নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ জুন, ১৯৭৫ 🔹 গণতন্ত্রৰ এটা ক’লা দিন

🔹 ড০ হীৰামণি ডেকা সোণোৱাল

১৯৭৫ চনৰ ২৫ জুন, ভাৰতৰ গণতান্ত্রিক ইতিহাসৰ এটা ক’লা দিন, যাৰ স্মৃতি আজি ৪৮ বছৰ পিছতো বহুতৰে মানসপটত মচিব নোৱৰা হৈয়ে আছে৷ এই দিনটোতে সেই সময়ৰ প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে দেশত হ’ব পৰা আভ্যন্তৰীণ বিশৃংখলতাৰ দোহাই দি সংবিধানৰ ৩৫২নং অনুচ্ছেদৰ প্রয়োগেৰে ‘জৰুৰী অৱস্থা’ দেশবাসীৰ ওপৰত জাপি দিছিল৷ ৰাতিৰ ভিতৰতে দেশৰ বিৰোধী পক্ষৰ সকলো নেতা আৰু ড্রেড ইডনিয়নৰ নেতাক জে’ললৈ প্রেৰণ কৰা হৈছিল, নির্বাচন বাতিল কৰাৰ উপৰি সংবাদ মাধ্যমক সম্পূর্ণৰূপে চৰকাৰৰ ৰক্ষণাবেক্ষণৰ মাজত ৰখা হৈছিল৷ সেই সময়ত মানৱ অধিকাৰ ভংগৰ বহুতো অভিযোগ ইন্দিৰা চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছিল৷ এইক্ষেত্রত বিশেষভাৱে উল্লেখ কৰিব পাৰি ইন্দিৰা গান্ধীৰ পুত্র সঞ্জয় গান্ধীয়ে ভাৰতৰ বর্ধিত জনসংখ্যা নিয়ন্ত্রণ কৰি বিশ্ব বেংককে ধৰি অন্যান্য সংস্থাৰ আর্থিক সাহায্য লাভৰ বাবে মইমতালিৰে মাত্র এটা বছৰৰ ভিতৰত ৬.২ নিযুত দুখীয়া মানুহক বন্ধ্যাকৰণ কৰিবলৈ বাধ্য কৰোৱাৰ কথা৷ আনকি অস্ত্রোপচাৰৰ সময়ত বহুজনৰ মৃত্যুও হৈছিল৷ এহ সংখ্যা জার্মানীত নাজী বাহিনীয়ে কৰা বন্ধ্যাকৰণতকৈ ১৫গুণ বেছি আছিল বুলি কোৱা হয়৷ স্বাধীনতা এক প্রহসনত পৰিণত হৈছিল৷
এই দিনটোক স্মৰণ কৰি ভাৰতৰ গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে এটা মাত্র পৰিয়ালৰ ক্ষমতা লোভে ভাৰতৰ জনগণৰ ওপৰত জৰুৰী অৱস্থা জাপি দি সংবাদ মাধ্যম, ন্যায়পালিকাৰ স্বাধীনতা লোপ কৰিছিল৷ সমাজৰ দুখীয়া আৰু তল খাপৰ মানুহখিনিয়ে নানা অত্যাচাৰ, অবিচাৰ সহ্য কৰিবলগীয়া হৈছিল৷ ১৯৭৭ চনত জৰুৰী অৱস্থা ঘোষণাৰ ২১ মাহৰ পিছত দেশত সাধাৰণ অৱস্থা ঘূৰাই অনা হৈছিল৷ বহু মানুহৰ সীমাহীন ত্যাগ আৰু পৰিশ্রমৰ বলত সেয়া সম্ভৱ হৈছিল আৰু ভাৰতত গণতন্ত্র পুনৰ প্রতিষ্ঠিত হৈছিল৷
১৯৭৫ চনৰ ২৫ জুনৰ মাজনিশা আমাৰ দেশত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল সকলোকে একপ্রকাৰ আশ্চর্যচকিত কৰি৷ দেশত প্রায় ২১ মাহ বাহাল থকাৰ পিছত ১৯৭৭ চনৰ ২১ মার্চত এই ঘোষণা বাতিল কৰা হৈছিল৷ জৰুৰী অৱস্থা ঘোষণা কৰাৰ কাৰণ হিচাপে প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে দেশৰ আভ্যন্তৰীণ আইন–শৃংখলাজনিত ভাবুকিকে জগৰীয়া কৰিছিল যদিও কেইটামান বিশেষ কাৰকে জৰুৰী অৱস্থা ঘোষণা কৰাত অৱদান যোগাইছিল৷ ১৯৭৪ চনৰ মার্চ মাহত বিহাৰত বিহাৰ ছাত্র সংঘর্ষ সমিতিয়ে চৰকাৰবিৰোধী আন্দোলন আৰম্ভ কৰিছিল৷ ইয়াৰ পূর্বেও গুজৰাটৰ ছাত্রসকলে চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছিল আৰু তেওঁলোকৰ আন্দোলনৰ পৰাই বিহাৰে অনুপ্রেৰণা পাইছিল৷ ১৯৭১ চনত ভাৰত–পাকিস্তানৰ যুদ্ধৰ পাছত আমাৰ দেশৰ আর্থিক অৱস্থা মন্দা হৈ পৰিছিল৷ সাধাৰণ জনতাৰ জীৱন ধাৰণ খুবেই কষ্টকৰ হৈ পৰিছিল৷ এনে সময়ত গুজৰাটৰ কংগ্রেছ চৰকাৰখনে দৰিদ্রতা দূৰীকৰণৰ প্রতিশ্রুতিৰে শাসনৰ ক্ষমতা লাভ কৰাৰ মূৰত কার্যতঃ কিন্তু দৰিদ্র দূৰীকৰণতহে লাগি গৈছিল৷ গুজৰাটত খৰাং বতৰ আৰু দুর্ভিক্ষত সাধাৰণ মানুহৰ অৱস্থা শোচনীয় কৰি তেওঁলোকৰ মনবোৰ বিদ্রোহী কৰি চৰকাৰবিৰোধী কৰি তুলিছিল৷ এইবোৰৰ মাজতে ১৯৭৩ চনত মৰবী ইঞ্জিনীয়াৰিং কলেজৰ ছাত্র কিছুমানে তেওঁলোকৰ খাদ্যৰ বাবদ দিবলগীয়া মাচুল বৃদ্ধিৰ প্রতিবাদ কৰিছিল আৰু অতি সোনকালে এই বিৰোধ সমূহীয়া জন আন্দোলনত পৰিণত হৈছিল৷ বহু চেষ্টা কৰিও কেন্দ্র আৰু ৰাজ্য চৰকাৰে এহ আন্দোলন দমন কৰিব পৰা নাছিল৷ এই আন্দোলনৰ বাবে সেই সময়ৰ গুজৰাটৰ মন্ত্রীয়ে জনসংঘকে জগৰীয়া কৰিছিল৷ প্রকৃততে এই আন্দোলন দুর্নীতিৰ বিৰুদ্ধে গুজৰাটৰ জনসাধাৰণৰ ক্ষোভৰ উদগীৰণহে আছিল৷ ভাৰতৰ বর্তমানৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও গুজৰাটৰ এই নৱনির্মাণ আন্দোলনত দুর্নীতি আৰু দামবৃদ্ধিৰ বিৰোধিতা কৰি সক্রিয় অংশগ্রহণ কৰিছিল৷ সেই সময়ত মোদীজী অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ প্রচাৰক আছিল৷ এই আন্দোলনৰ প্রখৰতাৰ বাবেই চিমনভাই পেটেল নেতৃত্বৰ কংগ্রেছ চৰকাৰখনে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু গুজৰাটত নতুন নির্বাচন অনুষ্ঠিত কৰাবলগীয়া হৈছিল৷
নৱনির্মাণ আন্দোলনৰ সফলতাই বিহাৰত অনুৰূপ আন্দোলনেৰে চৰকাৰী দুর্নীতিৰ অৱসান ঘটাবলৈ ছাত্র সমাজ আৰু তেওঁলোকৰ নেতা জয়প্রকাশ নাৰায়ণক উদ্বুদ্ধ কৰিছিল৷ ১৯৭৪ চনৰ এপ্রিল মাহত তেওঁ ছাত্র, খেতিয়ক, শ্রমিকসকলক একত্রিত হৈ অহিংসভাৱে আন্দোলন কৰি সমাজত পৰিৱর্তন অনাৰ বাবে আহ্বান জনাইছিল৷ কেন্দ্রক বিহাৰ চৰকাৰ বর্খাস্ত কৰিবলৈও তেওঁ দাবী জনাইছিল৷ ইয়াৰ এমাহ পিছত ৰে’লকর্মী সংস্থাৰ আহ্বানত দেশজুৰি ৰে’ল কর্মচাৰীসকলে ধর্মঘট পালন কৰিছিল৷ ইন্দিৰা গান্ধীয়ে এই ধর্মঘট কঠোৰভাৱে দমন কৰিছিল৷ হাজাৰ হাজাৰ ৰে’ল কর্মচাৰীক গ্রেপ্তাৰ কৰাৰ উপৰি তেওঁলোকৰ পৰিয়ালসমূহ চৰকাৰী আৱাসৰ পৰা উলিয়াই দিয়া হৈছিল৷ এই ঘটনাৰাজিৰ উপৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গোচৰ এটাই ইন্দিৰা গান্ধীক জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ অধিক আগ্রহী কৰি তুলিছিল৷ ১৯৭১ চনত ইন্দিৰা গান্ধীৰ হাতত সংসদীয় নির্বাচনত পৰাজিত হোৱা ৰাজনাৰায়ণে এলাহাবাদ উচ্চ ন্যায়ালয়ত নির্বাচনত দুর্নীতিৰ অভিযোগ আনি ইন্দিৰাৰ বিৰুদ্ধে গোচৰ তৰিছিল৷ নির্বাচনত জয়লাভৰ বাবে ধনবল আৰু চৰকাৰী প্রশাসনযন্ত্রৰ ব্যৱহাৰ কথা এই গোচৰত কোৱা হৈছিল৷ এলাহাবাদ উচ্চ ন্যায়ালয়ে শ্রীমতী গান্ধীক তলব কৰিছিল৷ এই গোচৰত ৰাজনাৰায়ণৰ হৈ ওকালতি কৰিছিল শান্তি ভূষণে৷ ১১ জুন, ১৯৭৫ চনত ন্যায়াধীশ জগমোহন লাল সিংহাহ প্রধানমন্ত্রীগৰাকীক্ নির্বাচনত চৰকাৰী ক্ষমতাৰ অপপ্রয়োগৰ দোষী সাব্যস্ত কৰি তেওঁৰ নির্বাচন অবৈধ ঘোষণা কৰি লোকসভাৰ আসন এৰি দিবলৈ নির্দেশ দি ৰায়দান কৰে৷ লগতে ৬বছৰৰ বাবে তেওঁক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে৷ একে সময়তে নির্বাচনত ভোটাৰক টকা দি প্রভাৱিত কৰাৰ দৰে গুৰুতৰ অভিযোগৰ পৰা মুক্ত কৰে৷ এই ৰায়দানৰ লগে লগে ইন্দিৰা গান্ধীৰ সমর্থকসকলে দিল্লীত প্রধানমন্ত্রী আৱাসৰ ওচৰত শক্তি প্রদর্শন কৰে আৰু শ্রীমতী গান্ধীয়ে ভাৰতৰ সর্বোচ্চ ন্যায়ালয়ত এই ৰায়ৰ বিৰুদ্ধে গোচৰ তৰে৷ ন্যায়াধীশ ভি আৰ কৃষ আয়াৰে ২৪ জুন, ১৯৭৫ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায় স্থগিত ৰখাৰ ৰায়দান কৰে লগতে সাংসদ হিচাপে ইন্দিৰা গান্ধীয়ে পোৱা সকলো সা–সুবিধা বাতিল কৰে যদিও গোচৰৰ পূর্ণ ৰায়দান নোহোৱালৈকে তেওঁ প্রধানমন্ত্রী পদত বাহাল ৰখাৰ পক্ষত ৰায়দান কৰে৷ ইয়াৰ লগে লগে জয়প্রকাশ নাৰায়ণ আৰু মোৰাৰজী দেশায়ে চৰকাৰবিৰোধী প্রদর্শন অধিক তীব্র কৰি তোলে৷ তেওঁলোকে স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে চৰকাৰৰ অন্যায় আৰু অনৈতিক সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ আৰক্ষী–পুলিচক আহ্বান জনোৱাৰ দৰেই আৰক্ষীক চৰকাৰৰ ভুল সিদ্ধান্তৰ বিৰোধ কৰিবলৈ দিল্লীত আয়োজন কৰা বিশাল জনসভাত আহ্বান জনাহছিল৷
