নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চোৰাং চিকাৰীৰ জিম্মাৰ পৰা দুটা প্ৰকাণ্ড হাতী দাঁত উদ্ধাৰ 

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ বন্য প্ৰাণীৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে বনবিভাগ আৰু এছএছবিৰ যুটীয়া অভিযান। অভিযানত আটক এটা চোৰাং চিকাৰী। চোৰাং চিকাৰী জন কিৰণ বৰগয়াৰী বুলি চিনাক্ত কৰা হৈছে। ধৃত কিৰণ বৰগয়াৰীৰ ঘৰ চিৰাং জিলাৰ আমটোকাত। কিৰণ বৰগয়াৰীৰ জিম্মাৰ পৰা দুটা প্ৰকাণ্ড হাতীৰ দাঁত উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে গোপন সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত চিৰাঙৰ আমটেকাত অভিযান চলাইছিল বনবিভাগ আৰু এছ এছ বিৰ দলে। অভিযানৰ সময়ত এছএছবি জোৱান জিতেন বড়ো গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়।

চোৰাং চিকাৰী কিৰণ বৰগয়াৰীয়ে দাঁতেৰে কামোৰাৰ ফলত জোৱান জন আহত হয়। আহত এছ এছ বি জোৱান জনক পিছত বঙাইগাঁৱত চিকিৎসা কৰা হয়।।

Input: বিপুল কুমাৰ দাস, কাজলগাঁও 

You might also like