নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৌৰ–বিদ্যুৎ শক্তিখণ্ডত আশাৰ ৰেঙনি

(১)
শক্তিখণ্ডক বাদ দি মানৱ সভ্যতাৰ উন্নয়নৰ আলেখ প্রস্তুত কৰা কঠিন৷ গৃহ, কৃষি, যাতায়াত আৰু ঔদ্যোগিক ক্ষেত্রত ব্যয় কৰা শক্তিৰ ভিত্তিত এখন ৰাষ্ট্রৰ উন্নতিৰ মান নিৰূপণ কৰা হয়৷ বিশ্বৰ ৫ শতাংশ জনবসতিপূর্ণ আমেৰিকা যুক্তৰাষ্ট্রই সমগ্র পৃথিৱীত উৎপাদিত শক্তিৰ ২% ব্যৱহাৰেৰে শক্তি ব্যৱহাৰৰ ক্ষেত্রত শীর্ষত আছে৷ ইয়াৰ বিপৰীতে বিশ্বৰ ১% জনবসতিপূর্ণ আমাৰ দেশ ভাৰতবর্ষই বছৰি মাত্র ৩ শতাংশ শক্তি ব্যয় কৰে৷ ৰাষ্ট্রৰ উন্নতিৰ অন্যতম মাপকাঠী বুলিব পৰা এই শক্তি কি কি উৎসৰ পৰা আহৰণ কৰা হয়? জীৱাশ্মৰ পৰা প্রাপ্ত ইন্ধন, পাৰমাণৱিক উৎসৰ পৰা প্রাপ্ত ইন্ধন আৰু জলশক্তি হৈছে আমাৰ প্রয়োজনীয় শক্তিৰ মূল উৎস বা আধাৰ৷ এনে উৎসৰ পৰা শক্তি আহৰণ কৰিবলৈকো বৰ সুবিধাজনক৷ আহৰণৰ মূল্যও কম৷ প্রাকৃতিক গেছৰ পৰা ১.৯০ টকা, কয়লাৰ পৰা ১.৬৫ টকা, ডিজেলৰ পৰা ৩ টকা, জলশক্তিৰ পৰা ১ টকা আৰু পাৰমাণৱিক ইন্ধনৰ পৰা ১.২০ টকা মূল্যত প্রতি ঘণ্টাত এক কিলোৱাট শক্তি উৎপাদন কৰিব পাৰি৷ কিন্তু পৰিৱেশ তন্ত্রৰ ফালেৰে এনে উৎসৰ পৰা শক্তি উৎপাদন আৰু ব্যৱহাৰ অনুকূল নহয়৷ উদাহৰণস্বৰূপে জীৱাশ্মৰ পৰা আহৰণ কৰা ইন্ধনৰ ব্যৱহাৰে কার্বন–ডাই–ক্সাইড, কার্বন মন’ক্সাইড, নাইড্রজেন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড আদি বিষাক্ত গেছ নির্গত কৰি বায়ু প্রদূষণত অৰিহণা যোগায়৷ কার্বন–ডাই–ক্সাইড গেছ বর্তমান গোলকীয় উষ্ণতা বৃদ্ধিৰ অন্যতম কাৰক৷ উদ্যোগ–যাতায়াত–তাপ্ বিদ্যুৎ প্রকল্প আদিত হোৱা কয়লাৰ দাহনেও প্রচুৰ পৰিমাণে কার্বন–ডাই–ক্সাইড গেছ উৎপন্ন কৰি বায়ু প্রদূষণ কৰে৷ আণৱিক শক্তি আহৰণ কৰিবলৈ স্থাপন কৰা প্রকল্পবোৰৰ পৰা নির্গত বর্জিত দ্রব্যই জীৱকুলৰ অস্তিত্বৰ প্রতি ভাবুকিৰ সৃষ্টি কৰি আহিছে৷ এনে প্রকল্পবোৰৰ দুর্ঘটনা হোৱাৰো ভয় থাকে বা তেনে দুর্ঘটনা সংঘটিত হোৱাৰ উদাহৰণো