নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এসময়ত এজন মন্ত্রী আছিল

মানুহজনে বিধানসভাৰ নির্বাচনত প্রথমবাৰৰ কাৰণে প্রতিদ্বন্দ্বিতা কৰিছিল ১৯৬২ চনত৷ তিনিজনকৈ গণ্য–মান্য আৰু প্রভাৱশালী উকীলৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰা মানুহজন আছিল এজন ‘মেট্রিক ফেইল’ দুখীয়া খেতিয়ক৷ নিজে নাঙলৰ খুঁটিত ধৰি হাল বায়৷ বাহন বুলিবলৈ এখন ভগা চাইকেল৷ কোৱা বাহুল্য মাথোন যে নির্বাচনত মানুহজন হাৰিল৷ কিন্তু ৰাজনীতি কৰাতকৈ মানুহজনৰ আচল নিচা আছিল সমাজৰ সেৱা কৰা৷ তেওঁৰ নিঃস্বার্থ সমাজসেৱাৰ কামত মুগ্ধ হৈ ১৯৬৭ চনৰ নির্বাচনত ৰাইজে তেওঁক বিপুল ভোটত জয়যুক্ত কৰিলে৷ ডিঙিত গামোচা লৈ বিধানসভাত প্রথমবাৰৰ কাৰণে প্রৱেশ কৰিয়েই মানুহজনে আগতে কোনো বিধায়কে নকৰা কাম এটা কৰিলে৷ ৰাজ্যপাল বিষ্ণু সহায়ে ইংৰাজীত উদ্বোধনী ভাষণ পাঠ কৰিবলৈ আৰম্ভ কৰোঁতেই এই নতুন বিধায়কজনে তীব্র প্রতিবাদ কৰি ৰাজ্যপালক বহুবাৰ উঠা–বহা কৰিবলৈ বাধ্য কৰিলে৷ কিন্তু সহায়ৰ উত্তৰাধিকাৰী ব্রজ কুমাৰ নেহৰুৱে কিন্তু স্বপ্রণোদিতভাৱে অসমীয়া ভাষাত বিধানসভাৰ অধিৱেশন উদ্বোধন কৰি নতুন পৰম্পৰাৰ সূচনা কৰিলে৷ বিধানসভাত অসমীয়া গামোচা আৰু অসমীয়া ভাষাৰ গৌৰৱ প্রতিষ্ঠা কৰাৰ সমস্ত কৃতিত্ব প্রাপ্য এই ‘মেট্রিক ফেইল’ দৰিদ্র খেতিয়ক–বিধায়কজন৷
মানুহজন প্রথমবাৰ বিধায়ক হৈ থকা অৱস্থাতে এদিন এজনী চাকৰিপ্রার্থী ছোৱালী বিধায়কজনৰ ঘৰলৈ আহিল৷ সেই সময়ত বিধায়কজন ঘৰত নাছিল৷ ছোৱালীজনীয়ে লেফাফাত ভৰোৱা এখন এশ টকাৰ নোট বিধায়কৰ পত্নীৰ হাতত দিব খুজিলে৷ পত্নীয়ে লেফাফাটো ল’ব নোখোজাত ছোৱালীজনীয়ে ঘৰৰ চাং এখনতে লেফাফাটো এৰি থৈ গ’ল৷ বিধায়কজনে ঘৰলৈ আহি টকাখিনি আৱিষ্কাৰ কৰি এটা ডাঙৰ পাপ কার্য সংঘটিত হোৱা যেন অনুভৱ কৰিলে৷ ছোৱালীজনীক ক’তো বিচাৰি নোপোৱা কাৰণে টকাখিনি তেওঁক ঘূৰাই দিয়া সম্ভৱ নহ’ল৷ নিৰুপায় হৈ বিধায়কজনে টকাখিনি কেইজনমান দুখীয়া মানুহৰ মাজত বিলাই দিলে৷ ১৯৬৭ চনৰ এশ টকাৰ মূল্য এতিয়াৰ হিচাপত কিজানি দহ হাজাৰমান টকা হ’ব৷ বিধায়কজনৰ ঘৰলৈ শুদাহাতে কোনো মানুহ নাহিছিল৷ কোনোবাই