নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগ্রাসী চীনক লৈ দুর্ভাৱনা: মিছাইল আক্রমণ কেনেকৈ প্রতিহত কৰিব ভাৰতে

যদি চীন–ভাৰতৰ যুদ্ধ আৰম্ভ হয়, তেন্তে চীনে অবিৰত মিছাইল আক্রমণেৰে স্তব্ধ কৰি পেলাব পাৰে তেজপুৰ আৰু চাবুৱাৰ বিমান ঘাটি৷
সম্প্রতি সংবাদ মাধ্যমৰ এই সন্দর্ভত প্রকাশিত বাতৰিয়ে সম্ভাব্য যুদ্ধক লৈ আশংকাৰ সৃষ্টি কৰিছে৷ চীনৰ মিছাইল আক্রমণ প্রতিহত কৰিবলৈ ভাৰতৰ পর্যাপ্ত সামৰিক শক্তি আছেনে?
চীনৰ মিছাইল আক্রমণ কেনে ধৰণৰ হ’ব সেয়া কোৱাৰ আগেয়ে চীন দেশে ভূ–ভাগেৰে আক্রমণৰ পৰিৱর্তে প্রথমে কিয় মিছাইলেৰেহে আক্রমণ কৰিব সেয়া উল্লেখ কৰিব বিচাৰিছেছা৷Harvard Kennedy Schoolৰ এই প্রতিবেদনত চীনৰ বিমান বাহিনীৰ এটা দুর্বলতা উল্লেখ কৰা আছে৷ প্রতিবেদনখনত উল্লেখ কৰা হৈছে যে চীনৰ পাইলটসকল যুঁজাৰু বিমানসমূহ চলোৱাৰ সময়ত অত্যধিকভাৱে ভূ–ভাগৰ পৰা কৰা নিয়ন্ত্রণ Ground Control)ৰ ওপৰত নির্ভৰশীল৷ সেয়ে যুদ্ধৰ সময়ত পূর্বানুমান কৰিব নোৱৰা পৰিস্থিতিৰ উদ্ভৱ হ’লে চীনা পাইলটসকলৰ ‘কণ্ড্রোল টাৱাৰ’ৰ নির্দেশনাৰ প্রতি ভৰসাও অত্যধিক হৈ পৰিব৷ কিন্তু জটিল আৰু আকাশী যুঁজৰ সঘন পৰিৱর্তনশীল পৰিস্থিতিত চীনৰ ‘গ্রাউণ্ড কমাণ্ডে’ দ্রুতগতিত এনে দিশ–নির্দেশনা দিবলৈ অসমর্থ হ’ব৷
দ্বিতীয়তে প্রতিবেদনত দুয়োখন দেশৰ যুঁজাৰু বিমানসমূহৰ পুংখানুপুংখ অধ্যয়নৰ পিছত মত দাঙি ধৰা হৈছে যে চীনৰJ–১০ নামৰ যুঁজাৰু বিমানখন কাৰিকৰীভাৱে ভাৰতৰ মিৰেজ–২০০০ৰ সমকক্ষ৷ আনহাতে, ভাৰতৰ ছুখই(Su-30MKI) বিমান চীনৰJ–১১ আৰুSu–২৭ বিমানকে ধৰি আন সকলো বিমানতকৈ কেইবাগুণে উন্নত৷ চীনৰ প্রায় ১০১খন চতুর্থ প্রজন্মৰ যুঁজাৰু বিমান আছে৷ ইয়াৰে একাংশ বিমান ৰাছিয়াৰ সম্ভাব্য আক্রমণ প্রতিৰোধৰ বাবে ৰাখি থোৱা আছে৷ কিন্তু ভাৰতবর্ষই একমাত্র চীনৰ বাবেই প্রায় ১২২খন উন্নত বিমান সাজু কৰি ৰাখিছে৷ ইফালে, তিব্বত, জিনজিয়াং আদিত থকা চীনৰ ‘এয়াৰ বেছ’সমূহ অতি উচ্চ উচ্চতাত অৱস্থিত আৰু সেই স্থানৰ ভৌগোলিক পৰিস্থিতিও