নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভাৱনীয় মূল্যবৃদ্ধি প্রতিকাৰৰ উপায় আছেনে

সমগ্র দেশতে ব্যাপক হাৰত মূল্যবৃদ্ধি ঘটিছে৷ ক’ভিডসৃষ্ট পৰিৱেশে ইতিমধ্যে দুখীয়া আৰু নিম্ন মধ্যবিত্তসকলক জর্জৰিত কৰি তুলিছে৷ ইণ্ডিয়া টুডে’ গ্রুপে অলপতে দেশৰ বিভিন্ন ৰাজ্যত সমীক্ষা কৰি যুগুত কৰা মুড অফ দ্য নেচন প’লত মূল্যবৃদ্ধি দেশৰ এটা মূল সমস্যা আৰু বর্তমানৰ কেন্দ্রীয় চৰকাৰ মূল্যবৃদ্ধি ৰোধ কৰাত বিফল হৈছে বুলি প্রকাশ পাইছে৷
অসমতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ চৰকাৰী চাকৰিয়ালসকলৰ বাহিৰে বাকী ৰাইজ ভাৰাক্রান্ত হৈছে৷ ক্ষুদ্র ব্যৱসায়, ক্ষুদ্র উদ্যোগৰ লগত জডিত অসমৰ কেইবালাখো মানুহৰ অৱস্থা দুখজনক৷ যোৱা মে’–জুন মাহত মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি পাই ৬.৩ শতাংশ পাইছেগৈ৷ কিয় ইমান মূল্যবৃদ্ধি হৈছে? ইয়াৰ মূল কাৰকসমূহ কি? আজি আমি এই বিষয়ৰ লগতে মূল্যবৃদ্ধি ৰোধ কৰাৰ উপায়, চৰকাৰে কি কৰাটো উচিত, এই সম্পর্কে আলোচনা কৰাৰ চেষ্টা কৰিম৷
যোৱা কেইদিনমান নিত্য ব্যৱহার্য সামগ্রীৰ ব্যাপক মূল্যবৃদ্ধি হৈছে৷ গেছ চিলিণ্ডাৰৰ দাম প্রায় এহেজাৰ টকা হ’লহি৷ দাইল, তেলকে ধৰি সকলো বস্তুৰে দাম বাঢ়িছে৷ পেড্র’লৰ মূল্যবৃদ্ধি হৈ হৈ এশৰ ঘৰ চুলেহি৷ এই প্রেক্ষাপটত ক’ভিড লকডাউনে কোঙা কৰা ৰাইজক ভূতৰ ওপৰত দানহ পৰাদি মূল্যবৃদ্ধিয়ে অধিক বিধ্বস্ত কৰি তুলিছে৷
দেশত মূল্যবৃদ্ধিৰ অন্তৰালত বহুখিনি কাৰক আছে৷ ভাৰতে ষাঠি শতাংশ খাদ্য উপযোগী তেল, দাইল বিদেশৰ পৰা আমদানি কৰে৷ যোৱাটো কেন্দ্রীয় বাজেটত আমদানি শুল্ক বৃদ্ধি হোৱাৰ বাবে এইবোৰ বস্তুৰ দাম বাঢ়িছে৷ আটাইতকৈ বেছি প্রভাৱ পৰিছে পেড্র’ল আৰু ডিজেলৰ মূল্য বহু বৃদ্ধি পোৱাত৷ আন্তঃৰাষ্ট্রীয় বজাৰত প্রতি বেৰেল মূল্য প্রায় পঁয়সত্তৰ ডলাৰ পাইছিলগৈ৷ ফলস্বৰূপে পেড্র’ল–ডিজেল দুয়োটাৰে দাম হুৰহুৰাই বাঢ়িবলৈ ধৰিলে৷ এইখিনিতে আৰু এটা কথা, ধৰা হওক, এশ টকা পেড্র’লৰ মূল্য নির্ধাৰণ কৰা হৈছে, তাৰে ৰাজ্যভেদে ৫৪ শতাংশৰ পৰা ৬০ শতাংশলৈ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ কৰ থাকে৷ সমগ্র বিশ্বতে এই কৰ সর্বাধিক৷
