ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাতঃ এক নির্মোহ ঐতিহাসিক বিশ্লেষণ
আৰহান ইনামূল
ফোনঃ ৭৮৯৬৭১৪৭৫১
বর্তমানেও আন্তঃৰাষ্ট্রীয় পর্যায়ৰ পৰা আমাৰ গাঁৱৰ চুবুৰিলৈকে মানৱ–মানৱৰ গোটভিত্তিক যিমান সংঘাত, ঘৃণা বর্তি আছে সেয়া উপৰুৱাকৈ চালে ধর্ম, জাতি, বর্ণভিত্তিক যেন লাগিব পাৰে কিন্তু বাস্তৱিকতে এই সকলোবোৰ বিদ্বেষৰ সদায়েই দুটা কাৰণ থাকে– এটা হ’ল একান্তই ক্ষমতা, সম্পত্তি, আধিপত্য লাভৰ বাবে ৰাজনীতি আৰু আনটো হ’ল অর্থনীতি৷ এই সংঘাতসমূহ সৃষ্টি কৰিবলৈ আৰু বর্তাই ৰাখিবলৈ আটাইতকৈ সহজলভ্য অস্ত্রবিধেই হ’ল ধর্মীয় উন্মাদনা৷ একে কথাই খাটে যুগ যুগ ধৰি চলি থকা ইহুদী–খ্রীষ্টান–ইছলা সংঘাতৰ ক্ষেত্রত৷ উপৰুৱাকৈ এনেকুৱা লাগে যেন সেই ধর্মীয় ভিত্তিতেই আজিও মধ্য প্রাচ্য জ্বলি আছে, আজিও ইহুদী–মুছলমানৰ সংঘাত বর্তি আছে, অথবা শেহতীয়াকৈ বিশ্বৰ শান্তিকামী নাগৰিকক উৎকণ্ঠিত কৰি তোলা ইজৰাইল–পেলেষ্টাইনৰ্ যুদ্ধ অত বছৰে চলি আছে৷ চলি থকাৰ আচল কাৰণ ধর্ম নহয়, আচল কাৰণ হ’ল এটা সময়ত সামন্তবাদী নেতা, ৰজা, পুৰোহিত, ধর্ম প্রচাৰকৰ লোভ–লালসা আৰু নেতা হৈ থকাৰ স্বার্থ, আৰু আধুনিক সময়ত কেইখনমান পুঁজিপতি, সাম্রাজ্যবাদী দেশৰ শোষণ, ষডযন্ত্র, ভাগ ভাগ কৰি শাসন কৰাৰ কূটনীতি৷
ইহুদীসকলেই বোধকৰোঁ এনে এক ধর্মীয় গোটৰ লোক, যি হাজাৰ হাজাৰ বছৰ ধৰি ভুগি আহিছে আজি পর্যন্ত আন বহু ধর্মীয় লোকৰ লাঞ্ছনা–গঞ্জনা–দম৷ ইহুদীসকলৰ এই যন্ত্রণাৰ আৰম্ভ হৈছিল যিশুখ্রীষ্টৰ সময়ৰ পৰাই৷ ধার্মিকসকলে বিশ্বাস কৰা মতে যিশুৰ জন্ম হৈছিল এটা ইহুদী পৰিয়ালত, আৰু সেই ইহুদীসকলেই তেওঁক ক্রুছবিদ্ধ কৰিছিল, তদুপৰি এচাম খ্রীষ্টান ধর্ম যাজকে এনেকৈ প্রচাৰ কৰিছিল যে ইহুদীসকলে চয়তানৰ পূজা কৰে আৰু সেই পূজাৰ বাবে খ্রীষ্টান শিশুৰ বলি পর্যন্ত দিয়ে৷ ফলত দিনক দিনে খ্রীষ্টানসকলৰ ইহুদীসকলৰ প্রতি ঘৃণা, হিংসা বাঢ়ি গৈ এটা সময়ত ক্রুছেদৰ দৰে ঘটনাৰ সূত্রপাত ঘটিছিল৷ আনহাতে একেদৰে ইছলামৰ ক্ষেত্রতো প্রায় একেধৰণৰ ধর্মীয় ঘৃণাৰ ভাব সুমুৱাই দিয়া হৈছিল৷ উল্লেখযোগ্য যে এই তিনিওটা ধর্মৰ বাবেই জেৰুজালেম পৱিত্র স্থান, গতিকে এই স্থানক লৈও এক ত্রিকোণীয় টনা–আঁজোৰা যুগ যুগ ধৰি চলি আহিছিল৷
