একে সময়তে একাধিক কাম সুচাৰুৰূপে কৰিব পাৰে মহিলাইঃ আইএএছ বিষয়া বর্ণালী ডেকা
সর্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত দুবাৰকৈ উত্তীর্ণ হৈ বর্তমানে গোৱালপাৰা জিলাৰ উপায়ুক্ত হিচাপে আপুনি দায়িত্ব গ্রহণ কৰি আছে৷ আপোনাৰ এই সফলতাৰ যাত্রাৰ বিষয়ে আমাৰ পাঠকক জনাব নেকি?
– মোৰ জন্ম অসমতে যদিও দেউতাৰ চাকৰি সূত্রে আমি সৰুৰে পৰা অসমৰ বাহিৰত আছিলোঁ৷ দেউতাই আৰক্ষী সেৱাৰ কমিউনিকেচন বিভাগৰ আই জি আছিল৷ আৰ কে পুৰমৰ দিল্লী পাব্লিক স্কুলৰ পৰা মোৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল৷ তাৰ পাছতে আৰ ভি চি ইৰ পৰা মই কম্পিউটাৰ ছায়েঞ্চত ইঞ্জিনীয়াৰিং কৰিলোঁ৷ পৰৱর্তী সময়ত বোম্বে আই আই টিৰ পৰা স্নাতকোত্তৰ পাঠ্যক্রম কৰোঁ৷ পঢ়ি থকা সময়তে মই কলেজৰ কেম্পাছ ইণ্টাৰভিউত বাছনি হৈছিলোঁ আৰু সেই হিচাপে ভাল চাকৰিও পাইছিলোঁ৷ বেংক আৰু টাটা কনছালটেঞ্চী প্রতিষ্ঠানত চাকৰিৰ অভিজ্ঞতাও হৈছিল৷ আৰু মোৰ কামৰ দক্ষতা দেখি মোক পদোন্নতি দি বিদেশলৈ পঠিওৱাৰ প্রস্তাৱো দিছিল৷ এফালে চাকৰি কৰি আছিলোঁ যদিও মনটোৱে মনা নাছিল৷ অন্তৰৰ পৰা বাৰে বাৰে মোক টানিছিল প্রশাসনিক সেৱাৰ দিশে৷ যিহেতু আমাৰ দেউতাও এনেকুৱা ক্ষেত্রতে কাম কৰা, সেয়ে সৰুৰে পৰাই ৰাইজৰ সেৱাত প্রত্যক্ষভাৱে জড়িত হ’ব পৰা চাকৰিৰ প্রতি দুর্বাৰ আকর্ষণ এটা অনুভৱ কৰি আহিছিলোঁ৷ আৰু শেষত নিজৰ লক্ষ্য স্থিৰ কৰি ২০০৬ চনত প্রথমবাৰৰ বাবে ইউ পি এছ চি পৰীক্ষাত অৱতীর্ণ হোৱাৰ সিদ্ধান্ত ল’লোঁ৷ এফালে, চাকৰি কৰি আছিলোঁ যিহেতু এইধৰণৰ সর্বভাৰতীয় পৰীক্ষাত সফলতা অর্জন কৰিবলৈ যিমানখিনি প্রস্তুতিৰ প্রয়োজন তেনেকৈ কৰিবও পৰা নাছিলোঁ৷ তাৰ মাজতো একান্ত আত্মবিশ্বাসেৰে পৰীক্ষাত বহিলোঁ আৰু প্রথমবাৰ আই পি এছ লাভ কৰিলোঁ৷ আই পি এছত যোগদান কৰি প্রশিক্ষণো লৈছিলোঁ৷ মোৰ পৰীক্ষাত অৱতীর্ণ হোৱাৰ জোখেৰে বয়স থকাত পুনৰ ২০০৮ চনত ইউ পি এছ চি পৰীক্ষা দিলোঁ৷ সেইবেলি মোৰ স্থান আছিল ১৬ আৰু মই আই এ এছ লাভ কৰিলোঁ৷ সাধাৰণতে বাহিৰৰ মানুহে অসম তথা উত্তৰ–পূর্বাঞ্চলত চাকৰি কৰিবলৈ আহিব কিছু টান পায়৷ আৰু মোৰ বাবে নিজৰ ৰাজ্যত সেৱা আগবঢ়োৱাৰ সোণালী সুযোগ আছিল সেয়া৷ প্রশিক্ষণ সমাপ্ত কৰি মই অসমতে প্রশাসনিক বিষয়া হিচাপে যোগদান কৰাৰ সুযোগ পালোঁ৷ প্রথমে শোণিতপুৰ আৰু কামৰূপ মেট্র’ত ভাৰপ্রাপ্ত বিষয়া হিচাপে কর্তব্য পালন কৰি ৰঙিয়াত এছ ডি অ’ হিচাপে যোগদান কৰিলোঁ৷ তাৰ পাছত আকৌ এডিচি হিচাপে কামৰূপ মেট্র’লৈ গ’লোঁ৷ সর্বশিক্ষাতো কার্যবাহী সঞ্চালক হিচাপে কর্তব্যত নিয়োজিত হৈছিলোঁ৷ একেদৰে অসম ৰুৰেল লাইভলিহুডত মিছন