প্ৰথম দেখোতেই এজনী ছোৱালীয়ে এজন ল’ৰাৰ কি চাই জানেনে?
নিয়মীয়া বাৰ্তা, ১৭ আগষ্টঃ প্ৰথম দেখোতেই হেনো প্ৰেম হয়। চাৰি চকুৰ মিলনত প্ৰেমৰ বীজ অংকুৰিত হয় বুলি সকলোৱে কয়। আত্মিক মিলনত ধৰাশায়ী হয় বহুজন। প্ৰেম স্বৰ্গীয় অনুভূতি। প্ৰেম হোৱাৰ আগতেও এগৰাকী মহিলা বা যুৱতীয়ে এজন যুৱকৰ সকলোখিনি নিৰীক্ষণ কৰে।
এটা কথা অনস্বীকাৰ্য যে পুৰুতকৈ মহিলাই বেছি পৰ্যবেক্ষণ কৰে। মহিলাই কিবা বিশেষ নতুন কাপোৰো যদি পৰিধান কৰে সেইটোত পুৰুষৰ ইমানো গুৰুত্ব নিদিয়ে যিমান এগৰাকী মহিলাই দিয়ে কিন্তু মহিলাই পুৰুষৰ কিছু সৰু সৰু বস্তুটো নিৰীক্ষণ কৰে। মুঠতে এগৰাকী মহিলাৰ তীক্ষ্ণ দৃষ্টিৰ পৰা সাধাৰণতে একে সাৰি যাব নোৱাৰে।
এতিয়া আহো আপুনি জানেনে প্ৰথম দেখোতেই এগৰাকী মহিলা বা যুৱতীয়ে এজন পুৰুষৰ ক’ত দৃষ্টি দিয়ে অথবা নিৰীক্ষণ কৰে… ৰ’ব আচৰিত নহ’ব জানি লওঁক—–
আপোনাৰ মুখঃ হয় এজন পুৰুষত প্ৰথম দেখোতেই এগৰাকী মহিলাই প্ৰত্যক্ষ কৰে তেওঁৰ মুখমণ্ডল আৰু ছাল। যদিহে ল’ৰাজন সুন্দৰ আৰু সুঠাম হয় তেন্তে তেওঁ প্ৰতিগৰাকীৰ যুৱতীক আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
আপোনাৰ হাঁহিঃ হয়, এটা মিচিকিয়া হাঁহি সকলোৰে প্ৰিয়। হাঁহিমুখীয়া ল’ৰা এজনক সকলোৱে ভালপায়। গতিকে আপোনাৰ হাঁহিতেই থাকিব পাৰে সঞ্জীৱনী শক্তি। প্ৰথম দেখাত যি হাঁহিৰে আপুনি সম্ভাসন জনাব সেই হাঁহি সকলোৰে প্ৰিয় আৰু এগৰাকী যুৱতীয়ে এজন ল’ৰাৰ হাঁহিটোও নিৰীক্ষণ কৰে।
উঠা-বহাকে ধৰি কথা কোৱাৰ পদ্ধতিঃ যদিহে আপুনি এগৰাকী যুবতীৰ আগত আত্মবিশ্বাসৰে কথা কয় অথবা আত্মবিশ্বাসৰে সকলো কাম কৰে তেন্তে নিশ্চয় এগৰাকী যুৱতীৰ হৃদয় জয় কৰিবলৈ সক্ষম হ’ব।
এই তিনিটা বস্তুতেই এগৰাকী যুৱতীয়ে প্ৰথমে নিৰীক্ষণ কৰে বুলি প্ৰকাশ পাইছে এটা গৱেষণাত। মুঠতে নিজস্বতা বৰ্তাই ৰাখক আৰু এগৰাকী যুৱতীৰ মন জয় কৰক।