নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাঁহিও এক থেৰাপী

-দেৱজিত শর্মা কাকতি

প্রৱণতা৷ অর্থাৎ ধাউতি, অভিলাষ, ৰাপ বা ভাঁজ লোৱা কার্য ইত্যাদি ইত্যাদি৷ মোৰ অনুভৱ সকলো ব্যক্তিৰ কম–বেছি পৰিমাণে মনৰ চৌহদত দেখা যায় এনেকুৱা প্রৱণতা৷ দেখা যায় এখন ঘৰ/এটা জাতি/এখন দেশক নিঃস্বার্থ সেৱা আগবঢ়োৱাৰ প্রৱণতা, কোনো কোনো ব্যক্তিৰ লীডাৰ হোৱাৰ প্রৱণতা, শিল্পী হোৱাৰ প্রৱণতা, নীৰৱে কিছু ব্যক্তিৰ নিজৰ জাতিক বিদেশীমুক্ত কৰাৰ প্রৱণতা, কিছুৰ প্রকৃতিৰ পূজাৰী হৈ নীৰৱে বিশাল অভয়াৰণ্য সৃষ্টি কৰাৰ প্রৱণতা, দক্ষ সম্পাদক এজনৰ বিভিন্ন মননশীল লেখা প্রকাশ কৰি পাঠকক মনোৰঞ্জন দিয়াৰ প্রৱণতা, কিছু ব্যক্তিৰ হাস্যৰসাত্মক সাহিত্য সৃষ্টি কৰাৰ প্রৱণতা, কিছুৰ আকৌ ৰাজনীতিত পুষ্ট হৈ বোকা ছটিওৱাৰ খেল খেলাৰ প্রৱণতা, কিছুৰ নতুন প্রজন্মক বিভিন্ন মাধ্যমেৰে সুপথত অনাৰ প্রৱণতা, মহামাৰীৰ দিনত নিঃস্বার্থ মানৱ সেৱা কৰাৰ প্রৱণতা ইত্যাদি ইত্যাদি৷ মুঠতে কত কি প্রৱণতা, কিন্তু সামগ্রিকভাৱে দেখা যায় অতি সহজ চকুত পৰা প্রৱণতা হৈছে আনক ভুল ধৰাৰ৷ হোৱা–নোহোৱাই তর্কাতর্কিত লিপ্ত হোৱাৰ প্রৱণতা৷
এইখিনিতে আগবঢ়াব খুজিছোঁ দুজন চিকিৎসকৰ কথা৷ বন্ধু চিকিৎসক৷ দুয়োজনৰ উদ্ভাৱনী শক্তি তবধ মানিবলগীয়া৷ এটা কথা বন্ধু হ’লেও ক’ব নোৱাৰাকৈ ইজনে সিজনক ভুল ধৰে আৰু লিপ্ত হয় তর্কাতর্কিত৷ ক’ব পাৰি এক প্রৱণতা৷ অৱশ্যে এনেকুৱা তর্কাতর্কিত সৃষ্টি হয় বহু কিবাকিবি৷ অতি গুৰুত্বপূর্ণ কিবাকিবি, লগতে হাস্যমধুৰ ৰগৰ৷ প্রথমতে আগবঢ়াইছোঁ তেওঁলোকৰে এটি লেখা, নাম অতি গুৰুত্বপূর্ণ৷ পৰিস্থিতি বর্তমান মহামাৰী৷
পৰিৱেশমুক্ত আকাশ–বিশুদ্ধ বায়ুমণ্ডল
কিন্তু
সেৱন কৰিবলৈ নাকৰ মাস্কে শুৱনিহে কৰে মুখমণ্ডল৷
বর্তমান সময় অফুৰন্ত আড্ডা মৰাৰ
কিন্তু
বাধা থাকিব পার্টীৰ গেট টুগেডাৰ৷
বর্তমান ট্রেফিকৰ জঁট নাথাকে আলিবাটত
