নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৃহিণীসকলেও কৰিব পাৰে উপার্জন

এগৰাকী নাৰীৰ বাবে আর্থিক স্বাৱলম্বিতা অতিকৈ প্রয়োজনীয় বিষয়৷ স্বাৱলম্বী নাৰী এগৰাকীয়ে ঘৰৰ যিকোনো সিদ্ধান্ত মুকলি মনেৰে ল’ব পাৰে৷ কিন্তু বহু নাৰীয়ে অর্হতা থকাৰ পিছতো বিভিন্ন কাৰণত চাকৰি কৰিবলৈ ওলাই যাব নোৱাৰে৷ ফলত তেওঁলোক হতাশাত ভোগে৷ তদুপৰি পৰিয়ালক বিপদে–আপদে আর্থিক সহায় কৰিব নোৱাৰি হীনমন্যতাত ভোগে৷ অৱশ্যে বর্তমান ঘৰতে থাকি অর্থ উপার্জনৰ নানা উপায় ওলাইছে৷ পৰিয়াল আৰু চাকৰিৰ মাজত সন্তুলন ৰখাটোও বহুতৰ বাবে কঠিন৷ তদুপৰি ঘৰতে থাকি উপার্জন কৰাৰ বিভিন্ন সুবিধা আছে৷ ইণ্টাৰনেটৰ প্রসাৰে সকলোবোৰ সহজ কৰি তুলিছে৷ কিছুমান পদ্ধতি সংক্ষেপে উল্লেখ কৰা হ’ল–
ব্লগিংঃ ইণ্টাৰনেটৰ সফল ব্যৱহাৰ কৰি ব্লগৰ দ্বাৰা সন্তোষজনক উপার্জন কৰিব পাৰি৷ বহুতো মাতৃয়ে ব্লগ পৰিচালনা কৰে৷ লাইফ ষ্টাইল, ৰন্ধন প্রণালী আদি ব্লগসমূহত অন্তর্ভুক্ত কৰিব পাৰি৷ ব্লগিঙৰ জৰিয়তে নিজৰ মন্তব্য দিব পাৰে৷ ব্লগাৰ, ইউটিউব আদিৰ দ্বাৰা অনলাইন উপার্জন কৰিব পাৰে৷
অনলাইন মার্কেটিংঃ অনলাইন মার্কেটিঙৰ দ্বাৰা অন্যান্য ব্যৱসায় আৰু সেৱাৰ বিষয়ে তথ্য দিব পাৰি৷ আৰু একেসময়তে নিজে বিজ্ঞাপন দিয়া লিংকৰ সৈতে কৰা ছেলছৰ পৰা কমিছনো লাভ কৰিব পাৰে৷
ফ্রিলান্স ৰাইটিংঃ আপুনি যদি লিখি ভাল পায়, তেতিয়াহ’লে বিভিন্ন বিষয়ত লিখিও উপার্জন কৰিব পাৰে৷ ফ্রিলান্স লেখা কিছুমান ছাইটৰ গৰাকীৰ বাবে লিখিব পাৰে৷ অনলাইন ব্যৱসায় ষ্ট’ৰ, ব্লগাৰৰ বাবেও লিখিব পাৰে৷ আপুনি লিখিব লগা বিষয়টো খুব স্পষ্টকৈ থাকিব৷ গতিকে আপোনাৰ প্রস্তুতি ভাল হ’ব লাগিব৷
অনলাইন ক’চিংঃ কোনো বিষয়ত আপোনাৰ ভাল জ্ঞান আছে যদি অনলাইনৰ মাধ্যমেৰে আনকো শিকাব পাৰে৷ আপুনি যদি কেইবাটাও ভাষা জানে তেতিয়া অধিক সুবিধা হ’ব৷
ডে’ কেয়াৰ চেণ্টাৰ ঃ শিশুৰ বাবে ঘৰতে ডে’ কেয়াৰ চেণ্টাৰ খুলিব পাৰে৷ যদি আপুনি শিশুৰ লগত সময় কটাই ভাল পায়, তেনেহ’লে আপোনাৰ বাবে ই এক ভাল ব্যৱসায়৷ আপুনি ঘণ্টা হিচাপে অথবা মাহেকীয়া হিচাপে টকা ল’ব পাৰে৷
আহাৰ যোগান সেৱাঃ আপোনাৰ যদি ৰন্ধাত ৰাপ আছে, তেতিয়া হ’লে আপুনি ৰন্ধনক আপোনাৰ স্থায়ী উপার্জনৰ উৎস কৰি ল’ব পাৰে৷ কম মূলধন খটুৱাই ঘৰৰ কাষৰ কার্যালয় আদিৰ পৰা অর্ডাৰ লৈ ব্যৱসায় আৰম্ভ কৰি লাহে লাহে ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে৷
এনেদৰে ঘৰতে থাকি অকণ মানৱ কষ্ট কৰি আপুনি উপার্জন কৰি নিজৰ লগতে ঘৰৰ আন সদস্যৰ মুখতো হঁাহি বিৰিঙাব পাৰে৷

জি এছ ফিচার্ছ

You might also like