নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৈলাশৰ ৰহস্য!

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ কৈলাশ পৰ্বত। হিন্দুসকলৰ অতি পবিত্ৰ তীৰ্থস্থানবোৰৰ ভিতৰত অন্যতম। কিন্তু অতি ৰহস্যজনক কথা যে আজিলৈকে কোনো পৰ্বতাৰোহীয়ে কৈলাশ পৰ্বত আৰোহন কৰিব পৰা নাই। উল্লেখ্য যে ব্ৰিটিছ পৰ্বতাৰোহী কৰ্ণেল আৰ চি বিল্চনৰ মতে কৈলাশ পৰ্বত আৰোহন কৰাটো সহজসাধ্য নহয়। তেওঁ কৈছিল  যেতিয়া মই কৈলাশ পৰ্বতমালা চাইছিলো এনে লাগিছিল যে এই পৰ্বত আৰোহন কৰিব পাৰি। কিন্তু উচ্চতালৈ গৈ থকাৰ লগে লগে ভয়ানকভাৱে বৰফ খহিবলৈ ধৰিলে আৰু ৰাস্তা বন্ধ হৈ পৰিল।

এগৰাকী ৰুছ পৰ্বতাৰোহী সৰ্গে চিষ্টিয়াকোবেও কৈলাশ পৰ্বতমালা আৰোহনৰ চেষ্টা কৰিছিল কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। তেওঁ কৈছে যে যেতিয়া মই পৰ্বতৰ ওচৰ পালো তেতিয়াই মোৰ বুকুৰ ধপধপনি বৃদ্ধি হ’বলৈ ধৰিলে,নিজকে বহুত দুৰ্বলৰ দৰে অনুভৱ কৰিলো মোৰ ষষ্ঠ ইন্দ্ৰিয়ই সংকেত দিলে যে ইয়াত ৰৈ থকাটো সঠিক হোৱা নাই, মই লগে লগেই তললৈ নামি আহিলো।

অষ্ট্ৰেলিয়ান পৰ্বতাৰোহী হৰ্বত টিছেৰ পৰ্বতাৰোহন কৰাৰ সন্দৰ্ভত এজন তিব্বত পুৰোহিতক প্ৰশ্ন কৰিছিল তেওঁ কৈছিল যে যিসকল লোক সম্পূৰ্ণৰূপে পাপমুক্ত হয় তেনে লোকহে কৈলাশ পৰ্বত আৰোহন কৰিব পাৰে। পাপমুক্ত লোকজন বৰফৰ ৰাস্তাৰে যাব নালাগে পক্ষীৰ গৰে উৰি যাব পাৰিব।

উল্লেখ্য যে পৃথিৱীৰ সৰ্বোচ্ছ উচ্চতাৰ শৃংগ এভাৰেষ্টত আজিলৈকে ৫০০০হাজাৰতকৈ অধিক লোকে আৰোহন কৰিছে ৮৮৪৮ মিটাৰ উচ্চতাৰ এভাৰেষ্টত আৰোহন কৰিবলৈ সক্ষম হোৱা পৰ্বতাৰোহীসকলে কিয় আজিলৈ কৈলাশ পৰ্বতমালা আৰোহন কৰিবলৈ সাহস কৰিব পৰা নাই? ৬৬৩৮ মিটাৰ উচ্চতাৰ কৈলাশ পৰ্বতত অক্সিজেনৰ মাত্ৰাও এভাৰেষ্টতকৈ বেছি তথাপি আজিলৈকে কোনো পৰ্বতাৰোহীয়ে সাহস কৰিব পৰা নাই কৈলাশ পৰ্বত আৰোহন কৰিবলৈ। এনে কি ৰহস্য আছে যি ৰহস্য আজিলৈ বিজ্ঞানীসকলে ভেদ কৰিব পৰা নাই।

আধ্যাত্মিকভাৱে হিন্দুসকলৰ বিশ্বাস যে কৈলাশত দেৱাদিদেৱ মহাদেৱ-পাৰ্বতী, দুই পুত্ৰ সন্তান কাৰ্তিক আৰু গণেশ, নন্দী-ভৃংগীসহ বসতিথল। পৌৰাণিকযুগৰ পৰা কৈলাশত মহাদেৱ থাকে বুলি জনবিশ্বাস। ভগৱানক ঘৰলৈ মানুহ যোৱাটো অসম্ভৱ। প্ৰতিবছৰে প্ৰায় ৫০০ৰ পৰা ৮০০ মানুহ কৈলাশ পৰ্বতৰ সমীপলৈ যায় আৰু আদি দেৱক সেৱা জনায়। প্ৰাৰ্থনাৰে ভোলেনাথক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। কিন্তু কেতিয়াও উঠিবলৈ চেষ্টা নকৰে।

হিন্দুসকলে যুগে যুগে আৰাধনা কৰি অহা কৈলাশ পৰ্বতমালাক পৃথিৱীৰ কেন্দ্ৰ বুলিও ধৰা হয়। ইয়াৰ সমীপতেই আছে মানস সৰোবৰ। হিন্দুসকলৰ বিশ্বাস কৈলাশ পৰ্বতত শুনা যায় ঔম ধ্বনি। বিচিত্ৰময় পৃথিৱীত এনে বহু অলৌকিক শক্তি আছে যাৰ ৰহস্য ভেদ কৰাটো অসম্ভৱ। গতিকে কৈলাশ পৰ্বতো এনে এক উদাহৰণ মাত্ৰ।

You might also like