আনিছিল গাখীৰ এটেকেলি, কোনোবাই আনিছিল ৰসগোল্লা এমলা– ইত্যাদি৷ দৰিদ্র বিধায়কজনে কাৰো পৰা একো বস্তু গ্রহণ নকৰিছিল৷ সেই বস্তুবোৰ অনা মানুহবোৰে ঘূৰাই নিবলৈ সন্মত নহ’লে সেইবোৰে ঠাই পাইছিল মানুহজনৰ ঘৰৰ পাছফালৰ বকৰাণিত বা বাঁহনিত৷ বিধায়কৰ পৰা চার্টিফিকেট বিচৰা চাকৰিপ্রার্থী ডেকা–গাভৰুৱে বেছিভাগ সময়তে তেওঁক লগ পাব লগা হৈছিল পথাৰত– তেওঁ হাল বাই থকা অৱস্থাত৷
১৯৬৭ চনত অসমৰ ৰাজধানী আছিল শ্বিলঙত৷ আন বিধায়কসকলৰ লগতে আমাৰ এই হজুৱা বিধায়কজনো বিধানসভাৰ কেণ্টিনত ভাল খাবলৈ যায়৷ তাত তেওঁ এটা কথা দেখি অতি আচৰিত হ’ল৷ কেইজনমান বিধায়কে এটুকুৰা মাছ বা মাংস বেছিকৈ পোৱাৰ আশাত কেণ্টিনৰ ‘বয়’কেইটাক ঘোচ দিয়ে৷ ‘বয়’কেইটাই ঘোচ দিয়া বিধায়ককেইজনৰ পাতত টিপতে এটুকুৰা মাছ বা মাংস বেছিকৈ দি যায়৷ ঘোচ দি বেছিকৈ মাছ–মাংস খোৱা বিধায়কে প্রশাসনৰ পৰা দুর্নীতি দূৰ কৰিব কেনেকৈ?
কিন্তু কেৱল কেণ্টিনৰ ‘বয়ে’ইযে ঘোচ খায়– এনে কথা নহয়৷ আমাৰ বিধায়কজনে সবিস্ময়ে এটা কথা লক্ষ্য কৰিলে যে কিছুমান বিধায়কৰ অতি গুৰুত্বহীন কথা নিয়মিতভাৱে বাতৰিকাকতত প্রকাশ হোৱাৰ বিপৰীতে আন বহুতো বিধায়কৰ অতি গুৰুত্বপূর্ণ কথাও কোনোদিনেই বাতৰিকাকতত প্রকাশ নহয়৷ তাৰ কাৰণ অনুসন্ধান কৰি বিধায়কজনে গম পালে যে যিসকল বিধায়কে বিভিন্ন উপায়েৰে সাংবাদিকসকলক সন্তুষ্ট কৰি ৰাখে কেৱল তেওঁলোকৰ বিধানসভাৰ বত্তৃণতা বা প্রশ্ণ সকলোৰে চকুত পৰাকৈ সজাই–পৰাই বাতৰিকাকতত প্রকাশ কৰা হয় তাকে কৰিব নোৱৰা বিধায়কসকলৰ বত্তৃণতা বা প্রশ্ণই কেতিয়াও বাতৰিকাকতৰ চুকতো ঠাই নাপায়৷
বিধায়কজন ১৯৭২ আৰু ১৯৭৮ চনৰ নির্বাচনতো জয়ী হৈ পুনৰ বিধায়ক হ’ল৷ ১৯৭৮ চনত তেওঁ কেৱল বিধায়কেই নহয়, মন্ত্রীও হ’ল৷ মন্ত্রীৰ নির্দিষ্ট কোঠাত বহিবলৈ গৈ তেওঁ দেখিলে যে তেওঁ যিখন চকীত বহিব লাগিব সেইখন হ’ল ৰিভলভিং চকী অর্থাৎ যেনিয়ে মন যায় তেনিয়ে ঘূৰাব পৰা চকী৷ মন্ত্রীয়ে তেওঁক আদৰি আগবঢ়াই নিয়া বিষয়াজনক ক’লে– ‘এই ৰাজ–যোগ্য চকীখন গুচাই তাৰ ঠাইত মোক এখন সাধাৰণ চকী দিয়ক৷ মই তেনে চকীত বহিহে অফিচ চলাম৷’ মন্ত্রীৰ আদেশ শিৰোধার্য কৰি ৰিভলভিং চকীখন আঁতৰাই তাৰ ঠাইত এখন সাধাৰণ চকী দিয়া হ’ল৷ তেওঁ সুখেৰে চকীখনত বহিল৷
