(১)
টগবগ্ ওঠৰৰ যৌৱন৷ মগজুত বিপ্লৱী চেতনাৰ বিদ্যুৎ৷ তাতেই কমিউনিষ্টসকলৰ ‘আকর্ষণীয় হাতবোৰ’৷ অপ্রগতিশীল যেন লগা সকলো কথাই অসহনীয়৷ এনে স্বাভাৱিক ফেণ্টাচীৰ জীৱন সাং কৰি যি বাস্তৱৰ স’তে মিতিৰালি কৰিছে তেনে ‘আপোচকামী’সকল আমাৰ মানসিক শতৰুৰ শিবিৰত৷ মুঠতে আমি আপোচবিহীনভাৱে সমাজ পৰিৱর্তন কৰিহে চাৰিম৷ কটন কলেজত আমি গঠন কৰিলোঁ উগ্র প্রদর্শনকামী প্রগতিশীল বৌদ্ধিক গোট ‘অনুভৱ গোষ্ঠী’৷ তড়িৎ গতিত ই ছাত্র সমাজত জনপ্রিয় হৈ পৰিল৷ অন্য সাহিত্য–সাংস্কৃতিক গোষ্ঠীবোৰ সামান্য ম্লান পৰিল৷ নিজেই খোলা গোষ্ঠীৰ আমি নিজেই সম্পাদক৷ মূল মগজু নয়নমণি বৈশ্য৷ সভাপতি মনোনীত কৰা হ’ল মেধাৱী ছাত্র বর্তমান ‘ইণ্ডিয়া টুডে’’ৰ জ্যেষ্ঠ সাংবাদিক কৌশিক ডেকাক৷ প্রগতিশীল সাহিত্যিকসকলক বাদ দি আমি আন সকলো সোঁপন্থী লেখককে সমাজৰ বুর্জোৱা শত্রু ঘোষণা কৰিলোঁ৷ সংঘাত আৰম্ভ হ’ল তাৰ পৰাই৷ আমি এজাকে হোমেন বৰগোহাঞিক অধ্যয়ন চিন্তা–চেতনাৰ পৰা বর্জন কৰাৰ বিপৰীতে কৌশিক আছিল বৰগোহাঞিৰ সাহিত্যৰ ভকত আৰু প্রিয় পাত্র৷ এই ‘সোঁ–বাম’ যুদ্ধত এসময়ত ‘অনুভৱ গোষ্ঠী কটন কলেজ’ৰ মৃত্যু ঘটিল৷ হোমেন বৰগোহাঞি দূৰৈতে ৰৈ গ’ল আমাৰ যৌৱনৰ পৰা৷ মনালিছা শইকীয়া, কুশল দত্ত আদিৰ জৰিয়তে আমাৰ ব্যক্তিগত সম্পর্ক গঢ় লৈ উঠিল চন্দ্রপ্রসাদ শইকীয়াদেৱৰ স’তে৷ ‘গৰীয়সী’ত এটাৰ পিছত এটা কবিতা প্রকাশ হ’বলৈ ধৰিলে৷ তেখেতৰ স্নেহধন্য হৈ খাৰঘুলিৰ তেখেতৰ গৃহলৈ সঘন আহযাহ আৰম্ভ হ’ল৷
(২)
ক’বলৈ গ’লে হোমেন বৰগোহাঞি সম্পাদিত ‘অসম বাণী’তে কেইমাহমান আগতে আমাৰ কবিতা এটা প্রকাশ পাইছিল হিৰণ্য কুমাৰ বর্মনৰ সৌজন্যত – নতুন পুৰুষত৷ তাৰো বহু বর্ষ আগত কিতাপৰ কীট হ’বলৈ দাঁত গজাৰ বয়সতে চতুর্থ মানত দেউতাৰ জৰিয়তে হাতত পৰিছিল ‘স্বর্গ আৰু নৰক’ নামৰ এখন গ্রন্থ৷ ক’বলৈ গ’লে পঢ়ি একো বুজি পোৱা নাছিলোঁ – ‘কেহুকাই’ৰ সেই মনোৰম কাহিনীটোৰ বাদে৷ তেনেকৈ ‘হোমেন বৰগোহাঞি’ৰ স’তে প্রথম চিনাকি কিতাপৰ বকলাত৷
কলেজৰ স্নাতক বর্ষবোৰত প্রগতিশীল আধা কেচেলুৱা ‘মাৰাত্মক’ চেতনা আৰু সাহিত্যিক হৈ উঠাৰ দুর্মদ দুৰাকাংক্ষাৰে দিস্তাৰ পিছত দিস্তা কাগজ সাং হৈ গৈছে৷ অখিল গগৈৰ ‘ছাত্র বার্তা’, ‘চন্দ্রপ্রসাদ ছাৰৰ ‘গৰীয়সী’ আৰু অ’ত–ত’ত কবিতাসমূহ ছপা হ’বলৈ আৰম্ভ কৰিছে এথোন৷ তেনে এটা দিনত ছাত্রাৱস্থাতে গ্লেমাৰছ লেখক হৈ উঠা প্রাণজিৎ বৰাই তেওঁৰ হোষ্টললৈ মাতি পঠিয়ালে৷ ‘তোক আৰু তহঁতৰ দলটোক বৰগোহাঞি ছাৰে লগ পাবলৈ বিচাৰিছে৷’ আমাৰ কাৰোৰে বিশেষ আগ্রহ নাই৷ নয়নমণিৰ মতে এয়া তৰুণ প্রগতিশীলসকলক খাহী কৰাৰ এটা কৌশল৷ মানুহজন গণ্ডগোলীয়া৷ ৰাজনৈতিকভাৱে সুবিধাজনক নহয়৷ দিন–ৰাতি বিভিন্ন আলোচনা৷
শেষত ‘আপোচহীনতা’ত আমি হাৰিলোঁ৷ পূর্বৰ সকলো মন্তব্য সিদ্ধান্ত জোকাৰি–চিকুণাই আমাৰ প্রৱেশ ‘উলুবাৰী’ৰ ‘আমাৰ অসম’ কাকতৰ বৰগোহাঞিদেৱৰ সম্পাদকীয় কোঠাত ইমান দিনে শুনি থকা খঙাল, একা–চেকা গহীন হোমেন বৰগোহাঞিৰ পৰিৱর্তে আমি দেখিলোঁ এজন কৌতুকপ্রিয়, কৌতূহল প্রয় – হাঁহি থকা চকুৰে দুওঁঠত দুটা তর্জনী থৈ ‘মানসিক পোষ্টমর্টেম’ৰ বাবে ৰৈ থকা এজন বুজন জীৱনৰ চিকিৎসকক তৰুণক প্রেৰণা দানত তেওঁৰ সমকক্ষ দ্বিতীয়জন নাই – এয়া ‘আপ্তবাক্য’ হৈ পৰিছে৷ নবীন বৰুৱা, সনন্ত তাঁতি, সমীৰ তাঁতী, ইছমাইল হোছেইন, অনুৰাধা শর্মা পূজাৰী, অনুপমা বসুমতাৰী, মামণি ৰয়ছম – কত যে নাম ‘প্রেৰণা দান’ৰ তালিকাত৷ তাত আমাৰ নামো সংযোজিত হ’ল – একেই আড়ম্বৰপূর্ণভাৱে
(৩)
হঠাৎ ‘শতৰু শিবিৰ’ৰ সেনাপতিজন ইমান প্রিয় হৈ উঠিল৷ হকে–বিহকে, সময়ে–সময়ে গৈ ‘আমাৰ অসম’ৰ কার্যালয়ত তেওঁৰ অপেক্ষাত ৰৈ থাকোঁ৷ আগতীয়া অনুমতি গ্রহণৰ কোনো শিষ্টাচাৰ নাই৷ কেতিয়াবা বিৰক্তি পালেও কোনোদিনে ওভতাই পঠিওৱা নাই৷ হয়, কেতিয়াবা ভেকাহি মাৰি উঠিছে কেতিয়াবা কৈছে – ‘আজি মাত্র দহ মিনিট’৷ দহ মিনিট গৈ পঞ্চল্লিশ মিনিট হৈছেগৈ৷ ‘ইচ বহুত সময় খালা, এতিয়া যোৱা’ – মৃদু ধমকি
কোনো এদিন কৈছে (২০২০ চন) ‘অহা পঞ্চাশ বছৰলৈ অসমৰ ভৱিষ্যৎ মই অন্ধকাৰ দেখিছোঁ’ কেতিয়াবা সুধিছিল – ‘পঢ়া সাং কৰি কি হ’ব বিচাৰিছা?’ উত্তৰ দিছিলোঁ – ‘সাংবাদিক’ – ‘এইখন অসমত সাংবাদিক হৈ একো কৰিব নোৱাৰা৷ সেই চিন্তা বাদ দিয়া’৷ দায়িত্বশীল অভিভাৱকৰ দৰে তেওঁ হাহাকাৰ কৰি উঠিছিল৷ তেওঁৰ জীৱনৰ অনিশ্চয়তা আৰু সংঘর্ষবোৰৰ যাতে আমি বলি হ’বলগীয়া নহয়, তাৰ বাবে তেওঁ কঠোৰভাৱে সজাগ আছিল৷ তেনে কথা–বতৰাৰ সময়ত তেওঁ মুখমণ্ডল কাঢ়া শিক্ষকজনৰ দৰে কঠোৰ কৰি ৰাখিছিল৷ ফেণ্টাচীৰ পিছত দৌৰিবলৈ দিবলৈ তেওঁ আমাক সামান্যতমো লাই দিয়া নাছিল৷
