জন গিলগাড
কুৰি শতিকাৰ তিনিজন সর্বশ্রেষ্ঠ ইংৰাজ অভিনেতাৰ ভিতৰত জন গিলগাডক এজন বুলি ধৰা হয়৷ আন দুজন হ’ল লৰেঞ্চ অলিভিয়াৰ আৰু ৰাল্ফ ৰিচার্ডছন৷ অৱশ্যে বহুতৰ মতে জন গিলগাডেই হ’ল বর্তমান যুগৰ সর্বশ্রেষ্ঠ ইংৰাজ অভিনেতা৷ মই নিজে এজন চিনেমা–পাগল মানুহ৷ মই কেইবাখনো চিনেমাত লৰেঞ্চ অলিভিয়াৰ আৰু ৰাল্ফ ৰিচার্ডছনৰ অভিনয় দেখিছোঁ৷ কিন্তু জন গিলগাডৰ অভিনয় দেখাৰ সুযোগ মই এতিয়ালৈকে পোৱা নাই৷ অথচ যি দুজন অভিনেতাৰ অভিনয় মই দেখিছোঁ আৰু দেখি অতিশয় মুগ্ধ হৈছোঁ, তেওঁলোকৰ বিষয়ে মই আজিলৈকে মোৰ কোনো লেখাতে কোনো কথা উল্লেখ কৰা নাই৷ আনহাতে, জন গিলগাডৰ অভিনয় কেতিয়াও নেদেখা সত্ত্বেও মই ইতিমধ্যে তেওঁক দুবাৰ স্মৰণ কৰিছোঁ৷ আজিৰ পৰা প্রায় ৩০ বছৰৰ আগতে কিবা এটা বিশেষ প্রসংগত মই তেওঁৰ বিষয়ে এনেদৰে লিখিছিলোঁ– ‘শৰীৰৰ অংগ–প্রত্যংগ আৰু মাংসপেশীবোৰ ব্যৱহাৰ নকৰি পেলাই থ’লে সেইবোৰ ক্রমাৎ শীর্ণ আৰু দুর্বল হৈ যায়৷ আনহাতে, নিয়মিতভাৱে শাৰীৰিক পৰিশ্রম আৰু ব্যায়াম কৰিলে মাংসপেশীবোৰ সবল আৰু কর্মক্ষম হৈ থাকে৷ স্মৃতিশক্তিৰ ক্ষেত্রতো সেই কথা খাটে৷ বার্ধক্যজনিত স্মৃতি–বিলোপ একেবাৰে হয়তো ৰোধ কৰিব নোৱাৰি৷ কিন্তু প্রতিদিনে নিয়মিতভাৱে স্মৃতিশক্তিৰ অনুশীলন কৰিলে জীৱনৰ শেষ মুহূর্ত পর্যন্ত কাম চলাকৈ স্মৃতিশক্তি অটুট ৰাখিব পাৰি৷ বিখ্যাত ব্রিটিছ অভিনেতা ছাৰ জন গিলগাডৰ বয়স এতিয়া প্রায় ৮৫৷ তেওঁ এতিয়াও মঞ্চত অভিনয় কৰে৷ অভিনয়ৰ কাৰণে দীঘলীয়া বচন মুখস্থ ৰাখিবলৈ তেওঁ প্রতিদিনে শ্বেইক্সপীয়েৰৰ নাটকবোৰ মুখস্থ কৰে৷ কিছুদিনৰ আগতে তেওঁ যুগোশ্লাভিয়াত ফুৰিবলৈ গৈছিল৷ বাছত তেওঁৰ সহযাত্রিনী এগৰাকী মহিলাই এবাৰ মন কৰিলে যে বুঢ়াই চকু দুটা মুদি মুখেৰে কিবা বিৰবিৰাই আছে৷ ভালকৈ কাণ পাতিহে মহিলাগৰাকীয়ে বুজি পালে যে জন গিলগাডে আচলতে মুখস্থ মাতিছে শ্বেইক্সপীয়েৰৰ ‘তৃতীয় ৰিচার্ড’ নামৰ নাটকখন৷ অর্থাৎ যেতিয়াই সুযোগ পাইছে তেতিয়াই তেওঁ স্মৃতিশক্তিৰ অনুশীলন কৰি তাক সবল কৰিবলৈ চেষ্টা কৰিছে৷’
