দিল্লীতো খেলা হবে?
দেশৰ পৰৱর্তী সাধাৰণ নির্বাচনলৈ এতিয়াও বহু দিন বাকী৷ সঁচা কথা ক’বলৈ হ’লে সাধাৰণ নির্বাচনৰ কথা পতাৰ এয়া সময় নহয়েই৷ চৰকাৰখনে কার্যকালৰ আধা সময়েই পাৰ কৰা নাই৷ সন্মুখত প্রায় তিনি বছৰ আছে৷ এই সময়খিনিত বহু কথাই সলনি হৈ যাব পাৰে৷ বহু নতুন কথাৰ সংযোজন ঘটিব পাৰে৷ হঠাতে ৰাজনীতিৰ গতিও সলনি হৈ যাব পাৰে৷ সম্ভাৱনাৰ জানো শেষ আছে? কিন্তু পৰৱর্তী সাধাৰণ নির্বাচনক লৈ দেশজুৰি আলোচনা হ’বলৈ ধৰিছে৷ জল্পনা–কল্পনাও কিছু পৰিমাণে চলিছে৷ ইয়াৰ মূলতে হৈছে পশ্চিমবংগ বিধানসভাৰ সদ্যসমাপ্ত নির্বাচন৷ নির্বাচনটোৱে যেন বিৰোধী শিবিৰত মৰহি যাব ধৰা সপোন এটাত নতুনকৈ প্রাণৰ সঞ্চাৰ কৰিলে৷ পশ্চিমবংগ বিধানসভা নির্বাচনৰ ভোটগণনাৰ পূর্বলৈকে ৰাজ্যখনত বিজেপিৰ বিপর্যয় আৰু তূণমূল কংগ্রেছৰ সাফল্য তেনে ৰূপত হ’ব বুলি বিশ্বাস কৰা লোকৰ সংখ্যা কম আছিল৷ কিন্তু সময়ত দেখা গ’ল যে বিজেপিয়ে শতকৰ ঘৰ স্পর্শ কৰিব নোৱাৰিলে৷ একেৰাহে তৃতীয়বাৰলৈ তৃণমূল কংগ্রেছৰ চৰকাৰ শাসনলৈ উভতি আহিল৷ অৱশ্যে ৰাজ্য এখনৰ বিধানসভা নির্বাচনত বিজেপিৰ পৰাজয় নতুন কথা নহয়৷ ৰাজস্থানৰ দৰে শক্তিশালী দুর্গত বিজেপিৰ পতন ঘটিছে৷ তাৰ তুলনাত পশ্চিমবংগত বিজেপিৰ স্থিতি একোৱেই নাছিল বুলি ক’ব পাৰি৷ কিন্তু পশ্চিমবংগ বিধানসভা নির্বাচন কিছু পৃথক৷ আৰু ইয়াতেই আশাৰ ৰেঙনি দেখিবলৈ পাইছে বিৰোধী শিবিৰে৷
পশ্চিমবংগ বিধানসভা নির্বাচনত বিজেপিক নেতৃত্ব দিবলৈ ৰাজ্যখনত কোনো শক্তিশালী স্থানীয় নেতা নাছিল৷ অৱস্থা ইমানেই শোচনীয় আছিল যে দলটোৱে মুখ্যমন্ত্রী পদৰ প্রার্থী এজনকো প্রক্ষেপ কৰিব পৰা নাছিল৷ ইয়াৰ বিপৰীতে তৃণমূল কংগ্রেছক ওফৰাই ৰাজ্যখন দখল কৰাটো হৈ পৰিছিল বিজেপিৰ প্রধান লক্ষ্য৷ স্বাভাৱিকভাৱেই নির্বাচনী যুঁজখনৰ নেতৃত্ব ল’বলগীয়া হৈছিল বিজেপিৰ দুই শক্তিশালী নেতা নৰেন্দ্র মোদী আৰু অমিত শ্বাহে৷ এই নেতা দুগৰাকীৰ ভাৰতীয় ৰাজনীতিৰ নির্বাচনী ৰণক্ষেত্রত বিচক্ষণতা, দক্ষতা আৰু সাফল্যৰ পৰিসংখ্যা অতুলনীয়৷ দুয়োৰে প্রত্যাহ্বানক নেওচি মমতা বেনার্জীয়ে হতাশাৰ মাজতো দেশৰ বিৰোধী শিবিৰৰ মাজত সম্ভাৱনাৰ নতুন দুৱাৰ এখন মুকলি হোৱাৰ আশা জগাই তুলিলে৷ বিৰোধী শিবিৰে ইমানদিনে সন্ধান কৰি থকা ব্যক্তিগৰাকীক যেন হাততে ঢুকি পালে৷ অর্থাৎ কলকাতাৰ পিছত এইবাৰ নতুন দিল্লীত ‘খেলা হবে’ৰ পৰিকল্পনা বিৰোধীৰ৷ খেলখন হ’ব মোদী বনাম দিদি৷ কিন্তু মমতা বেনার্জীক সন্মুখত ৰাখি বিৰোধীৰ এই কুচকাৱাজ সফল হ’বনে?
