নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিঃসংগতা

এনে এটা সময় আছিল– যেতিয়া প্রতিটো শনিবাৰেই মই মোৰ বন্ধু দীপক চৌধুৰীৰ ঘৰত ৰাতিৰ আহাৰ খাব লগা হৈছিল৷ মোৰ ঘনিষ্ঠ বন্ধুৰ সংখ্যা খুব কম৷ মাত্র এখন হাতৰ আঙুলিৰ মূৰতেই তেওঁলোকৰ লেখ লৈ শেষ কৰিব পাৰি৷ তদুপৰি সন্ধিয়াৰ পিছত মই সাধাৰণতে ঘৰ এৰি বাহিৰলৈ নোলাওঁ৷ এটা কর্ম–ক্লান্ত দিনৰ অৱসানৰ পিছত মই যেতিয়া গভীৰ শান্তি আৰু নীৰৱতা কামনা কৰোঁ, তেতিয়া দুই–এজন খুব ঘনিষ্ঠ বন্ধুৰ বাহিৰে বা নিজৰ বাহিৰে আন কাৰো সংগ মোৰ সহ্য নহয়৷ এনেস্থলত মই যেতিয়া সপ্তাহৰ অন্ততঃ এটা দিনত দীপক চৌধুৰীৰ ঘৰত ৰাতিৰ আহাৰ খোৱাৰ অভ্যাস কৰিছিলো, তেতিয়া স্বাভাৱিকতেই এই কথা বুজিব লাগিব যে মই তেওঁৰ সংগ খুব উপভোগ কৰিছিলোঁ৷ খুব কম মানুহৰ বিষয়েহে মই এনে কথা ক’ব পাৰোঁ৷
উৰিষ্যাৰ মানুহ দীপক চৌধুৰী চাকৰি–সূত্রে অসমলৈ আহিছিল৷ তেওঁ ডাক বিভাগৰ এজন উচ্চপদস্থ বিষয়া আছিল৷ গুৱাহাটীত থিতাপি লোৱাৰ কেইদিনমানৰ পিছতে তেওঁ এদিন উপযাচি মোৰ ঘৰলৈ আহি মোৰ লগত চিনাকি হ’ল আৰু মোৰ লগত বন্ধুত্ব স্থাপনৰ ইচ্ছা প্রকাশ কৰিলে৷ তেওঁৰ কথাৰ পৰা মই বুজিলোঁ যে তেওঁ উড়িয়া অনুবাদত মোৰ কেইটামান গল্প আৰু কবিতা পঢ়িছিল– যাৰ ফলত মোৰ প্রতি তেওঁৰ মনত সামান্য কৌতূহল উপজিছিল৷ ইয়াৰ আগতেও সাহিত্যিকৰ সংগ বিচাৰি ফুৰা কেইবাজনো অনা–সমীয়া মানুহ মোৰ ওচৰলৈ আহিছিল৷ কিন্তু মই তেওঁলোকক প্রশ্রয় দিয়া নাছিলোঁ, কাৰণ সাহিত্যৰ বিষয়ে কথা পাতি মই ভাল নাপাওঁ৷ প্রথম সাক্ষাতৰ দিনা দীপক চৌধুৰীৰ প্রতিও মোৰ আচৰণ আছিল অতি শীতল ইংৰাজীত যাক কয়cool and correct৷ কিন্তু মোৰ অৱজ্ঞা আৰু শীতলতালৈ ভ্রূক্ষেপ নকৰি তেওঁ যেতিয়া ঘনাই মোৰ ওচৰলৈ আহিবলৈ ধৰিলে, তেতিয়া মই তেওঁক সহ্য কৰিবলৈ বাধ্য হ’লোঁ৷ কিছুদিনৰ ভিতৰতে মই সবিস্ময়ে আৱিষ্কাৰ কৰিলোঁ যে মই তেওঁৰ সংগ উপভোগ কৰিবলৈকো আৰম্ভ কৰিছোঁ৷ মই সাধাৰণতে কেৱল সেইবোৰ মানুহৰ সংগহে উপভোগ কৰোঁ– যিবোৰ মানুহে নিজৰ ক’বলগীয়া কথাখিনি নম্র আৰু ভদ্রভাৱে কয়, আনৰ কথা শান্তভাৱে আৰু আগ্রহ–সহকাৰে শুনে, কথাই কথাই তর্ক নকৰে, মাজে মাজে ৰসবোধৰ পৰিচয় দিয়ে, নিজৰ বিষয়ে আনৰ মনত উচ্চ ধাৰণা সৃষ্টি কৰিবলৈ ভণ্ডামি আৰু মিথ্যাচাৰৰ আশ্রয় নলয়, কিতাপৰ পৰা শিকা কথাতকৈ জীৱনৰ পৰা শিকা কথা বেছিকৈ কয়৷ দীপক চৌধুৰীৰ লগত চিনাকি হোৱাৰ কেইসপ্তাহমানৰ ভিতৰতে মই আৱিষ্কাৰ কৰিলোঁ যে তেওঁ ঠিক এনে এজন মানুহ৷ গতিকে তেওঁক বন্ধু হিচাপে গ্রহণ কৰাত মোৰ বিশেষ একো অসুবিধা নহ’ল৷
প্রথম চিনাকি হোৱাৰ দিনাই দীপক চৌধুৰীয়ে তেওঁৰ ঘৰলৈ মোক নিমন্ত্রণ কৰিছিল৷ অর্থাৎ তেওঁ মোক জানিবলৈ দিছিল যে মই মাজে–সময়ে তেওঁৰ ঘৰলৈ গ’লে তেওঁ খুব ভাল পাব৷ মই কিন্তু বহুত দিনলৈ তেওঁৰ নিমন্ত্রণ ৰক্ষা কৰা নাছিলোঁ৷ মই পৰাপক্ষত সকলো সামাজিক সম্পর্ক পৰিহাৰ কৰি চলিবলৈ চেষ্টা কৰোঁ৷ অৱশ্যে তাৰ কাৰণো নোহোৱা নহয়৷ যিহেতু মই এটা অকলশৰীয়া জীৱন–যাপন কৰোঁ– সমাজৰ প্রায় উপান্তত বাস কৰোঁ– সেই কাৰণে সংসাৰী মানুহৰ লগত মিলা–মিছা কৰিবলৈ মই অলপমান সংকোচ বোধ কৰোঁ৷ কিন্তু এদিন সকলো সংকোচ আৰু অনিচ্ছা জয় কৰি মই তেওঁৰ ঘৰলৈ যাবলৈ বাধ্য হ’লোঁ, কাৰণ মই বাৰম্বাৰ তেওঁৰ অনুৰোধ উপেক্ষা কৰাৰ কাৰণে তেওঁ সৰু ল’ৰাৰ দৰে অভিমান প্রকাশ কৰিবলৈ আৰম্ভ কৰিছিল৷ মানুহজনক মই ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ, গতিকে তেওঁক আঘাত দিবলৈ মোৰ ইচ্ছা যোৱা নাছিল৷
মই দীপক চৌধুৰীৰ ঘৰত গৈ উপস্থিত হোৱাৰ কেইমিনিটমানৰ পিছতে তেওঁৰ পত্নীয়ে ড্রইং ৰুমত প্রৱেশ কৰি মোক সম্ভাষণ জনালে৷ ব্যক্তিত্বসম্পন্না সুন্দৰী মহিলা, কথা–বার্তাও অতিশয় মার্জিত, কিন্তু মই স্পষ্টভাৱে অনুভৱ কৰিলোঁ যে তেওঁ কোঠাটোত সোমোৱাৰ লগে লগে তেওঁৰ গাৰ পৰা এছাটি বৰফৰ নিচিনা চেঁচা বতাহ মোৰ গাৰ ফালে বৈ আহিল৷ তেওঁ মুখেৰে যিহকেই নকওক কিয়, মনে মনে তেওঁ যে মোক পছন্দ কৰা নাই সেই কথা বুজিবলৈ মোৰ বাকী নৰ’ল৷ তাৰ কাৰণটো অনুমান কৰিবলৈ মোৰ বেছি সময় নালাগিল৷
