নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ সভাপতি, প্রাক্তন সাংসদ ড০ নগেন শইকীয়াৰ সৈতে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণঃ বিভাস দুৱৰা

অতি সম্প্রতি অসমত জাতীয়তাবাদী চিন্তাধাৰাৰে আছু আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ লগতে কৃষক মুক্তি সংগ্রাম সমিতিৰ স’তে ৭০টাকৈ জাতীয় সংগঠনে দুটা নতুন ৰাজনৈতিক দল গঠন কৰিলে৷ এই নতুন দল গঠনে অসমৰ আর্থ–সামাজিক বা ৰাজনৈতিক দিশত কেনে প্রভাৱ পেলাব বুলি আশা কৰে?
– মোৰ স্পষ্ট কথা যে নির্বাচনী যুদ্ধক্ষেত্রত বহু দল বিভক্ত হৈ নতুন আঞ্চলিক দলে প্রতিপক্ষৰ সৈতে যুদ্ধ কৰি জয়লাভ কৰা কঠিন হ’ব৷ গতিকে ঐক্যবদ্ধ হ’ব লাগিব৷ সদৌ অসম ছাত্র সন্থাৰ উদ্যোগত যিটো দল গঠন কৰা হৈছে, তাৰ বাবে ইতিমধ্যে সকলো জিলাতে আহ্বায়ক সমিতি গঠন কৰা হৈছে, সংবিধান প্রস্তুত কৰি পঞ্জীয়নৰ বাবেও ব্যৱস্থা গ্রহণ কৰিছে৷ আনহাতে কৃষক মুক্তি আৰু সংযুক্ত আঞ্চলিক দল একলগ হৈছে, লগত ৭০টা সংগঠন আছে বুলি কৈছে৷ ৭০টা সংগঠন শব্দটো অকণমান বহল হৈছে৷ মই নাজানো কোন কোন সংগঠন আছে, তেওঁলোকে কিছুদিন ৰৈ সাংবিধানিক উপায়েৰে সংবিধান গ্রহণ কৰি একেলগে যাব পাৰিলে হয়৷বহুধাবিভক্ত হোৱাটো শুভ লক্ষণ নহয়৷ এতিয়া এটা উপায় আছে৷ যদি সঁচাকৈয়ে ৰাজ্যৰ সমস্যাৰাজি সমাধানৰ বাবে নতুন দল আগবাঢ়িছে তেন্তে আঞ্চলিক শক্তিসমূহ ঐক্যবদ্ধ হ’বই লাগিব৷ অসমৰ অধিকাংশই ইয়াকে বিচাৰিছে৷ কিন্তু প্রতিপক্ষ ইমানেই শক্তিশালী যে তেওঁলোকে সেই অধিকাংশকো নস্যাৎ কৰি দিব পৰাৰ ক্ষমতা আছে৷ গতিকে সাৱধানে, চাই–চিতি আগনাবাঢ়িলে, এই অধিকাংশৰ যি সমর্থন, সেই সমর্থনে ৰাজনৈতিক পৰিৱর্তন অনা সম্ভৱ নহ’ব৷ মই সেইবাবেই কৈছেছা যে নিজৰ নিজৰ পৰিচয় ৰক্ষা কৰি নির্বাচনৰ সময়ত সমষ্টিৰ ভাগ–বাটোৱাৰাত তেওঁলোক ঐক্যমতত উপনীত হ’লে সুফল আশা কৰিব পাৰি৷

