শ্লাম ডগ বিলিঅ’নাৰ! বস্তি অঞ্চলৰ পৰা মাইক্র’ছফটৰ শীৰ্ষকর্তা
বিশেষ বাৰ্তা, ২৯ জানুৱাৰীঃ বস্তি এলেকাত তেওঁ ডাঙৰ-দীঘল হোৱা,শুইছিল পথৰ দাঁতিত। দুবেলা খাবলৈ নাছিল সামর্থ্য। নিজাকৈ এটা কম্পিউটাৰ কিনা কথা আছিল স্বপ্নাতীত। সেই যুৱতী এতিয়া বিশ্বৰ অন্যতম শীৰ্ষ ছফটৱেৰ প্ৰতিষ্ঠান মাইক্রছফটৰ ডিজাইন বিভাগৰ প্রধান।
নাম শ্বাহীনা আট্টাৰৱালা। টুইটাৰত তেওঁৰ জীৱন কাহিনী তুলি ধৰা ভিডিঅ’ এটি শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ’ত শ্বাহীনাই নিজেই তেওঁৰ জীৱনৰ বিভিন্ন ঘাত-প্রতিঘাতৰ কাথা কৈছে। নেটফ্লিক্সত ‘বেড বয় বিলিঅ’নাৰ্ছ: ইণ্ডিয়া’ৱেবছিৰিজত মুম্বাইৰ বস্তি এলেকাৰ এটি দৃশ্যত নিজৰ পুৰণি ঘৰটো দেখাৰ পাছতে তেওঁ এই টুইট কৰে। শ্বাহীনাই লিখে যে সেই ৱেবছিৰিজত মুম্বাইৰ বস্তি এলেকাৰ যিবোৰ ঘৰ দেখুৱায়, তাৰে এটা ঘৰ তেওঁৰ। ২০১৫ চনলৈ তাতেই আছিল তেওঁলোক।
বান্দ্রা ৰে’ল ষ্টেছনৰ কাষৰ দৰগা গলি বস্তিত আছিল শ্বাহীনা। দেউতাকে ঘৰতে বনোৱা তেলৰ ফেৰী কৰিছিল। তেওঁলোকৰ পৰিয়াল উত্তৰ প্রদেশৰ পৰা মুম্বাইলৈ আহিছিল। স্কুলত প্রথমে কম্পিউটাৰ দেখাৰ পৰাই কম্পিউটাৰৰ প্ৰতি আগ্রহ জন্মিছিল শ্বাহীনাৰ। দেউতাকে টকা ধাৰলৈ লৈ জীয়েকক স্থানীয় কম্পিউটাৰ ক্লাছত ভর্তি কৰাইছিল। দুপৰীয়াৰ খোৱাৰ টকা জমাই নিজৰ কম্পিউটাৰ কিনিছিল শ্বাহীনাই। ইয়াৰ পাছত আৰু পিছলৈ উভতি চাবলগীয়া নহ’ল।
শ্বাহীনাই কয়, বস্তিৰ জীৱন খুব কঠিন। যৌন আতিশায্যৰ সন্মুখীন হ’বলগীয়াও হৈছিল। ১৫ বছৰ বয়সতেই ভিন্ন অভিজ্ঞতা হৈছিল। নিজৰ চাৰিওপাশৰ অলেখ মহিলাক অসহায়ভাৱে নির্যাতিত হোৱা দেখিছিল। সেই জীৱন কোনো মতে মানি ল’ব নোৱাৰে তেওঁ। তেতিয়াই মনত জেদ সৃষ্টি হৈছিল আৰু লক্ষ্য স্থিৰ কৰিছিল। মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা বি কম স্নাতক হোৱাৰ পাছত শ্বাহীনে এনআইআইটিৰ পৰা ভিজুৱেল কমিউনিকেছন এণ্ড ডিজাইনত ডিপ্লমা কৰে। ডিজাইনিঙত পঢ়া শুনা শেষ কৰি বিভিন্ন প্ৰতিষ্ঠানত কাম কৰে।
যোৱা বছৰ অর্থাৎ ২০২১ চনত তেওঁলৈ আহে মাইক্রছফটৰ চাকৰিৰ সুযোগ। আৰু লাহে লাহে ডিজাইন বিভাগৰ প্রধান হৈ উঠে। বিভিন্ন প্ৰতিকুলতা নেওচি আগুৱাই যাব বিচৰা যুৱতীসকলৰ বাবে অনুপ্রেৰণা শ্বাহীনাৰ জীৱন কাহিনী।