নিতৌ সন্ধিয়াপৰত আঢ়ৈ পেগ হুইস্কীম খোৱাটো মোৰ এটা পুৰণি অভ্যাস৷ ঠিক আঢ়ৈ পেগ– এটোপাল বেছিও নহয়, কমো নহয়৷ সদায় সাত বজাত মই মদ খাবলৈ আৰম্ভ কৰোঁ আঢ়ৈ পেগ মদ খাবলৈ মোক আঢ়ৈ ঘণ্টা সময় লাগে৷ মই মদ খাই শেষ কৰি কৰিয়েই চাৰে ৯ বজাত মই ভাতৰ পাতত বহোঁ, আৰু দহ বজাত বিছনাত পৰোঁ৷ দিনৰ পিছত দিন এইটো মোৰ ধৰা–বন্ধা ৰুটিন তাৰ ব্যতিক্রম হ’লে মোৰ কষ্ট হয়৷ মদ খাবৰ সময়ত দ্বিতীয় ব্যক্তিৰ উপস্থিতি মোৰ সহ্য নহয়, কাৰণ অকণ অকণকৈ মদৰ গিলাচত শোহা মাৰি গান শুনিবলৈ, কিতাপ পঢ়িবলৈ, টিভিত চিনেমা চাবলৈ বা নিজৰ লগত কথা পাতিবলৈ মোৰ খুব ভাল লাগে৷ কিন্তু পৰম অনিচ্ছা সত্ত্বেও কেতিয়াবা দ্বিতীয় ব্যক্তিৰ উপস্থিতি মই সহ্য কৰিব লগা হয়৷ মই পৰাপক্ষত কাকো মদ নাযাচোঁ, কাৰণ মোৰ সীমিত অভিজ্ঞতাৰ পৰা মোৰ মনত এনে এটা বদ্ধমূল ধাৰণা হৈছে যে আমাৰ সমাজৰ বেছিভাগ মানুহেই মদ খাব নাজানে৷ বেছিভাগ মানুহেই মদৰ নিচাত প্রয়োজনতকৈ বেছি কথা কয়, খাব পৰাতকৈ বেছি মদ খায়, আনৰ সময়ক মূল্য দিবলৈ পাহৰি যায়৷ এনেকুৱা মানুহবোৰক মই বাঘৰ দৰে ভয় কৰোঁ৷ কিন্তু নিয়ম থাকিলে তাৰ ব্যতিক্রমো নিশ্চয় থাকে৷ মোৰ এনেকুৱা দুজনমান ঘনিষ্ঠ বন্ধু আছে– যিকেইজনৰ লগত মদ খাই মই বিমল আনন্দ উপভোগ কৰোঁ৷ তেওঁলোকে মোক সদায় মনত পেলাই দিয়ে কোল্ৰিজৰ সেই বিখ্যাত উক্তি ঃSome men are like musical glasses; You get the finest touches only when they are wet.

দীপক চৌধুৰী মোৰ ওচৰলৈ কেইবাৰমান অহাৰ পিছত মই যেতিয়া তেওঁক ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ, আৰু তেওঁৰ স্বভাৱ–চৰিত্র সম্পর্কে মোৰ মনত এটা মোটামুটি ধাৰণা গঢ় লৈ উঠিছিল, তেতিয়া এদিন মই তেওঁক ক’লোঁ– ‘আপোনাৰ যদি মদ খোৱাৰ অভ্যাস আছে, সদায় নহ’লেও অন্ততঃ মাজে–সময়ে, তেন্তে আজি মোৰ লগত অলপ মদ খাবলৈ আপোনাক অনুৰোধ কৰিব খোজোঁ৷ মই খুব কম মানুহকেই এনেকুৱা অনুৰোধ কৰোঁ৷ আপোনাক মদ যাচি মই এই কথাটোকেই প্রমাণ কৰিব খুজিছোঁ যে আপোনাৰ লগত কথা পাতি মোৰ খুব ভাল লাগিছে৷ কিন্তু মদে মাত্র কেইঘণ্টামানৰ ভিতৰতে মানুহৰ আচৰণ আৰু ব্যক্তিত্ব সম্পূর্ণৰূপে সলনি কৰি দিব পাৰে৷ সেই কাৰণে অচিনাকি মানুহৰ লগত মদ খাবলৈ মই খুব ভয় কৰোঁ৷ গতিকে মই আপোনাক আগতীয়াকৈ এটা কথা জনাই থ’ব খোজো যে মই নিজে কেতিয়াও আঢ়ৈ পেগতকৈ বেছি মদ নাখাওঁ, আৰু ঘড়ীৰ কাঁটাই চাৰে ন বজাৰ সংকেত দিয়াৰ লগে লগে মই মদ খোৱা বন্ধ কৰোঁ৷’
এনেধৰণৰ স্পষ্ট ভাষণ তেওঁ বোধহয় ইয়াৰ আগতে কাৰো মুখত শুনা নাছিল৷ কিংকর্তব্যবিমূঢ় হোৱা মানুহৰ দৰে তেওঁ কিছু সময় নীৰৱ দৃষ্টিৰে মোৰ চকুলৈ চাই ৰ’ল৷ তাৰ পিছত তৎক্ষণাৎ মুখৰ ভাব সলনি কৰি তেওঁ হাঁহি এটা মাৰি ক’লে– ‘আপোনাৰ স্পষ্টবাদিতাই আনকো স্পষ্টবাদী হ’বলৈ সাহস দিয়ে৷ আপোনাৰ আগত এটা স্বীকাৰোক্তি কৰিব খোজোঁ৷ মই এসময়ত খুব বেছিকৈ মদ খাইছিলোঁ– যাৰ ফলত মোৰ ঘৰুৱা জীৱনত অশান্তিৰ সূত্রপাত হৈছিল৷ এতিয়া কিন্তু নিজকে সংযত কৰিবলৈ শিকিছোঁ৷ সঁচা কথা ক’বলৈ গ’লে মদ খাবলৈ প্রায় এৰাৰ নিচিনাই হৈছে৷ অৱশ্যে নিজৰ ইচ্ছাত নহয়, পত্নীৰ ভয়তহে৷ এসময়ত মই মদ খাই ইমান বেছিকৈ মাতলামি কৰিছিলোঁ যে সেইবোৰ দিনৰ স্মৃতিয়ে মোৰ পত্নীক এতিয়াও আতংকিত কৰি ৰাখে৷ বহুত যুদ্ধ–বিগ্রহৰ মূৰত এতিয়া আমাৰ বিবাহিত জীৱনলৈ কিছু শান্তি আহিছে৷ মই সেই শান্তিখিনি হেৰুৱাব নোখোজোঁ৷ সেই কাৰণে লোভ দমন কৰি পৰাপক্ষত মদ নোখোৱাকৈ থাকোঁ৷… কিন্তু আজি মই আপোনাৰ লগত অলপ মদ খাম৷ বহুত দিনৰ মূৰত খাম৷ মোৰ মনত এনে এটা ভাব হৈছে যে আপোনাৰ লগত মদ খাইহে মই জীৱনত প্রথমবাৰৰ কাৰণে মদ খোৱাৰ প্রকৃত আনন্দ উপভোগ কৰিম৷’
দীপক চৌধুৰীয়ে সেই যে মদ খাবলৈ আৰম্ভ কৰিলে, তাৰ পিছৰ পৰা মোৰ ঘৰলৈ আহিলেই মদ খোৱাটো তেওঁৰ এটা অভ্যাসত পৰিণত হ’ল৷ তেওঁ আগতে কেনেকৈ মদ খাইছিল, কিমান খাইছিল, সেইবোৰ কথা মই নাজানো৷ কিন্তু মোৰ সংগত পৰি তেৱোঁ আঢ়ৈ পেগতকৈ এটোপাল মদো বেছিকৈ নোখোৱা হ’ল৷ জীৱনৰ অভিজ্ঞতাই মোক এটা কথা শিকাইছে যে বহুত মানুহে নিজৰ বিষয়ে কথা ক’বলৈ মনে মনে এটা প্রবল ইচ্ছা অনুভৱ কৰে কিন্তু সহানুভূতিশীল আৰু চমঝদাৰ শ্রোতা নোপোৱাৰ কাৰণে তেওঁৰ বেছিভাগ কথা গোটেই জীৱন ধৰি অকথিত হৈ ৰয়৷ নিজৰ বিষয়ে ক’বলৈ বিচৰা মানেই যে নিজৰ বিষয়ে প্রচাৰ কৰিবলৈ বিচৰা– সেই কথা সকলো মানুহৰ ক্ষেত্রত সত্য নহয়৷ নিজৰ অভিজ্ঞতাৰ কথা আনক কৈ মানুহে আচলতে সেই অভিজ্ঞতাবোৰ পুনৰ যাপন কৰিব খোজে, তাকে কৰিব নোৱাৰিলে জীৱনটো পৰিপূর্ণভাৱে যাপন কৰাৰ অভিজ্ঞতাৰ পৰা মানুহজন বঞ্চিত হয়৷ তাৰ ফলত তেওঁৰ হূদয়ৰ এটা কোণ সদায় অসুখী আৰু বিষণ্ণ হৈ ৰয়৷ দীপক চৌধুৰীক লগ পোৱাৰ দিনৰে পৰাই মই অনুভৱ কৰিছিলোঁ যে মানুহজনে আজিলৈকে কাৰো লগত মন খুলি কথা পাতি পোৱা নাই কিন্তু নিজৰ বিষয়ে ক’বলৈ আৰু শ্রোতাজনৰ প্রতিক্রিয়াৰ পোহৰত নিজৰ জীৱনটো পৰীক্ষা কৰি চাবলৈ তেওঁৰ মনত এটা প্রবল হাবিয়াস আছে৷ অতিশয় বিনয়ী আৰু সদালাপী মানুহজনক মই প্রায় প্রথম দর্শনতে ভাল পাই পেলাইছিলোঁ৷ সেই কাৰণে তেওঁক অলপ আনন্দ দিবলৈ মোৰ মন গৈছিল৷ তেওঁৰ নিজৰ বিষয়ে কথা ক’বলৈ তেওঁক উৎসাহিত কৰিবৰ মনেৰে মই খুব সতর্কভাৱে তেওঁক দুই–এটা কথা সুধিবলৈ আৰম্ভ কৰিলোঁ৷ মোৰ বুধিয়ে কাম দিলে৷ তেওঁ নিজৰ বিষয়ে কথাক’বলৈ আৰম্ভ কৰিলে৷ প্রথম অৱস্থাত তেওঁৰ যিখিনি স্বাভাৱিক দ্বিধা বা সংকোচ আছিল, মাত্র কেইদিনমানৰ ভিতৰতে সেইখিনি নোহোৱা হৈ গ’ল৷ নিজৰ বিষয়ে কথা কোৱাৰ নিচাই তেওঁক ইমান মতলীয়া কৰি তুলিলে যে তাৰ তুলনাত মদৰ নিচা গৌণ হৈ পৰিল৷ কেতিয়াবা কথা কৈ থাকোঁতে তেওঁ মদৰ গিলাচত শোহা মাৰিবলৈ পাহৰি যোৱাৰ নিচিনাই হ’ল৷ ফলত একো–একোদিনা এক পেগ মদ খাবলৈ তেওঁক দুই–তিনি ঘণ্টা সময় লগা হ’ল, আৰু তেনেকুৱা দিনবোৰত মাত্র এক পেগ মদ খায়েই তেওঁ মোৰ পৰা আনন্দ মনেৰে বিদায় ল’ব পৰা হ’ল৷
