নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক গৌৰৱোজ্জ্বল যাত্রাঃ ভাৰতীয় ডাক

-অৰুণিমা দত্ত

সাধাৰণ মানুহৰ ‘ডাক’ বুলি শব্দটো শুনিলেই মনলৈ আহে চিঠিৰ কথা৷ এক আৱেগ জড়িত ধুনীয়া শব্দ চিঠি বা পত্র৷ লগতে চকুৰ আগত ভাহি উঠে ৰঙা ৰঙৰ ‘ডাক’ বুলি লিখা থকা সেই বিশেষ গাড়ীবোৰলৈ৷
‘লালকুৰা গাঁৱৰ সেউজ বননিত পখিলা হৈ নাচি ফুৰা হালধীয়া ছোৱালীজনী কুশলে আছানে তুমি’ আজিৰ দিনত আখোজা যেন লগা এসময়ত এয়াই আছিল মৰম, আৱেগ ঢ়ালি লিখা চিঠিৰ ভাষা৷
‘চিঠি’– এই যাদুকৰী মিঠা শব্দটোতেই সোমাই আছে ইয়াৰ গুৰুত্ব তথা আৱেগৰ তীব্রতা৷ নিজহাতে লিখা এখন চিঠিয়ে লিখোঁতাজন নিজে নোযোৱাকৈয়ে তেওঁৰ হূদয়খন কঢ়িয়াই লৈ যায় আৰু প্রিয়জনক দি থৈ আহে অন্তৰৰ নিভৃত মৰম, আৱেগ আৰু অনুভৱৰ এক সুখৰ নিজৰা৷ বাৰে বাৰে উৰাই–ঘূৰাই পঢ়ি থাকিলেও আমনি নালাগে তেনেবোৰ চিঠি৷
আমেৰিকাৰ বিখ্যাত লেখিকা তথা সংবাদকর্মীPhyllis Therouxৰ মতে–
To send a letter is a good way to go somewhere without moving anything but your heart.

আজিৰ দিনত যোগাযোগ ব্যৱস্থাত বিজ্ঞানৰ সুদূৰপ্রসাৰী প্রয়োগে সীমিত কৰি আনিছে ব্যক্তিগত চিঠিৰ আদান–প্রদান৷ আজিকালি ব্যক্তিগত চিঠিৰ ঠাই অধিকাৰ কৰিলে ই–মেইল আৰু বিভিন্ন মাধ্যমেৰে আদান–প্রদান হোৱা মেছেজবোৰে৷
হেম বৰুৱাৰ ‘এখন চিঠি’ বা ‘মমতাৰ চিঠি’ পঢ়ি শিহৰিত হোৱাৰ দিন বহুতৰ বাবে নাই যদিও হাতেৰে লিখা এখন চিঠিৰ মূল্য এই যান্ত্রিক মেছেজবোৰতকৈ বহুত ওপৰত৷ এখন চিঠি নিজস্ব গুণ–গোন্ধ, অনুভৱ তথা আৱেগৰ জোৱাৰ থকা এক অমূল্য সম্পদ৷

বর্তমান উপলব্ধ সুবিধাসমূহ

১৮শ শতিকাতেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ গৱর্নৰ জেনেৰেল ৱাৰেন হেষ্টিংছে ১৭৭৮ চনৰ মার্চ মাহত কলকাতাত প্রথম ৰাইজৰ বাবে ডাক সেৱা প্রৱর্তন কৰিছিল৷ প্রথম পোষ্টেল ষ্টাম্পটো ১ জুলাই ১৮৫২ চনত উলিওৱা হৈছিল৷
কেইবাশতিকা আগতেই প্রৱর্তন হোৱা ভাৰতীয় ডাক বিভাগে এতিয়াও কিন্তু তলত দিয়া নিৰিখত পোষ্ট কার্ড বা এনভেলপৰ দাম নির্ধাৰণ কৰি আহিছে৷
পোষ্ট কার্ড– পঁচিশ পইচা (.২৫)
ইনলেণ্ড লেটাৰ– দুটকা পঞ্চাশ পইচা (২.৫০)
এনভেলপ– পাঁচ টকা (৫.০০)
দূৰ–দূৰণিত থকা সাধাৰণ মানুহৰ যোগাযোগৰ একমাত্র মাধ্যম এসময়ত আছিল কেৱল চিঠি৷ চিঠিয়ে দুজন বা দুটা পক্ষৰ মাজত যোগাযোগ বর্তাই ৰাখি বন্ধু, প্রেমী বা আত্মীয়ক আৰু ঘনিষ্ঠ কৰি নিজক আত্মপ্রকাশৰ সুযোগ দিছিল৷
স্বাক্ষৰতা বর্তাই ৰখাতো এসময়ত চিঠিৰ অৰিহণা বহুত আছিল৷
লিজ কার্পেণ্টাৰৰ মতে–
What a lot we lost when we stopped writting letters. You cann’t reread a phone call.