মন্ত্রীয়ে চকীখনত বহাৰ পিছমুহূর্ততে কোঠাটোলৈ সোমাই আহিল এজন ড্রাইভাৰ৷ ড্রাইভাৰে মন্ত্রীক ক’লে– ‘ছাৰ, আপোনাৰ কাৰণে এখন পুল কাৰ দিছে৷ নতুন ব্যৱস্থা নোহোৱালৈকে ময়ে আপোনাৰ ড্রাইভাৰ৷’ মন্ত্রীয়ে বাহিৰলৈ গৈ গাড়ীখন চাই ড্রাইভাৰক ক’লে– ‘গাড়ীখনৰ ৰঙা লাইটটো তুমি নমাই দিব পাৰিবানে? যদি পাৰা, তেন্তে মোৰ কাৰণে অহা গাড়ীখনৰ ৰঙা লাইটটো নমাই দিয়া৷ মই ৰঙা লাইটৰ গাড়ী ব্যৱহাৰ নকৰোঁ৷’ মন্ত্রীজনে নিজৰ কার্যকালত কেতিয়াও ৰঙা লাইট থকা গাড়ী ব্যৱহাৰ কৰা নাছিল৷
ৰিভলভিং চকী আৰু ৰঙা লাইট বিতাড়িত হোৱাৰ পিছত এইবাৰ আহিল কার্পেটৰ পাল৷ মন্ত্রীৰ কোঠাত সোমায়ে তেওঁ দেখিলে যে মানুহে গাত ল’বলৈ নোপোৱা কার্পেট ভৰিৰে গচকিবলৈ দিছে৷ মন্ত্রীয়ে কার্পেট গুচাবলৈ হুকুম দি ক’লে– ‘মই ৰজা হ’বলৈ অহা নাই দেশৰ আৰু ৰাইজৰ সেৱা কৰিবলৈহে আহিছোঁ৷ এনে অপব্যয় মই নকৰোঁ৷’
মন্ত্রীসকল ভ্রমণলৈ গ’লে জিলা বা মহকুমা সদৰৰ চার্কিট হাউছত থাকে৷ বেছিভাগ ক্ষেত্রতে মন্ত্রী আৰু তেওঁৰ সাংগোপাংগসকলৰ চাহ–ভাতৰ খৰচ বহন কৰে চৰকাৰী বিষয়াসকলে৷ কিন্তু এই অজলা মন্ত্রীজনে চার্কিট হাউছত খোৱাৰ খৰচ নিজৰ জেপৰ পৰাই দিছিল৷ কোনো এঠাইলৈ গৈ থাকোঁতে বাটতে ভোক লাগিলে বাটৰ কাষৰ সৰু হোটেলত সোমায়ে ভাত খাইছিল৷ কেৱল সেয়েই নহয়, তেওঁৰ পিয়ন আৰু ড্রাইভাৰকো নিজৰ একেশাৰীতে বহুৱাই ভাত খুৱাইছিল৷ কিন্তু হোটেলৰ মালিকক মন্ত্রী বুলি কেতিয়াও চিনাকি দিয়া নাছিল৷ তেওঁ চার্কিট হাউছত পিয়ন আৰু ড্রাইভাৰৰ লগত একেলগে বহি ভাত খাওঁতে উচ্চপদস্থ চৰকাৰী বিষয়াসকলকো পিয়ন–ড্রাইভাৰৰ লগত একেলগে বহি ভাত খাবলৈ বাধ্য কৰিছিল৷ স্বাভাৱিকতেই তেওঁলোকে কামটো ভাল পোৱা নাছিল৷ তেতিয়া মন্ত্রীয়ে তেওঁলোকক বুজনি দি কৈছিল– ‘যিজন ড্রাইভাৰৰ লগত গাতে গা লগাই মই মটৰগাড়ীত যাওঁ, যিজনে মোক দায়িত্বসহকাৰে দিনে–ৰাতিয়ে চলাই ফুৰে সেইজন ড্রাইভাৰক মই একে আসনতে বহি খুৱাই লোৱাটোত কি সন্মান হানি হয় সেই কথা মই বুজি নাপাওঁ৷’