লকডাউনৰ সময়ত দৰিদ্র শ্রেণীৰে আটাইতকৈ বেছি অসুবিধা হৈছে৷ লকডাউনত প্রায় ১২ কোটি ভাৰতীয়ৰ চাকৰি যোৱা বুলি কোৱা হৈছে তাৰে বেছিসংখ্যক শ্রমিক৷ বাকী কর্প’ৰেট খণ্ডত ব্যাপক চাকৰি কটা গৈছে, দৰমহা কমিছে৷ গতিকে মানুহৰ ক্রয় ক্ষমতা কমি গৈছে৷ লকডাউনৰ বাবে খাদ্য সামগ্রীৰ যোগান ব্যৱস্থা বহু পৰিমাণে ব্যাহত হৈছে৷ জিলাভিত্তিক পৰিবহণ ব্যৱস্থা বন্ধ থকাৰ বাবে যোগানত অসুবিধা হৈছে৷ সেই কাৰণে পৰিবহণ সেৱা খণ্ডত ১১ শতাংশ মুদ্রাস্ফীতি বাঢ়িছে৷ যিহেতু ক’ভিডৰ বাবে স্বাস্থ্যখণ্ডৰ হেঁচা বাঢ়িছে, তাতো প্রায় ৮ শতাংশ মুদ্রাস্ফীতি হৈছে৷
বজাৰৰ অভাৱত গ্রাম্য অর্থনীতিৰ ভেটি দুর্বল হৈ পৰিছে৷ বেংকৰ ফিক্সড ডিপ’জিটৰ হাৰ বিয়োগাত্মক হৈছে৷ দেশৰ ৫০ শতাংশ ঘৰৰ আর্জন ফিক্সড ডিপ’জিটত থাকে৷ এতিয়া ফিক্সড ডিপ’জিটৰ হাৰ কম হোৱাৰ বাবে তেওঁলোকে বিভিন্ন খণ্ডত বিনিয়োগ কৰাৰ বাবে টকাৰ চার্কুলেচন বাঢ়িছে, মুদ্রাস্ফীতি বাঢ়িছে৷
অসমৰ ক্ষেত্রত মই ভাবোঁ যে আগৰে পৰা ৰাজ্যখনৰ ৰাজহুৱা যোগান ব্যৱস্থা সাংঘাতিক দুর্বল৷ উৎপাদনৰ ক্ষেত্রত অসমৰ কৃষকে ভাল বজাৰ এখন নাপায়৷ আমাৰ ধানৰ উৎপাদন খুব ভাল, কিন্তু যিহেতু পর্যাপ্ত পৰিমাণে ৰাইচ মিলৰ ব্যৱস্থা নাই আৰু ৰাজহুৱা যোগান ব্যৱস্থা সুচল নহয়, গতিকে বাহিৰৰ পৰা ১৮ টকা মূল্যত কেজিত এফ চি আয়ে চাউল ক্রয় কৰিছে, য’ত আমাৰ কৃষকে ধানৰ বাবে ১১ টকা কেজি মূল্যহে লাভ কৰে৷ এই গোটেই খেলিমেলি আমাৰ ৰাজহুৱা যোগান ব্যৱস্থাত আছে, ফলস্বৰূপে মূল্যবৃদ্ধি হৈছে৷
ক’ভিডসৃষ্ট পৰিৱেশত মানুহৰ উপার্জন কম অথচ বস্তুৰ দাম বেছি৷ ফলস্বৰূপে ৰাইজৰ মাজত এক ধৰণৰ ক্ষোভৰ উৎপত্তি হৈছে৷
প্রশ্ণ হয়, এই মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাযায় নেকি? এনেধৰণৰ মূল্যবৃদ্ধিৰ হাৰ আমি কেতিয়াও দেখা নাছিলোঁ৷ ক’ভিডক লৈ উৎপত্তি হোৱা এইটো এটা অসাধাৰণ পৰিৱেশ৷ মুদ্রাস্ফীতি ৰোধ কৰাৰ ক্ষেত্রত চৰকাৰে কিছু শক্তিশালী সিদ্ধান্ত ল’ব লাগিব৷ যাৰ ফলত মূল্যবৃদ্ধি কমাব পৰা যায়৷ এই কাম ইমান সহজ নহ’ব, তথাপি জনস্বার্থত কিছু পদক্ষেপ লোৱাৰ কথা চৰকাৰে বিবেচনা কৰিব পাৰে৷
মোৰ দৃষ্টিত কেন্দ্রীয় চৰকাৰে আমদানি শুল্ক কমাব পাৰিলে দাইল, তেলকে ধৰি নিত্য ব্যৱহার্য সামগ্রীৰ মূল্য কমিব৷ তাৰ লগতে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ ইন্ধনসংযুক্ত শুল্ক কিছু পৰিমাণে কমিলে ইন্ধনৰ মূল্য কমাৰ লগতে বহুতো বয়–বস্তুৰ দাম কমিব৷ কাৰণ পেড্র’ল–ডিজেলৰ মূল্যৰ লগত পৰিবহণ ব্যৱস্থাৰ খৰচ নির্ভৰশীল৷ কিন্তু চৰকাৰৰ বাবে এই সময়ত পেড্র’ল–ডিজেলৰ শুল্ক কমোৱা ইমান সহজো নহয়৷ কাৰণ চৰকাৰৰ বিভিন্ন উৎসৰ পৰা আমদানি বহু কমি গৈছে৷ বিভিন্ন উদ্যোগ, পর্যটন, বাণিজ্যৰ পৰা আর্জিত জি এছ টি অসমৰ দৰে ৰাজ্যত বহু কমি গৈছে৷ সেই কাৰণে ৰাজ্যসমূহে ইন্ধনৰ কৰ কমাব নিবিচাৰে৷
কিন্তু তাৰ মাজতো ক’ভিডসৃষ্ট বিপদৰ পৰা মানুহক সহায় কৰিবলৈ কৰ হ্রাসৰ নিচিনা পদক্ষেপৰ প্রয়োজন বুলি মই ভাবোঁ৷ পেড্র’ল–ডিজেল জি এছ টিৰ আওতাত অনাৰ বিকল্পও আহিব পাৰে৷
ৰিজার্ভ বেংক অৱ ইণ্ডিয়াই মুদ্রাস্ফীতি হ্রাস কৰাৰ ক্ষেত্রত কিছু সিদ্ধান্ত লোৱাৰ সময় হয়তো সমাগত৷ মূল্যবৃদ্ধি বাঢ়ি থাকিলে ডিপ’জিট ৰেট তথা ঋণৰ সুত বৃদ্ধি কৰিবলৈ লোৱাৰ দৰে কিছু পদক্ষেপ ল’বলৈ তেওঁলোক বাধ্য হ’ব৷
ইয়াৰ লগতে যোগান ব্যৱস্থাৰ উন্নয়নৰ বাবে অসম চৰকাৰখনৰ বহুখিনি কৰিবলগীয়া আছে৷ অসমতো বণিক গোষ্ঠীৰ কাম ভালদৰে নিয়ন্ত্রণ কৰাটো অতিশয় প্রয়োজনীয়৷ বহু ক্ষেত্রত ফাঁচীবজাৰৰ বণিক গোষ্ঠীয়ে কৃত্রিম নাটনিৰ সৃষ্টি কৰি সামগ্রীৰ মূল্যবৃদ্ধি কৰাৰ উদাহৰণ আছে৷ বণিক গোষ্ঠীক নিয়ন্ত্রণ কৰা দৰকাৰ আৰু এয়া চৰকাৰৰ দায়িত্ব৷
আনলক প্রক্রিয়া আৰম্ভ হ’লে বহুখিনি সমস্যা কমিব বুলি আশা কৰিব পাৰি৷ সমগ্র দেশতে ক’ভিডৰ হাৰ কমিছে, আনলক প্রক্রিয়া আৰম্ভ হৈছে৷ অসমতো এক ছেপ্ঢেম্বৰৰ পৰা আনলক প্রক্রিয়া আৰম্ভ হ’ব৷
ফলস্বৰূপে মানুহৰ উপার্জন বঢ়াৰ সমল আহিব৷ বাছ, গাডী পৰিবহণৰ লগত সহস্রজন জডিত হৈ আছে যি আন্তঃজিলা পৰিবহণ বন্ধ থকাৰ বাবে বৃহৎ সমস্যাৰ সন্মুখীন হৈছে৷
ক’ভিডে বিধ্বস্ত কৰা ক্ষুদ্র ব্যৱসায়ীসকলৰ স্বার্থত চৰকাৰে কিছুমান বিশেষ সুবিধাৰ সৃষ্টি কৰিব লাগে৷ এই সময়ত তেওঁলোকৰ যিমান পাৰি কৰ ৰেহাই দিব পাৰিলে ভাল৷ মাজতে কিছু ক্ষেত্রত জি এম চি ইত্যাদিয়ে কৰ বঢ়োৱাৰ কথা সিদ্ধান্ত কৰিছিল৷ অৱশেষত শুভবুদ্ধিৰ উদয় হ’ল, সেয়া বন্ধ কৰা হ’ল৷ যি সময়ত তেওঁলোক উপার্জনহীন হৈ পৰিছে, এনে সময়ত ড্রেড লাইচেঞ্চৰ ফীজ কিছুদিনৰ বাবে ৰেহাই দিব পৰা যায় নেকি? আৰু লকডাউনৰ সময়ত