হাথৰাছ অভিমুখে কোন
অপৰাধৰ শ্রেণী বিভাজনক লৈ দেশখনত বহুদিন ধৰি এটা বিতর্ক চলি আহিছে৷ অর্থাৎ দলিতৰ বিৰুদ্ধে অপৰাধ, আদিবাসীৰ বিৰুদ্ধে অপৰাধ, সংখ্যালঘুৰ বিৰুদ্ধে অপৰাধ এনেধৰণে অপৰাধৰ বিভাজনৰ প্রয়োজন আছে নেকি? এই প্রশ্ণটোৱে আমনি কৰা লোকৰ সংখ্যা এইখন দেশত কম নহয়৷ তেওঁলোকৰ যুক্তিটো সৰল৷ অপৰাধ অপৰাধেই৷ ই লাগিলে দলিত বা আদিবাসী নতুবা আন কোনো লোকৰ বিৰুদ্ধে সংঘটিত নহওক কিয়৷ কিন্তু যেতিয়া দেশখনে হাথৰাছৰ দৰে ঘটনা এটাৰ সন্মুখীন হ’বলগীয়া হয়, তেতিয়া সৰল হৈ নাথাকে৷ উত্তৰ প্রদেশৰ হাথৰাছৰ যিগৰাকী যুৱতীক চাৰিটা পাষণ্ডই ধর্ষণ কৰি অবর্ণনীয় শাৰীৰিক নির্যাতন চলাই মৃত্যুৰ মুখলৈ ঠেলি দিলে, সেই যুৱতীগৰাকী আছিল দলিত সমাজৰ৷ পাষণ্ডকেইটা উচ্চবর্ণ ৰাজপুত সমাজৰ৷ অপৰাধটোৰ এটা প্রধান কাৰণেই হৈছে এই পার্থক্যটো৷ উচ্চবর্ণ, নিম্নবর্ণৰ বিভাজনত ভাৰাক্রান্ত সমাজ এখনত বহু অপৰাধ মাথোঁ এই পার্থক্যটোৰ বাবেই সংঘটিত হয়৷ উচ্চবর্ণৰ লোকে পুৰুষানুক্রমে এটা অহংকাৰ নিজৰ মাজত কঢ়িয়াই ফুৰে৷ সেইটো হ’ল, শ্রেষ্ঠত্ববোধ৷ সেই শ্রেষ্ঠত্ববোধৰ অহংকাৰৰ বলি হয় সমাজত নিম্নবর্ণৰ বুলি এটা বিশেষ শাৰীত পেলাই ৰখা লোকসকলৰ ওপৰত৷ নিম্নবর্ণৰ লোকক অৱদমিত কৰি ৰাখিব নোৱাৰিলে, সামাজিকভাৱে নীচ প্রতিপন্ন কৰিব নোৱাৰিলে উচ্চবর্ণৰ দাম্ভিকতা আহত হয়৷ হাথৰাছত যিকেইটা নৰপিশাচে যুৱতীগৰাকীক ধর্ষণ কৰি অকথ্য শাৰীৰিক নির্যাতন চলালে, তাৰ মাজতো সেই দাম্ভিকতাৰ প্রভাৱ স্পষ্ট৷ কিন্তু কথাখিনি তাতেই শেষ হৈ যোৱা নাই৷ পাষণ্ডকেইটাক পৰিয়ালৰ লোকে আইনৰ হাতত তুলি নিদিলে৷ ধর্ষণ কাণ্ডটোক লঘু নকৰাকৈ ক’ব বিচাৰোঁ যে এই এইটো সবাতকৈ ভয়ংকৰ কাণ্ড৷ আচল অপৰাধটো ইয়াৰ পৰাই আৰম্ভ হয়৷ উচ্চবর্ণৰ সমাজখনে শ্রেষ্ঠত্ববোধৰ অহংকাৰক ধৰি ৰাখিবলৈ পাষণ্ডকেইটাৰ অপৰাধক লঘু কৰি ৰাখে৷ যেতিয়া এখন সমাজ তেনে কাম এটাত জডিত হৈ পৰে, তাত ৰাজনীতিৰো অনুপ্রৱেশ ঘটে৷ যিটো উত্তৰ প্রদেশত এতিয়া হৈছে৷ উচ্চবর্ণৰ সমাজখনক সন্তুষ্ট কৰি ৰাখিবলৈ চৰকাৰেই হওক বা স্থানীয় প্রশাসন, যিমানখিনি পাৰি সিমানখিনিয়েই কৰিছে৷ প্রতিবাদৰ জুইকুৰা শৰীৰটো স্পর্শ কৰাৰ দিশে অগ্রসৰ হোৱাতহে উত্তৰ প্রদেশ চৰকাৰৰ গা লৰে৷ বিষয়াক নিলম্বন, চিবিআইৰ দ্বাৰা তদন্ত ঘোষণা, চাকৰি–বাকৰি আদিৰ ঘোষণা আৰম্ভ হয়৷
উত্তৰ প্রদেশ চৰকাৰে হয়তো ভাবিছিল দেশজুৰি চলি থকা কৃষক আন্দোলনৰ বতাহজাকত দলিত যুৱতীগৰাকীৰ সৈতে সংঘটিত নির্মম কাণ্ডটো তল পৰি যাব৷ মানুহৰ মন–মগজু সেই আন্দোলনটোক লৈ ব্যস্ত থাকিব৷ কিন্তু তেনে একো নহ’ল৷ নোহোৱাৰ কাৰণটো হ’ল, ঘটনাটোৰ পাছৰে পৰা হাথৰাছ জিলা প্রশাসনৰ কিছুমান কুকীর্তি৷ নিপীডিত পৰিয়ালটোৰ লোকৰ ওপৰত হেঁচা, যুৱতীগৰাকী ধর্ষিতা হোৱা নাই বুলি মানুহক পতিয়ন নিওৱাৰ চেষ্টা, ভুক্তভোগী পৰিয়ালটোৰ গাঁৱলৈ সাংবাদিক–ৰাজনৈতিক নেতাৰ প্রৱেশ নিষিদ্ধ, পৰিয়ালৰ লোকৰ অবর্তমানত নিশাৰ অন্ধকাৰত যুৱতীগৰাকীৰ মৃতদেহ দাহ আদিয়ে মানুহৰ মনত এটা সন্দেহ দৃঢ় কৰিলে যে উত্তৰ প্রদেশ চৰকাৰে কিবা এটা লুকুৱাব বিচাৰিছে৷ বিশেষকৈ মৃতদেহটো গোপনে দাহ কৰিব বিচৰা কাণ্ডটোক কোনেও সহজে ল’ব পৰা নাই৷ বিৰোধীৰ বাবে ৰাজনীতি কৰিবলৈ ইমানখিনিয়েই যথেষ্ট আছিল৷ উত্তৰ প্রদেশত ভৰি থ’বলৈ ঠাই এডোখৰ নোহোৱা হৈ পৰা কংগ্রেছৰ তৎক্ষণাৎ দলিতপ্রীতি জাগি উঠিল৷ ভাতৃ–ভগ্ণীয়ে দলে–বলে পীডিতাৰ গৃহলৈ বুলি ৰাওনা হ’ল৷ প্রশাসনে ১৪৪নং ধাৰা ৰক্ষাৰ দোহাই দি দুয়োকে বাধা দিলে৷ ঠেলা–হেঁচা হ’ল৷ ইয়ে ৰাজনীতিৰ পথাৰখন আৰু গৰম কৰি তুলিলে৷ কংগ্রেছেও ভাবিলে, এয়াই সুযোগ৷ পুনৰবাৰ পীডিতাৰ গাঁওখনলৈ দলে–বলে ওলাল৷ এইবাৰ অৱশ্যে বাধা দিয়া নহ’ল৷ কংগ্রেছৰ দলটো পীডিতাৰ ঘৰত উপস্থিত হ’বলৈ সক্ষম হয়৷ কথা–বতৰা পাতে৷ ইফালে, পৰিস্থিতি বেয়া দেখি উত্তৰ প্রদেশ চৰকাৰে চিবিআইৰ তদন্তকে ধৰি কেইবাটাও ঘোষণা কৰাৰ লগতে বিৰোধী পক্ষৰ বিৰুদ্ধে সাম্প্রদায়িক সংঘর্ষ লগোৱাৰ চক্রান্ত ৰচা বুলি শেল এপাট মাৰি পঠিয়ালে৷ মুঠতে ঘটনাটোক লৈ উত্তৰ প্রদেশৰ লগতে সমগ্র দেশৰ ৰাজনীতি এতিয়া গৰম৷ এতিয়া সমগ্র বিষয়টো মুখ্যমন্ত্রী যোগী আদিত্যনাথে কিদৰে মোকাবিলা কৰে, তাৰ ওপৰত আগন্তুক দিনৰ ৰাজনীতি কিছু পৰিমাণে নির্ভৰ কৰিব বুলি ক’ব পাৰি৷ বিশেষকৈ বিহাৰ আৰু পৰৱর্তীত পশ্চিমবংগৰ নির্বাচত ইয়াৰ প্রভাৱ পৰিব পাৰে৷ সেয়ে পশ্চিমবংগৰ তৃণমূল কংগ্রেছ সাংসদ ডেৰেক অ’ব্রায়ানে অলপো সময় নষ্ট নকৰি পীডিতাৰ গাঁওখনলৈ যাত্রা কৰিছিল৷ তাত তেওঁ আৰক্ষী–প্রশাসনৰ বাধাৰ সন্মুখীন হ’বলগীয়া হয়৷ শাৰীৰিকভাৱে অপদস্থ হয়৷ এতিয়া এইখিনিকে সম্বল হিচাপে লৈ তৃণমূলে পশ্চিমবংগত বিজেপিবিৰোধী প্রচাৰ এটা চলাবলৈ লাহে লাহে আৰম্ভ কৰিছে৷ আমাৰ দেশখনৰ পৰা বর্ণবাদী সমাজ ব্যৱস্থা আজিও নাইকিয়া নোহোৱাৰ এটা অন্যতম কাৰণ এই ৰাজনৈতিক দল–নেতাসকলৰ ক্ষমতাকেন্দ্রিক নীতিহীন ৰাজনীতি৷ ঘটনাটোক লৈ ৰাহুল গান্ধী, প্রিয়ংকা ৱদ্রা, মায়াৱতী, অখিলেশ যাদৱ নতুবা বামপন্থীসহ যিসকল ৰাজনৈতিক নেতাই উচ্চ বাচ্য কৰি আছে, তেওঁলোকৰ এজনেও মূল সমস্যাটোক লৈ কথা কোৱা নাই৷ এজনেও মূল সমস্যাটো সমাধান হোৱাটো বিচৰা নাই৷ বিচাৰিছে কিদৰে দুর্ভগীয়া যুৱতীগৰাকীৰ জীৱনত সংঘটিত মর্মান্তিক ঘটনাটোক ৰাজনৈতিক ক্ষমতা লাভৰ জখলা হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ উচ্চ–নিম্ন বর্ণৰ ভেদাভেদ থকা সমাজ এখনত এনেধৰণৰ অপৰাধ তেতিয়ালৈকে শেষ নহয়, যেতিয়ালৈকে ব্যৱস্থাটোৰ অন্ত নপৰে৷ উত্তৰ প্রদেশত সামাজিক বিভাজনৰ ব্যৱস্থাটোৰ ওপৰত কুঠাৰাঘাত কৰাৰ এটা সুযোগ আহিছে৷ তাক ব্যৱহাৰ কৰিব লাগিছিল৷ কিন্তু সেইটো নহয়৷ ক্ষমতাকেন্দ্রিক ৰাজনীতিয়ে এনে শুভ কামক অনুমোদন নজনায়৷ গতিকে, এইখন দেশত এইগৰাকী দুর্ভগীয়া বাল্মিকীয়েই এনেধৰণৰ ঘটনাৰ বলি হোৱা শেষগৰাকী বাল্মিকী হোৱাৰ অলপো আশা নাই৷ ৰাজনৈতিক কাৰণতে সামাজিক শ্রেণী বিভাজন তিষ্ঠি থাকিব৷ লগতে পুৰুষানুক্রমে এজনৰ পৰা আনজনলৈ প্রৱাহিত হৈ থাকিব শ্রেষ্ঠত্ববোধৰ অহংকাৰ৷