১৯৯৯ চনত অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন চৰকাৰখনৰ ১৩মহীয়া চৰকাৰখনৰ পতনৰ পিছত ছোনিয়া গান্ধীক সন্মুখত ৰাখি বিকল্প চৰকাৰ এখনৰ পৰিকল্পনা চলিছিল৷ বাঁওপন্থী নেতা হৰকিষণ সিং সুৰজিতে সেইবাৰ বিজেপিবিৰোধী শিবিৰক একত্র কৰি চৰকাৰখন গঠনৰ প্রয়াস চলাইছিল৷ কিন্তু শেষ মুহূর্তত মুলায়েম সিং যাদৱে সেই আশাত চেঁচাপানী ঢ়ালি দিয়ে৷ মুলায়েম সিং যাদৱ ছোনিয়া গান্ধীৰ পক্ষত নাছিল৷ মূৰকত পুনৰ নির্বাচন অনুষ্ঠিত হয়৷ বাকীখিনি ইতিহাস৷ ইয়াৰ পূর্বে বিৰোধী শিবিৰৰ ঐক্যবদ্ধ প্রয়াস সফল হৈছিল ১৯৭৭ চনত৷ জৰুৰকালীন অৱস্থাৰ পিছত ইন্দিৰা গান্ধীৰ বিৰুদ্ধে জনতা পার্টীয়ে নেতৃত্ব দিছিল৷ পৰৱর্তীত ইন্দিৰা গান্ধীৰ তনয় ৰাজীৱ গান্ধীৰ বিৰুদ্ধে ভি পি সিঙে জনতা মর্চা গঠন কৰি দুয়োগৰাকীৰ বাবে পুনৰবাৰ প্রধানমন্ত্রী হোৱাৰ বাট বন্ধ কৰি দিছিল৷ দুয়োবাৰেই দেশখনৰ জনমত আছিল দুয়োখন চৰকাৰৰ বিপৰীতে৷ অর্থাৎ বিৰোধীৰ চৰকাৰ গঠনৰ পৃষ্ঠভূমি এটা প্রস্তুত হৈয়েই আছিল৷ সমাগত লোকসভা নির্বাচনৰ সময়লৈকে এইবাৰ তেনে কোনো পৃষ্ঠভূমি তৈয়াৰ হ’বনে নাই, তাৰ বাবে অপেক্ষা কৰিব লাগিব৷ অৱশ্যে নিয়ন্ত্রণহীন দামবৃদ্ধি এটা ইছ্যু হ’ব পাৰে৷ এইটোৱে দেশখনৰ প্রতিগৰাকী লোকক প্রভাৱান্বিত কৰিছে৷ এটা ডকাইতৰ ৰূপ ধাৰণ কৰি জনসাধাৰণৰ জেপৰ টকা উলিয়াই লৈ গৈ আছে৷ দৰিদ্র শ্রেণীৰ জনসাধাৰণৰ দুৰৱস্থাক কল্পনাও কৰিব নোৱাৰি৷ ক’ৰোনাসৃষ্ট পৰিৱেশে পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে৷ কাম–কাজ বন্ধ৷ বেপাৰ–বাণিজ্য স্তব্ধ৷ কোটি কোটি মানুহৰ উপার্জনৰ পথ হয় বন্ধ হৈ পৰিছে নহয় সীমিত হৈ পৰিছে৷ ইয়াৰ বিপৰীতে প্রতিদিনেই সামগ্রীৰ দাম বৃদ্ধি পাই গৈ আছে৷ ইয়াক বিষয় হিচাপে ল’ব পাৰিলে বিৰোধী শিবিৰে শাসক পক্ষক প্রত্যাহ্বান জনাব পাৰিব বুলি আশা কৰিব পাৰি৷ ইয়াতো এটা সমস্যা আছে৷
২০১৯ চনৰ লোকসভাত বিজেপিৰ তুলনাত কংগ্রেছৰ নির্বাচনী প্রতিশ্রুতি অধিক আকর্ষণীয় আছিল৷ বিশেষকৈ নূ্যনতম আয় নিশ্চিতিৰ প্রতিশ্রুতিয়ে দেশখনৰ জনসাধাৰণৰ মাজত পৰিৱর্তনৰ সপক্ষে জোৱাৰ অনাৰ সম্ভাৱনা আছিল৷ কিন্তু নির্বাচনী ফলাফলত তাৰ প্রতিফলন নঘটিল৷ ইয়াৰ প্রধান কাৰণ দুটা৷ প্রথমটো কংগ্রেছকে ধৰি বিৰোধী শিবিৰৰ নেতৃত্ব অগ্রহণযোগ্যতা৷ তেওঁলোকৰ ওপৰত জনসাধাৰণৰ ভৰসা নোহোৱা হৈ পৰিছে৷ দ্বিতীয়টো