কিছুমান ফীজ ধৰক বাৰ লাইচেঞ্চৰ ফীজ বা বিদ্যুতৰ ক্ষেত্রত স্থায়ী শুল্ক ৰেহাই দিবলৈ এটা সিদ্ধান্ত লোৱাৰ দৰকাৰ হৈছে৷ ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ লগত জডিত ব্যৱসায়ীসকলৰ বেংকৰ ঋণ দিয়াৰ ক্ষেত্রত যথেষ্ট অসুবিধা হৈছে৷ এই সময়ত সুদৰ হাৰৰ ক্ষেত্রত কিবা ব্যৱস্থা কৰিব পাৰি নেকি? এইক্ষেত্রত চৰকাৰে সুনির্দিষ্ট নীতি নির্ধাৰণ কৰিব লাগিব৷ যোৱা কেইদিনমানত লকডাউনৰ চেপাত বহু লোক সর্বহাৰা হৈছে৷ নৰেন পাটগিৰী নামৰ প্রিণ্টিং প্রেছৰ স্বত্বাধিকাৰীয়ে আত্মহত্যা কৰিলে৷ বহু ক্ষুদ্র ব্যৱসায়ী, পর্যটন খণ্ডৰ সৈতে জডিত লোক বা সংস্কৃতি খণ্ডৰ সৈতে জডিত লোকৰ ভয়ানক বিপদ হৈছে৷ এই সময়ত চৰকাৰৰ দায়িত্ব এই বৃহৎসংখ্যক লোকক যিকোনো প্রকাৰে সহায় কৰা৷ ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ স্থিৰতা আৰু বিকাশ নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে অতি দৰকাৰী৷
আৰু এটা দৰকাৰী কথা হৈছে যে আমাৰ থলুৱা ব্যৱসায়ী–উদ্যোগীসক চৰকাৰৰ বিভিন্ন কাম কৰাত অগ্রাধিকাৰ দিব লাগে৷ তেওঁলোকে বিভিন্ন চৰকাৰী মেৰপেঁচত বহু নিবিদাত অংশগ্রহণ কৰিব নোৱাৰে৷ বছৰি নূ্যনতম উপার্জনৰ অর্হতা নিবিদাত বেছি থাকে, থলুৱা উদ্যোগীয়ে বাকী যোগ্যতা থকা সত্ত্বেও এই অর্হতা নথকাৰ বাবে নিবিদাত ভাগ ল’ব নোৱাৰে৷ অসমৰ থলুৱা উদ্যোগী–ব্যৱসায়ীসক সুবিধার্থে কিছু নীতি–নিয়ম শিথিল কৰিব লাগে৷ যিসকল উদ্যমীৰ ভাল প্রডাক্ট আছে বা সেৱা আগবঢ়োৱাৰ ক্ষমতা আছে, তেওঁলোকক সুবিধা দিব লাগে৷ তেলীৰ মূৰত বেছি তেল নিদিলেও হ’ব৷ বৃহৎ উদ্যোগীসকলৰ অৱস্থা ভালেই, মাৰোৱাৰী বা বাকী অনা–সমীয়া বণিকসকলে ক’ভিডৰ সময়তো ভাল কৰি আছে৷ অসুবিধা হৈছে ক্ষুদ্র অসমীয়া ব্যৱসায়ীসকলৰ৷ চৰকাৰৰ ভিতৰতে কিছু চক্রই বিভিন্ন প্রক্রিয়াৰে থলুৱা উদ্যোগীসকলক বঞ্চিত কৰে বুলি এটা অভিযোগ প্রায়েই শুনা যায়৷ এইক্ষেত্রত অসম চৰকাৰে কিছু নীতি লৈ যোগ্য থলুৱা উদ্যোগীসকলক সহায় কৰাটো দৰকাৰ৷ তাৰ লগতে আমি বিভিন্ন সামগ্রীৰ থলুৱা উৎপাদন বৃদ্ধি কৰিব লাগিব৷ যিমান ক্ষেত্রত আত্মনির্ভৰশীল হ’ব পৰা যায় সিমানলৈ চেষ্টা কৰিব লাগিব৷ বর্তমান ৰাজ্যখন আত্মনির্ভৰশীল একেবাৰেই নহয়৷