আছে৷ বৃহৎ জলবিদ্যুৎ প্রকল্পবোৰে সৃষ্টি কৰা বানপানী সমস্যা, বনানীকৰণৰ ক্ষতিসাধন, নদীবান্ধ দিয়াৰ ফলত হোৱা পৰিৱেশ তন্ত্রৰ অন্য অসমতা আদি আমি প্রত্যক্ষ কৰি আহিছোঁ৷ পৰিৱেশ তন্ত্রৰ প্রতি ভাবুকি হ’ব পাৰে বুলি আশংকা কৰিয়েই বিভিন্নজনে সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ বিৰোধিতা কৰি আহিছে৷ আকৌ পৰিৱেশ প্রতিকূলতাৰ কথা বাদ দিব খুজিলেও উৎপাদনৰ ফালেৰেও এনে উৎসসমূহে আমাৰ শক্তিৰ চাহিদা পূৰাব পৰা নাই৷ এই উৎসসমূহ শক্তি উৎপাদনৰ অক্ষয় ভাণ্ডাৰ নহয়৷ ভূ–গর্ভত তেলৰ পৰিমাণ ক্রমে টুটি আহিছে৷ ১৯৭৩ চনত বিশ্বজুৰি সৃষ্টি হোৱা তেলৰ নাটনিৰ কথাই ক’ব পাৰি৷ এই বর্ষটোত পূর্বৰ দহবছৰৰ তুলনাত তেলৰ মূল্য ১৯ গুণ বৃদ্ধি পাইছিল৷ গতিকে চাহিদা পূৰণৰ বাবে মানুহে বিকল্প শক্তি উৎসৰ সন্ধানত ব্রতী হৈছিল৷ সম্প্রতি পৰিৱেশ তন্ত্রৰ সুষমতা ৰক্ষাৰ বাবেও আমাক প্রদূষণমুক্ত শক্তিৰ বা কম প্রদূষণ সৃষ্টি কৰা ইন্ধনৰ প্রয়োজন আছে৷ নিশ্চিতভাৱেই আমি বিকল্প হিচাপে সৌৰশক্তিৰ কথা ভাবিব পাৰোঁ৷ বিশ্বৰ বিভিন্ন দেশে সৌৰশক্তিৰ পৰা তাপশক্তি আৰু বিদ্যুৎ শক্তি উৎপাদন কৰি বিভিন্ন খণ্ডত তাৰ ব্যৱহাৰো কৰিছে৷
(২)
সৌৰজগতৰ বৃহত্তম সদস্য সূর্য পৃথিৱীৰ সকলো শক্তিৰ মূল উৎস৷ পৃথিৱীৰ পৰা ১.৪৯৫X ১০১১ মিটাৰ দূৰত থকা সূর্যৰ পৰা পোহৰ আৰু তাপশক্তি আহৰণ কৰি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি, যাক আমি সৌৰ বিদ্যুৎ শক্তি বুলিব পাৰোঁ৷ সূর্যৰ অভ্যন্তৰত চাৰিটা হাইড্র’জেন পৰমাণু সংযোজিত হৈ এটা হিলিয়াম পৰমাণু গঠন হয় আৰু তেনে কোটি কোটি সংযোজন বিক্রিয়াত নির্গত হোৱা অতিৰিক্ত শক্তিৰ পৰা আমি সূর্যৰ তাপ আৰু পোহৰ পাওঁ৷ এই সৌৰশক্তিক দুই ধৰণে ব্যৱহাৰ কৰিব পাৰি৷ তাপশক্তি আৰু বিদ্যুৎ শক্তিৰূপে৷ সূর্যৰ পৰা পোনপটীয়াকৈ পোৱা তাপশক্তিক সৌৰশক্তি সংগ্রাহক(Solar Collector)ৰ সহায়ত সংগ্রহ কৰি বিভিন্ন কাম যেনে– পানী গৰম কৰা, কোঠাৰ ভিতৰভাগৰ বায়ু উত্তপ্ত কৰা, কেঁচা