কিন্তু
বাধা থাকে যাবলৈ লংকা ড্রাইভত
ছেনিটাইজড হাতৰ তলুৱাত মলিব পাৰে চাধা
কিন্তু
বিলাব নোৱাৰিব এজনে সিজনক আধা আধা
সমগ্র বিশ্বত বিয়পোৱা দুষৃকতিকাৰী হৈ পৰিল পুৰণা
কিন্তু
ঔষধ নোলোৱা দুষৃকতিকাৰীৰ নাম হ’ল ‘ক’ৰোনা’৷
তলতStay at home Stay safe ডায়লগত ছপা হয় নিমন্ত্রণ–বিয়াৰ
কিন্তু
এমুঠি ৰাইজৰ উপস্থিতিত হয় হিয়া–দিয়া–নিয়াৰ৷
শেষত– চিকিৎসকৰ থাকে মহানুভৱতাৰ অভূতপূর্ব নিদর্শন
কিন্তু
আমি নিশ্চিত তেখেতসকলেহে উদ্ধাৰ কৰিব অদৃশ্য ৰণ৷
হয় গভীৰভাৱে চালিজাৰি চালেহে গম পাই অতি গুৰুত্বপূর্ণ৷
এতিয়া আহোঁ ৰগৰলৈ৷ ৰগৰৰ পূর্বে এটি শব্দ মনলৈ আহিছে৷ থেৰাপী, অর্থাৎ ৰোগৰ চিকিৎসা৷ চিকিৎসা বিভিন্ন মাধ্যমেৰে হ’ব পাৰে৷ তাৰে এটি মাধ্যম হাঁহিৰ থেৰাপী৷ বর্তমান দুর্যোগৰ সময়৷ মহামাৰীৰ৷ সমগ্র বিশ্বত৷ সমগ্র বিশ্ববাসী বর্তমান প্রতীক্ষাত৷ অর্থাৎ অপেক্ষাত৷ কেতিয়া আহিব ভাল দিন? স্বাভাৱিক অৱস্থা? অৱশ্যে মানুহ জাতিটো বিস্ময়কৰ৷ ইপাৰ পালে সিপাৰ লাগে৷ অসন্তুষ্টি যেতিয়াই তেতিয়াই৷ এটা সময় আহিব এই মানৱ জাতিটোৱেই ক’ব– ‘ক’ৰোনা’ৰ দিনতেই ভাল লাগিছিল৷ ভাল কৰিলেও কোনো প্রশংসা নাই৷ অন্তৰ খুলি প্রশংসা৷ ভুল কৰিলেতো ক’বলৈকো ভয়েই লাগে৷ কিন্তু ভুল কোনে নকৰে৷ আনকি ভগৱানেও কৰে৷ ভগৱানে কি ভুল কৰিলে কৈ মৰিলেহে হ’ব৷ নোকোৱাই ভাল৷ ইছ্যু নকৰোঁ৷ হাঃ হাঃ হাঃ৷ এনেদৰে কথা পাতি চিকিৎসক দুজনে অৱস্থান কৰিলে এখন দলঙত৷ দুয়োজনৰেই আছে মুখত মাস্ক আৰু ৰাখিছে সামাজিক দূৰত্ব৷ এজন চিকিৎসক বন্ধুৱে আৰম্ভ কৰিলে ৰগৰ৷ এজন ব্যক্তিয়ে তেওঁৰ পৰিবাৰক টেষ্ট কৰিবলৈ লেবৰেটৰীলৈ লৈ গ’ল৷ দুদিনৰ পাছত লেবৰেটৰীৰ পৰা এটা কল পালে৷ লেবৰেটৰীৰ চিকিৎসকজনে অতি দুখেৰে ব্যক্তিজনক ক’লে– ‘আপোনাৰ পত্নীৰ টেষ্টৰ ফলাফল আন এজন ৰোগীৰ টেষ্টৰ ফলাফলৰ লগত সানমিহলি হৈ গ’ল৷ এতিয়া আমি সঠিক হ’ব নোৱাৰা হ’লোঁ আপোনাৰ পত্নীৰ ‘ক’ভিড–১৯’ নে মেম’ৰী লছ, আই মিন এলজেইমার্ছ Alzheimer’s) বেমাৰী৷’ ব্যক্তিজনে চিকিৎসকক প্রশ্ণ কৰিলে– ‘এতিয়া মই কি কৰা উচিত?’ চিকিৎসকৰ তাৎক্ষণিক উত্তৰ– ‘প্রথম কথা মাফ কৰিব, ভুল সকলোৰে হয়৷ আপুনি এই কাম কৰক– পত্নীক দূৰলৈ খোজ কঢ়াই লৈ যাওক আৰু এঠাইত এৰি থৈ আপুনি গুচি আহক৷ অকলে যদি পত্নীয়ে বিচাৰি ঘৰলৈ উভতি আহে, তেন্তে আপুনি কোনো কাৰণতেই দুৱাৰ নুখুলিব৷ বুজি পালেনে?’ ৰগৰটো তুমি বুজি পালানে বন্ধু? যদি পালা তেন্তে হাঁহিব পাৰা৷
এনেকৈ ৰগৰ কৰোঁতে দূৰৈত দেখা পাওক এজন বাটৰুৱা৷ বাটৰুৱাজনে ঠেং দুখন মেলি মেলি আহি আছে তেওঁলোকৰ ফালে৷ জাগিল নহয় প্রৱণতা দুয়োজন চিকিৎসকৰ৷ তর্কৰ৷ এজনৰ মতে বাটৰুৱাৰ জন্মগত দোষ, যাৰ কাৰণে খোজ চিধা নহয়৷ ভৰি দুটা মেলি খোজ দিব লগা হৈছে৷ আনজনে ফেপেৰি পাতি ধৰিলে৷ তেওঁৰ মতে বাটৰুৱা ‘ক’ভিড–১৯’ আক্রান্ত৷ যাৰ কাৰণে তেওঁৰ হৈছে ডায়েৰীয়া৷ পেট চলাৰ কাৰণে খোজ চিধা হ’লেই হ’ব লেটিপেটি৷ এনেতে বাটৰুৱা তেওঁলোকৰ কাষ পালেহি৷ দেখিয়েই বন্ধু দুজনে বাটৰুৱাক চিধাই প্রশ্ণ– আপোনাৰ জন্মগত দোষ নহয়নে? আনজনৰ চিধাচিধি কথা– আপোনাৰ ডায়েৰীয়া হৈছে, হয়নে নহয় কওক৷ বাটৰুৱা তেওঁলোকৰ তর্কাতর্কিত জঠৰ৷ তেওঁৰ খোজ কঢ়াৰ ধাৰণাটোৱেই যে তর্কাতর্কিৰ মূল কাৰণ ধৰিব পাৰি লাহেকৈ ক’লে– ‘মই গম পাইছোঁ সকলো৷ কথা হ’ল আপুনি ভবাটো ভুল আৰু আপুনিও ভবাটো ভুল৷ মুঠতে দুয়োজনেই ভুল৷ আনকি মই নিজে ভবাটোও ভুল৷ বুজিছে যোৱাকালি শহুৰৰ ঘৰলৈ গৈছিলোঁ৷ ক’ৰোনাক খেদিবলৈ নামপূজা পাতিছিল৷ লোভত নাৰিকলৰ লগত প্রসাদ খোৱাটো বেছি হ’ল৷ গম পালোঁ লোভেই পাপ আৰু পাপেই মৃত্যু৷ ঘৰলৈ বুলি আহি থাকোঁতে ভাবিলোঁ ৰিক্স লওঁ৷ সৰুকৈ শব্দ কৰোঁতেই লগত সিবিধো হ’ল৷ এতিয়া আপোনালোকে কওকচোন মোৰ ভবাটোও ভুল নহয়নে? এনে অৱস্থাত খোজ চিধা দিব পাৰিনে? এতিয়া মই আপোনালোকক এৰোঁ, বেছি হাঁহিলেও বিপদ৷’

You might also like