(১)
ব’লা আমি ডাক্তৰ ডাক্তৰ খেলোঁ৷ দাদা মই ডাক্তৰ হ’ম আৰু তুমি কম্পাউণ্ডাৰ হোৱা৷ ঠিক তেনেতে ভিতৰৰ পৰা ভাঁহি আহিল বৰমাকৰ মাত– ‘ছোৱালী মানুহ নার্ছহে হয় আৰু ল’ৰা মানুহ ডাক্তৰ হয়৷ দাদাক ডাক্তৰ হ’বলৈ দিয়া আৰু তুমি নার্ছ হোৱা৷
(২)
মাক–দেউতাক, ককায়েক–ভনীয়েকেৰে ভৰা এখন ঘৰ৷ দেওবাৰে ৰাতিপুৱাৰে পৰা ভনীয়েকৰ মুখৰ ৰং সলনি৷ হ’ল বুলিনো দাদাই ঘৰটো ইমান লেতেৰা কৰিব লাগেনে বুলি মুখেৰে বিৰবিৰাই ঘৰ চাফা কৰাৰ মাজেৰে খঙে–ভিমানে ভৰা মুখখন লৈ মাকক প্রশ্ণ কৰিলে– মা তুমিনো দাদাক কিয় একো নোকোৱা, কিমান লেতেৰা কৰিছে দেখা নাই?
ল’ৰা মানুহে লেতেৰা কৰেই আৰু ছোৱালী মানুহৰ কামেই চাফা কৰা৷ মাকৰ প্রত্যুত্তৰত তাই কিছুপৰ মৌন হৈ ৰ’ল৷
(৩)
হেৰি নহয়, আমাৰ ৰমেনহঁতৰ ঘৰৰ দুয়োগৰাকী বোৱাৰীৰ ভালে ভালে সন্তান দুটি জন্ম পালে, এইবুলি চুবুৰীয়া তিৰোতা দুগৰাকীয়ে খবৰ ল’বলৈ গৈ আচল কৰি প্রথম সন্তানটো ল’ৰা জন্ম হ’লে ভৱিষ্যতলৈ নির্ভয় আৰু সৰুজনীৰ ছোৱালীকণৰ মুখলৈ চাই দীঘলীয়া হুমুনিয়াহ আৰু সাত্ব্ন্নাৰে ভৰা বাক্যকেইটামান কৈ চাহ–তামোলৰ পাগ উঠাই আড্ডাটো বেছ ৰসাল কৰি তুলিলে৷
আৰু ইমানতেই ছ’চিয়েল মিডিয়াত চর্চাৰ বিষয় হৈ পৰে টকি’ অলিম্পিকত ব্রঞ্জৰ মেডেল পোৱা প্রথম অসমীয়া তথা বক্সাৰ লাভলীনা বৰগোহাঁইৰ ইনষ্টাগ্রামত লিখা এটা পোষ্ট৷ য’ত তেওঁ লিখিছে– যেতিয়া মই গ্ল’ভছ পিন্ধো, পুৰুষতান্ত্রিকতাক প্রত্যাহ্বান জনাওঁ৷ সঁচাকৈয়ে লাভলীনাৰ পুৰুষতান্ত্রিকতাৰ বিপক্ষে এই প্রত্যাহ্বান অতি প্রশংসনীয়৷
ক’ত নাই পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাৰ প্রভাৱ৷ অসমৰ চুকে–কোণে কত লাভলীনাই দৈনিক জনায় তেনে পুৰুষতান্ত্রিকতাক প্রত্যাহ্বান তাৰ ঠিকনা নাই৷ জন্ম নোহোৱা সন্তানেও মাকৰ পেটত পালিত হয় তেনে সমাজ ব্যৱস্থাৰে নীতি–নিয়মৰ মাজেৰে ৷ ছোৱালী অৱস্থাত ঘৰুৱা বাধা, সমাজে কি ক’ব তাৰে ভয়ত জীৱনৰ আধা সময় পাৰ কৰা আৰু বিয়াৰ পিছত নিজৰ জীৱনসংগীক নাম কাঢ়ি মতা হোৱা দমননীতিৰ পাছতো যদি পায় আদৰ–সন্মান নাইবা কিবা বিশেষ আব্দাৰ?