ভাৰতীয় ডাকৰ কার্যক্রমণিকা কেৱল চিঠি পার্ছেল বিতৰণ বা ছেভিং কার্যতে আবদ্ধ হৈ থকা নাই৷ বর্তমান এই বিভাগৰ কর্মৰাজি সুদূৰপ্রসাৰী৷
নেচনেল ছেডিং চার্টিফিকেট NSC), কিষাণ বিকাশ পত্র KVP), টাইম ডিপ’জিট TD), ৰেকাৰিং ডিপ’জিট RD), এম আই এছ Monthly Income Scheme), পাব্লিক প্রভিডেণ্ট ফাণ্ড PPF), ই–মানী অর্ডাৰ emo) আদি সর্বপ্রচলিত বিনিয়োগ বা জমা কৰা মাধ্যম আদিত আন অনুষ্ঠানৰ তুলনাত পোষ্ট অফিচে দিয়া সুদৰ হাৰ অলপ হ’লেও বেছি৷
এইবোৰৰ উপৰি আধাৰ কার্ডৰ ক্ষেত্রত পোষ্ট অফিচে ৰাইজৰ আধাৰ কার্ড বনোৱা বিনামূলীয়াকৈ কৰি আহিছে৷ আধাৰৰ লগতে পাছপোর্ট বিতৰণৰ কামো পোষ্ট অফিচৰ যোগেদিয়েই হয়৷
এতিয়া আৰু এটা ৰাইজৰ উপকাৰত অহা ডাঙৰ কাম পোষ্ট অফিচে কৰিবলৈ লৈছে৷ সেইটো হ’ল বায়’মেট্রিক পদ্ধতিৰে যিকোনো বেংকৰ পৰা টকা পোষ্ট অফিচৰ যোগেদি উলিয়াব পৰা পদ্ধতি৷ এইক্ষেত্রত লাগিব কেৱল বেংকৰ লগত আধাৰৰ লিংক৷ সেইদৰে জীৱন প্রমাণ চেণ্টাৰবোৰৰ যোগেদি JPC) পেন্সন পোৱা জ্যেষ্ঠ নাগৰিকসকলে ডিজিটেল লাইফ চার্টিফিকেট উলিয়াব পাৰিব৷ আধাৰ লিংক থাকিলেই এই চার্টিফিকেট উলিয়াব পাৰি৷
বিদেশৰ পৰা অহা টকাWestern Union Money Trasfer-ৰ যোগেদি উলিয়াব পৰা পদ্ধতি আগতে অতি জনপ্রিয় আছিল৷ ডাকঘৰৰ কমন ছার্ভিচ চেণ্টাৰ Common Service Centre)বোৰৰ জৰিয়তে ম’বাইল ৰিচার্জ, ইন্সুৰেঞ্চৰ প্রিমিয়াম দিয়া, উৰাজাহাজৰ টিকট বুকিং, ইলেকট্রিচিটী বিল দিয়া আদি কাম কৰিব পৰাৰো ব্যৱস্থা আছে৷ সাধাৰণ নাগৰিকৰ জীৱন সুৰক্ষা দিয়াৰ ক্ষেত্রতো ডাক বিভাগ পিছপৰি থকা নাই৷ পোষ্টেল লাইফ ইন্সুৰেঞ্চ PLI) বা ৰুৰেল পোষ্টল লাইফ ইন্সুৰেঞ্চ RPLI)ও অতি জনপ্রিয় আৰু বিশ্বাসযোগ্য ব্যৱস্থা৷
PLI-ত ২০ হাজাৰৰ পৰা ৫০ লাখ টকালৈকে জীৱন বীমা কৰিব পাৰি৷ সেইদৰেRPLI-ত দহ হাজাৰৰ পৰা দহ লাখ টকালৈকে বীমা কৰিব পাৰি৷
এই সকলোবোৰৰ বাদেও গংগাজল বিতৰণৰ কামো ডাকঘৰসমূহে কৰি আহিছে৷
Post Mobile Application এনে এটি সুবিধা, য’ত চৰকাৰে পোষ্টমেনক ম’বাইল যোগান ধৰি বস্তু ডেলিভাৰী দিয়াৰ সঠিক সময় নিৰূপণ কৰিছে৷ ২০১৯ চনৰ জুন মাহৰ পৰা ভাৰতীয় ডাক আৰুCSC-SPV দুয়োটাৰ টাই–আপ হয়৷Selected Citizen Centric Service পোষ্ট অফিচৰ পৰা হয়৷
অসমৰ ৪৯৫টা পোষ্ট অফিচত এই সেৱা উপলব্ধ৷CSC কাউণ্টাৰে আগবঢ়োৱা সেৱাবোৰ হ’ল পান কার্ড, ড্রাইভিং লাইচেন্স, ইউটিলিটী বিল পেমেণ্ট, টিকট বুকিং তথা জন্মৰ প্রমাণ–পত্রওCSC–ৰ দ্বাৰা আবেদন কৰিব পাৰি৷

স্বৰাজোত্তৰ কালৰ ডাকঘৰৰ বিস্তাৰিত পৰিধি আৰু ইয়াৰ অক্লান্ত কর্মীসকল

১৯৪৭ চনত যেতিয়া ভাৰত স্বাধীন হৈছিল তেতিয়া ভাৰতত ডাকঘৰৰ সংখ্যা আছিল ২৩,৩৩৪টা আৰু বেছিভাগ পোষ্ট অফিচেই চহৰ অঞ্চলত আছিল৷ সময় বাগৰিল৷ পোষ্ট অফিচৰ আধুনীকিকৰণ হ’ল৷ বেংকৰ দৰে টকা–পইচাৰ লেনদেনৰ পৰিধিও বাঢ়ি গৈ থাকিল৷ ভাৰতীয় ডাক এক বিশাল পোষ্টেল নেটৱর্ক, যি প্রতিজন ভাৰতীয় নাগৰিকক সাঙুৰি লয়৷
আমাৰ দেশৰ মুঠ ২৩টা পোষ্টেল চার্কোলৰ প্রতিটোৰে মুৰব্বী মুখ্য পোষ্ট মাষ্টাৰ জেনেৰেল Chief Post Master General বাCPNG) ইয়াৰ বাদে এটা আর্মী পোষ্ট অফিচৰWing আছে, যাক বেছ চার্কোল বোলা হয়৷ চার্কোলবোৰ আকৌ ডিভিজনত ভাগ হয় (পোষ্টেল আৰু আৰ এম এছ ডিভিজন)৷ সেইদৰে হেড পোষ্ট অফিচ বা মুখ্য ডাকঘৰৰ তলত ছাব পোষ্ট অফিচ SO) আৰু ব্রাঞ্চ পোষ্ট অফিচ BO) থাকে৷
৩১–০৩–২০২০ তাৰিখৰ দাতা মতে–
ভাৰতৰ চহৰ অঞ্চলত থকা পোষ্ট অফিচৰ সংখ্যা– ১৫,৭০৩টা (১০.০২ শতাংশ)
গাঁও অঞ্চলত থকা পোষ্ট অফিচৰ সংখ্যা– ১,৪১,০১৮টা (৮৯.৯৮ শতাংশ)
ভাৰতবর্ষত মুঠ পোষ্ট অফিচৰ সংখ্যা– ১,৫৬,৭২১টা৷
সেইদৰে বিভাগীয় কর্মচাৰী– ১,৭০,৯৪২জন
গ্রামীণ ডাক সেৱক– ২,৪৫,১৪১জন
–––––
মুঠ– ৪,১৬,০৮৩জন
গড় হিচাপত এটা পোষ্ট অফিচে ৮,৬০৫জন লোকক ডাক সেৱা প্রদান কৰে আৰু এটা পোষ্ট অফিচে ২০.৯৮ স্কোৱেৰ কিঃমিঃ এলেকা সাঙুৰি লয়৷