মই কেতিয়াও গৌৰীশংকৰ শৃংগ দেখা নাই তথাপি একো একোটা প্রসংগই মোক গৌৰীশংকৰ শৃংগৰ কথা মনত পেলাই দিয়ে৷ ঠিক তেনেকৈ জন গিলগাডৰ অনুপম অভিনয় নিজ চকুৰে দেখাৰ সুযোগ–সুবিধা নাপালেও মই তেওঁৰ প্রতি এক বিশেষ আকর্ষণ অনুভৱ কৰোঁ৷ তাৰ একমাত্র কাৰণ হ’ল তেওঁৰ নিজৰ ৰচনা আৰু তেওঁৰ বিষয়ে আনে লিখা ৰচনাই মোৰ মনত সৃষ্টি কৰা তেওঁৰ বিশেষ ভাবমূর্তি৷ ১৮ শতিকাৰ সর্বশ্রেষ্ঠ ইংৰাজ অভিনেতা ডেভিদ গেৰিকৰ অভিনয় চোৱাৰ সুযোগ তেওঁৰ পৰৱর্তী যুগৰ মানুহৰ ভাগ্যত নঘটিল৷ তথাপি তেওঁ ইংৰাজ চেতনাৰ এক অবিচ্ছেদ্য অংগ আৰু যুগমীয়া প্রভাৱত পৰিণত হ’ল তেওঁৰ এক বিশেষ ব্যক্তিত্বৰ কাৰণে৷ অৱশ্যে তেওঁ যে ডঃ জনছনৰ সভা–সংগী আছিল সেই কথাটোৱেও নিশ্চয় তেওঁৰ অমৰত্বৰ প্রতি কিছু বৰঙণি যোগাইছে৷ এটা ক্ষেত্রত অৱশ্যে ডেভিদ গেৰিকতকৈ জন গিলগাড বেছি ভাগ্যৱান৷ তেওঁৰ চিনেমাবোৰৰ বাহিৰেও তেওঁৰ মঞ্চাভিনয় আৰু তেওঁৰ অনুপম কণ্ঠস্বৰ চিৰকাললৈ সংৰক্ষিত হৈ ৰ’ল অডি’ ভিজুৱেল কেছেটত৷ মই নিজে তেওঁৰ অভিনয় দেখিছোঁ আৰু কণ্ঠস্বৰ শুনিছোঁ৷ কিন্তু আধুনিক প্রযুক্তিবিদ্যাৰ সেই আশীর্বাদ নোপোৱা হ’লেও মানুহৰ স্মৃতিত জন গিলগাড জীৱন্ত হৈ ৰ’লহেঁতেন ১৮ শতিকাৰ ডেভিদ গেৰিকৰ দৰেই৷
কেইবাখনো চিনেমাত অভিনয় কৰিলেও জন গিলগাড বেছি বিখ্যাত হৈছিল ৰংগমঞ্চত শ্বেইক্সপীয়েৰৰ নাটকত অভিনয়ৰ কাৰণে৷ মাত্র ২৭ বছৰ বয়সত তেওঁ ভাও লৈছিলে ৮০ বছৰীয়া ৰজা লীয়েৰৰ আশীৰ ডেওনা পাৰ হোৱাৰ পিছত তেওঁ অভিনয় কৰিছিল ‘টেম্পেষ্ট’ নাটকৰ প্রস্পেৰোৰ ভূমিকাত৷ হেমলেটৰ ভূমিকাত তেওঁ অভিনয় কৰিছিল ৫০০ বাৰ৷ হেমলেটৰ ৰচনাৰ দিন ধৰি যোৱা প্রায় ৫০০ বছৰত সহস্রাধিক অভিনেতাই সহস্রাধিক দৃষ্টিভংগীৰে হেমলেটৰ ট্রেজিক অন্তর্দ্বন্দ্ব আৰু তেওঁৰ চৰিত্রৰ ৰহস্য ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে৷ সর্বকালৰ এজন শ্রেষ্ঠ অভিনেতা জন গিলগাডৰ অভিনয়ত হেমলেটে কি ৰূপ ধাৰণ কৰিছিল সেই কথা জানিবলৈ মই এক ব্যাকুল বাসনা অনুভৱ কৰোঁ৷ আমি কটন কলেজৰ ছাত্র হৈ থাকোঁতে বছৰেকীয়া সুকুমাৰ কলা প্রতিযোগিতাবোৰত আবৃত্তি প্রতিযোগিতাৰ এটা প্রায় স্থায়ী বিষয় আছিল হেমলেটৰ সেই অমৰ স্বগতোক্তি–To be or not to be৷ আমাৰ তেতিয়া ৰোমাণ্টিক বিষাদত শিহৰিত হোৱাৰ বয়স গতিকে হেমলেটৰ স্বগতোক্তিয়ে স্বাভাৱিকতেই আমাৰ হূদয় জোকাৰি গৈছিল৷ কিন্তু খাৰখোৱা অসমীয়াৰ ভুল ইংৰাজী উচ্চাৰণত কবিতাটোৰ আবৃত্তি শুনি শুনি অন্ততঃ মোৰ মাজে মাজে প্রবল ইচ্ছা জাগ্রত হৈছিল ইংৰাজ অভিনেতাৰ মুখত কবিতাটোৰ আবৃত্তি শুনিবলৈ৷ অৱশেষত এদিন মোৰ মনস্কামনা পূর্ণ হৈছিল৷ মই কলেজত পঢ়ি থাকোঁতেই নে তাৰ কিছুদিনৰ পিছতে গুৱাহাটীলৈ আহিছিল লৰেঞ্চ অলিভিয়াৰৰ ‘হেমলেট’৷ মোৰ জীৱনৰ কেইটামান অবিস্মৰণীয় অভিজ্ঞতাৰ ভিতৰত সেইটোও এটা ঃ লৰেঞ্চ অলিভিয়াৰৰ মুখত হেমলেটৰ বিখ্যাততম স্বগতোক্তিটোৰ আবৃত্তি শুনা৷
৯৪ বছৰ বয়সলৈকে অভিনয় কৰা জন গিলগাডে চিত্তৰ তাৰুণ্য আৰু সজীৱতা অক্ষুণ্ণ ৰাখিছিল জীৱনৰ শেষ মুহূর্ত পর্যন্ত৷ কিছুমান মানুহে সেইটো কেনেকৈ কৰিব পাৰে সি হ’ল মোৰ অন্তহীন জিজ্ঞাসা আৰু কৌতূহলৰ বিষয়৷
জন গিলগাডে তেওঁৰ আত্মজীৱনীত বিখ্যাত অভিনেত্রী ‘ডেইম ছিবিল থর্নডাইক’ৰ বিষয়ে লিখিছে– ‘বার্ধক্যতহে তেওঁৰ সৌন্দর্যৰ পূর্ণ বিকাশ ঘটিছিল৷ জীৱনৰ শেষ বছৰকেইটাত শাৰীৰিক যন্ত্রণাই এক মুহূর্তৰ কাৰণেও তেওঁক লগ এৰা দিয়া নাছিল৷ কিন্তু তেওঁ যন্ত্রণাক জয় কৰিছিল অসাধাৰণ আধ্যাত্মিক শক্তিৰে৷ ‘মোৰ আর্থ্রাইটিছে কেতিয়াও ঘেন ঘেনাই থাকিবলৈ নেৰে’ –নিজৰ যন্ত্রণাৰ বিষয়ে তেওঁ কেৱল ইমানকেহে কৈছিল৷’
জন গিলগাড নিজেও আছিল একে ধৰণৰ আধ্যাত্মিক শক্তিৰ অধিকাৰী৷ তদুপৰি তেওঁ আছিল এজন প্রকৃত সৎ মানুহ৷ তেওঁৰ বিষয়ে এজন লেখকে লিখিছিল–’He is saintly but it requires no effort. He was born good. There has been no struggle to get there.’