এনে এক ক্ষণত একাধিক আঞ্চলিক দল গঠন কৰাটো সাময়িক ৰাজনৈতিক প্রেক্ষাপটত কিমান গ্রহণযোগ্য বুলি আপুনি ভাবে?
– মই ওপৰৰ প্রশ্ণৰ উত্তৰত এই কথা কৈছোঁৱেই৷ আঞ্চলিক দল–সংগঠনসমূহ বহুধাবিভক্ত হ’লে শক্তি কমি যাব, যদিহে মতৈক্য নঘটে৷ তেতিয়া নিজকে দুর্বল কৰা হ’ব৷ এতিয়াও তেওঁলোকে ভবাৰ অৱকাশ আছে৷ অসম জাতীয় পৰিষদ নিয়মতান্ত্রিকভাৱে গঠন হৈছে৷ এটা দলকে শক্তিশালী কৰিব লাগিছিল৷ যাৰ ফলত শক্তিশালী বিৰোধীৰ বিপক্ষে থিয় দিব পাৰে৷কেৱল নিজৰ আৱেগৰ বশৱর্তী হৈ কাম কৰিলে, বহু সময়ত ফল ভাল নহয়৷ তেওঁলোকৰ আৱেগ, অনুভৱৰ ৰূপ, মই অস্বীকাৰ নকৰোঁ৷ কিন্তু নির্বাচনী যুদ্ধ এখন আৱেগ–নুভূতিৰ ওপৰত নির্ভৰ নকৰে৷নির্বাচনী কৌশল, নীতি আৰু নিজৰ এটা ৰাজনৈতিক–র্থনৈতি দৃষ্টিভংগীৰ ওপৰত নির্ভৰ কৰে৷Politics is the Concentrated of Economics৷অর্থনৈতিক দৃষ্টিভংগী নহ’লে ৰাজনীতিত থিয় হ’ব নোৱাৰে৷ বিজেপিয়ে দেশত যি ৰাজনীতি কৰিছে, সেয়া পুঁজিবাদী ৰাজনৈতিক–র্থনৈতি দৃষ্টিভংগীৰ ওপৰত প্রতিষ্ঠিত৷ আমি পুঁজিবাদী ৰাজনৈতিক দৃষ্টিভংগী গ্রহণ নকৰোঁ বাবেই আমি এই ৰাজনৈতিক ৰূপ গ্রহণ কৰিব খোজা নাই৷

অসমৰ বৃহৎ আঞ্চলিক দল অসম গণ পৰিষদৰ ভৱিষ্যৎ সম্পর্কত আপোনাৰ দৃষ্টিভংগী কেনেধৰণৰ? দলৰ বর্তমানৰ নেতৃত্বই সমাগত বিধানসভা নির্বাচনতো বিজেপিৰে মিত্রপাশত থাকি নির্বাচনত অৱতীর্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ইয়াৰ দ্বাৰা অগপ শক্তিশালী হৈ উঠিব বুলি বিশ্বাস কৰেনে?
– অগপই যিদিনাই বিজেপিত যোগ দিলে, সিদিনাই আত্মহত্যা কৰাৰ দৰে হ’ল৷ অগপই আকৌ থিয় হ’ব পাৰিব বুলি মই নাভাবোঁ৷ ৰাইজৰ বিশ্বাস ভংগ কৰিলে৷ এবাৰ বিশ্বাস ভংগ কৰাৰ পিছত পুনৰ ৰাইজে বিশ্বাসত ল’ব বুলি মোৰ বিশ্বাস নহয়৷

ৰাজ্যৰ সকলো আঞ্চলিক ৰাজনৈতিক দলক ঐক্যবদ্ধ কৰোৱাৰ যি পদক্ষেপ গ্রহণ কৰিছে, সেই পদক্ষেপত নতুনকৈ জন্ম লাভ কৰা দলৰ স’তে ৰাজ্যৰ অন্যান্য বিৰোধী দলকো সামৰি ল’ব নেকি? এই দিশত সেই দলৰ স’তে যোগাযোগ কৰিছে নেকি?
– মই যোগাযোগ নাই কৰা৷ মই দৰাচলতে নিজাববীয়াকৈ যিটো ৰাজনৈতিক পথ শুদ্ধ হ’ব পাৰে, যি অর্থনীতি আমি গ্রহণ কৰিব লাগে, সেই বিষয়ে মোৰ নিজৰ ধাৰণাৰ ভিত্তিত কথাবোৰ কৈ আছেছা৷গতিকে এই বিষয়ত মই তেওঁলোকক মতামত দিব নোৱাৰোঁ৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল বেলেগ দৃষ্টিভংগীৰে আগবাঢ়িছে৷ গতিকে তেওঁলোক কোনো এক বিন্দুত লগ হ’ব যে পাৰিব, এই সন্দেহটো মোৰ মনত থিয় হৈছে৷ বৰজাপিৰ তলত সকলো একলগ হ’ব লাগিব৷ তেতিয়াহে শক্তি বৃদ্ধি হ’ব আৰু প্রতিপক্ষৰ লগত যুদ্ধ কৰিব পাৰিব৷