স্বাভাৱিকতে বিশ্বৰ ভিন্ন প্রান্তত বসবাস কৰি থকা ইহুদীসকল এনে উদ্ভত কাৰণসমূহৰ বাবেই আন ধর্মৰ মানুহৰ হিংসাৰ বলি হিটলাৰৰ আগৰ সময়ৰ পৰাই হৈ আহিছিল৷ যুগ যুগ ধৰি ইহুদীসকলে এইদৰে অত্যাচাৰ সহি অহা দেখি মাজে মাজে ইহুদীসকলৰ মাজত একত্রিত হৈ যুঁজ দি বর্তি থকাৰ প্রচেষ্টা আৰু আহ্বানৰ সৃষ্টি হৈছিল৷ ১৯ শতিকাত সেইদৰেই থিয়’ডৰ হার্জেলৰ দৰে ব্যক্তিয়ে প্রচাৰ কৰিবলৈ আৰম্ভ কৰে ইহুদীসকলক একত্রীত কৰি ইহুদীসকলৰ বাবে পৃথক আৰু একত্র এখন দেশ গঠনৰ আকাংক্ষাৰে ‘জিয়’নিজম’ৰ মতবাদ৷ এই মতবাদৰ প্রচাৰৰ লগে লগে বিশ্বৰ ভিন্ন স্থানত থকা ইহুদীসকলে তেওঁলোকৰ পৱিত্র স্থান বুলি গণ্য কৰা জেৰুজালেমত থকা ভূমি পেলেষ্টাইনলৈ প্রব্রজন কৰিবলৈ আৰম্ভ কৰে৷ উল্লেখযোগ্য যে সেই সময়ত পেলেষ্টাইন অট্ট’মান সাম্রাজ্যৰ অধীনত আছিল৷ যদিও সেই সময়ৰ পেলেষ্টাইনত ইহুদী, মুছলমান আৰু খ্রীষ্টান এই তিনিওটা ধর্মৰ লোকে সহাৱস্থান কৰিছিল, তথাপি কিন্তু কোনো পাৰস্পৰিক সংঘাত হোৱা নাছিল৷ কাৰণ সেই সময়ত পেলেষ্টাইনত যথেষ্ট খালী ভূমি আছিল, গতিকে মাটিক লৈ, সম্পত্তিক লৈ কোনো টনা–আঁজোৰা হোৱা নাছিল বাবে সংঘাতো নাছিল৷
কিন্তু এই শান্তিপূর্ণ সহবাসৰ অন্ত পৰে প্রথম বিশ্বযুদ্ধৰ সময়ত৷ ব্রিটেইন, ফ্রাঞ্চ আদি দেশে আৰবীয় বিদ্রোহীসকলৰ সৈতে মিত্রতা কৰি অট্ট’মান সাম্রাজ্যৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হয়৷ উল্লেখযোগ্য যে আৰব বিদ্রোহৰ উদ্দেশ্য আছিল এখন বৃহত্তৰ আৰব বিশ্বৰ প্রতিষ্ঠা কৰা, যাৰ সীমা ছিৰিয়াৰ পৰা য়েমেনলৈ ব্যাপ্ত হ’ব৷ আনহাতে ব্রিটেইন আৰু ফ্রান্সে পেলেষ্টাইনৰ ইহুদীসকলকো তলে তলে এইবুলি লোভ দেখুৱাইছিল যে যদিহে এই যুদ্ধত তেওঁলোকে ব্রিটেইনক সহায় কৰে, তেন্তে তেওঁলোকক এখন পৃথক ইহুদী ৰাষ্ট্র গঠন কৰাত সহায় কৰিব৷ ইয়াৰ আঁৰত ব্রিটেইনৰ মুখ্য উদ্দেশ্য আছিল আমেৰিকাত থকা ইহুদীসকলৰ ওপৰত প্রভাৱ বিস্তাৰ কৰা, যাতে তেওঁলোকৰ যোগেদি এই যুদ্ধৰ ক্ষেত্রত আমেৰিকাৰ সহানুভূতি লাভ কৰিব পাৰে৷ এই যুদ্ধৰ ফলত অট্ট’মান সাম্রাজ্যৰ অন্ত পৰে আৰু এই সমগ্র অঞ্চলটো ব্রিটেইন আৰু ফ্রান্সে ভাগ কৰি সাম্রাজ্যবাদ প্রতিষ্ঠা কৰে৷ উল্লেখ্য যে ব্রিটিছসকলে পেলেষ্টাইনীসকলকো একেই দিবা স্বপ্ণ দেখুৱাইছিল৷ কিন্তু ইহুদী, আৰব অথবা পেলেষ্টাইনী কোনেও গম পোৱা নাছিল যে ব্রিটেইন আৰু ফ্রান্সে ইতিমধ্যেই এক গোপন চুক্তি কৰি ৰাখিছিল, যাক কোৱা হয় চাইকচ্–পাইকট্ সন্ধি৷ ইয়াৰ যোগেদিয়েই দুয়োখন সাম্রাজ্যবাদী দেশে এই বৃহত্তৰ অঞ্চলটোত অট্ট’মান সাম্রাজ্যৰ অন্ত পৰাৰ পিছত ভাগ ভাগ কৰি দখল কৰিছিল৷