কিন্তু তেওঁৰ পত্নীয়ে মাত্র এটা কথাই জানিলে যে মদ খাবলৈ প্রায় এৰি দিয়া মানুহজনে মোৰ সংগত পৰি আকৌ মদ খাবলৈ আৰম্ভ কৰিছে৷ মই দীপক চৌধুৰীৰ ঘৰত প্রথম ভৰি দিবৰ দিনা শ্রীমতী চৌধুৰী মোৰ প্রতি বৰফৰ নিচিনা শীতল হোৱাৰ সেইটোৱেই আছিল একমাত্র কাৰণ৷ সেই কথা বুজিবলৈ মোৰ এক মুহূর্তও সময় নালাগিল৷ স্বামীৰ মাতলামিৰ ভয়ংকৰ অভিজ্ঞতা স্মৰণ কৰি তেওঁৰ পত্নী মোৰ প্রতি বিৰূপ হোৱাত অলপো অস্বাভাৱিকতা নাছিল বৰং সেইটোৱেই আছিল অতি স্বাভাৱিক৷ সেই কাৰণে তেওঁৰ আচৰণত মই সমূলি ক্ষুণ্ণ নহ’লোঁ৷ দীপক চৌধুৰীৰ নিমন্ত্রণ ৰক্ষা কৰিবলৈ সিদ্ধান্ত লওঁতেই মই মনে মনে আশংকা কৰিছিলোঁ যে তেওঁ নিশ্চয় তেওঁৰ ঘৰত মোক মদেৰে আপ্যায়ন কৰিব৷ মই যে নিতৌ সন্ধিয়া পৰত অলপ মদ খাই দিনটোৰ পৰিশ্রমৰ ভাগৰ মাৰোঁ, সেই কথা জনাৰ পিছত তেওঁ মোক ৰাতিৰ আহাৰ খাবলৈ নিমন্ত্রণ কৰি আনি মোক মদ খোৱাৰ সুখৰ পৰা বঞ্চিত কৰিবলৈ নিশ্চয় নিবিচাৰিব৷ কিন্তু মই এনেকুৱা এল্ক’হলিক্ নহয় যে মাত্র এদিন মদ নোখোৱাকৈ থাকিলেই মোৰ ভীষণ কষ্ট হ’ব৷ মই আচলতে একোৰে দাস হ’ব নিবিচাৰোঁ মদ খোৱাৰ অভ্যাসৰ দাসতো সমূলি হ’ব নিবিচাৰোঁ৷ মুক্তিৰ মাদকতাৰ লগত আন একো মাদকতাৰে তুলনা নহয়৷ দীপক চৌধুৰীয়ে তেওঁৰ ঘৰত মোক মদ নাযাচক– সেইটোকে মই মনে মনে প্রার্থনা কৰিছিলোঁ, কাৰণ তেওঁৰ ঘৰত মদ খাই তেওঁৰ পত্নীক মনোকষ্ট দিবলৈ মোৰ সমূলি ইচ্ছা নাছিল৷ কিন্তু মোৰ প্রার্থনাই একো ফল নিদিলে৷ মোৰ আশংকাক সত্যত পৰিণত কৰি আমাৰ কোঠাটোলৈ সোমাই আহিল এজন গৃহভৃত্য ঃ তেওঁৰ হাতৰ ট্রেখনত এটা ব্লেক ডগ স্কছ হুইস্কীৰ বটল৷ দীপক চৌধুৰীয়ে নিশ্চয় প্রতিদিনে স্কছ হুইস্কী নাখায়৷ এজন নতুন বন্ধুক আদৰণি জনাবলৈকে তেওঁ বোধহয় আজি এই বিশেষ আয়োজন কৰিছে৷ মই চকুৰ কোণেৰে চুৰকৈ শ্রীমতী চৌধুৰীৰ মুখখন লক্ষ্য কৰিবলৈ চেষ্টা কৰিলোঁ৷ তেওঁ নির্বিকাৰ হৈ দেখুৱাবলৈ চেষ্টা কৰিছে যদিও মোৰ বুজিবলৈ বাকী নাথাকিল যে খঙত তেওঁৰ ভিতৰখন গুজৰি–গুমৰি মৰিছে৷ মই লৰালৰিকৈ তেওঁৰ মুখৰ পৰা দৃষ্টি ঘূৰাই আনি দীপক চৌধুৰীৰ মুখলৈ চালোঁ৷ তেওঁ ইতিমধ্যে গিলাচত মদ ঢ়ালিবলৈ আৰম্ভ কৰিছে৷ এটা কৃত্রিম হাঁহিৰে তেওঁ মনৰ অস্থিৰতা আৰু অস্বস্তি ঢ়াকিবলৈ চেষ্টা কৰিছে৷ ইমানপৰে মই কিংকর্তব্যবিমূঢ় হৈ আছিলোঁ৷ হঠাৎ কিবা এটা ভাবি মই শ্রীমতী চৌধুৰীৰ ফালে মুখ কৰি তেওঁক ক’লোঁ– ‘শ্রীমতী চৌধুৰী, মই ভালপোৱা বস্তুবোৰৰ তালিকাত মদৰ স্থান খুব ওপৰত নহয়৷ এনে বহুতো বস্তু আছে– যিবোৰ বস্তুক মই মদতকৈ হাজাৰগুণ বেছি ভাল পাওঁ৷ উদাহৰণ স্বৰূপে, আজি মই মদ খাবলৈ যিমান ভাল পাম– তাতোকৈ বহুগুণে বেছি ভাল পাম আপোনাৰ মুখত আপোনাৰ স্ব–ৰচিত এটা কবিতাৰ আবৃত্তি শুনিবলৈ৷ আজি আপোনালোকৰ ঘৰলৈ মই প্রথমবাৰৰ কাৰণে আহিলোঁ৷ আপোনাক প্রথমবাৰৰ কাৰণে লগ পালোঁ৷ আমাৰ এই প্রথম সাক্ষাৎটো মোৰ কাৰণে অবিস্মৰণীয় কৰি ৰাখিব পাৰে আপোনাৰ এটা স্ব–ৰচিত কবিতাৰ আবৃত্তিয়ে৷’
মই আচম্বিতে কোৱা এই কথাখিনিয়ে একে সময়তে তিনিজন মানুহক বিস্ময়ত হতভম্ব কৰি তুলিলে৷ বিস্ময়ত হতভম্ব হোৱা এজন মানুহ হ’লো মই নিজে৷ জীৱনত আগতে কেতিয়াও লগ নোপোৱা এগৰাকী মহিলাই কবিতা লিখে বুলি মই অনুমান কৰিলো কেনেকৈ? এই প্রশ্ণৰ এটা যুক্তিগ্রাহ্য উত্তৰ মই নিজেই দিব নোৱাৰিম৷ কথাটো অতর্কিতে মোৰ মুখৰ পৰা ওলাই যোৱাৰ আগমুহূর্তলৈকে মই সচেতনভাৱে সেই বিষয়ে একো কথা চিন্তাই কৰা নাছিলোঁ৷ অৱশ্যে এই কথাও সত্য যে মানুহৰ বেছিভাগ চিন্তাই পুঞ্জীভূত হৈ থাকে অৱচেতন মনত৷ সি যি কি নহওক, কথাটো মোৰ মুখৰ পৰা ওলাই যোৱাৰ পিছতহে মই উপলব্ধি কৰিলোঁ যে শ্রীমতী চৌধুৰীক স্ব–ৰচিত কবিতা পঢ়িবলৈ কৰা মোৰ অনুৰোধটো কেৱল কণাৰ ফর্মূটি নাছিল তেওঁৰ বিষণ্ণ ভাব–গম্ভীৰ মুখখন চকা–মকাকৈ দেখিয়েই মোৰ মনত এনে এটা ভাব হৈছিল যে নিজৰ লগত কথা পাতিবলৈ তেওঁ মাজে–সময়ে মনে মনে কবিতা লিখে৷ ক’ৰ পৰা কেনেকৈ সেই ভাব আহিল সেই কথা মই নাজানো৷ সেইটোৱেই হ’ল মই নিজৰ কথাত নিজে বিস্ময়ত হতভম্ব হোৱাৰ কাৰণ৷
মোৰ কথা শুনি শ্রীমতী চৌধুৰী ইমান আচৰিত হ’ল যে বহুত পৰলৈকে তেওঁৰ মুখৰ পৰা একো কথাই বাহিৰ নহ’ল বিস্ময়ত চকু দুটা বহল কৰি তেওঁ কেইবাটাও দীঘলীয়া মুহূর্ত মোৰ চকুলৈ একেথিৰে চাই ৰ’ল৷ অৱশেষত তেওঁ মোক সুধিলে– ‘মই কবিতা লিখোঁ বুলি আপুনি কেনেকৈ জানিলে?’ শ্রীমতী চৌধুৰীয়ে বোধহয় প্রশ্ণটো সোধাৰ উপৰি আৰু কিবা এষাৰ ক’ব খুজিছিল, কিন্তু তেওঁক মাজতে বাধা দি দীপক চৌধুৰীয়ে তেওঁক সুধিলে– ‘তুমি সঁচাকৈয়ে কবিতা লিখা নেকি?’ একে সময়তে বিস্ময় আৰু অবিশ্বাস লগ লাগি দীপক চৌধুৰীৰ মাতটো সামান্য বিকৃত কৰি পেলাইছিল৷ মই তেওঁৰ মুখলৈ চালোঁ৷ তেওঁৰ মুখত বিচিত্র ভাব আৰু অনুভূতিয়ে খেলা কৰিবলৈ আৰম্ভ কৰিছিল৷ এটা অজান আশংকাত তেওঁৰ মুখখন সামান্য ক’লা পৰিছিল৷ হঠাৎ মই অনুভৱ কৰিলোঁ যে মই এতিয়ালৈকে শ্রীমতী চৌধুৰীৰ প্রশ্ণৰ উত্তৰ দিয়া নাই, আৰু শ্রীমতী চৌধুৰীয়ে দিয়া নাই তেওঁৰ স্বামীৰ প্রশ্ণৰ উত্তৰ৷ পৰিস্থিতিটো সহজ কৰিবৰ কাৰণে মই শ্রীমতী চৌধুৰীৰ মুখলৈ চাই ক’লোঁ– ‘মই নিশ্চিতভাৱে জানো যে আপুনি মনে মনে কবিতা লিখে৷ সেই কথা মই কেনেকৈ জানো সেইটো মই নিজেই নাজানো৷ কিন্তু আপোনাৰ কবিতা নুশুনালৈকে আজি মই এই স্থান ত্যাগ নকৰোঁ৷ আপুনি এতিয়া হয়তো কবিতা নিলিখে কিন্তু এসময়ত যে আপুনি কবিতা লিখিছিল সেই বিষয়ে মোৰ মনত ধনিষ্ঠামানো সন্দেহ নাই৷’ শ্রীমতী চৌধুৰীয়ে নীৰৱ দৃষ্টিৰে বহুত সময় মোৰ মুখলৈ চাই ৰ’ল৷ ময়ো তেওঁৰ চকুৰ পৰা মোৰ দৃষ্টি ঘূৰাই আনিবলৈ চেষ্টা নকৰিলোঁ৷ মোৰ চকুত চকু থৈয়েই এটা সময়ত তেওঁ ধীৰে ধীৰে চকীৰ পৰা উঠি থিয় হ’ল, আৰু গহীন খোজেৰে ভিতৰলৈ সোমাই গ’ল৷ তেওঁ কোঠাটোত নথকা সময়খিনিত মই আৰু দীপক চৌধুৰী সম্পূর্ণ নীৰৱ হৈ ৰ’লোঁ৷ মাজতে এবাৰ চুৰকৈ মই দীপক চৌধুৰীৰ মুখলৈ চালোঁ৷ তেওঁৰ মুখখন ইতিমধ্যে ইমান সলনি হৈ গৈছে যে হঠাৎ মোৰ তেওঁক এজন অচিনাকি মানুহ যেন লাগি গ’ল৷
শ্রীমতী চৌধুৰীয়ে পুনৰ কোঠাটোত প্রৱেশ কৰিলে৷ তেওঁৰ হাতত এখন পুৰণি ডায়েৰী৷ নীৰৱে চকীত বহি তেওঁ এটা দীঘল কবিতা পঢ়িবলৈ আৰম্ভ কৰিলে৷ কবিতাটো পঢ়ি শেষ হোৱাৰ পিছত তেওঁ আমাৰ কাৰো মুখলৈ নোচোৱাকৈ আৰু মুখেৰে এটাও শব্দ উচ্চাৰণ নকৰাকৈ ভিতৰলৈ সোমাই গ’ল৷ কেৱল আমাৰ কোঠাটোকে নহয়, সমগ্র পৃথিৱীখনকে হঠাৎ এটা বিশাল নীৰৱতাই গ্রাস কৰি ধৰিলে৷

You might also like