নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভদ্রলোক

এদিন এজন বন্ধুৱে কথাই কথাই মোক ক’লে– ‘মই ভদ্রলোকৰ দৰে জীয়াই থাকিব খোজোঁ আৰু ভদ্রলোকৰ দৰে মৰিব খোজোঁ৷ সেইটোৱেই মোৰ জীৱনৰ উচ্চতম আকাংক্ষা৷’
বন্ধুজনৰ মুখত কথাটো শুনি মোৰ মনত ধাৰণা হ’ল যে আমি দৈনন্দিন জীৱনৰ ভাষাত ভদ্রলোক শব্দটোক যি অর্থত ব্যৱহাৰ কৰোঁ তাতকৈ বেলেগ এটা অর্থতো শব্দটো ব্যৱহাৰ কৰা হয় বা ব্যৱহাৰ কৰিব পাৰি৷ যেতিয়া এজন মানুহে দাবী কৰে যে ভদ্রলোক হোৱাটোৱেই তেওঁৰ জীৱনৰ উচ্চতম আকাংক্ষা, তেতিয়া এই শব্দটোৰ প্রকৃত অর্থৰ সন্ধান নকৰাকৈ থকাটো অসম্ভৱ হৈ পৰে৷
ঋগবেদৰ এটা বিখ্যাত শ্লোক হ’ল–
ও ভদ্রং কর্ণেভিঃ শৃণুয়াম দেৱা
ভদ্রং পশ্যেমাক্ষভির্য্যজত্র্৷
স্থিৰৰঙ্গৈস্তুষ্টুবাংস্
দেৱহিৎ তং যদায়ু৷৷ ঋগবেদ ১৷ ৮৯
মোৰ কলমৰ পৰা বৈদিক সংস্কৃতৰ উদ্ধৃতি বাহিৰ হোৱা দেখি কোনেও যেন এনে এটা ভুল ধাৰণা নকৰে, যে মই এজন সংস্কৃতজ্ঞ পণ্ডিত৷ দৰাচলতে মোৰ সংস্কৃতৰ জ্ঞান শূন্য৷ সংস্কৃত জনা মানুহে ওপৰত উদ্ধৃত কৰা শ্লোকটোৰ অসমীয়া অনুবাদ কৰিছে এনেদৰে–
হে দেৱগণ, আমি যেন কাণেৰে সদায় কল্যাণ বচনকেই শুনিবলৈ পাওঁ হে যজনীয় দেৱগণ, আমি যেন চকুৰে কেৱল শোভন বস্তুকেই দেখিবলৈ পাওঁ দৃঢ়হস্তপদাদি অৱয়ৱ আৰু শৰীৰৰ লগত যুক্ত হৈ আৰু তোমালোকৰ স্তৱ কৰি আমি যেন দেৱকর্মত নিয়োজিত আয়ুস্কাল লাভ কৰোঁ৷
বৈদিক শ্লোকটোৰ অসমীয়া অনুবাদৰ পৰা দেখা গ’ল যে আমি আজিকালি কথাই কথাই যিটো অর্থত ‘ভদ্র’ শব্দটো ব্যৱহাৰ কৰোঁ তাৰ লগত মূল সংস্কৃত শব্দটোৰ খুব বেছি মিল নাই৷ আমি ব্যৱহাৰ কৰা ‘ভদ্রলোক’ শব্দটো ইংৰাজীgentlemen শব্দটোৰ আক্ষৰিক অনুবাদ, আৰু ইংৰাজী ভাষাত যি বিশেষ অর্থতgentlemen শব্দটো ব্যৱহাৰ কৰা হয় ঠিক সেই অর্থতেই আমি ব্যৱহাৰ কৰোঁ ভদ্রলোক শব্দটো৷
কিন্তু ইংৰাজী ভাষাৰ পৰা আমি ভদ্রলোক শব্দটোৰ যি ধাৰণা গ্রহণ কৰিছোঁ সিও কম মহত্ত্বপূর্ণ নহয়৷ আৰম্ভণিতে উল্লেখ কৰা মোৰ বন্ধুজনে যেতিয়া কৈছিল যে তেওঁ ভদ্রলোকৰ দৰে জীয়াই থাকিব খোজে আৰু ভদ্রলোকৰ দৰে মৰিব খোজে তেতিয়া তেওঁ এই মহৎ অর্থতেই ভদ্রলোক শব্দটো ব্যৱহাৰ কৰিছিল৷ তেওঁ বুজাব খুজিছিল যে তেওঁ এখন বিশেষ অলিখিত আচৰণবিধি অনুসৰণ কৰি জীৱনটো যাপন কৰিব খোজে৷ তেওঁৰ মুখৰ পৰা কেতিয়াও অসত্য আৰু অশালীন কথা ওলাব নোৱাৰে৷ আনকি চৰম প্রৰোচনায়ো তেওঁক অশালীন ভাষা ব্যৱহাৰ কৰিবলৈ বাধ্য কৰিব নোৱাৰে৷ তেওঁ উচ্চ–নীচ নির্বিশেষে সকলো মানুহৰ প্রতি যথাযোগ্য সন্মান প্রদর্শন কৰে আৰু নিজকো সকলো সময়তে আনৰ সন্মানৰ যোগ্য কৰি ৰাখে৷ মহিলাৰ মর্যাদা ৰক্ষা কৰিবলৈ তেওঁ সকলো সময়তে তৎপৰ আৰু সচেতন হৈ থাকে৷ মানুহৰ থাকিবলগীয়া গুণবোৰৰ ভিতৰত তেওঁ শিষ্টাচাৰক অতি উচ্চ স্থান দিয়ে৷ তেওঁ কেতিয়াও কোনো ধৰণৰ নীচতাক প্রশ্রয় নিদিয়ে আৰু আনক প্রতাৰণা কৰাৰ কথা কল্পনাও কৰিব নোৱাৰে৷ বিপদত পৰা মানুহক যথাসাধ্য সহায় কৰাটোক তেওঁ এটা অৱশ্য–পালনীয় নৈতিক কর্তব্য বুলি বিবেচনা কৰে৷
ভদ্রলোকৰ থাকিবলগীয়া গুণবোৰৰ তালিকাখন আৰু কিছু দীঘলীয়া কৰিব পাৰি৷ কিন্তু সেইটো নকৰিও আমি ওপৰৰ কথাখিনিৰ পৰাই ভদ্রলোক কাক কয় সেই সম্পর্কে এটা মোটামুটি ধাৰণা কৰি ল’ব পাৰোঁ৷
কেইবছৰমানৰ আগতে মই কোনোবা এখন কিতাপত ভদ্রলোকৰ এটা নতুন সংজ্ঞা পঢ়িবলৈ পালোঁ৷ সংজ্ঞাটো দিছে কার্ডিনেল জন হেনৰী নিউমেনে (১৮০১–১৮৯০)৷ ইংলেণ্ডৰ ধর্মীয় ইতিহাসত কার্ডিনেল নিউমেন এজন অতি বিখ্যাত আৰু প্রভাৱশালী মানুহ৷ জন্মসূত্রে তেওঁ এংগলিকান চার্চৰ অনুগামী আছিল যদিও জীৱনৰ মাজ বয়সত তেওঁ ৰোমান কেথলিক ধর্ম গ্রহণ কৰে৷ ১৮৭৯ চনত তেওঁ কার্ডিনেল নিযুক্ত হয়৷ ২০১৯ চনত তেওঁক ‘ছেইণ্ট’ বুলি ঘোষণা কৰা হয়৷
ধর্মগুৰু হোৱাৰ উপৰি কার্ডিনেল নিউমেন আছিল এজন কবি আৰু উচ্চস্তৰৰ চিন্তাশীল লেখক৷ তেওঁৰThe Idea of a University নামৰ কিতাপখনে আধুনিক চিন্তাৰ ওপৰত গভীৰ প্রভাৱ পেলাইছে৷ ঠিক সেইদৰে তেওঁ ৰচনা কৰাLead Kindly Light নামৰ প্রার্থনা–গীতটোও সমগ্র জগতৰ আটাইতকৈ জনপ্রিয় প্রার্থনা–গীতবোৰৰ ভিতৰত এটা অন্যতম গীত বুলি বিবেচিত হৈছে৷ বহুত মানুহেই বোধহয় এই কথা জানে যে এই প্রার্থনা–গীতটো আছিল মহাত্মা গান্ধীৰ বিশেষভাৱে প্রিয় গীত৷
কার্ডিনেল নিউমেনে ভদ্রলোকৰ সংজ্ঞা দিছিল এইবুলি–It is almost a definition of a gentlemen to say that he is one who never inflicts pain.