তাৰ পিছত আহে হিটলাৰৰ যুগ৷ যেতিয়া হিটলাৰে ইহুদীসকলক বধ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া আৰু এক বৃহৎ পৰিসৰৰ ইহুদীৰ প্রব্রজন হয় পেলেষ্টাইন অঞ্চললৈ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ ফাললৈ যেতিয়া ব্রিটেইনৰ কঁকাল প্রায় ভাগি পৰিছিল, তেতিয়া তেওঁলোকে সেই একেই নীতিকেই অৱলম্বন কৰি আগতে দখল কৰি থকা অঞ্চলসমূহৰ দায়িত্ব ল’ব নোৱাৰি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল, যিদৰে ভাৰতৰ ক্ষেত্রত কৰি ভাৰত–পাকিস্তান পৃথক দেশৰ সৃষ্টি কৰি গৈছিল ভাগ ভাগ কৰাৰ কূটনীতি লৈ৷ কিন্তু এই কুটনীতিৰ দায় নিজেই নলৈ এইবাৰ দিলে ৰাষ্ট্রসংঘক৷ সেইমর্মেই ৰাষ্ট্রসংঘই পেলেষ্টাইন অঞ্চলৰ ৫৩ শতাংশ ভূমি ইহুদীসকলক আৰু বাকী ৪৭ শতাংশ পেলেষ্টাইনীসকলক দি দুখন পৃথক ৰাষ্ট্রৰ বাবে দিহা কৰে৷ ইহুদীসকল এই আঁচনিৰ ক্ষেত্রত সন্মত হয় যদিও আৰবসকল সন্মত নহয়, কাৰণ আগতে পাই যোৱা ঠগনৰ বাবে আৰবসকলৰ মনত এটা শংকা আৰু সন্দেহৰ ভাব ইতিমধ্যে সোমাই গৈছিল যে এনে কৰি ইংৰাজসকলে ভিতৰুৱাকৈ আকৌ সাম্রাজ্যবাদৰ পৰিকল্পনাহে কৰিছে, তাতে ইহুদীসকল আৰবসকলৰ দৃষ্টিত প্রব্রজনকাৰীহে আছিল, তেতিয়ালৈ ভূমিৰ নাটনিৰো সৃষ্টি হৈছিল৷
ইহুদীসকলে ৰাষ্ট্রসংঘৰ প্রস্তাৱ গ্রহণ কৰি ১৯৪৮ চনত গঢ় দিয়ে ইজৰাইল ৰাষ্ট্রৰ৷ কিন্তু এই কথা সহ্য নহ’ল চুবুৰীয়া ইছলামী দেশসমূহৰ৷ এইসমূহ দেশে একগোট হৈ যুদ্ধ ঘোষণা কৰে নতুনকৈ গঠন হোৱা এই ক্ষুদ্র ৰাষ্ট্র ইজৰাইলৰ বিৰুদ্ধে৷ ইজৰাইলীসকলে অতীতৰ পৰা ইতিমধ্যেই বুজি পাইছিল যে তেওঁলোকে কিদৰে বিভিন্ন সময়ত আন গোটৰ মানুহৰ দ্বাৰা নির্যাতিত হৈ আহিছে৷ অত কষ্ট, যন্ত্রণা ভুগি অহাৰ পিছত এই যি ইজৰাইল দেশ তেওঁলোকে লাভ কৰিছে তাক ৰক্ষা কৰিবলৈ হ’লে মুছলমান দেশসমূহৰ এই একত্রিত আক্রমণৰ বিৰুদ্ধে মৰণপণ যুঁজ দিব লাগিব৷ সেই উৎসাহ আৰু স্বদেশপ্রেমৰ সৈতে যুঁজ দি আশ্চর্যকৰভাৱে ইজৰাইলে এই যুদ্ধত জয়লাভ কৰে৷ কিন্তু এই যুদ্ধৰ ফলত ইতিপূর্বে পেলেষ্টাইনীসকলৰ ভূমি হৈ ৰোৱা গাজাষ্ট্রিপ আৰু ৱেষ্ট বেংক ইজিপ্ত আৰু জর্দানৰ হাতলৈ গুচি যায়৷
পেলেষ্টাইনীসকলৰ নিজৰ বুলিবলৈ কোনো ভূমি নোহোৱাৰ দৰে হৈ পৰে৷ তেতিয়াই সংঘটিত হয় আধুনিক বিশ্বৰ ইতিহাসৰ আটাইতকৈ বৃহৎ গণ প্রব্রজনৰ৷ সাত লাখতকৈ অধিক পেলেষ্টাইনী জনতাই ওচৰ–চুবুৰীয়া আন দেশলৈ মৌলিক প্রয়োজন আৰু জীয়াই থকাৰ আশাৰে প্রব্রজন কৰে৷