এনে পুৰুষতান্ত্রিক সমাজ ব্যৱস্থা এটা এদিনতে গঢ় লৈ উঠা ব্যৱস্থা নহয়৷ হাজাৰ বছৰ ধৰি ই চলি আহিছে আৰু জ্ঞাতে–জ্ঞাতে আমি সাৰ–পানী যোগাই আহিছোঁ৷ যিটো সমাজ ব্যৱস্থাত ৰং খেলি থকা ল’ৰা–ছোৱালীক শিকোৱা হয় ডাক্তৰ কেৱল ল’ৰাইহে হয়, ছোৱালী নার্ছহে হ’ব লাগে, ঘৰ–দুৱাৰ ল’ৰাই নহয়, ছোৱালীয়েহে চাফা কৰে, ল’ৰা সন্তান জন্ম পালেহে মাক–দেউতাকৰ ভৱিষ্যৎ নির্ভয়, বজাৰ পুৰুষে কৰে আৰু নাৰীয়ে ঘৰত ভাত ৰান্ধে নাৰীয়ে খেলপথাৰত গৈ খেল নেখেলে বগা নিমজ ছালৰ গৰাকী মানেহে ধুনীয়া নাৰী, নাৰীৰ দায়িত্ব কেৱল সন্তান জন্ম দি পালন কৰা নিজৰ মতে কাপোৰ পিন্ধাৰ অধিকাৰো নাৰীৰ নাই, তেন্তে কিয় সলনি কৰা নহয় তেনে সমাজ ব্যৱস্থাৰ? এনে সমাজ ব্যৱস্থাৰ মাজতেই আবদ্ধ থাকি আমি কেনেকৈ আমাৰ উঠি অহা প্রজন্মক দিব পাৰোঁ এখন নাৰী–পুৰুষৰ সমধিকাৰ থকা পৃথিৱীৰ মাদকতা? এয়া সম্ভৱ মাথোঁ এই ব্যৱস্থাৰ নীতি–নিয়মসমূহৰ বিৰোধ কৰাই নহয়, তেনে ঠিক কিছুদিন আগতে স্কাইআপ বুলি ইউক্রেইনৰ জনপ্রিয় এয়াৰলাইন এটাই চুটি পোছাক আৰু হাইহিলক বিমান পৰিচালিকাৰ পৰিচয় বহন কৰাই অহা পৰম্পৰাক ভাঙি তেওঁলোকৰ পৰিচালিকাসকলৰ বাবে ঢ়িলা পাইজামা আৰু জোতাক ইউনিফর্মৰ মর্যাদা দিছে৷ তাৰ পাছতেই আইচলেণ্ডিক এয়াৰলাইনেও পুৰুষসকলৰ দৰে মহিলা বিমান পৰিচালিকাসকলকো ঢ়িলা পাইজামা আৰু টী ছার্ট পিন্ধাৰ ব্যৱস্থা কৰি দিছে৷ লগতে পূর্বতে তেওঁলোকে কৰা উগ্র প্রসাধন, চুলিৰ ভিন্ন ষ্টাইল, শৰীৰত কৰা টাটু আদিৰ পৰা মুক্ত কৰি দিছে৷ তেওঁলোকৰ এই পদক্ষেপ অতিকৈ প্রশংসনীয়৷ তেওঁলোকে প্রমাণ কৰিছে নাৰী মানে কোনো পণ্য, ভোগৰ সামগ্রী অথবা বিজ্ঞাপনৰ লাভৰ অংক নহয়৷ নাৰীৰো এইখন পৃথিৱীত পুৰুষৰ সমান্তৰালকৈ খোৱা, পিন্ধা, নিজৰ মতে কাম কৰাৰ অধিকাৰ আছে৷ এই অধিকাৰৰ বাবে আজি একবিংশ শতিকাতো নাৰীয়ে যুঁজিবলৈ লগাটোহে অতিকৈ দুখৰ বিষয়৷ দীঘলীয়া নহওক আৰু এই যুঁজখন৷ ছ’চিয়েল মিডিয়াত লাভলীনাক শুভকামনা জনালেই দায়িত্ব শেষ নহয়, আমাৰ ঘৰত থকা তেনে প্রতিভাৱানক উলিয়াই অনাৰো দায়িত্ব আমাৰ৷ ছোৱালী জন্ম পোৱা মাক–দেউতাকক সাত্ব্ন্না দিয়াতকৈ উপদেশ দিয়ক ছোৱালীক কেনেদৰে শিকাব আত্মনির্ভৰশীলতাৰ পাঠ৷ তেতিয়াহে সফল হ’ব পুৰুষতান্ত্রিকতাৰ বিপক্ষে কৰা আমাৰ প্রতিটো প্রতিবাদ৷ লাভলীনা আদর্শ হওক আমাৰ আৰু স্বর্ণাভ হওক প্রতিগৰাকী নাৰীৰে জীৱনমুখী বাট৷