চিকিৎসালয়ত প্ৰথম দিনা মোক ৰখা ৱাৰ্ড টোত প্ৰায় ৭জন মান ব্যক্তি চিকিৎসাধীন হৈ আছিল । আৰু এতিয়া সেই ৱাৰ্ডটোত চিকিৎসাধীন হৈ আছে মুঠ ২২ জন ব্যক্তি । ৱাৰ্ডটোৰ অধিক সংখ্যক লোক জৰুৰীকালীন সেৱাৰ লগত জড়িত । ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ষাঠিৰুদ্ধৰ পৰা শিশুলৈকে ।
কিন্তু চিকিৎসালয়ত ২৪ ঘণ্টায়ে নিজৰ দায়িত্ব পালন কৰি থকা স্বাস্থ্যকৰ্মীসকলৰ কষ্ট, কৰ্মোদ্যম আৰু ব্যৱহাৰ দেখি সঁচাকৈয়ে আমি অভিভূত হৈছোঁ ।
খাদ্যৰ কথা যদি উল্লেখ কৰোঁ তেন্তে পুৱা ৮ মান বজাত একাপ চাহ, কল, কণী আৰু পুৰী চবজিৰ সৈতে আৰম্ভণি হয় দিনটো । দুপৰীয়া ১ পৰা ২ বজাৰ ভিতৰত দিনৰ আহাৰ আমাক যোগান ধৰে । সেই আহাৰত কেতিয়াবা যদি মাছ থাকে, কেতিয়াবা থাকে মাংস । আবেলি ৪ মান বজাত একাপ চাহৰ সৈতে বিস্কুট নহ’লে এটা আপেল দিয়ে। ইপিনে সন্ধিয়া আকৌ একাপ হৰ্লিকছ । ৰাতি ৯ পৰা ১০ মান বজাৰ ভিতৰত ৰাতিৰ আহাৰ প্ৰদান কৰে । যিসকলে নিৰামিষ খাব বিচাৰে তেওঁলোকৰ বাবে নিৰামিষ আহাৰ আৰু যিসকলৰ মধুমেহ বা অন্য কোনো বেমাৰ থাকে তেওঁলোকৰ সুবিধা অনুযায়ী আহাৰৰ ব্যৱস্থা কৰে হস্পিতাল কৰ্তৃপক্ষই ।