হ’ল– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ব্যক্তিত্ব৷ তেওঁ দেশবাসীৰ মাজত নিজকে এজন শক্তিশালী নেতা ৰূপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ সেই ভাবমূর্তিৰ সন্মুখত তিষ্ঠিব পৰাকৈ বিৰোধী শিবিৰত চকুত পৰাকৈ এজনো নেতা নাই৷ বহুতোৰে আশা আছিল, কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে প্রধানমন্ত্রী মোদীক প্রত্যাহ্বান জনাব পাৰিব৷ কিন্তু তেওঁৰ ব্যর্থতা আৰু জনগণৰ মাজত অগ্রহণযোগ্যতা এতিয়া আৰু লুকাই থকা নাই৷ প্রিয়ংকা গান্ধীৰ মাজতো সেই যাদুকৰী শক্তি নাই৷ তেওঁক লৈ পৰীক্ষা–নিৰীক্ষা ইতিমধ্যে সমাপ্ত হৈ গৈছে৷ সকলো দিশ চালিজাৰি চালে দেখা যায় যে বিজেপিৰ প্রধানমন্ত্রী পদৰ প্রার্থীগৰাকীয়েই হৈছে বিৰোধীৰ ডাঙৰ প্রত্যাহ্বান৷
বিৰোধী শিবিৰক প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সমকক্ষ নেতা এজন লাগে৷ সেয়ে বিৰোধী শিবিৰত মমতা বেনার্জীৰ কদৰ বাঢ়িছে৷ ইফালে, নিজৰ স্থিতিক লৈ সচেতন মমতা বেনার্জীয়েও বিৰোধীক এখন মঞ্চলৈ অনাৰ বাবে অভিযান আৰম্ভ কৰি দিছে৷ কেইদিনমান আগেয়ে তেওঁ একেৰাহে কেইবাদিন নতুন দিল্লীত বাহৰ পাতি বিৰোধী পক্ষৰ নেতাৰ সৈতে মিলিত হৈ ২০২৪ চনত লোকসভা নির্বাচনত নৰেন্দ্র মোদী আৰু বিজেপিক পৰাভূত কৰিব লাগিলে এতিয়াৰ পৰাই প্রস্তুতি চলাব লাগিব বুলি পতিয়ন নিয়াবলৈ সক্ষম হৈছে৷ এয়া আৰম্ভণিহে৷ ২০১৯ চনৰ লোকসভা নির্বাচনৰ সময়তো মমতা বেনার্জীয়ে বিৰোধী ঐক্য গঠনৰ চেষ্টা চলাইছিল৷ সফল নহ’ল৷ এইবাৰো সন্মুখত বহুত সমস্যা থাকিব৷ বিৰোধী ঐক্যৰ সবাতকৈ ডাঙৰ সমস্যাটো হ’ব কংগ্রেছ৷ দলটোৰ নির্বাচনী সম্ভাৱনা দিনকদিনে হ্রাস পাই আহিছে৷ কিন্তু বাস্তৱক মানি ল’ব নোখোজা দলটোৰ নেতৃত্বই ২০১৪ চনৰ নির্বাচনতো সংকটৰ সৃষ্টি কৰিব৷ অধিক আসনত প্রতিদ্বন্দ্বিতাৰ লালসা দলটোৰ এতিয়াও মাৰ যোৱা নাই৷ তদুপৰি পৰিয়ালকেন্দ্রিক ৰাজনীতিয়ে বিৰোধীত প্রধানমন্ত্রী পদৰ এজন ব্যক্তিক জনসাধাৰণৰ সন্মুখলৈ তুলি ধৰাত হেঙাৰৰ সৃষ্টি কৰিব৷ কিন্তু সমস্যাটো হৈছে কংগ্রেছ অবিহনে বিৰোধী শিবিৰৰ কোনো প্রয়াস সফল হোৱাৰ সম্ভাৱনা নাই৷ গতিকে মমতা বেনার্জীক লৈ বিৰোধী শিবিৰত সৃষ্টি হোৱা উছাহ কিমানদিন থাকে আৰু বংগৰ মুখ্যমন্ত্রীগৰাকীয়ে কিদৰে বিৰোধী শিবিৰক ঐক্যবদ্ধ কৰিবলৈ সক্ষম হয়, সেয়া লক্ষ্য কৰিবলগীয়া বিষয় হৈ থাকিব৷ সৰল অর্থত ক’বলৈ গ’লে খেলা হবেৰ পূর্বে বিৰোধীত খেলা হ’ব লাগিব৷