সামগ্রী শুকুওৱা আদিত ব্যৱহাৰ কৰিব পাৰি৷ আকৌ সেই তাপশক্তিকে পৰোক্ষভাৱে যান্ত্রিক শক্তি আৰু বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰি আৱশ্যকীয় কামত খটুৱাব পাৰি৷ এই শক্তি প্রদূষণমুক্ত শক্তি(Non Polluting Energy) অর্থাৎ পৰিৱেশ অনুকূল(Eco-Friendly)৷ তাতোকৈ ডাঙৰ কথা সূর্যৰ পোহৰ পৃথিৱীৰ সকলো ঠাইতে বিকিৰিত হয়৷ ইয়াৰ প্রাপ্তি ধর্ম–জাতি–শ্রেণী–লিং ইত্যাদি সীমাবদ্ধতাৰ ঊর্ধ্বত৷ গতিকে বিকিৰিত তাপ আৰু পোহৰক সংগৃহীত কৰি প্রয়োজনীয় আন্তঃগাঁথনিৰ সহায়ত যিকোনো ঠাইত বিদ্যুৎ আৰু তাপশক্তি উৎপাদন কৰি পাৰি৷ আকৌ জলবিদ্যুৎ বা তাপ বিদ্যুৎ প্রকল্পযোগে উৎপাদিত বিদ্যুৎ শক্তিৰে জনসাধাৰণক উপকৃত কৰাব খুজিলে বিদ্যুৎ পৰিবাহী তাঁৰৰ এক অব্যাহত দীঘলীয়া সংযোগৰ আৱশ্যক হয় আৰু তেনে সংযোগত ভৌগোলিক পৰিৱেশ এক অন্তৰায় ৰূপে থিয় দিয়ে৷ এই অসুবিধা সৌৰ বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত নাই৷ সৌৰশক্তিৰ গুৰুত্ব সম্পর্কে আন দুটামান কথাৰ পৰাও অৱগত হ’ব পাৰোঁ৷ পৃথিৱীৰ উপৰিভাগত পৰা % সৌৰশক্তিয়ে বায়ুমণ্ডলৰ বিভিন্ন ঠাইত তাপ, চাপ আৰু ঘনত্বৰ সৃষ্টি কৰি বতাহ শক্তি(Wind Energy)ৰ সৃষ্টি কৰে৷ জৈৱিক শক্তি(Biomass Energy)ও সৌৰশক্তিৰ পৰা সৃষ্ট পৰোক্ষ শক্তি৷ সৌৰ বিকিৰণৰ প্রভাৱতে পৃথিৱীৰ উপৰিভাগৰ উদ্ভিদ, জীৱ, বেক্টেৰিয়া আদিৰ ধবংসপ্রাপ্ত অংশৰ পচন ঘটি সুদীর্ঘ কালৰ অন্তত সৃষ্ট ভূগর্ভজাত ইন্ধনৰ পৰা এই শক্তি পাওঁ৷ সূর্যৰ তাপৰ বাবে সমুদ্রপৃষ্ঠৰ জলভাগত সৃষ্ট ঢ়ৌ আৰু জোৱাৰ–ভাটাৰ পৰা বৈদ্যুতিক শক্তি উৎপাদন কৰিব পাৰি৷ সাগৰৰ জলপৃষ্ঠই আহৰণ কৰা তাপৰ ব্যৱধান(Temperature Difference) ক ভিত্তি কৰি স্থাপন কৰা ‘সাগৰীয় তাপশক্তি পৰিৱর্তনকাৰী প্রকল্প’( Ocean Thermal Energy Conversion Plant, OTEC) প্রকল্পযোগে উৎপাদিত বিদ্যুৎ শক্তিও সৌৰশক্তিৰে আওপকীয়া ফচল৷
(৩)