ইয়াৰ পিছত ১৯৬৭ চনত পুনৰ এবাৰ আৰব– ইজৰাইল যুদ্ধৰ সূত্রপাত ঘটে৷ ইয়াক ছয় দিনীয়া যুদ্ধ বুলিও জনা যায়৷ এই যুদ্ধতো ইজৰাইলৰ জয় হয়৷ কিন্তু এইবাৰ ইজিপ্তৰ এটা সমগ্র অঞ্চলৰ লগতে গাজাষ্ট্রিপ, ৱেষ্ট বেংকো ইজৰাইলৰ হাতলৈ গুচি যায়৷ অদ্যাপী আন দেশৰ মাজৰ এই যুদ্ধ, ৰাজনীতি, সাম্রাজ্যবাদ, কূটনীতি আদিৰ দ্বাৰা জর্জৰিত হৈ ভাৰাক্রান্ত হৈ পৰা পেলেষ্টাইনীসকলৰ মাজত গঢ় লৈ উঠে প্রতিৰোধী সংগ্রামৰ৷ আৰম্ভণিতে এই সংগ্রাম মূলতঃ সশস্ত্র সংগ্রাম হিচাপে আৰম্ভ হৈছিল৷
এই সংগ্রামৰ মুখ্য উদ্দেশ্য আছিল ইজৰাইল নামৰ দেশখন বিশ্বৰ বুকুৰ পৰা নিশ্চিহ্ণ কৰি স্বাধীন পেলেষ্টাইন দেশখনৰ প্রতিষ্ঠা কৰা৷ সেই উদ্দেশ্যেই গঠন হৈছিল পেলেষ্টাইন লিবাৰেচন অর্গেনাইজেচন৷ স্বাভাৱিকতেই এই সংগঠনটোক আমেৰিকা আৰু ইজৰাইলে লগে লগে সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰি দিয়ে৷
কিন্তু কোনো এটা সংগঠনক কোনোবা এখন বা দুখন দেশে সন্ত্রাসবাদী আখ্যা দিলেই আক্ষৰিক অর্থত সন্ত্রাসবাদী হৈ নাযায়৷ একেদৰে পি এল অ’ গঠন হৈছিল পেলেষ্টাইনী লোকসকলৰ ন্যায্য যি প্রাপ্য অর্থাৎ জীয়াই থাকিবলৈ ভৰিৰ তলত নিজৰ বুলিবলৈ অলপ মাটি সেয়া লাভ কৰিবলৈ৷
পি এল অ’ গঠন হোৱাৰ পিছত পুনৰ এবাৰ আৰব–ইজৰাইলৰ তৃতীয় যুদ্ধ হৈছিল যদিও পৰিস্থিতিৰ বিশেষ একো পৰিৱর্তন হোৱা নাছিল৷ কিন্তু ঘটনাক্রমে এটা নতুন মোৰ লৈছিল, যেতিয়া ১৯৭৪ চনত ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদে পেলেষ্টাইন লিবাৰেচন অর্গেনাইজেচনক পেলেষ্টাইন আৰু পেলেষ্টাইনী লোকৰ স্বীকৃতিপ্রাপ্ত কর্তৃপক্ষ বুলি স্বীকৃতি দিয়ে৷ উল্লেখযোগ্য যে ১৯৭৯ চনত ইজিপ্তে ইজৰাইলক এখন দেশ হিচাপে স্বীকৃতি দিয়ে আৰু ইজৰাইলে আগতে দখল কৰি ৰখা ইজিপ্তৰ ভূমি ইজিপ্তৰ হাতত গতাই দি শান্তিৰ সম্পর্ক স্থাপন কৰে৷ এই শান্তি প্রক্রিয়াৰ বাবে দুয়ো দেশৰ ৰাষ্ট্রপতিক শান্তিৰ ন’বেল বঁটা প্রদান কৰা হয়৷ আধুনিক বিশ্ব ইতিহাস সাক্ষী আছে যে যেতিয়াই কোনো সংঘাতৰ শান্তিপূর্ণ সমাধানৰ বাবে বুজাবুজি, এৰাধৰাৰ মাজেৰে দুটা বিপৰীত শিবিৰ আগবাঢ়ে, তেতিয়াই তাত বাধাৰ প্রাচীৰ হৈ খেলিমেলিৰ সৃষ্টি কৰিবলৈ খাপ পিটি থাকে সোঁপন্থাৰ কট্টৰপন্থীসকল৷ সেই একেই ঘটনা ঘটিল ইজিপ্তৰ ক্ষেত্রতো৷ ইহুদী দেশৰ লগত বুজাবুজি কৰাৰ বাবেই ইজিপ্তৰ ৰাষ্ট্রপতিক ইছলামী কট্টৰপন্থীয়ে ১৯৮১ চনত হত্যা কৰে৷ অনুৰূপ ঘটনা খোদ ইজৰাইল আৰু আনহাতে পেলেষ্টাইনৰ ক্ষেত্রতো দেখিবলৈ পোৱা যায়৷