চিঠি এক নষ্টালজিয়া

চন ১৯৮৬৷ তেতিয়া আমাৰ হাতত ম’বাইল নাছিল৷ সেই বছৰ আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছোঁ৷ সাংঘাতিক কষ্ট কৰি দিনে–ৰাতিয়ে পঢ়ি পঢ়ি পৰীক্ষা দি উঠিছোঁ৷ দুদিনমান ভালদৰে জিৰণি লোৱাৰ কথা৷ তেতিয়া বিস্ময় আলোচনীখনৰ জনপ্রিয়তা সকলোৰে তুংগত৷ বিস্ময়ত এটা সকলোৰে প্রিয় শিতান আছিল পত্রবন্ধু৷ বিস্ময়ৰ ঠিকনাত পত্রবন্ধু শিতানলৈ নাম, ঠিকনা আৰু হবী লিখি পঠিয়াই দিলে সেইবোৰ প্রকাশ হয়, উদ্দেশ্য পত্রবন্ধু গতোৱা৷ ময়ো পঠিয়াই দিলোঁ নাম, ঠিকনা আৰু হবী লিখি৷ আচৰিত কথা, পত্রবন্ধু শিতানত মোৰ নাম, ঠিকনা প্রকাশ পোৱাৰ কিছুদিন পিছৰ পৰা মোলৈ দৈনিক চল্লিশ–পঞ্চাশখন চিঠি আহিবলৈ ধৰিলে৷ শেষত কেইবাশ চিঠি গোট খালে৷ ডাকোৱাল দাদাজনে কৈছিল– ভণ্টি, জীৱনত বহুত চিঠি বিলালোঁ, কিন্তু তোমাৰ নামত অহাৰ দৰে এজনৰ নামত ইমান চিঠি আজিলৈকে দি পোৱা নাছিলোঁ৷ দাদাজনে বহু দিনলৈ প্রতিদিনে এটাকৈ ডাঙৰ চিঠিৰ বাণ্ডিল মোৰ হাতত দি থৈ গৈছিল৷ সেয়া ৰে’লনগৰী মালিগাঁৱৰ কোৱার্টাৰত থকা দিনৰ কথা৷
এখন চিঠিত লিখা উৎসাহপূর্ণ বাক্য বা আৱেগৰ মিঠা আশ্বাসে কেতিয়াবা আমাৰ জীৱনৰ গতিপথ চিৰদিনৰ বাবে সলনি কৰি দিব পাৰে৷ মা–দেউতা বা গুৰুজনৰ পৰা লিখিত ৰূপত পোৱা প্রেৰণাই আমাৰ জীৱন গতিশীল কৰি তুলি মন আৰু মগজুত সৃষ্টি কৰে অফুৰন্ত উদ্দীপনা, দুর্বাৰ সাহস আৰু প্রচণ্ড ইতিবাচক দৃষ্টিভংগী৷ যিবোৰে জীৱনত আগুৱাই গৈ লক্ষ্য প্রাপ্তি সহজ কৰি তোলে৷
ভাৰতীয় ডাক সেৱা সঁচাকৈয়ে এক সার্থক সেৱা, যাৰ প্রধান উদ্দেশ্য হ’ল সততাৰে মানুহৰ আস্থা আৰু বিশ্বাস জয় কৰা, ৰাইজৰ সেৱা কৰা৷ এনে এটি কেন্দ্রীয় চৰকাৰী ব্যৱস্থা, যি নিজে লোকচান ভৰিও দেশৰ জনগণক কম খৰচত উন্নত সেৱা আগবঢ়োৱাত পিছ হুঁহকি অহা নাই আৰু কেতিয়াও নাহে৷ ভাৰতীয় ডাকৰ জয়যাত্রা অব্যাহত থাকক৷ ভাৰতীয় ডাক বিভাগৰ দৰে বৃহৎ পৰিয়ালৰ এজন অক্লান্ত কর্মী বুলি আমিও গৌৰৱবোধ কৰোঁ৷