অতি জটিল৷ সেয়ে এনে এয়াৰ বেছসমূহৰ পৰা চীনৰ বিমানসমূহে সম্পূর্ণ ইন্ধন আৰু বেছি ওজনৰ অস্ত্র লৈ উৰিবলৈ অসমর্থ৷ কম ইন্ধন লৈ যুঁজত নমা বিমানসমূহক মাজ আকাশত ইন্ধন যোগান ধৰিবলৈ চীন ‘টেংকাৰ এয়াৰক্রাফ্ট’ৰ সংখ্যাও কম৷ ৰঙা চীনৰ মাত্র ১৫খনহে টেংকাৰ এয়াৰক্রাফ্ট আছে৷
ভাৰত আক্রমণৰ ক্ষেত্রত চীনা বিমানবাহিনীৰ হোটান, লাছা,Ngari-Gunsa আৰুXigaze নামৰ ঠাইত থকা এয়াৰ বেছ আৰু এয়াৰফিল্ডকেইখনে গুৰুত্বপূর্ণ ভূমিকা ল’ব৷ কিন্তু সেইবোৰো ভাৰতীয় আক্রমণ প্রতিৰোধ কৰিবলৈ সুৰক্ষিত অৱস্থাত নাই৷Ngari-Gunsa আৰুXigazeত থকা বিমানবোৰ আক্রমণৰ পৰা ৰক্ষা কৰিবলৈ কোনো আচ্ছাদনেই(Hardened shelter) নাই৷ তাত মুকলি আকাশৰ তলতে থাকে বিমানবোৰ৷
ইয়াৰ বিপৰীতে ভাৰতীয় বায়ু সেনাৰ এইধৰণৰ সমস্যা নাই৷ ভাৰতৰ অকল চীনক প্রতিৰোধ বা আক্রমণৰ বাবে বহু এয়াৰবেছ আৰু এয়াৰ ফিল্ড সাজু কৰা আছে৷ সেইবোৰ ভৌগোলিকভাৱে সুচল স্থানত অৱস্থিত৷ ফলত আমাৰ বায়ু সেনাৰ যুঁজাৰু বিমানে সম্পূর্ণ ইন্ধন ভৰাই সর্বাধিক সামর্থ্যৰে(Maximum payload and fuel capabilities) বোমা–বাৰুদ লৈ যুদ্ধত নামিব পাৰিব৷ যদি ভাৰতে আক্রমণ কৰি চীনৰ এই ৪টা এয়াৰবেছ ধ্বংস কৰি বা অকামিলা কৰি পেলায় আৰু নিজৰ বায়ু আধিপত্য লাভ কৰে তেতিয়া চীন উপায়হীন হৈ পৰিব আৰু দেশৰ ভিতৰ অংশত থকা স্থানৰ পৰা যুঁজাৰু বিমান আনিহে যুদ্ধক্ষেত্রত নামিব পাৰিব৷ তেতিয়াও চীনৰ বিমানবোৰে ইন্ধনৰ সমস্যাত ভুগিব আৰু বেছি বোমা–বাৰুদ আনিব নোৱাৰিব৷
এনেবোৰ কাৰণ আৰু কাৰকৰ বাবে চীনে প্রথমে বিমান আক্রমণ কৰিবলৈ নিবিচাৰি মিছাইল আক্রমণ কৰাৰহে পূর্ণ সম্ভাৱনা আছে৷
কেনে হ’ব চীনৰ মিছাইল আক্রমণ?
প্রথমে বায়ু আক্রমণ কৰাৰ সাহস নথকা চীনে ভয়ংকৰ মিছাইল আক্রমণ কৰাৰহে পৰিকল্পনা যুগুত কৰি ৰাখিছে৷ হার্ভার্ডৰ প্রতিবেদনখনত উল্লেখ কৰা আছে যে ৰঙা চীনে ক্ষেপণাস্ত্র আক্রমণেৰে ভাৰতৰ এয়াৰফিল্ড ধ্বংস কৰি আমাৰ দেশৰ প্রত্যাক্রমণ ক্ষমতা দুর্বল কৰিব বিচাৰিব৷
কিন্তু সেয়াও ইমান সহজ হ’ব জানো?