১৯৬৭ চনৰ পৰা ১৯৮০ চনলৈ ইজৰাইলে গাজাষ্ট্রিপ আৰু ৱেষ্ট বেংক দখল কৰি ৰখাৰ লগতে তাত বহুসংখ্যক ইহুদী লোকক সংস্থাপন দিবলৈ আৰম্ভ কৰে৷ ফলত মূলতঃ ৱেষ্ট বেংকত বহুসংখ্যক ইহুদী লোকৰ সৰু সৰু কলনীৰ সৃষ্টি হ’বলৈ ধৰে৷ পেলেষ্টাইনী লোকসকলে এই কার্যক একপ্রকাৰৰ ক’ল’নাইজেচন বুলি দাবী কৰে আৰু ৰাষ্ট্রসংঘৰ লগতে বিশ্বৰ বহু দেশে ইজৰাইলৰ এই কার্যক অবৈধ বুলি ঘোষণা কৰে, যিহেতু ই ৰাষ্ট্রসংঘৰ যি ১৯৪৮ চনৰ বিভাজন আঁচনি আছিল, তাক অমান্য কৰাৰ দৰে হয়৷
উল্লেখ্য যে ৱেষ্ট বেংকত গৈ সংস্থাপিত হোৱা বা দখল কৰা সৰহভাগ ইহুদী লোকেই আছিল কট্টৰ সোঁ পন্থাৰ ইহুদী জি’নিষ্ট লোক৷ তেওঁলোকৰ মতে সমগ্র ৱেষ্ট বেংক এলেকা ইহুদীসকলৰ হয়৷
কিন্তু তেনেকুৱা অৱস্থাতে ৯০ৰ দশকৰ আৰম্ভণিতে ইজৰাইল আৰু পেলেষ্টাইন দুয়োখন দেশে দুজন অতিকৈ মহান, দূৰদর্শী ব্যক্তিক নিজৰ নেতা হিচাপে লাভ কৰে৷ ১৯৯২ চনত ইজৰাইলৰ ৰাষ্ট্রপতি হয় য়িটঝাক ৰাবিন আৰু আনহাতে সমসাময়িকভাৱে পেলেষ্টাইন লিবাৰেচন অর্গেনাইজেচনৰ সভাপতি হিচাপে আগবাঢ়ি আহে য়াছেৰ আৰাফত৷ ৰাবেন প্রথমজন ইজৰাইল ৰাষ্ট্রপতি আছিল, যি ঘোষণা কৰে যে পি এল অ’ সন্ত্রাসবাদী সংগঠন নহয়, ই এক নিজৰ অধিকাৰৰ বাবে যুঁজ দিয়া ৰাজনৈতিক সংগঠনহে৷ ফলত দুয়োজন নেতাৰ মাজত বিল ক্লিণ্টনৰ উপস্থিতিত স্বাক্ষৰিত হয় অ’চল’ চুক্তি৷ সেইমর্মে ইজৰাইল পি এল অ’ক ৱেষ্ট বেংক আৰু গাজা ষ্ট্রিপৰ স্বীকৃতিপ্রাপ্ত কর্তৃপক্ষ হিচাপে স্বীকৃতি দিয়ে৷ কিন্তু এইখিনিতে সমস্যা আহি পৰে ৱেষ্ট বেংকত কোনে কেনেকৈ শাসন কৰিব তাক লৈ, কাৰণ ইতিমধ্যেই তাত বহুসংখ্যক ইহুদী কলনীৰ সৃষ্টি হৈ গৈছিল৷ এক কথাত ক’বলৈ গ’লে লাখ লাখ হিচাপত ৱেষ্ট বেংকত ইহুদী লোকে কলনী সৃষ্টি কৰি লৈছিল৷ ইয়াৰ সমাধান হিচাপে সমগ্র ৱেষ্ট বেংকক ‘এই’, ‘বি’ আৰু ‘চি’ তিনিটা ভাগত ভাগ কৰা হয়৷ ‘এই’ত শাসন কৰিব পি এল অ’ৱে, ‘বি’ত দুয়োখন দেশৰ চৰকাৰে আৰু ‘চি’ত ইজৰাইলে৷ গতিকে উপৰুৱাকৈ দেখাত পি এল অ’ক পেলেষ্টাইনৰ অধিকাৰ দিয়া হ’ল যদিও ৱেষ্ট বেংকৰ ভিতৰছোৱাত বিশুদ্ধ পেলেষ্টাইনৰ ৰূপ টুকুৰাটুকুৰ খণ্ডত বিভক্ত হৈ পৰিল৷ উল্লেখ্য যে যদিও এই শান্তি প্রক্রিয়াৰ বাবে ৰাবেন আৰু আৰাফত দুয়োজনকেই শান্তিৰ ন’বেল বঁটা প্রদান কৰা হৈছিল, কিন্তু এই শান্তি চুক্তিক লৈ দুয়োপক্ষৰ ধার্মিক পাগল আৰু কট্টৰপন্থী সোঁ পন্থাৰ ৰাষ্ট্রবাদীবোৰ সুখী নাছিল৷ ফলত ইজৰাইলৰ ৰাষ্ট্রপতিক এজন সোঁ পন্থাৰ কট্টৰপন্থী ৰাষ্ট্রবাদী ইহুদীয়ে গডছেই গান্ধীৰ নিধন কৰাৰ দৰেই ১৯৯৫ চনত ওচৰৰ পৰা গুলীয়াই হত্যা কৰে৷ আনফালে পেলেষ্টাইনৰ সামগ্রিক অস্থিৰতাৰ সুবিধা লৈ তাত ১৯৮৭ চনতেই গঢ় লৈ উঠিছিল ইতিমধ্যেই এটা ৰক্ষণশীল, কট্টৰবাদী ইছলামী সামৰিক সংগঠন– ‘হামাছ’৷ পি এল অ’ যদি এটা অহিংসাৰ আদর্শৰে পৰিচালিত সংগঠন, তেন্তে হামাছ হ’ল এটা সশস্ত্র বিদ্রোহী সংগঠন৷ এই হামাছৰ দৃষ্টিত পি এল অ’ এটা বাৰুকৈয়ে ধর্মনিৰপেক্ষ সংগঠন, যি ইহুদী ইজৰাইলৰ লগত এৰাধৰা কৰি সম্বন্ধ স্থাপন কৰিব বিচাৰিছে, আনহাতে হামাছে দাবী কৰে আৰু পেলেষ্টাইনৰ বহু জনতাক ধর্মৰ ৰাগীৰে মগজুৰ পক্ষালন কৰি প্রচাৰ কৰিবলৈ ধৰে যে হামাছেই একমাত্র সংগঠন আৰু পথ, যি বিশ্বৰ বুকুৰ পৰা ইজৰাইলক নিশ্চিহ্ণ কৰি দিব আৰু বৃহত্তৰ পেলেষ্টাইন গঠন কৰিব৷
দুয়ো দেশৰ এই কট্টৰপন্থী লোকসকলৰ উৎপাতত দুয়োখন দেশতেই হিংসাৰ সূত্রপাত হ’বলৈ আৰম্ভ কৰে৷ ১৯৯৬ চনত হামাছে পি এল অ’ৰ নেতৃত্বত পৰিচালিত হোৱা সাধাৰণ নির্বাচন বর্জন কৰাৰ লগতে ইজৰাইলী অঞ্চলত আত্মঘাতী বোমাৰে আক্রমণ কৰিবলৈ আৰম্ভ কৰে৷ ফলস্বৰূপে দুয়ো শিবিৰৰ লোকৰ মাজত আগতকৈও বেছিকৈ পাৰস্পৰিক ঘৃণাৰ সৃষ্টি হ’বলৈ ধৰে৷ দুয়োটা শিবিৰৰেই শ শ মানুহে নিজৰ প্রাণ হেৰুৱাবলগীয়া হয়৷ কিন্তু বেছিভাগ লোকচান হয় পেলেষ্টাইনী লোকৰ, কাৰণ ৱেষ্ট বেংকত কলনী গঠন কৰা ইহুদী লোকৰ অঞ্চলবোৰ ওখ ওখ দেৱালেৰে ঘেৰি লোৱাৰ লগতে তাৰ দ্বাৰত ৰখীয়া হিচাপে অহৰহ থাকে ইজৰাইলী সামৰিক বাহিনীৰ লোক৷ একেখন দেশৰ ভিতৰতে যেন দুখন ভিন্ন বিশ্ব৷ এফালে স্কুল, কলেজ, চিকিৎসালয়, মসৃণ পথৰ সৈতে ইহুদী বসতিস্থলসমূহ আৰু আনফালে দৰিদ্রতাৰ মাজেৰে জীৱন পাৰ কৰিবলগীয়া পেলেষ্টাইনী লোকসকলৰ বসতিস্থলসমূহ৷ ২০০৬ চনত হামাছে পোনপ্রথমবাৰৰ বাবে পেলেষ্টাইনৰ সাধাৰণ নির্বাচনত অংশগ্রহণ কৰে আৰু নিচেই কম ব্যৱধানত পি এল অ’ৰ দ্বাৰা সমর্থিত দল ‘ফটেহ’ক হৰুৱাই শাসনভাৰ লয়৷ কিন্তু ইয়াৰ লগে লগে পেলেষ্টাইনৰ ভিতৰতে উদাৰপন্থী ফটেহ আৰু কট্টৰপন্থী হামাছৰ মাজতেই সংঘাতৰ সৃষ্টি হ’বলৈ ধৰে৷ ইয়াৰ ফলশ্রুতিতে সূত্রপাত ঘটে ২০০৭ চনত গাজাৰ যুদ্ধৰ৷ এই যুদ্ধৰ ফলত সমগ্র গাজা ষ্ট্রিপ হামাছে দখল কৰি লয় আৰু আনহাতে ৱেষ্ট বেংকত শাসনভাৰ লয় পি এল অ’ৱে৷ কিন্তু পেলেষ্টাইনৰ এই আভ্যন্তৰীণ সংঘাতৰ সুবিধা লৈ থাকে আৰু বর্তমানেও আছে লাহে লাহে মুকলিকৈ সাম্রাজ্যবাদী চৰিত্র দেখুৱায় ইজৰাইলৰ চৰকাৰে৷ ইজৰাইলী কর্তৃপক্ষই ৱেষ্ট বেংকত ইহুদী লোকক বেছি বেছিকৈ সংস্থাপিত কৰাৰ লগতে পেলেষ্টাইনীসকলক নিজৰ গৃহৰ পৰাই বিতাডিত কৰাৰ পৰিকল্পনা কৰিছে বুলি সঘনাই অভিযোগ উত্থাপিত হয়৷