কোনো ভূখণ্ডত একক মুহূর্তত এককবর্গক্ষেত্রত পৰা সূর্য ৰশ্মিৰ পৰিমাণেই হৈছে সেই ঠাইৰ সৌৰ বিকিৰণ৷ ইয়াক ‘ৱাট/বর্গমিটাৰ’ এককত জোখা হয়৷ কোনো ঠাইৰ সৌৰ বিকিৰণৰ পৰিমাণ ঠাইডোখৰৰ বায়ুমণ্ডলৰ স্বচ্ছতা, দিনৰ দৈর্ঘ, ঠাইডোখৰৰ দ্রাঘিমাংশ আদিৰ ওপৰত নির্ভৰ কৰে আৰু সৌৰ বিকিৰণৰ ওপৰত নির্ভৰ কৰিয়েই সেই ঠাইডোখৰৰ বাবে প্রয়োজন সাপেক্ষে সৌৰ বিদ্যুতৰ পৰিমাণ গণনা কৰি সৌৰশক্তি আহৰণৰ বাবে প্রয়োজনীয় যন্ত্রাংশৰ ব্যৱস্থা কৰা হয়৷ সৌৰ ৰশ্মিৰ পৰা বিদ্যুৎ শক্তি পাবলৈ হ’লে ‘সৌৰকোষ’(Solar Cell) বোলা পোহৰ সংবেদনশীল সংমিশ্রিত ৰাসায়নিক ধাতৱ কোষৰ প্রয়োজন৷ এনে কোষৰ দ্বাৰা গঠিত সৌৰPhotovoltaic ব্যৱস্থাৰে সৌৰ ৰশ্মিৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা হয়৷ ১৯৫৪ চনত উদ্ভাৱন হোৱা এই ক্ষুদ্র সৌৰকোষবোৰেই হৈছে সৌৰ বিদ্যুৎ উৎপাদনৰ মূল আহিলা৷ সূর্যৰ পোহৰৰ উপস্থিতিত কোষত থকা কিছুমান বিশেষ পৰিবাহী যৌগৰ মাজত ৰাসায়নিক বিক্রিয়া ঘটি বিদ্যুৎ উৎপাদিত হয়৷ অৱশ্যে ঠাই এডোখৰত উৎপাদিত সৌৰ বিদ্যুতৰ পৰিমাণ সেই বিশেষ ঠাইডোখৰৰ সৌৰ বিকিৰণৰ প্রাবল্যৰ ওপৰত নির্ভৰ কৰে৷ পিছে এটা ক্ষুদ্র সৌৰকোষৰ দ্বাৰা এককভাৱে বিদ্যুৎ উৎপাদন কৰিব নোৱাৰি৷ সৌৰকোষসমূহ সংযোজিত কৰি আন কিছুমান ডাঙৰ পৃষ্ঠ, যেনে– সৌৰ ম’ডিউল(Solar module), সৌৰ পেনেল(Solar Panel) আৰু সৌৰ বিন্যাস(Solar Array) নির্মাণ কৰি ল’বলগীয়া হয়৷ এক কার্যক্ষম বিদ্যুৎ বিভৱ সৌৰশক্তি পাবলৈ হ’লে কেইবাটাও সৌৰকোষ একেলগ কৰি এক বিশেষ ধৰণৰ ডাঠ ধাতৱ ক্ষেত্রত বাহ্যিকভাৱে ব্যৱহাৰ কৰিব পৰাকৈ সংস্থাপন কৰা হয়৷ ইয়ে হৈছেSolar PV Module৷ সাধাৰণতে ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰা এখনSolar PV Moduleত ৩২ বা ৩৬খন একক সৌৰকোষ সৰল ৰৈখিক/সমান্তৰালভাৱে সংস্থাপন কৰা হয়৷ পুনৰ এনে কেইবাটাওSolar PV Module সৰল ৰৈখিকভাৱে বা সমান্তৰালভাৱে সংলগ্ণ কৰিSolar PV Panel গঠন কৰা হয়৷ এনেSolar PV Panel একেলগে কেইবাটাও ইটো–সিটো সংযোগ কৰিSolar PV Array গঠন কৰি