(৪)
‘আমাৰ অসম’–এ বৌদ্ধিক মহলত নতুন ধাৰাৰ সৃষ্টি কৰিব বিচাৰিছে৷ পৃষ্ঠাভৰা কবিতা প্রকাশে ‘কবিতা’ক সাধাৰণ মানুহৰ ওচৰত এক মান্যতা দিয়ালে৷ তেওঁ গুণ–গুণ বাছ–বিচাৰ নকৰি তৰুণসকলক উৎসাহিত কৰাৰ নীতি গ্রহণ কৰিছিল৷ আমাৰ কবিতাও তাত নিয়মীয়াকৈ প্রকাশ পাবলৈ ধৰিলে৷ ১৯৯৯ চনৰ ২৪ জানুৱাৰীত ‘যি হ’ব মোৰ প্রেয়সী’ কবিতাটো প্রকাশ পালে৷ তাৰ এসপ্তাহ পিছত কবিতাটো পুনৰ প্রকাশ পালে এগৰাকী কবিৰ উত্তৰেৰে৷ সেই ‘আমাৰ অসম’খন লৈ খাৰঘুলিৰ চন্দ্রপ্রসাদ শইকীয়া ছাৰৰ ঘৰ উঠিছিলোঁ৷ পৰম উৎসাহেৰে মই ছাৰলৈ কাকতখন আগবঢ়াই দিছিলোঁ৷ শইকীয়া ছাৰে অলপপৰ চকু ফুৰাই কাকতখন মোক ফিৰাই দিছিল৷ তেওঁৰ চকুৱে–মুখে অসন্তুষ্টি বিয়পি পৰিছিল৷ বৰগোহাঞিয়ে ল’ৰা–ছোৱালীবোৰক মিছগাইড কৰিছে৷ উৰি যোৱা শেন ফেঁচা হৈ উভতি আহিছিলোঁ৷ ইমান ‘ভাল কথা’ এটা ছাৰে কিয় সহজভাৱে ল’ব পৰা নাই – ওৰেৰাতি হোষ্টেলত সেই কথাকে ভাবিছিলোঁ৷ পিছদিনা বৰগোহাঞি ছাৰৰ কার্যালয় উঠিছিলোঁ৷ তেওঁ প্রসন্নচিত্তে বহি আছিল৷ আমাকো বহিবলৈ দি এক অন্য দৃষ্টিৰে আমাৰ ফালে চাই আছিল৷ শইকীয়া ছাৰৰ কথাখিনি তেখেতক কৈছিলোঁ৷ তেওঁ কৈছিল – ‘সকলো কথাতে গুৰুত্ব নিদিবা৷ মই তোমাৰ বাবে অন্য এক ছাৰপ্রাইজৰ ব্যৱস্থা কৰি থৈছোঁ৷’
‘হোমেন বৰগোহাঞিয়ে মোক কি ছাৰপ্রাইজ দিব’ – পৰম উৎকণ্ঠাৰে ৰৈ আছিলোঁ৷ ১৯৯৯ চনৰ ২৮ ফেব্রুৱাৰীত আহিছিল সেই ছাৰপ্রাইজ৷ আকৌ ‘যি হ’ব মোৰ প্রেয়সী’ কবিতাটো পুনৰ মুদ্রিত হৈছিল কবিতাটোৰ কেইবাটাও উত্তৰেৰে৷ যিয়ে আমাক বিপুলসংখ্যক পাঠকৰ স’তে আড়ম্বৰপূর্ণভাৱে পৰিচয় কৰাই দিছিল৷
(৫)
তেখেতৰ লগত কেনে শিষ্টাচাৰেৰে কথা পাতিব লাগে তেতিয়া সমূলি নাজানিলোঁ৷ আমাৰ এই ‘হোজামি’খিনিক তেওঁ দয়াৰে সহ্য কৰিছিল৷ – ‘আজি মাত্র দহ মিনিট সময়৷’
‘আপুনি দীর্ঘ সময়জুৰি কোনা উপন্যাস লিখা নাই৷’
অসমীয়া মানুহৰ বাবে প্রয়োজনীয় অনেক কিতাপ মই লিখিছোঁ৷ তুমি পঢ়া নাই নেকি?