প্রতিবেদনত উল্লেখ আছে যে ভাৰতৰ এখন এয়াৰফিল্ড ২৪ ঘণ্টাৰ বাবে বিকল কৰি পেলাবলৈ হলে চীনক ২২০টা বেলিষ্টিক মিছাইলৰ প্রয়োজন হ’ব৷ অর্থাৎ, ২২০টা বেলিষ্টিক মিছাইলেৰে প্রহাৰ কৰিব পাৰিলেহে আমাৰ দেশৰ এখন এয়াৰফিল্ড এদিনৰ বাবে বিমান উৰিবলৈ নোৱৰা কৰিব পৰা যাব৷ পিছে পূবৰ পৰা পশ্চিমলৈকে আমাৰ দেশত বুজনসংখ্যক এয়াৰফিল্ড সাজু হৈ আছে৷ সেয়ে দুই তিনিখন এয়াৰফিল্ড চীনে আক্রমণ কৰিলেও ভাৰতীয় বায়ুসেনা দুর্বল হৈ নপৰে৷ যদি ৰঙা চীনে মাত্র তিনিখন এয়াৰফিল্ড আক্রমণ কৰে তেন্তে এখনৰ বাবে ২২০টাকৈ দৈনিক ৬৬০টা মিছাইলৰ প্রয়োজন হ’ব৷ ফলত চীনৰ হাতত মজুত থকা ১০০০–১২০০টা বেলিষ্টিক মিছাইল দুদিনতকৈ কম সময়ৰ ভিতৰতে মাত্র ৩খন এয়াৰফিল্ড আক্রমণৰ বাবদ শেষ হৈ যাব৷ যাৰ বাবে ভাৰতৰ এয়াৰ ডিফেঞ্চ ব্যৱস্থা ধ্বংস কৰিবলৈ মিছাইলৰ টনাটনি হ’বগৈ চীনৰ৷
তেতিয়া ভাৰতে কি কৰিব
চীনৰ এই সম্ভাব্য মিছাইল আক্রমণ চম্ভালি লোৱাৰ বাবে ভাৰতে ইতিমধ্যেই নিজকে সাজু কৰি ৰাখিছে৷ ৰঙা চীনে মিছাইল আক্রমণেৰে এখন এয়াৰফিল্ড ধ্বংস কৰিলেও সেয়া মেৰামতিৰ বাবে আমাৰ সেনাক মাত্র ৪–৬ ঘণ্টাৰহে প্রয়োজন হ’ব৷ ‘ফাইবাৰগ্লাছ মেট’ৰ দ্বাৰা আমাৰ সেনাবাহিনীয়ে অতি কম সময়তে এয়াৰফিল্ড মেৰামতি কৰিবলৈ সক্ষম৷
এইখিনিতে হার্ভার্ডৰ প্রতিবেদনত নথকা কিছু তথ্য উল্লেখ কৰিব বিছাৰিছেছা৷ ‘হিন্দুস্তান টাইমছ’ক যোৱা জুলাই মাহত প্রাক্তন ভাৰতীয় বায়ুসেনাপ্রধান বি এছ ধানৱাই দিয়া এক সাক্ষাৎকাৰত উল্লেখ কৰিছে যে চীনে চাবুৱা, তেজপুৰ, লেহ আৰু আদমপুৰ এয়াৰবেছ বিকল কৰি পেলালেও আমাৰ দেশৰ যুঁজাৰু বিমানবোৰে বেৰেলী, ডিমাপুৰ, কানপুৰ, গোৰখপুৰকে ধৰি এডজনৰো অধিক এয়াৰফিল্ডৰ পৰা বাধাহীনভাৱে উৰি আক্রমণ চলাই থাকিব পাৰিব৷ অর্থাৎ, ধাৰাসাৰ মিছাইল আক্রমণেৰেও চীনে ভাৰতক দুর্বল কৰিব নোৱাৰিব৷ ইণ্টাৰেষ্টিং কথাটো হৈছে ‘গগন শক্তি’ নামৰ এক ব্যাপক যুদ্ধ অভ্যাস কৰি ভাৰতীয় বায়ুসেনাই ২০১৮ চনতে বহু ৰণকৌশল প্রস্তুত কৰি থৈছে৷
এতিয়া পুনৰ হার্ভার্ডৰ প্রতিবেদনখনৰ কথালৈ আহোঁ৷
কেনে হ’ব ভাৰতৰ প্রত্যাক্রমণ?