সঞ্চালক হিচাপেও কাম কৰিলোঁ৷ তাৰ পাছত বৰপেটা জিলাৰ উপায়ুক্ত হিচাপেও কিছুদিন সেৱা আগবঢ়াইছোঁ৷ টাউন এণ্ড কাউণ্ড্রী প্লেনিং সঞ্চালক হিচাপেও কাম কৰি আহিছোঁ৷ গোলাঘাটৰ উপায়ুক্ত, স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক আৰু আন কেইবাটাও পদত কাম কৰাৰ পাছত মই গোৱালপাৰা জিলাত উপায়ুক্ত হিচাপে যোগদান কৰি বর্তমানে নিজৰ সেৱা আগবঢ়াই গৈছোঁ৷
নিশ্চয় বিশেষ এটি সপোন খেদিয়ে আপুনি দুবাৰকৈ সর্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীর্ণ হৈছিল৷ এতিয়া এখন জিলাৰ আপুনি মুৰব্বী৷ কর্মক্ষেত্রত লোৱা শপতবাক্য পালন কৰিব পাৰিছে বুলি ভাবেনে?
– ২০০৬ চনত ইউ পি এছ চি পোৱাৰে পৰা মই প্রশাসনিক সেৱাৰ সৈতে জড়িত হৈ আছোঁ৷ ইয়াৰ মাজত যথেষ্ট উত্থান–পতনো আছে৷ তথাপি এটা কথা মই দৃঢ়তাৰে ক’ব পাৰোঁ যে আজিলৈ যি কৰিছোঁ ৰাইজৰ বাবেই কৰিছোঁ, সমাজৰ হিতসাধন হোৱা পদক্ষেপে লৈছোঁ৷ কেতিয়াবা কিছুমান ক্ষেত্রত কঠোৰ হ’বলগীয়াও হয়, কিন্তু তাত নিজৰ স্বার্থ একো নাই৷ যি কৰিছোঁ ৰাইজৰ স্বার্থৰ বাবেই কৰিছোঁ৷ স্কুলত পঢ়ি থাকোঁতে সকলো ছাত্র–ছাত্রীয়ে ৰচনা লিখিবলগীয়া হয়৷ মোৰ এতিয়াও মনত পৰে যে ‘জীৱনৰ লক্ষ্য’ বিষয়ক প্রথম ৰচনা মই ষষ্ঠ শ্রেণীত পঢ়ি থাকোঁতে লিখিছিলোঁ৷ তাতো মই জীৱনৰ লক্ষ্য প্রথমে কম্পিউটাৰ ইঞ্জিনীয়াৰিং কৰা আৰু প্রশাসনীয় সেৱাত জড়িত হোৱাৰ কথাই লিখিছিলোঁ৷ মোৰ লক্ষ্যত মই উপনীত হ’ব পৰিছোঁ আৰু আগলৈও এনেদৰেই ৰাইজৰ সেৱা কৰি যোৱাৰে মন৷
মহিলা বিষয়া হিচাপে কাম কৰাৰ ক্ষেত্রত কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? তেনে কিবা তিক্ত অভিজ্ঞতা বা প্রত্যাহ্বান?
-এটা কথা ক’ব লাগিব যে চাকৰিৰ নিযুক্তিৰ ক্ষেত্রত মহিলা বিষয়া বুলি কেতিয়াও বৈষম্যতাৰ বলি হোৱা নাই৷ স্পর্শকাতৰ জিলাকেইখনতো কাম কৰিছোঁ৷ কিন্তু সমাজৰ এটা চামৰ দৃষ্টিভংগী আমি নস্যাৎ কৰিব নোৱাৰোঁ যে মহিলাক লৈ তেওঁলোকৰ মানসিকতা কিছু বেলেগ৷ কিছুমান ক্ষেত্রত এনেকুৱাও পাওঁ যে একাংশই পুৰুষ বিষয়া এজনক যিমান গণ্য কৰে বা সমীহ কৰে, মহিলা বিষয়া বুলি সেই আগ্রহ কম৷ আৰু এটা কথা উল্লেখ কৰোঁ যে মহিলা বিষয়া বুলি নহয়, ‘অসমীয়া মহিলা বিষয়া’ বুলিও কিছুমান নেতিবাচক সহাঁৰি পাইছোঁ৷ তথাপি আশাবাদী আমি৷ সমাজখনৰ যথেষ্ট পৰিৱর্তন হৈছে, মানুহৰ মনোভাব বহু সলনি হৈছে৷ আগলৈ ইয়াতকৈও বেছি সলনি হ’ব বুলি আশা কৰোঁ৷
এফালে কর্মক্ষেত্রত দিনে–নিশাই ব্যস্ততা, আনপিনে পৰিয়াল আৰু সন্তানৰ দায়িত্ব৷ কর্মক্ষেত্রত আৰু পাৰিবাৰিক জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিছে বুলি ভাবেনে?