শেহতীয়াকৈ যি যুদ্ধসদৃশ সংঘাতৰ সৃষ্টি হৈছে তাৰ উৎসেচক হিচাপে আমি দায়ী কৰিব লাগিব কেইবাজনো ইজৰাইলী সোঁ পন্থাৰ ৰাজনীতিকক৷ তেওঁলোকে যোৱা কিছুদিনৰ পৰা পেলেষ্টাইন আৰু পেলেষ্টাইনী জনতাক উদ্দেশ্য কৰি ঘৃণাভৰা, হিংসাভৰা ভাষণ, মন্তব্য আৰু ৰেলীৰ আয়োজন কৰি আহিছে৷ ইজৰাইলী চৰকাৰেও একে সময়তে অবৈধভাৱে জেৰুজালেমত বহু পেলেষ্টাইনী পৰিয়ালক গৃহচ্যুত কৰিবলৈ চেষ্টা কৰি আহিছিল৷ জ্বলা জুইত ঘিউ ঢ়লাৰ দৰে তাত কিছুমান চৰম সোঁ পন্থাৰ ইহুদী সংগঠনে পেলেষ্টাইনীবিৰোধী ৰেলী উলিয়াইছিল৷ তেওঁলোকৰ শ্লোগান আছিল ‘ডেথ টু অল পেলেষ্টাইনছ’৷ ইয়াৰ প্রত্যুত্তৰত অতদিনে নিজৰ গৃহভূমি, বাসস্থানতেই অনিশ্চয়তাৰ মাজত জীৱন পাৰ কৰি অহা পেলেষ্টাইনী জনতাই চৰম হিংসাৰ পথ বাছি লোৱা নাছিল৷ মাজে–সময়ে দুই–এটা প্রতিবাদী সমদল উলিয়াইছিল৷ কিন্তু তাৰ বিৰুদ্ধে ইজৰাইলী সেনাই দমনকাৰী নীতি প্রয়োগ কৰে৷ প্রত্যুত্তৰত প্রতিবাদীসকলে শিল নিক্ষেপ কৰিবলৈ ধৰে৷ হয়তো ইয়াৰ বাবেই ইজৰাইলৰ সামৰিক শিবিৰে খাপ পিটি আছিল৷ শিল নিক্ষেপ কৰাৰ ঘটনাকে অচিলা হিচাপে লৈ ইজৰাইলী চৰকাৰে আল আস্ক মছজিদত সেনাক প্রৱেশ কৰোৱাই মছজিদ খালী কৰোৱাই, চৰকাৰী পক্ষৰ দাবী যে মছজিদৰ ভিতৰত পেলেষ্টাইনী প্রতিবাদকাৰীয়ে সেনা আৰু চৰম সোঁ পন্থাৰ ইহুদী সংগঠনে উলিয়াব লগীয়া ৰেলীক আক্রমণ কৰিবলৈ বহু পৰিমাণে শিল জমা কৰি ৰাখিছে৷ এই হাস্যকৰ দাবীকেই সাৰোগত কৰি ইজৰাইলী সেনাই মুছলমানসকলৰ অতিকৈ পৱিত্র স্থান বুলি পৰিগণিত আল আস্ক মছজিদত আক্রমণ চলোৱাৰ লগে লগেই আৰম্ভ হয় বর্তমানেও চলি থকা ইজৰাইল আৰু হামাছৰ মাজৰ সামৰিক সংঘাত৷
যোৱা কেইবছৰত ইজৰাইল বিষয়ত আগতে অহি–নকূল সম্পর্ক ৰখা বহুকেইখন মুছলমান দেশে নৰম স্থিতি গ্রহণ কৰাৰ লগতে বহু বিষয়ত বন্ধুত্ব স্থাপন কৰাত হামাছে আগতে লাভ কৰা ধৰণৰ ৰাজনৈতিক, অর্থনৈতিক, সামৰিক সাহায্য লাভ নকৰা হৈছিল৷ হামাছৰ গুৰুত্ব আন্তর্জাতিক স্তৰত কমি আহিছিল৷ কেৱল ইৰান চৰকাৰে আমেৰিকাৰ লগত শত্রুতা বর্তাইৰাখিবলৈকে হামাছক পৃষ্ঠপোষকতা কৰি আহিছিল৷ অৱশ্যে হামাছে লাভ কৰা সাহায্যৰ সৰহভাগ অংশই কেৱল মাৰণাস্ত্র ক্রয় কৰি জমা ৰখাতহে গুৰুত্ব দিয়া বাবে গাজা ষ্ট্রিপৰ সাধাৰণ জনতাৰ অর্থনৈতিক অৱস্থা একেবাৰেই বেয়া৷ নিবনুৱা সমস্যা অত্যধিক৷ গতিকে আল আস্ক মছজিদত ইজৰাইলী সেনাই আক্রমণ কৰাৰ ঘটনাটোক অচিলা হিচাপে লৈয়েই হামাছে ইজৰাইলৰ বিৰুদ্ধে হুংকাৰ দি যোৱা কিছুদিনৰ পৰা অহৰহ ৰকেট নিক্ষেপ কৰি আছে, প্রত্যুত্তৰত