এই আহ্বানৰ সুযোগ ইন্দিৰা গান্ধীয়ে গ্রহণ কৰে আৰু এনে আহ্বানৰ দ্বাৰা দেশত (গণ) বিদ্রোহৰ সূত্রপাত ঘটাব বুলি সেই সময়ৰ ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদক পতিয়ন নিয়াই ২৪ ঘণ্টাৰ ভিতৰত দেশত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ অনুৰোধ জনায়৷ এই অনুৰোধৰ মাত্র তিনি ঘণ্টাৰ পিছতে অল ইণ্ডিয়া ৰেডিঅ’যোগে প্রধানমন্ত্রী গান্ধীয়ে ২৫ জুনৰ মাজনিশা দেশত জৰুৰী অৱস্থা ঘোষণা কৰে৷ ইয়াৰ লগে লগে তাৰ পিছৰ দুদিনলৈ দেশত সকলো বাতৰিকাকতলৈ বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হয়৷ বিপক্ষৰ নেতাসকলক জে’ললৈ প্রেৰণ কৰা হয়৷ এই প্রস্তাৱ কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন অবিহনে কার্যকৰী কৰা হৈছিল, একপক্ষীয়ভাৱে মইমতালিৰে নিজৰ আসন বা ক্ষমতা অক্ষুণ্ণ ৰখাৰ বাবে৷ এই সিদ্ধান্তত মন্ত্রীসভাই পিছদিনা অর্থাৎ ২৬ জুনৰ দিনাহে অনুমোদন জনাহছিল৷
এইদৰে ইন্দিৰা গান্ধীয়ে নিজৰ ক্ষমতা বিপন্ন হোৱা মাত্রেহ ধূর্ততাৰে সংবিধানৰ ৩৫২নং অনুচ্ছেদৰ প্রয়োগ কৰি নিজকে সর্বোচ্চ ক্ষমতা প্রদান কৰি ব্যক্তি স্বাধীনতাত বাধা আৰোপ কৰি তেওঁৰ বিৰোধীসকলক দমন কৰাত লাগি পাৰে৷ জৰুৰী অৱস্থাৰ সময়ছোৱাত চৰকাৰে আৰক্ষী ব্যৱহাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে চলা যিকোনো ব্যক্তি বা আন্দোলন দমন কৰি গৈছিল৷ বিজয়ৰাজে সিন্ধিয়া, জয়প্রকাশ নাৰায়ণ, চৰণ সিং, জীৱৰাম কৃপালানী, অটল বিহাৰী বাজপেয়ী, লালকৃষ আদৱানি, অৰুণ জেটলী, সতেন্দ্র নাৰায়ণ সিন্হা, গায়ত্রী দেৱী আৰু অন্যান্য নেতা–নেত্রীসকলক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰা হৈছিল৷ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ, জমাতে–ই–ইছলামী আদিৰ দৰে সংগঠনসমূহক অবৈধ ঘোষণা কৰা হৈছিল৷ ইন্দিৰা গান্ধীৰ এনেবোৰ সিদ্ধান্তৰ বাবে কংগ্রেছ দলৰ কিছুসংখ্যক সদস্য অসন্তুষ্ট হৈছিল৷ তেওঁৰ অনৈতিক তথা অসাংবিধানিক কর্মকাণ্ডক বিৰোধিতা কৰি মোহন ধাৰিয়া আৰু চন্দ্র শেখৰে মন্ত্রিত্বৰ লগতে কংগ্রেছ দলৰ সদস্যতাও ত্যাগ কৰিছিল৷ তেওঁলোককো গ্রেপ্তাৰ কৰি বন্দী কৰা হৈছিল৷ দেশত সংসদীয় আৰু বিধানসভাৰ নির্বাচন অনির্দিষ্টকাললৈ বাতিল কৰা হৈছিল৷ সেই সময়ত যিহেতু সংসদত ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্রেছ দল সংখ্যাগৰিষ্ঠ আছিল, সেয়ে তেওঁ নিজ খেয়াল–খুচি মতে যিকোনো বিল সংসদত পাছ কৰাই আহনত পৰিণত কৰিব পাৰিছিল৷
ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ আৰু শিখসকলৰ পৰা চৰকাৰে যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ অৱশেষত ১৮ জানুৱাৰী, ১৯৭৭ চনত ইন্দিৰা গান্ধীয়ে জে’লৰ পৰা সকলো ৰাজনৈতিক দলৰ নেতাক মুকলি কৰি দিছিল আৰু সেই বছৰৰে মার্চ মাহত দেশত সাধাৰণ নির্বাচন অনুষ্ঠিত কৰাৰ কথা সদৰী কৰিছিল৷ সেই বছৰ লোকসভা নির্বাচনত ইন্দিৰা গান্ধী আৰু সঞ্জয় গান্ধী দুয়ো পৰাজিত হৈছিল তথা বহু পুৰণি কংগ্রেছ নেতাই দল ত্যাগ কৰিছিল৷ বিধানসভা নির্বাচনত বিহাৰ আৰু উত্তৰ প্রদেশৰ দৰে কংগ্রেছৰ শক্তিশালী ভেটি থকা ঠাহতো দলটোৱে শোচনীয় পৰাজয়ৰ মুখ দেখিলগীয়া হৈছিল৷ মোৰাৰজী দেশাইক প্রধানমন্ত্রী হিচাপে লৈ দেশত স্বাধীনতাৰ পাছত পোনপ্রথমবাৰৰ বাবে জনতা দল আৰু ইয়াৰ সহযোগীসকলে এখন অকংগ্রেছী বা কংগ্রেছমুক্ত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়৷
জৰুৰী অৱস্থাৰ কালছোৱাত দেশজুৰি বহু লোকে জে’লৰ ভাত খাবলগীয়া হৈছিল৷ অসমতো বহু লোক চৰকাৰী দমনৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ এহ লোকসকলৰ ত্যাগক স্বীকৃতি দি বর্তমানৰ বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে তেওঁলোকক লোকতন্ত্রৰ সেনানী আখ্যা দিছে আৰু তেনে ৩০১জন গণতন্ত্র ৰক্ষাৰ বাবে জে’ল খটা ব্যক্তিক মাহে ১৫ হাজাৰ টকাকৈ পেন্সন দিয়াৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ বাবদ চৰকাৰৰ মাহে ৪৫.১৪ লাখ টকা খৰচ হ’ব আৰু বছৰি খৰচ হ’ব ৫.৪১৮ কোটি টকা৷ লক্ষণীয়ভাৱে ভাৰতৰ যিকেইখন ৰাজ্যত এইসকল লোকক স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰা হৈছে, তাৰ ভিতৰত অসম চৰকাৰেই আটাহতকৈ বেছি পৰিমাণৰ ধনৰাশি পেন্সন হিচাপে দিয়াৰ দিহা কৰিছে৷ জৰুৰী অৱস্থাৰ সময়ৰ সেই ক’লা দিনকেইটা আমি কোনোৱে পাহৰা উচিত নহয়, লগতে আমাৰ নৱপ্রজন্মকো এই বিষয়ে জ্ঞান দিয়াৰ প্রয়োজন আছে নিঃসন্দেহে৷ পৰিয়ালতন্ত্রক অক্ষুণ্ণ ৰখাৰ বাবে এগৰাকী দাম্ভিক মহিলাৰ একপক্ষীয় নীতি আৰু দমনমূলক ঘটনাসমূহৰ স্বাক্ষৰ বহনকাৰী জৰুৰী অৱস্থা ভাৰতৰ গণতান্ত্রিক ইতিহাসৰ পৃষ্ঠাত ক’লা অধ্যায় হিচাপে চিৰদিন জিলিকি ৰ’ব৷

You might also like