এক বিশেষ ঠাইত বিশেষভাৱে সূর্যৰ ফালে মুখ কৰি সমান্তৰাল ঠাই বা অট্টালিকাৰ ওপৰত স্থাপন কৰা হয়৷ প্রয়োজন সাপেক্ষে সর্বাধিক সৌৰশক্তি আহৰণৰ বাবে ইয়াক আধুনিক প্রযুক্তি ব্যৱহাৰ কৰি অনুসৰণ ব্যৱস্থা(Tracking System)ৰ সহায়ত সংস্থাপন কৰিব পৰা যায়৷ মন কৰিবলগীয়া যে উদ্ভাৱনৰ প্রাৰম্ভিক অৱস্থাত এনে ক্ষুদ্র বিদ্যুৎ কোষৰদ্বাৰা গঠিতSolar PV Panelবোৰৰ মূল্য যথেষ্ট বেছি আছিল যদিও প্রযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে মূল্য নিম্নমুখী হৈ আহিছে, যাৰ বাবে সর্বসাধাৰণ ৰাইজেও নিজৰ ঘৰৰ প্রয়োজনীয় বিদ্যুৎ নিজে ঘৰতে সৌৰশক্তিৰ পৰা উৎপাদন কৰি ল’ব পাৰে৷ একেদৰে পোনতে সৌৰকোষবোৰৰ প্রদর্শনো হতাশাজনক আছিল৷ কিন্তু এতিয়া দৈনিক সাধাৰণ সূর্যৰ পোহৰৰ পৰা প্রতি বর্গক্ষেত্র জোখৰ সৌৰ পেনেলৰ সহায়ত ১ৰ পৰা ২ কিলোৱাট বিদ্যুৎ শক্তি আহৰণ কৰিব পৰা হৈছে৷ উল্লেখ্য যে ব্যক্তিগতভাৱে আমি কিদৰেSolar PV Module যোগে ঘৰতে বিদ্যুৎ উৎপাদন কৰিব পাৰোঁ বা আমাৰ প্রয়োজনীয় বিদ্যুৎ উৎপাদনৰ বাবে কিমানখনSolar PV Moduleৰ প্রয়োজন হ’ব, সেয়া আমি সাধাৰণ গণিতৰ সহায়ত নিজেই জোখ–মাপ কৰি উলিয়াব পাৰোঁ৷ সি বহুত জটিল অংক নহয়৷ মাথোঁ ৰাতিৰ ভাগত সূর্যৰ ৰশ্মি নাথাকে বাবে ৰাতি ব্যৱহাৰ কৰিবলগীয়া বিদ্যুৎ শক্তিৰ সংৰক্ষণৰ বাবে অতিৰিক্তভাৱে ইন্ধন কোষ (বেটেৰী) ব্যৱহাৰ কৰিবলগীয়া হয়৷ উল্লেখ্য যে সৌৰকোষ ব্যৱহাৰ কৰি সৌৰ বিদ্যুৎ উৎপাদন কৰিবলৈ প্রয়োজনীয় আন্তঃগাঁথনিৰ ব্যৱস্থা কৰি লোৱাৰ পিছত তাৰ যৎসামান্য তদাৰকবা চোৱা–চিতাৰহে প্রয়োজন আৰু উক্ত ব্যৱস্থাই পৰিৱেশৰ ওপৰত কোনো বিৰূপ প্রভাৱ নেপেলায়৷ পৰিৱেশ অনুকূল হোৱা বাবে সম্প্রতি সৌৰ বিদ্যুৎ উৎপাদন কৰি বিদ্যুতৰ প্রয়োজনীয় চাহিদা পূৰণ কৰাত ৰাষ্ট্র ব্যৱস্থাই জোৰ দিছে আৰু সাধাৰণ ৰাইজকো ব্যক্তিগত পর্যায়ত সৌৰ বিদ্যুৎ উৎপাদন কৰাৰ ক্ষেত্রত আগ্রহী কৰিবলৈ বিভিন্ন উৎসাহী আঁচনি গ্রহণ কৰিছে৷

You might also like