– নিঃসন্দেহে অনুভৱ কৰোঁ৷ কর্মক্ষেত্রত যিমান মনোযোগ দিওঁ, নিজৰ পৰিয়ালটো ধৰি ৰখাতো সমানেই গুৰুত্ব দিওঁ৷ এগৰাকী মাতৃ হিচাপে মই নিজৰ দায়িত্ব পার্যমানে পালন কৰি গৈছোঁ৷ কর্মক্ষেত্রৰ পৰা উভতি ঘৰ পাওঁতে সাধাৰণতে নিশা ৮–৯টা বাজে৷ তাৰ পাছৰ সময়খিনি মোৰ জীয়ৰীৰ পঢ়া–শুনাত দিওঁ৷ হয়তো সদায় পঢ়াব নালাগে, কিন্তু পৰীক্ষাৰ আগৰ এমাহ–দুমাহ মই নিয়মীয়াকৈ তাইৰ পঢ়া–শুনাত চকু দিওঁ৷ জীয়ৰীৰ স্কুলত আন মাতৃসকলক সন্তানৰ সৈতে যিমান জড়িত হৈ থকা লক্ষ্য কৰোঁ, মই নিজে তাতকৈ কম জড়িত হৈ থকা যেন কেতিয়াও অনুভৱ নকৰোঁ৷ এটা কথা হ’ব পাৰে যে ঘড়ীৰ ঘণ্টা হিচাপত মই সময় দিব পৰা নাই, কিন্তু গুণগত দিশটোলৈ চালে সকলোখিনি ঠিকেই কৰিব পাৰিছোঁ বুলি ভাবোঁ৷ ইয়াতে আৰু এটা কথা কওঁ যে নিজৰ আশে–পাশে চকু ফুৰালে দেখোঁ যে মহিলাসকলে একে সময়তে একাধিক কাম বা দায়িত্ব অতি সুচাৰুৰূপে পালন কৰিব পাৰে৷ কেৱল দিনটোৰ বা কামখিনিৰ আগতীয়া পৰিকল্পনা অলপ লাগে৷ বিভিন্ন ক্ষেত্রত নিয়োজিত হৈ থকা মোৰ বান্ধৱীবোৰলৈ চালেও সেই কথাই অনুভৱ কৰোঁ৷ মহিলাই ইচ্ছা কৰিলে সকলো কৰিব পাৰে৷ এয়া হয়তো মহিলাৰ বিশেষ গুণ৷
আপুনি বহুতৰে বাবে অনুপ্রেৰণা৷ এইক্ষেত্রখনত আগবাঢ়িব বিচৰা ছাত্র–ছাত্রীসকললৈ আপুনি কি পৰামর্শ দিব বিচাৰিব?
– সৰুৰে পৰা বা পঢ়া–শুনা কৰি থকা সময়ৰে পৰা ছাত্র–ছাত্রীসকলে জীৱনৰ লক্ষ্য এটা নির্ধাৰণ কৰিব লাগে৷ আৰু সেইমতে আগুৱাই যাবলৈ চেষ্টা কৰিব লাগিব৷ মুঠতে নিজৰ লক্ষ্যত স্থিতপ্রজ্ঞ হৈ অধ্যয়ন কৰিলে সফলতা লাভত কোনেও বাধা দিব নোৱাৰে৷ লক্ষ্য স্থিৰ হ’লে সকলো সম্ভৱ৷
এগৰাকী উচ্চপদস্থ মহিলা বিষয়া হিচাপে মহিলাসকললৈ আপুনি কি বার্তা দিব?
– আত্মবিশ্বাস থাকিবই লাগিব৷ আত্মবিশ্বাস আৰু মনোবল থাকিলে প্রতিটো প্রতিকূল পৰিৱেশ নেওচিও হেলাৰঙে পাৰ হৈ যাব পাৰে৷ লগতে নিজৰ কামৰ প্রতি নিষ্ঠাৱান হ’ব লাগিব৷ নিজৰ ওপৰত বিশ্বাস ৰাখি প্রতিগৰাকী মহিলাই আগুৱাই গ’লে নাৰী শক্তিয়ে সকলো অসম্ভৱ সাধন কৰিব পাৰিব৷