সৰিছে নেকি আপোনাৰ চুলি? কেনেকৈ ধৰি ৰাখিব সুন্দৰ চুলিকোছা?
নিয়মীয়া বাৰ্তা, ৩ নবেম্বৰঃ আপোনাৰ চুলিকোছা আপোনাৰ সৌন্দৰ্য। বৰ্তমান সময়ত বাঢ়ি অহা প্ৰদূষণৰ বাবে চুলি সৰা সমস্যাটো প্ৰতিগৰাকী মহিলাৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰিছে। কৰ্তব্যৰ খাতিৰতে হওঁক বা অন্য কাৰণতে আমি ,সঠিকভাৱে চুলিকোছাৰ যতন ল’বলৈ সময় নাপাও। যিয়েই নহওঁক কিয় প্ৰতিগৰাকী নাৰীয়ে বিচাৰে নিজৰ চুলিকোছা সুন্দৰ হওঁক। চুলি সৰাৰ কেইটামান সমস্যা হৈছে—
পানীঃ হয় আপুনি সদ্যহতে চুলি ধুবলৈ ব্যৱহাৰ কৰা পানীত যদি আইৰণ কেলছিয়াম যথেষ্ঠ পৰিমাণে থাকে তেন্তে ই চুলি সৰাত সহায় কৰে। দৈনিক বহু পৰিমাণে পানী খোৱাৰ এটা অভ্যাস গঢ়ি তুলিব পাৰিলে নিশ্চয় ই ফলপ্ৰসু হোৱাৰ লগতে শৰীৰৰ পৰা লেতেৰা বস্তুবোৰ ওলাই যোৱাৰ সহায় কৰিব।
বৰ্তমান বিজ্ঞাপনৰ বাবে চুলি গজাৰ বহু উপাদানযুক্ত ছেম্পু বজাৰত উপলব্ধ। এইবোৰ গুণাগুণ সম্পৰ্কে নাজানি ব্যৱহাৰ নকৰিব। সঘনে চেম্পু কৰাৰ অভ্যাস নকৰিব। তিনিদিনৰ মূৰে মূৰে চেম্পু কৰক। আজি কালি ACৰ ব্যৱহাৰো চুলি সৰাৰ অন্যতম কাৰণ।
খাদ্যভাষৰ লগতে টোপনিৰো তাৰতম্য হলে চুলি সৰিব পাৰে। দিনটোৰ বেছিসময় টেনছনচ থাকিলেও বা বিভিন্ন ধৰণৰ টেনছনে চুলি সৰাত সহায় কৰে। প্ৰটিনযুক্ত খাদ্যৰ উপৰিও ভিটামিন চি আৰু এ ভিটামিন থকা খাদ্য প্ৰচুৰ পৰিমাণে খালে এই সমস্যাৰ পৰা হাত সাৰিব পাৰিব। লগতে বজাৰত উপলব্ধ কণ্ডিচনাৰৰ সলনি দৈ আৰু কণী লগাওক উত্তম ফল পাব।
চুলিকোছা সুন্দৰ কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ ৰং নলগাব। ই আপোনাৰ চুলি সৰাৰ লগতে বেয়া কৰাত সহায় কৰিব। প্ৰচুৰ পৰিমাণে পানী খাওক। চুলি সৰা আৰু গজা এটা স্বাভাবিক প্ৰক্ৰিয়া। সৰাৰ অনুপাতে গজা চুলিৰ অনুপাত সঠিক থাকিলে একো অনুবিধা নহয়। কিন্তু সৰাৰ অনুপাত বেছি হলে ডাক্টৰৰ পৰামৰ্শ লোৱাটো গ্ৰহণযোগ্য।