বহুত দিনৰ মূৰত, হয়তো প্রায় পাঁচ বছৰৰ মূৰত মোলৈ এখন ব্যক্তিগত চিঠি আহিল৷ উলাহত খৰধৰকৈ চিঠিখন খুলি পঢ়িবলৈ আৰম্ভ কৰিলোঁ৷ মাত্র কেইটামান শাৰী পঢ়িয়েই মই উচাপ খাই উঠিলোঁ৷ গোট গোট আখৰৰ চিঠিখন দিয়া ছোৱালীজনী মোৰ অচিনাকি৷ নামনিৰ এখন মহাবিদ্যালয়ৰ ছাত্রী ছোৱালীজনীয়ে প্রথমতেই উল্লেখ কৰিছে তাই বোলে এগৰাকী মানসিক ৰোগী৷ ইয়াৰ পূর্বেও এগৰাকী ছাত্রীয়ে মোলৈ হোৱাট্ছএপত তেওঁ হতাশাত ভোগাৰ কথা উল্লেখ কৰি মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ ল’বলৈ মোক অনুৰোধ জনাইছিল৷ তেওঁ নিজৰ নাম ক’বলৈ ইচ্ছা কৰা নাছিল আৰু মোক জনাইছিল যে জীৱনৰ প্রতি ইতিমধ্যে মোহ তাই হেৰুৱাই পেলাইছিল কিন্তু জীৱন সম্পর্কে মোৰ বিশেষ এটা লেখা পঢ়ি তাই জীয়াই থকাৰ হেঁপাহ পুনৰ জাগি উঠিছে৷ মোৰ এগৰাকী আত্মীয় আইনজীৱি হোৱাৰ সূত্রেই মই জানিবলৈ পালোঁ যে সাম্প্রতিক সময়ত বিবাহ বিচ্ছেদৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি হৈছে৷ মোলৈ চিঠি দিয়া ছোৱালীজনীৰ মাক–দেউতাকৰ ইতিমধ্যে বিচ্ছেদ হৈছে আৰু সেই বাবেই তাই মানসিক ৰোগত ভোগা বুলি ছোৱালীজনীয়ে লিখিছে৷ ছোৱালীজনীৰ দেউতাক এজন উচ্চপদস্থ চৰকাৰী চাকৰিয়াল আছিল৷ তেওঁ এখন ভিতৰুৱা গাঁৱৰ সহজ–সৰল এগৰাকী যুৱতীক বিয়া কৰাইছিল৷ মানুহজনৰ ঘৰৰ সকলো লোক তেওঁৰ এই সিদ্ধান্তত ক্ষুব্ধ হৈছিল৷ বিয়াৰ দিনাই সেয়েহে মানুহজনক পত্নীৰ সৈতে ঘৰৰ পৰা বাহিৰ কৰি দিছিল৷ লাহে লাহে চৰকাৰী চাকৰিৰ ব্যস্ততাৰ দোহাই দি মানুহজনেও পত্নীৰ সৈতে ব্যৱধানৰ সৃষ্টি কৰিলে৷ ইতিমধ্যে তেওঁলোকৰ সংসাৰলৈ আহিল মোলৈ চিঠি লিখা ছোৱালীজনী৷ সৰুৰে পৰা অত্যন্ত মেধাৱী ছোৱালীজনীয়ে দেখিবলৈ পালে মাক–দেউতাকৰ সৰু সৰু কথাতে লগা কাজিয়াবোৰ৷ সকলো সময়তে সংকুচিত হৈ থকা ছোৱালীজনীয়ে এদিন অন্তৰংগ মুহূর্তত মাক–দেউতাকক দেখাৰ পিছত তাই কণমানি পৃথিৱীখন খেলিমেলি হৈ পৰিল৷ সেইমুহূর্তৰ পৰাই তাইৰ হয়তো মানসিক ৰোগ আৰম্ভ হ’ল৷ দেউতাকৰ প্রতি তাইৰ মনত সৃষ্টি হ’ল অসম্ভৱ ভয় আৰু ঘৃণা৷ পঢ়া–শুনাত ক্রমান্বয়ে আগ্রহ হেৰুৱাই পেলোৱা ছোৱালীজনীয়ে সকলো সময়তে বোলে শংকাত ভোগে যে কোনোবা