নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন সুন্দৰ বগা ছালৰ অধিকাৰী হ’ব বিচাৰে নেকি! সহজতে জানি লওক কেইটামান উপায়

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ এখন সুন্দৰ  বগা ছালৰ অধিকাৰী সকলোৱে হ’ব বিচাৰে। ধুনীয়া বস্তুৰ প্ৰতি আকৰ্ষণ সকলোৰে বেছি সেয়াই যিয়েই নহওঁক কিয়! প্ৰতিগৰাকী মহিলাই নিজকে সাজি-কাচি ধুনীয়াকৈ ৰাখি ভাল পায়। সেয়ে হয়তু বিউটি পাৰ্লাৰৰ ছাহিদা বৰ্তমান সময়ত বেছি। চাকৰিয়াল মহিলাৰ পৰা আৰম্ভ কৰি ঘৰত থকা মহিলাগৰাকীলৈ, ষোড়শী যুৱতীৰ পৰা কণমানিজনীলৈ সকলোৱে ভালকৈ থাকিব বিচাৰে। সৌন্দৰ্য নিজৰ মনৰ পৰা আৰম্ভ হয়। ক’লা -বগা বুলি একো পাৰ্থক্য নাথাকে তথাপি এখন সুন্দৰ ছালৰ গৰাকী হ’বলৈ সকলোৱে বিচাৰে। ব্যস্ত থকাৰ বাবে মহিলাসকলে বহু কম সময় পায় নিজক পৰিচৰ্যা কৰিবলৈ, কিন্তু বৰ্তমান সকলো নিজক লৈ সচেতন।

কেনেকৈ লাভ কৰি এখন সুন্দৰ উজ্জ্বল ছাল–

  1. আমি সঘনে ব্যৱহাৰ কৰা বিলাহী ছালৰ বাবে খুবেই উপকাৰী। দৈনিক বিলাহীৰ ৰসৰ লগত যদি কেঁচা গাখীৰ মিলাই দৈনিক মুখমণ্ডলত লগায় ই আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰিব।
  2. সহজলভ্য বেচনৰ লগত অলপ পৰিমাণৰ চেনী মিহলাই ঘূৰণীয়া আকাৰত কাটি লোৱা এটা বিলাহীৰে ছালত ঘড়ীৰ কাটাৰ দিশত ঘূৰাব লাগে ই ছালৰ মৃত কোষবোৰ আঁতৰ কৰাত সহায় কৰাৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।
  3. বিলাহীৰ ৰসৰ লগত দৈ, বেচন আৰু মৌ মিহলাই ছালখনত লগাব ই আপোনাৰ ছালখন নিমজ কৰাৰ লগতে উজ্জ্বলতা বৃদ্ধি কৰিব।
  4. এক চামুচ বেচন, নেমুৰ ৰস, ময়দা আৰু বিলাহীৰে এটা মিশ্ৰণ বনাই মুখত লগালে ছালৰ উজ্জ্বলতা বৃ্দ্ধি পায়। বেচন, হালধি, নেমু, আৰু মৌৰ মিশ্ৰণেও আপোনাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।
  5. দুচামুচ কফি, নেমুৰ ৰস, বেচন মিলাই ছালত লগালেও এখন সুন্দৰ ছালৰগৰাকী হ’ব পাৰিব। লগতে ফলমূল উদাহৰণ স্বৰূপে কল, আম, তিঁয়হ আদিও মাজে সময়ে ছালখনত লগালে ছালৰ সতেজতা বৃদ্ধি পায়।

উল্লেখযোগ্য যে ছালৰ উজ্জ্বলতা বৃদ্ধি পোৱাত পানী অপৰিহাৰ্য। দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খালেও শৰীৰ চাফা হয় আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি পায়।

 

 

You might also like