ৰূপটোৰ নাম হম’ ইৰেকটাচ৷ আৰু চাৰি লাখ বছৰ পূর্বেই মানুহৰ দৈনন্দিন জীৱনত যেনে– ৰন্ধা–বঢ়া, চিকাৰ কৰা, চিকাৰৰ বাবে আহিলা তৈয়াৰ কৰা ইত্যাদিত জুই ব্যৱহূত হ’বলৈ লৈছিল৷ মানে জুই জ্বলোৱা আৰু জুই নিয়ন্ত্রণ কৰা মানুহে মানুহ হোৱাৰ আগৰে পৰাই কৰি আহিছে৷ তথাপি জুই জ্বলোৱাৰ জুই মানুহৰ মনত এতিয়াও জ্বলি আছে৷
জুইৰ প্রতি কিয় এই দুর্বাৰ আকর্ষণ? নিজৰ লগত একাত্ম হ’বলৈ জুই একুৰাৰ কাষত বহি ভাল লাগে৷ কাৰোবাৰ লগত গভীৰ কথা–বতৰা পাতিবলৈ জুই একুৰা হ’লে ভাল লাগে৷ কাৰোবাৰ স’তে নিবিড় হ’বলৈও জুই একুৰাৰ উমে অধিক উমাল কৰে৷ সমূহীয়া স্ফূর্তি কৰিবলৈও জুই একুৰাৰ উহনিয়ে এক উজ্জ্বলতা আনি দিয়ে৷
শৈশৱতেই আমি আকর্ষিত হওঁ জুইৰ প্রতি৷ আমি জুই জ্বলাবলৈ চেষ্টা কৰোঁ৷ জুইশলা কাঠী ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ৷ বিভিন্ন বস্তুৰ দাহ্যতা জুখিবলৈও চেষ্টা কৰোঁ৷ যি বনজুই দেখা নাই, কল্পনা কৰোঁ, যি খাণ্ডৱ দাহ দেখা নাই কল্পনা কৰোঁ৷ কিতাপত পঢ়ি সেই জুইৰ বিশালতা বুজিবলৈ যত্ন কৰোঁ৷ জুই আমি সদায় দেখো, কিন্তু উৎসুক হৈ থাকোঁ, জুইৰ শিখা চাই থাকি আমি এক বিশ্রান্তি অনুভৱ কৰোঁ৷ আমি বন্দী হৈ পৰোঁ এক সন্মোহনত৷
জুইৰ প্রতি আমাৰ এই আকর্ষণ স্বতঃস্ফূর্ত যদিও আমি কিন্তু সহজাতভাৱেই জুই জ্বলাব নাজানো৷ আমি শিকিব লাগে আৰু শিকি লওঁ৷ ইন্ধন হিচাপে কি ব্যৱহাৰ কৰোঁ সেয়াও ঠাইভেদে বেলেগ বেলেগ হয়৷ ক’ৰবাত যদি আমি শুকান পাইন জ্বলাইছোঁ, ক’ৰবাত হয়তো আমি জ্বলাইছোঁ শুকান গোবৰ৷ সৰুতেই আমি যেনেকৈ কোনটো জন্তু হিংস্র, কোনটো জন্তু বন্ধুত্বসুলভ বুজা হওঁ, তেনেকৈয়ে আমি সৰুতেই বুজি লওঁ জুই কি৷ নুবুজাখিনি কল্পনা কৰি লওঁ৷ আমাৰ নিজৰ ঠাইত পোৱা ইন্ধনেৰে জুই জ্বলাবলৈ শিকি লওঁ৷
কিছু বছৰৰ পৰা অৱশ্যে ল’ৰা–ছোৱালীয়ে সৰুকালতেই জুই জ্বলাবলৈ শিকাটো কমি আহিছে৷ বিশেষকৈ নগৰীয়া অঞ্চলত৷ সেইকাৰণে এই ল’ৰা–ছোৱালীখিনিৰ জুইৰ প্রতি আকর্ষণ বেছি, কৌতূহল বেছি৷ মনস্তত্ত্ববিদসকলৰ মতে শিশুৰ শিকাৰ প্রতি থকা আগ্রহ পৰিতৃপ্ত কৰিব নোৱাৰিলে, সি এক ক্ষুধা হৈ থাকি যায়, এক আকাংক্ষা হৈ ৰৈ যায়৷ অথচ প্রাকৃতিক পৰিৱেশত ডাঙৰ হোৱা হ’লে এই শিশুখিনিয়ে দহ বছৰ বয়স হোৱালৈ জুই জ্বলোৱাই নহয় নিয়ন্ত্রণ কৰিবলৈও শিকি পেলালেহেঁতেন৷