– তথাপি আপোনাৰ পৰা পাঠকে ‘পিতাপুত্র’ৰ দৰে উপন্যাস বিচাৰে৷
উপন্যাস লিখিবলৈ বহুত শ্রম আৰু সময়ৰ প্রয়োজন
মার্কেজৰ দৰে লেখকে এই বুঢ়া বয়সতো সাংবাদিকতাৰ লগতে পৃথিৱী বিখ্যাত উপন্যাসো লিখিছে এইবাৰ তেওঁ ভেকাহি মাৰি উঠিল৷ তেওঁক পৰম বিৰক্ত হোৱা দেখা গ’ল৷ তেওঁ ভর্ৎসনাৰ সুৰত ক’লে – মার্কেজৰ দেশৰ সাংবাদিকতা আৰু অসমৰ সাংবাদিকতা তুমি একে বুলি ভাবিছা নেকি? ইয়াত সাংবাদিকতা মানে চৌব্বিশ ঘণ্টা গেবাৰিখটা কাম৷
তাৰ পিছত তেওঁ কিছু নৰম হ’ল৷ ক’লে মই নতুন উপন্যাস এখনৰ পৰিকল্পনা কৰিছোঁ৷ উপন্যাসখনৰ ঘাই বিষয় হ’ব আলফা৷ কিন্তু নায়কজন হ’ব ছালফা৷ মই ইতিমধ্যে এজন ছালফাৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছোঁ৷…
মৃত্যুৰ আগলৈকে যিখন উপন্যাস তেওঁ নিলিখিলে সেই উপন্যসাখনৰ কথা কুৰি বছৰ আগতে তেওঁ আত্মমগ্ণতাৰে কৈ গৈছিল…
(৬)
লাহে লাহে এনেকুৱা প্রচাৰ হ’বলৈ আৰম্ভ কৰিছিল তৰুণ প্রতিভা ওলালেই বৰগোহাঞিয়ে ধ্বংস কৰি পেলায়৷ আমাকো তেনে দৃষ্টিৰে চাই তথাকথিত প্রগতিশীল মহলে পেংলাই কৰিছিল৷ বৌদ্ধিক জগতত এনে পেংলাই সন্মান হানিকৰ প্রগতিশীল বৌদ্ধিক সমাজখনৰ প্রতি এটা মোহো আছিল৷ সেয়ে বৰগোহাঞিদেৱৰ সহায় নোহোৱাকৈ প্রতিষ্ঠা লাভ কৰাৰ জেদ এটা বাঢ়িছিল৷ তেওঁৰ লগত দূৰত্ব বজাই ৰাখি চলিবলৈ আৰম্ভ কৰিছিলোঁ৷ এদিন বিশ্ববিদ্যালয়ত তেওঁক লগ পাইছিলোঁ৷ আমাৰ কান্ধত হাত এখন দি তেওঁ গাড়ীৰ কাষলৈ আহিছিল৷ মই আপোনাৰ নামত দুখনকৈ কিতাপ উৎসর্গা কৰিছোঁ৷
মোক কোনোবাই কৈছে৷ কিতাপ দুখন পোৱাৰ ব্যৱস্থা কৰিবা৷ অৱশ্যে কিতাপ দুখন কোনোদিনেই তেওঁক দিয়া নহ’ল৷ তাৰ পিছত তেওঁ পুনৰ ‘আমাৰ অসম’লৈ উভতি আহোঁতে ‘হোমেন বৰগোহাঞি’ নামৰ কবিতা এটা কৃতজ্ঞতাৰে পঠিয়াই দিছিলোঁ৷ কবিতা পঢ়ি মিঠা হাঁহিৰে তেওঁ সহকর্মীসকলক কৈছিল – প্রণৱ পাগলটোৱে মোৰ নামত এটা কবিতা লিখিছে৷ মোৰ নামত লিখা কোনো লেখা এইখন কাকতত মই প্রকাশ হোৱা নিবিচাৰোঁ৷ কিন্তু এই কবিতাটো ছপাবলৈ দিবা৷ নবীন বৰুৱাদেৱে সম্পাদনা কৰা হোমেন বৰগোহাঞিৰ জীৱন কর্ম বিষয়ক গ্রন্থখনত কবিতাটো ছপা হৈছিল৷ উন্মোচনী অনুষ্ঠানত কবিতাটো আবৃত্তি কৰিবলৈ আমাকো আমন্ত্রণ কৰা হৈছিল৷ নগ’লোঁ৷ বন্ধু ৰাজকমলে কবিতাটো আবৃত্তি কৰোঁতে বৰগোহাঞি ছাৰে খুব মনোযোগেৰে আবৃত্তি শুনি থকা ভিডি’টো ৰাজকমলে পঠিয়াই দিছিল৷
