নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জনৰ বাবে হিমাৰ সন্মুখত অন্তিম সুযোগ

নিয়মীয়া বাৰ্তা, ৬ জুন: পাটিয়ালাত অহা ২৫–২৯ জুনত অনুষ্ঠিত হ’ব ৬০সংখ্যক ৰাষ্ট্রীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ৷ ভাৰতৰ লগতে শ্রীলংকা, বাংলাদেশ, চাইনীজ টাইপেই, মালয়েছিয়া আৰু কাজাখস্তানৰ এথলীটে অংশ ল’বলগীয়া এই প্রতিযোগিতাখন টকিঅ’ অলিম্পিকৰ যোগ্যতা অর্জনৰ অন্তিমটো সুযোগ হ’ব৷

দেশৰ তাৰকা দৌৰবিদ হিমা দাস, ডুটি চান্দ আৰু জিনছন জনছনে প্রতিযোগিতাখনৰ জৰিয়তে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জনৰ অন্তিমটো সুযোগ লাভ কৰিব৷ ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ সভাপতি আদিল জে ছুমাৰিৱালাই ছিনিয়ৰ ৰাষ্ট্রীয় এথলেটিকছ সূচী ঘোষণা কৰি কয় যে এইবাৰৰ প্রতিযোগিতাখন পাটিয়ালাৰ দুটা স্থানত খেলোৱা হ’ব৷ নেতাজী সুভাষ ৰাষ্ট্রীয় ক্রীড়া প্রতিষ্ঠানত ২৪টা ইভেণ্ট আৰু পঞ্জাব বিশ্ববিদ্যালয় গ্রাউণ্ডত বাকী থকা ১৯টা ইভেণ্ট অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ বাবে ভাৰতীয় ট্রেক এণ্ড ফিল্ড এথলীটসকলে বিগত প্রায় এবছৰ ধৰি অলিম্পিকৰ যোগ্যতা নির্ণায়ক ইভেণ্টত অংশ ল’ব পৰা নাই৷ ইয়াৰ পূর্বে বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান গ্রাঁ প্রি আৰু আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপ লকডাউনৰ বাবে বাতিল হৈছিল৷

You might also like