ইজৰাইলেও প্রতি আক্রমণ কৰিছে৷ দুয়োপক্ষৰেই বহু নিৰীহ লোকে প্রাণ হেৰুৱাইছে৷ এইখিনিতে এটা কথাক লৈ আমি স্পষ্ট হৈ লোৱাতো উচিত হ’ব যে ৱেষ্ট বেংকৰ জেৰুজালেমস্থিত আল আস্কত ইজৰাইলী সেনাই আক্রমণ কৰা বাবে ৱেষ্ট বেংকত বিশেষ কোনো হিংসাত্মক ঘটনা সংঘটিত হৈ থকা নাই, যুদ্ধ চলি আছে ইজৰাইলৰ আনটো ফালে থকা গাজাস্থিত হামাছ আৰু ইজৰাইলৰ মাজতহে৷
কিন্তু আমি পোনছাটেই হামাছকো সন্ত্রাসবাদী সংগঠন বুলি কৈ সকলো দোষ জাপি দি হাত সাৰিব নোৱাৰোঁ৷ গাজা ষ্ট্রিপত জীৱন একেবাৰেই কঠিন৷ দৰিদ্রতা, নিবনুৱা সমস্যা তাত আকাশলংঘী৷ চুবুৰীয়া ইজিপ্ত, ইজৰাইল সকলোৱে গাজাৰ লোকৰ বাবে দুৱাৰ বন্ধ কৰি থৈছে৷ কোনো ব্যৱসায়–বাণিজ্যৰ পথ নাই৷ আনহাতে ৱেষ্ট বেংকত শাসন কৰা পি এল অ’ৰ ভিতৰছোৱা আৰু তাৰ প্রশাসন বাৰুকৈয়ে দুর্বল, দুর্নীতিগ্রস্ত৷ ফলত সাধাৰণ পেলেষ্টাইনী লোকৰ দৃষ্টিত তেওঁলোকক স্বাধীন ভূমি দিব পৰা একমাত্র সংগঠনেই হ’ল হামাছ৷ যদিও শেহতীয়াকৈ হামাছে বহু বিষয়ত ইজৰাইলৰ লগত বুজাবুজিলৈ আহিবলৈ আগ্রহ প্রকাশ কৰিছিল, কিন্তু ইজৰাইলৰ বহু সোঁ পন্থাৰ কট্টৰপন্থী নেতাৰ উৎপাতৰ বাবে ইজৰাইলৰ তৰফৰ পৰা কোনো গুৰুত্ব দিয়া নহ’ল৷ বৰঞ্চ এনেকুৱা এটা প্রতিচ্ছবিহে প্রকাশ হ’বলৈ লৈছে যেন ইজৰাইলী কর্তৃপক্ষই এই সমস্যাৰ কোনো শান্তিপূর্ণ সমাধান নিবিচাৰে৷ ইজৰাইলী চৰকাৰে যদিহে পেলেষ্টাইনী লোকৰ স্বাধিকাৰ আৰু নিজৰ ভূমিৰ অধিকাৰক স্বীকৃতি দি হামাছ আৰু পি এল অ’ৰে সৈতে বুজাবুজি কৰি ৱেষ্ট বেংকত থকা ইহুদীসকলক তাৰ পৰা মূল ইজৰাইললৈ ওভতাই আনি গাজা আৰু ৱেষ্ট বেংকত শাসন কৰিবলৈ হামাছ আৰু পি এল অ’ক এৰি দিয়ে, তেন্তে নিশ্চয়কৈ এই সমস্যাৰ সমাধান হ’ব পাৰে৷ কিন্তু বর্তমান এই বিষয়তো নিশ্চয়কৈ কেৱল ইহুদী–পেলেষ্টাইনীৰ হৈ থকা নাই৷ এই সমস্যাৰ সুবিধা লৈ ইতিমধ্যেই এই সমস্যাৰ বাবে চলি থকা যুদ্ধৰ দাবানলত নিজৰ ৰুটী সেঁকি আছে আন বহু সুবিধাবাদী দেশেই৷ কিছুমানে যদি ধর্মৰ অচিলা লৈ হামাছক সমর্থন কৰিছে, তেন্তে আন কিছুমানে পোনছাটেই হামাছক ইছলামী সন্ত্রাসবাদী বুলি আখ্যা দি ইজৰাইলৰ সমর্থন কৰিছে৷ কিন্তু এইটো কথা ঠিক যে এই সমগ্র সমস্যাটোৰেই আৰম্ভ হৈছিল ধর্মক অচিলা হিচাপে লৈ আৰম্ভ কৰা ৰাজনীতি–কুটনীতি আৰু স্বার্থসিদ্ধিৰ লালসাৰ বাবেই৷ এতিয়াও তাকেই চলি আহিছে৷ গতিকে মুছলমান মানেই হামাছ বা পেলেষ্টাইনক সমর্থন কৰা বা মুছলমানবিৰোধী বাবেই ইজৰাইলক সমর্থন কৰাতো একপ্রকাৰৰ জ্ঞানহীনতাৰ নিদর্শনহে৷