মানুহৰ মনটো অদ্ভুত৷ জুইৰ প্রতি আমাৰ যেনেকৈ এক প্রচণ্ড আকর্ষণ আছে, আমি তেনেকৈ উদাসীনো৷ আচলতে যিখিনি মানুহ অনবৰতে জুইৰ লগত থাকে, তেওঁলোকৰ জুইৰ প্রতি কোনো বিশেষ টান নাথাকে৷ নগৰীয়া মানুহখিনি যি দৈনন্দিন জীৱনত জুই মানে খৰিৰ জুই ব্যৱহাৰ কৰিয়েই নাপায়, তেওঁলোকৰ জুইৰ প্রতি এক বিশেষ টান থাকে৷ যেনেকৈ অসমৰ বেছিভাগ নগৰীয়া মানুহেই মাঘৰ বিহুৰ উৰুকাৰ ভেলাত জুই পুৱাম বুলি আগ্রহেৰে ৰৈ থাকে৷ কিন্তু যিখিনি মানুহ জুইৰ ওপৰতে নির্ভৰশীল, ঠাণ্ডা খেদাবলৈও জুয়ে জ্বলায়৷ তেওঁলোকৰ কাৰণে জুই উপভোগৰ উৎস নহয়৷ ঘৰত ফায়াৰ প্লেচ এটা ৰখাটো নগৰ–মহানগৰত আৰামৰ উৎস বা গৃহসজ্জা৷ পৰম্পৰাগত সমাজত জুই এতিয়াও এক মৌলিক প্রয়োজনীয়তা৷
ভাৰতৰ মমবাতিৰ বজাৰ বছৰি আঢ়ৈ হাজাৰ কোটিৰ৷ প্রত্যেক বছৰে পাঁচ শতাংশকৈ বৃদ্ধি হয় এই বজাৰ৷ এই বৃদ্ধিৰ এক প্রধান কাৰণ এৰ’মাথেৰাপীত ব্যৱহূত সুগন্ধিযুক্ত মমবাতিৰ বর্ধিত চাহিদা৷ আমেৰিকাৰ মমবাতিৰ বজাৰখন বছৰি প্রায় সোতৰ হাজাৰ কোটিৰ৷ মানে জ্বলন্ত শিখাই মন্ত্রমুগ্ধ কৰি ৰাখে আমাক সকলোকে৷ পূবতো–পশ্চিমতো৷
জুইৰ প্রতি কিয় এই অনুৰক্তি?
কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ত নৃতত্ত্ববিদ ডেনিয়েল ফেচ্লাৰৰ নেতৃত্বত এক গৱেষণা হৈছিল৷ এই অধ্যয়নত এটা কথাই প্রতীয়মান হ’ল যে প্রাপ্তবয়স্ক লোকৰ জুইৰ প্রতি আকর্ষণৰ মুখ্য কাৰণ শিশু অৱস্থাত জুই জ্বলাবলৈ আৰু নিয়ন্ত্রণ কৰিবলৈ নিশিকা৷ লাখ লাখ বছৰৰ কাৰণে মানুহ জীয়াই থকাৰ কাৰণে, বাচি থকাৰ কাৰণে জুই আছিল অত্যন্ত গুৰুত্বপূর্ণ৷ সেই কালছোৱাত মানুহে জুই নিয়ন্ত্রণ কৰাৰ এক মানসিক প্রক্রিয়া গঢ় লৈ উঠিছিল৷ কিন্তু এতিয়া যিহেতু আমি জুই জ্বলাবলৈ নিশিকা হ’লোঁ, নিয়ন্ত্রণ কৰিব নজনা হ’লোঁ, জুই জ্বলোৱাৰ জ্বলন্ত ইচ্ছা নিস্তেজ হৈ আমাৰ মনতে থাকি গ’ল৷ জুইৰ প্রতি মানুহৰ আকর্ষণ সার্বজনীন নহয়, এই আকর্ষণ অপ্রতুল অভিজ্ঞতাৰ ফল৷ যি সমাজত জুই দৈনন্দিন জীৱনৰ অপৰিহার্য অংশ তেনে সমাজ–সংস্কৃতিত শিশুখিনিও জুই জ্বলাবলৈ শিকালৈকেহে জুইৰ প্রতি কৌতূহলী হৈ থাকে৷ সাতৰ পৰা দহ বছৰ বয়সলৈ জুই জ্বলাবলৈ শিকাৰ লগে লগে তেওঁলোক জুইৰ প্রতি নির্লিপ্ত হৈ পৰে৷ সেইকাৰণেই এতিয়া জার্মানীত শিশুক জুই জ্বলাবলৈ শিকোৱাৰ ব্যৱস্থা কৰা হৈছে৷
ৰোমাণ্টিকতা, ৰোমাণ্টিকতা কিন্তু থাকি যায়৷ জুই একুৰা লাগে জুই জ্বলাবলৈ৷ চিনেমাতো নিবিড়তা বুজাবলৈ কেমেৰাই জুইৰ শিখাকে ফ’কাচ কৰে৷ কাৰণ, লাখ লাখ বছৰজুৰি আমাৰ পূর্বপুৰুষসকলেও বিনোদন কৰিছিল জুইৰ কাষত৷ সেইকাৰণে জুই এক আৱেগ, জুই এক অনুৰাগ, জুই এক মেটাফ’ৰ৷
জুই এক বিশ্বাস৷ সৃষ্টিৰ লগতে ধ্বংসৰো৷ সেই বিশ্বাসৰ কাৰণেই আমি জুইত বিচাৰি পাঁও দেৱত্ব, ঈশ্বৰত্ব৷ সেইকাৰণেই আমি মেজিৰ জুইত সকলো নেতিবাচকতা জ্বলাই নতুনৰ আৰম্ভণি বিচাৰোঁ৷ ইতিবাচক আৰম্ভণি৷

You might also like