ক’ভিড কালত ডাকঘৰৰ অক্লান্ত কর্মীসকলৰ মানৱ সেৱা

নোটবন্দী সময়ৰ দৰে ক’ভিড কালৰ বিপদসংকুল সময়ত ডাককর্মীসকলে নিজৰ জীৱন বিপন্ন কৰি ৰাইজৰ বাবে চৌব্বিশ ঘণ্টাই নিজৰ সেৱা আগবঢ়াই আহিছে৷ দেশৰ আপদকালীন সময়ত ডাকোৱালে কেৱল চিঠি, পার্ছেল বিলোৱাই নহয়, প্রাণৰক্ষাকাৰী ঔষধো অতি ক্ষিপ্রতাৰে অতি দুর্গম অঞ্চলতো বিতৰণ কৰে৷ লগতে বিভিন্ন কোম্পানীয়ে যোগান ধৰা পি পি ই কিট, ফেচ মাস্ক, ফেচ শ্বিল্ড, ক’ভিড–১৯ টেষ্টিং কিট আদি সকলো কার্গো বিমানসেৱাৰ জৰিয়তে গোটেই ভাৰততে উপলব্ধ কৰি ডাক বিভাগে গন্তব্যস্থানত বিতৰণ কৰে৷
২৪/৩/২০২০ তাৰিখে ভাৰতীয় ডাকক জৰুৰী সেৱা essential/emergency service) ঘোষণা কৰাৰ লগে লগে দেশৰ চাৰি লাখতকৈ বেছি ডাক সেৱাত নিয়োজিত কর্মী সক্রিয় হৈ উঠে দেশৰ আপদকালীন সময়ত নিজৰ সেৱা আগবঢ়োৱাৰ সুযোগ ল’বলৈ৷
কার্গো বিমান, পার্ছেল ড্রেইন আৰু ৰঙা মেইল ভানবোৰ নিয়োজিত হয় ঔষধৰ পৰা জৰুৰী বস্তু যোগান ধৰাত৷ ক’ভিডৰ সময়ত পোষ্ট ইনফ’ Post Info) নামৰ এটা ম’বাইল এপৰ জৰিয়তে ৰাইজৰ অনুৰোধ পোষ্ট অফিচ ছেভিং বেংকে POSB) গ্রহণ কৰি গ্রাহকৰ টকা ঘৰত দি থৈ আহে৷ ২৪/৩/২০ তাৰিখৰ পৰা ৩১/১২/২০লৈ এনে ৫৫,০০০টা অনুৰোধ গ্রহণ কৰি বহু কোটি টকাৰ আদান–প্রদান কৰা হয়৷
জ্যেষ্ঠ নাগৰিকক ঘৰতে পেন্সন প্রদানৰ ব্যৱস্থাও কৰা হয়৷India Coronavirus : world largest postal services turnes lifesaver নামৰ এটা বিশেষ প্রবন্ধ ইতিমধ্যে বিবিচি নিউজত প্রকাশ পাইছে৷ ই আমাৰ সকলোৰে বাবে গৌৰৱৰ কাৰণ৷

গুৱাহাটীৰ মেঘদূত ভৱন

বৰলুইতৰ পাৰত গুৱাহাটী মহানগৰৰ ঠিক মাজ বুকুতে অৱস্থিত মেঘদূত ভৱন ওৰফে গুৱাহাটী জি পি অ’৷ ভাৰতীয় ডাকৰ গৌৰৱোজ্জ্বল ইতিহাসৰ ধ্বজাবাহক এই ‘মেঘদূত ভৱন’, য’ত দৈনিক লাখ লাখ চিঠি–পত্র, পার্ছেল আৰু টকা–পইচাৰ লেনদেন হয়৷ মেঘদূত ভৱনতেই বুকিং হোৱা নানান বস্তু দেশ–বিদেশৰ নানা ঠাইলৈ গতি কৰে আৰু নানা ঠাইৰ পৰা অহা বস্তু ইয়াৰ পৰাই অতি ক্ষিপ্রতাৰে বিতৰণ হয়৷ ৰাইজৰ আশা আৰু আস্থাৰ বাহক এই মেঘদূত ভৱনতে দৈনিক বহু লাখ টকাৰ আদান–প্রদান হয়৷ ডাক বিভাগৰ কামসমূহ কিদৰে পৰিচালনা কৰা হয় সেয়া তলত বর্ণনা কৰা হ’ল৷ যোৱা ২৫ বছৰে ভাৰতীয় ডাক বিভাগত কর্মৰত হিচাপে এখন চিঠিৰ যাত্রাপথৰ বর্ণিল বিৱৰণেৰেই এই নিবন্ধটো আৰম্ভ কৰোঁ৷

You might also like