ভদ্রলোক হ’ল এনে এজন মানুহ, যিজনে কেতিয়াও আন মানুহক কোনো আঘাত বা যন্ত্রণা দিব নোৱাৰে৷ ভদ্রলোক কাক কয় সেই কথা বুজাবলৈ কেৱল এটা কথা ক’লেই যথেষ্ট হ’ব যে তেওঁ কেতিয়াও আনক কোনো ধৰণৰ কষ্ট দিব নোৱাৰে৷ এই কথা কোৱাৰ পিছত তেওঁৰ বিষয়ে আন কোনো কথা কোৱাৰ দৰকাৰ নাই৷
ভদ্রলোকৰ বিষয়ে কার্ডিনেল নিউমেনৰ মাত্র এটা বাক্যৰ এই সংজ্ঞাটো পঢ়াৰ পিছত মই বহুত সময় স্তব্ধ হৈ ৰ’লোঁ৷ মই ধ্যানস্থ হৈ বাক্যটোৰ মর্মার্থ বুজিবলৈ চেষ্টা কৰিলোঁ৷ মই অৱশেষত উপলব্ধি কৰিলোঁ যে কার্ডিনেল নিউমেনে কোৱা অর্থত মানুহে যদি আন একো নকৰিও কেৱল ভদ্রলোক হ’বলৈ সাধনা কৰে, তেন্তে সি হ’ব মানুহ হোৱাৰ সাধনা৷ আনক আঘাত নিদিয়াকৈ থাকিবলৈ যি ধৰণৰ আত্ম–সংযমৰ প্রয়োজন হ’ব, তেনে আত্ম–সংযমৰ অধিকাৰী হ’বলৈ মানুহজন হ’ব লাগিব একে সময়তে চৰিত্রৱান আৰু হূদয়ৱান৷ এজন মানুহ যদি প্রকৃত অর্থত চৰিত্রৱান আৰু হূদয়ৱান হয়, তেন্তে তেওঁৰ আৰু কিবা হ’বলৈ বাকী থাকিল কি?
মহাত্মা গান্ধীয়ে যিখন অহিংস সমাজৰ কল্পনা কৰিছিল সেইখন সমাজ আছিল কার্ডিনেল নিউমেনে কল্পনা কৰা ভদ্রলোকৰ সমাজ৷

You might also like