(৭)
শেষ দেখা? শেষ লেখা? শেষ লেখা নহয় বৰগোহাঞি ছাৰে যোৱা বর্ষত আমাৰ এটা দীঘলীয়া সাক্ষাৎকাৰ ল’বলৈ মণিকংকনাক কৈছিল৷ ছাৰে দেৰি হোৱা বাবে বাৰে বাৰে তেওঁক সুধি আছিল – তাৰ সাক্ষাৎকাৰটো হ’লনে? মাজত এটা দিন৷ লিখা হোৱা নাই প্রশ্ণৰ উত্তৰবোৰ৷ মণিকংকনা নার্ভাছ৷ পুৱতিনিশা চাৰিটা বজাত লিখি সাং কৰি পঠিয়াইছিলো আৰু সম্পূর্ণ পৃষ্ঠাজুৰি সাক্ষাৎকাৰটো তেওঁ মৰমেৰে প্রকাশ কৰিছিল৷
শেষ দেখা ২০১৮৷ উত্তৰ লখিমপুৰ কলেজৰ ছাত্রাৱাস এটাৰ সোণালী জয়ন্তী বর্ষত হোমেন বৰগোহাঞি ছাৰৰ লগতে আমিও নিমন্ত্রিত হৈছিলোঁ৷ তেওঁ আগতীয়াকৈ আকাশীযানেৰে গৈছিল৷ অধ্যক্ষৰ কোঠাত আমাৰ মুখামুখি
– ছাৰ প্রণৱ৷
– তুমি প্রণৱ কুমাৰ? বহুত সলনি হৈ গ’লা৷
সিদিনা একেখন মঞ্চতে বহি ভাষণ দিওঁতে কঁপিছিলোঁ৷ কিন্তু শেষ দেখা নাছিল সেয়া৷ এদিন গাঁৱৰ ঘৰত কানিমুনি বেলিকা ফোনটো বাজি উঠিল – প্রণৱ কুমাৰ?
– হয়
– মই হোমেন বৰগোহাঞি৷
– ছাৰ আপুনি? আশ্চর্যচকিত কণ্ঠ৷
– এতিয়া কথা নাপাতো৷ আঠ বজাত মই আকৌ ফোন কৰিম৷ এইখিনি কৈ তেওঁ ফোনটো কাটি দিলে৷
আঠ নাবাজেহে নাবাজে – বাজিল৷ ফোন ৰিং হ’ল৷
– তুমি এমাহ পিছত ‘কথা বার্তা’ত অতিথি হৈ আহিব লাগিব৷ বিষয় ‘কবিৰ জীৱন’৷ ভালকৈ প্রস্তুতি চলাই আহিবা৷
দর্শকৰ সন্মুখত হোমেন বৰগোহাঞিৰ ওচৰত পৰাজিত নহ’বলৈ দিনে–নিশাই পঢ়াত লাগিলোঁ৷ আগদিনাখন তেওঁ পুনৰ ফোন কৰিলে – আবেলি ২ বজাত পোৱাকৈ ‘নিউজ লাইভ’ৰ কার্যালয়লৈ আহিবা৷
মুখামুখিকৈ যেন গুৰু–শিষ্য দুষাৰমান কথা পতাৰ পিছত তেওঁৰ ফোনটো বাজি উঠিল৷ কাট্৷ কাট্৷ আকৌ আৰম্ভ হ’ল কথা–বার্তা৷ আকৌ ফোনটো বাজি উঠিল৷ কাট্ কাট্৷ কেমেৰা পার্ছন, অনুষ্ঠান প্রযোজক সকলো আচৰিত, কি হ’ল বৰগোহাঞি ছাৰৰ৷ তিনিবাৰ বাজি উঠিল ফোন সিদিনা শেষবাৰৰ বাবে দুয়ো ভীষণ আৱেগিক হৈ পৰিছিলোঁ৷