এদিন বিধানসভাত কোনোবা এজন কংগ্রেছী বিধায়কে পঞ্চায়ত আৰু সমবায় সমিতিৰ অর্ধশিক্ষিত সভাপতিসকলৰ প্রতি বক্রোক্তি কৰি কৈছিল যে অশিক্ষিত বা অর্ধশিক্ষিত হোৱা কাৰণেই এইবোৰ মানুহে দুর্নীতি কৰে আৰু ৰাজহুৱা ধন আত্মসাৎ কৰে৷ তেওঁ ক’ব খোজা কথাটো আছিল এই যে এনেকুৱা অর্ধশিক্ষিত মানুহক পঞ্চায়ত আৰু সমবায়ৰ সভাপতি হ’বলৈ দিয়াটো উচিত নহয়৷ বিধায়কজনৰ এই সমালোচনাৰ উত্তৰত ‘মেট্রিক ফেইল’ মন্ত্রীজনে কৈছিল– ‘মই নিজে এজন মেট্রিকৰ ডেওনা পাৰ নোহোৱা মানুহ৷ মই হালোৱা–গৰখীয়া মানুহ৷ মই আজি মন্ত্রীৰ আসনত আছোঁ৷ মই কিবা টকা–পইচা খাইছোঁ নেকি? মোৰ ওপৰত আপোনালোকৰ কিবা সন্দেহ আছে নেকি, কিবা প্রমাণ আপোনালোকৰ হাতত আছে নেকি? যিবোৰ শিক্ষাহীন মানুহে খেতিয়ক হিচাপে, শ্রমিক হিচাপে, ৰণুৱা–বনুৱা হিচাপে সমগ্র দেশখনৰ আপোনালোকৰ নিচিনা মানুহবোৰক খুৱাই–বুৱাই, হাট–বজাৰ চলাই, নামঘৰ–মছজিদ–গি সাজি পঢ়া–শুনা আদি সকলোতে আগভাগ লৈ দেশখনক জীয়াই ৰাখিছে, তেনেকুৱা পঢ়া–শুনা নজনা এই লোকসকলক আপোনালোকে কিয় হেয়জ্ঞান কৰিছে? আপোনালোকে নিশ্চয় দেখিছে যে দেশৰ বা আমাৰ অসম ৰাজ্যখনৰে যিসকল চৰকাৰী বিষয়াই দুর্নীতি কৰা আৰু ঘোচ খোৱাৰ কথা মাজে মাজে ওলাই থাকে, তেওঁলোক সকলোৱেই দেখোন উচ্চ শিক্ষিত মানুহ৷ আপোনালোকে তুলনা কৰি চাওকচোন অশিক্ষিতসকলে কিমান ধন–সম্পত্তি আত্মসাৎ কৰিছে আৰু উচ্চ শিক্ষিতসকলে কিমান কৰিছে৷’
মন্ত্রীৰ ঘৰলৈ এদিন দুজন মানুহ আহিল৷ তেওঁলোকৰ বিৰুদ্ধে সমবায় মাছৰ মহল সম্পর্কত কিবা এটা গোচৰ চলিছে৷ কথা পাতি শেষ হোৱাৰ পিছত মানুহ দুজন গ’ল৷ কিবা কামত মন্ত্রীও কিছু সময়ৰ কাৰণে ওলাই গ’ল৷ ঘূৰি আহি তেওঁ ভজা মাছৰ গোন্ধ পালে৷ মাছ ক’ৰ পৰা আহিল৷ সেই দিনাতো তেওঁ বজাৰৰ পৰা মাছ অনা নাছিল? ৰান্ধনীক সুধি গম পোৱা গ’ল যে মাছ আনিছিল ওপৰত কোৱা মানুহ দুজনে৷ চৰুৰ আধা ভজা মাছ তৎক্ষণাৎ বকৰাণিত পেলাবলৈ হুকুম দি মন্ত্রীয়ে ভাত খালেগৈ বিধানসভাৰ কেণ্টিনত৷
প্রিয় পাঠক, এইটো কাল্পনিক কাহিনী নহয় বা সুদূৰ সত্য যুগৰ কাহিনীও নহয়৷ আমাৰ এদিন এনে এজন মন্ত্রী আছিল তেওঁ আছিল গোলাপ বৰবৰা মন্ত্রীসভাৰ (১৯৭৮–৭৯) কৃষিমন্ত্রী সোণেশ্বৰ বৰা৷

You might also like