আপুনি বিচৰাৰ দৰে যদিহে ৰাজ্যৰ আঞ্চলিক দলসমূহ ঐক্যবদ্ধ নহয়, তেনেহ’লে অহা বিধানসভা নির্বাচনত ইয়াৰ প্রভাৱ কেনেধৰণৰ হ’ব বুলি ভাবে? আঞ্চলিক শক্তি বহুধাবিভক্ত হৈ থকাৰ ফলত বিজেপি নে কংগ্রেছ উপকৃত হ’ব বুলি ভাবে?
– কংগ্রেছৰ ১৫ বছৰীয়া শাসনে আমাক আমুওৱাৰ কাৰণে আমি বিজেপিক সমর্থন দিছিলোঁ৷ কিন্তু বিজেপিয়ে আমাক যোৱা চাৰে চাৰি বছৰত দেখুৱাই দিলে আমি কিমান বিশ্বাস কৰিব পাৰোঁ, নির্ভৰ কৰিব পাৰোঁ৷ এতিয়া যদি কংগ্রেছ আৰু এ আই ইউ ডি এফ লগ লাগি বিজেপিক হৰুৱাব পাৰে, তেন্তে পুনৰ ৰাজ্যত সেই পুৰণি দিন ঘূৰি আহিব বুলি মোৰ ভাব হয়৷ ছাত্র সন্থাৰ উদ্যোগত গঠন হোৱা দলটো যদি শক্তিশালী হয় আৰু ৰাইজৰ দলো যদি ইয়াৰ দৃষ্টিভংগীৰ স’তে চামিল হয় বা গ্রহণ কৰে তেতিয়া শাসনভাৰো ল’ব পাৰিব৷ বিজেপিৰ বাবে এইবাৰ এনে কিছুমান ঘটনা ঘটিছে, আঞ্চলিক শক্তিবোৰ একেলগ হ’লে শাসনলৈ অহাটো একেবাৰে সম্ভাৱনা নথকা নহয়৷এই এছ আই কেলেংকাৰিটো ভীষণ ডাঙৰ কেলেংকাৰি৷ স্বয়ং মুখ্যমন্ত্রীৰ হাতত ৰাজ্যৰ গৃহ বিভাগ৷ গতিকে মুখ্যমন্ত্রীও হাৰি নাযায়৷ আনহাতে লকডাউনৰ সময়ত সান্ধ্য আইন বলৱৎ হৈ থকাৰ সময়ত মার্ঘেৰিটা–লিডুৰ পৰা প্রতি নিশাই ৩০০/৪০০ চোৰাং কয়লা ড্রাক সৰবৰাহ হৈছে৷ এইবিলাক আৰক্ষীৰ অজ্ঞাতে যাব পাৰিলেনে? প্রতিটো ক্ষেত্রতে বিজেপিয়ে ৰাজ্যখনক যথার্থতে প্রতাৰণা কৰিছে৷ এই চাৰিসৰীয়া বাটটো, যি আমাৰ ৰাজহাড৷ এই ৰাজহাডৰ বেমাৰ তেওঁলোকে বৃদ্ধি কৰিছে৷ সিদিনা মুখ্যমন্ত্রীয়ে মূল্যবোধৰ কথা কৈছে৷ ভেঁটী খোৱাটো যদি মূল্যবোধত পৰে, তেন্তে তেওঁলোকে ইয়াৰ ব্যাখ্যা দিব লাগিব৷ বৰং আমাৰ নৈতিক মূল্যবোধৰ ৰাজহাডডাল ভাঙি দিছে৷ জাতিটোৰ কাৰণে অত্যন্ত ক্ষতিকাৰক কাম কৰিছে৷ যদি এই কথাবিলাক জাতীয় পৰিষদে জনসাধাৰণৰ চকুৰ আগত সঠিক ৰূপত দাঙি ধৰিব পাৰে, মই ভাবোঁ জনসাধাৰণ আগবাঢ়ি আহিব আৰু বিজেপিৰ কু–শাসনৰ অন্ত পৰিব৷

মূলতঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে এই দুই আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা বুলি চর্চা হৈছে৷ তেনেক্ষেত্রত অসম আৰু অসমীয়া জাতিৰ স্বাভিমানক লৈ গঠন হোৱা এই দলে অসম আৰু অসমবাসীৰ সপোন পূৰণ কৰিবলৈ সমর্থ হ’ব বুলি ভাবেনে?
– মই ভাবোঁ যে ‘কা’ বিৰোধিতা আমি কৰি যাবই লাগিব৷ কাৰণ ‘কা’ হ’ল ধর্মান্ধতাৰে কৰা এখন আইন৷ আমি ধর্মান্ধ এখন আইন কেতিয়াও সমর্থন কৰিব নোৱাৰোঁ৷ আইনত পৰিণত হ’লেও সংশোধনী হ’ব পাৰে৷ যদিহে কাইলৈ কেন্দ্রত এখন অ–বিজেপি চৰকাৰ হয়, তেন্তে এই আইন অপসাৰিত হোৱাৰ বাট ওলাব৷ কিন্তু তাৰ বাবে এতিয়াৰে পৰা জনসাধাৰণৰ মাজত সজাগতা সৃৃষ্টি কৰা প্রয়োজন৷ সেয়ে মই ভাবোঁ যে নতুন দলসমূহে এই দায়িত্ব পালন কৰি গৈ থাকিব লাগিব৷

নতুনকৈ গঠন কৰা ৰাজ্যৰ দুয়োটা আঞ্চলিক দলে আপোনাৰ নাম উপদেষ্টাৰ তালিকাত ৰাখিছিল৷ যদিও পৰৱর্তী সময়ত সেয়া আপুনি অস্বীকাৰ কৰে৷ আঞ্চলিক দল গঠন হ’লেই আপোনাৰ নাম সঘনে উচ্চাৰিত হোৱা বা তালিকাত ৰখাৰ প্রচেষ্টাৰ অভিপ্রায় কি বুলি ভাবে?
– অভিপ্রায় বুলি কোনো কথা নাই৷ তেওঁলোকে ভাবে যে মই এইবিলাকৰ ওপৰত লিখা–মেলা কৰি থকাৰ বাবেই মই লগত থাকিম৷ জাতীয় পৰিষদ গঠন হোৱাৰ পূর্বে মই উপদেষ্টা সমিতিৰ এক পৰামর্শদাতা আছিলোঁ৷ পৰৱর্তী সময়ত উপদেষ্টা সমিতিৰ অৱস্থিতি নোহোৱা হয়৷ জাতীয় পৰিষদৰ প্রতি মোৰ সদিচ্ছা আৰু শুভেচ্ছা আছে৷ মই যদিও কোনো পদত নাই, মোৰ শুভেচ্ছা আছে৷ ৰাইজৰ দলে মোক জনোৱা নাছিল, সেয়ে আপত্তি কৰিব লগা হ’ল৷ আপত্তি নকৰিলেও নম্রভাৱে আঁতৰি থাকিলোঁহেঁতেন৷ কাৰণ মোৰ বয়স আৰু স্বাস্থ্যই কোনো পদত অধিষ্ঠিত হৈ ৰাজনীতি কৰিবলৈ নকয়৷

কোনো এক যুদ্ধত অৱতীর্ণ হ’বলৈ বহু দীর্ঘদিনীয়া প্রশিক্ষণৰ আৱশ্যক৷ এনে ক্ষেত্রত মাজত বিধানসভা নির্বাচনলৈ মাথোঁ ৫–৬টা মাহ বাকী থকা অৱস্থাত নতুন আঞ্চলিক দলে চৰকাৰ গঠনৰ সপোন দেখা কিমান বাস্তৱসন্মত বুলি মনে ধৰে?
– মই ভাবোঁ যে দলটো গঠন হোৱাত পলম হৈছে৷কিন্তু ‘কা’ বিৰোধী আন্দোলনৰ আগৰে পৰা বিজেপি চৰকাৰৰ প্রতি মানুহৰ মন ক্রমাৎ বিতুষ্ট হৈ আহিছিল৷গতিকে পটভূমি ৰচিত হৈয়ে আছিল৷ এতিয়া কেৱল নীতি–নিয়মৰ মাজেৰে ভিতৰলৈ আনি তাক দলত পৰিণত কৰা হৈছে৷ মই ভাবোঁ যে ৫/৬ মাহৰ ভিতৰতো সম্পূর্ণ হৈ উঠিব পাৰে৷ কেৱল লাগিব ঐকান্তিক প্রচেষ্টা, সদিচ্ছা আৰু লাগিব নিঃস্বার্থভাৱে ৰাজ্যখনৰ জনগণৰ প্রতি গভীৰ স্নেহ আৰু দায়বদ্ধতা৷

You might also like