চীনক প্রতিহত কৰিব পৰাকৈ ভাৰত সামর্থ্যৱাননে?
নিশ্চয়৷
হার্ভার্ড কেনেডী স্কুলৰ প্রতিবেদনখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ভাৰতৰ ‘ডিফেঞ্চ পজিচন’ আমি ধাৰণা কৰাতকৈ বা বহু সময়ত ভবাতকৈও বেছি সুৰক্ষিত৷ অতি দক্ষতাৰে আৰু ভয়ংকৰভাৱে প্রত্যাক্রমণ কৰাৰ ৰণকৌশল প্রস্তুত কৰা আছে ভাৰতৰ৷ আৰু এই দিশত ভাৰতবর্ষ পার্গত৷ আমাৰ দেশত অতি সুপৰিকল্পিতভাৱে বায়ু, স্থল আৰু নৌসেনা বিভিন্ন স্থানত মোতায়েন কৰা আছে৷ প্রতিবেদনত উল্লেখ কৰা মতে প্রত্যাক্রমণ কৰাৰ বাবে ভাৰতৰ থকা এনে কৌশলৰ বাবে চীনক ৰণকৌশল প্রস্তুতিত সম্ভৱতঃ বিবুদ্ধিতো পেলায়৷ কিয়নো সেই ৰণকৌশল ভাৰতৰ প্রত্যাক্রমণ প্রতিৰোধী হয়নে নহয় সেই সন্দর্ভত চীন দ্বিধাগ্রস্ত হৈ থকাৰ সম্ভাৱনাই অধিক৷
চীনৰ মূল ভূ–ভাগত আক্রমণ চলাবলৈ ভাৰতৰ প্রায় ১০টা অগ্ণি–৩ মিছাইল উৎক্ষেপক Launcher) সাজু হৈ আছে৷ চীনৰ মধ্যভাগত আঘাত হানিব পৰাকৈ আছে অগ্ণি–২ মিছাইলৰ ৮টা উৎক্ষেপক৷ লক্ষণীয়ভাৱে আমাৰ ৰাজ্য অসমতে অগ্ণি–২ আৰু অগ্ণি–৩ মিছাইল ৰখা আছে৷ প্রতিবেদনখনত অসমৰ নগাঁৱত অগ্ণি–২ আৰু অগ্ণি–৩ মিছাইল ব্রিগেড থকাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ প্রয়োজনত পৰমাণু বোমা লৈ যাবলৈ ভাৰতৰ প্রায় ৫১খন ফাইটাৰ প্লেন অহর্নিশে সাজু থাকে৷ এনে বিমানকেইখন তিব্বতৰ ভিতৰভাগলৈ আক্রমণ কৰিবলৈ সামর্থৱান৷ প্রতিবেদনখনৰ শেষত কোৱা হৈছে ) ঢ total, India is in a stronger conventional position vis -‘a- vis China than much of the analysis on this topic concludes.

আন এটা কথা হৈছে হার্ভার্ড কেনেডী স্কুলৰ এই প্রতিবেদনখন প্রস্তুত কৰাৰ সময়ত ভাৰতীয় সেনাৰ হাতত ৰাফেল বিমান আহি পৰাই নাছিল৷ এতিয়া পাঁচখনকৈ ৰাফেল বায়ুসেনাত অন্তর্ভুক্ত হোৱাৰ পিছত আমাৰ দেশৰ বায়ুসক্ষমতা আৰু বৃদ্ধি পাইছে৷

You might also like