আৰু আটাইতকৈ প্রয়োজনীয় কৃষকৰ বাবে বজাৰ সৃষ্টি কৰা৷ বজাৰ সৃষ্টি হ’লে কৃষকৰ উপার্জন বাঢ়িব৷ আৰু এইক্ষেত্রত চৰকাৰে যাৱতীয় ব্যৱস্থা ল’ব লাগে৷ চৰকাৰৰ সমগ্র অসমতে পথ নির্মাণৰ সিদ্ধান্তটো খুব ভাল হৈছে৷ ৰাস্তাবোৰ হ’লে আনুষংগিক উন্নয়ন হ’ব৷ যোগান ব্যৱস্থা সুচল হ’ব৷
মূল্যবৃদ্ধিৰ বাবে সমগ্র ৰাজ্যখনতে এটা ক্ষোভ দেখা গৈছে, তাক নিৰাময় কৰাটো অতিশয় দৰকাৰী হৈছে৷ ক’ভিডৰ সময়ত মানুহ মানসিকভাৱে দুর্বল হৈ পৰিছে৷ অনলাইন ক্লাছ কৰি ঘৰতে সোমাই ল’ৰা–ছোৱালী, বাকী পুৰুষ–মহিলা বহু মানসিক সমস্যাত ভুগিছে৷ লগতে মূল্যবৃদ্ধি, নিয়োগৰ সমস্যা, উপার্জন কমি যোৱা সকলো মিলি এটা নিৰাশাজনক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কিন্তু মোৰ দৃষ্টিত ক’ভিডৰ অন্তত দেশৰ অর্থনীতি ভাল হ’ব৷ ইতিহাসে কয়, বিশ্বযুদ্ধই হওক বা স্পেনিছ ফ্লুৱেই হওক এটা ডাঙৰ বিপদৰ পিছত বিশ্বৰ অর্থনীতি ভাল হয়৷ আমাৰ চৰকাৰখন মূল্যবৃদ্ধি নিয়ন্ত্রণৰ ক্ষেত্রত এতিয়ালৈকে সফল হোৱা নাই৷ আশাকৰোঁ অনাগত দিনত সফল হ’ব৷ সংবেদনশীলতাৰে দৰিদ্র তথা নিম্ন মধ্যবিত্ত শ্রেণীৰ সমস্যাটো বুজিব লাগিব৷ মূল্যবৃদ্ধি ৰোধ কৰাত অধিক গুৰুত্ব দিব লাগিব৷ মানুহৰ ক্ষোভ ৰোধ কৰাটো ৰাজনৈতিক দৃষ্টিকোণেৰেও দৰকাৰী৷ লগতে থলুৱা আৰু গ্রাম্য অর্থনীতিৰ উন্নয়নৰ বাবে এটি শক্তিশালী পদক্ষেপ গ্রহণ কৰাটো দৰকাৰ৷ আন্তঃগাঁথনি আৰু বজাৰৰ ক্ষেত্রত অধিক ব্যয় কৰাটো বিচাৰোঁ৷ দৰিদ্রৰ নূ্যনতম উপার্জন সুনিশ্চিত কৰাৰ বাবে সকলো প্রক্রিয়া হাতত লোৱা দৰকাৰ৷ চৰকাৰৰ যথেষ্ট আঁচনি আছে৷ বেংক একাউণ্টত প্রত্যক্ষভাৱে পইচা দিয়াটো ভাল হৈছে৷ ৰাজহুৱা যোগান ব্যৱস্থাটো শক্তিশালী কৰক৷ ইয়াৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনি, শক্তিশালী অর্থনৈতিক ভেটিৰ সৃষ্টি কৰাটো প্রয়োজনীয়৷ মূল্যবৃদ্ধি ৰোধ কৰাৰ লগে লগে মধ্যভোগীৰ দৌৰাত্ম্য কমাব লাগিব৷ এই সমগ্র প্রক্রিয়াটো ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ বাবে অহা ৫ বছৰত এটা বৃহৎ প্রত্যাহ্বান হ’ব৷ আমি আশাকৰোঁ কর্মদক্ষ মুখ্যমন্ত্রীৰ নেতৃত্বত চৰকাৰখনে ৰাইজৰ সহযোগত যাৱতীয় পদক্ষেপ লৈ মূল্যবৃদ্ধি হ্রাস কৰিব পাৰিব৷
                              ফোন +৯১ ৯১০১১–৬৯৯৭৮

You might also like