মুহূর্তত হয়তো ঘৰৰ মানুহবোৰে তাইক মাৰি পেলাব৷ ভাতৰ পাততো তাই দেখে বর্জনীয় পদার্থ৷ সৰু সৰু কথাতেই উগ্র হৈ পৰা ছোৱালীজনীয়ে ভোগে অপৰাধবোধতো৷ অৱশেষত তাইৰ মাকে নিজৰ ককায়েকৰ আশ্রয়ত থাকিবলৈ গুচি গ’ল৷ ছোৱালীজনী ৰৈ গ’ল দেউতাকৰ বায়েকৰ লগত৷ উচ্চ শিক্ষিত আত্মীয় আৰু দেউতাকৰ পৰিয়ালৰ অন্য সদস্যসকলে তাইৰ মানসিক ৰোগৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে৷ কিন্তু এতিয়াও তাইৰ মনৰ পৰা শেষ হোৱা নাই নিজক শেষ কৰি দিয়াৰ আকাংক্ষা৷ অসমৰ কেইবাজনো নামজ্বলা মনোৰোগ বিশেষজ্ঞৰ ওচৰত চিকিৎসা কৰোৱা ছোৱালীজনীয়ে এতিয়া বিচাৰিছে যে মনোৰোগৰ বিষয়ে প্রবল সজাগতা অসমত সৃষ্টি হওক৷ ছোৱালীজনীৰ মাতৃও মনোৰোগৰ চিকাৰ হ’ল৷ আর্থিকভাৱে দুর্বল মোমায়েকে যথাসাধ্য তেওঁৰ চিকিৎসা কৰাইছে যদিও মাকৰ ৰোগ নিৰাময়ৰ কোনো লক্ষণ এতিয়াও বোলে তাই দেখা নাই৷ ছোৱালীজনীৰ ঠিকনা মই মুকলি কৰিব খোজা নাই, কাৰণ আমাৰ সমাজৰ একাংশ মানুহৰ বাবে মনোৰোগ মানে এতিয়াও অস্পৃশ্য ঘটনা৷ ছোৱালীজনীৰ সমস্যা সম্পর্কে মই কেইবাজনো মনোৰোগ বিশেষজ্ঞৰ লগত কথা পাতিছিলোঁ৷ তেওঁলোকৰ মতে কিছুমান কিশোৰ–কিশোৰী পঢ়া–শুনাত যথেষ্ট তীক্ষ্ণ হ’লেও বা অন্যান্য দিশত প্রতিভাৰ অধিকাৰী হ’লেও পিতৃ–মাতৃৰ বিচ্ছেদৰ ঘটনাই সন্তানৰ জীৱন দুর্বিষহ কৰি তোলে৷ এই সম্পর্কে সমগ্র পৃথিৱীত বিভিন্ন গৱেষণা চলি আছে৷ গৱেষণাত প্রকাশ পাইছে যে কিছুমান সাধাৰণ বুলি এৰি চলা কথাই এসময়ত ভয়াৱহ ৰূপ ধাৰণ কৰে৷ পৰিয়ালৰ সদস্যসকলৰ মাজত খামখেয়ালি দেখি ডাঙৰ হোৱা সন্তানবোৰ সাধাৰণতে খঙাল আৰু বদমেজাজী হোৱা দেখা যায়৷ পৰৱর্তী সময়ত তেওঁলোক মানসিক ৰোগী অথবা উদণ্ড যুৱক–যুৱতীত পৰিণত হোৱাৰ আশংকা থাকে৷ তেনে শিশুৱে সাধাৰণতে হীনমন্যতাত ভোগে আৰু বন্ধু–বান্ধৱীৰ অভাৱত ভীষণ যন্ত্রণাত দিন কটায়৷ মোলৈ চিঠি লিখা যুৱতীগৰাকীয়েও লিখিছে যে কাৰোবাৰ লগত বন্ধুত্ব কৰাৰ আগতেই তেওঁৰ মনলৈ শংকা আহে যে তেওঁৰ ব্যক্তিগত জীৱনৰ কথা গম পোৱাৰ পিছত বন্ধুজনে তেওঁৰ সৈতে সম্পর্ক শেষ কৰাটো নিশ্চিত৷ সন্তানৰ সুস্থ মানসিকতাৰ বাবে পৰিয়ালৰ শান্তিপূর্ণ পৰিৱেশ এটা গুৰুত্বপূর্ণ চর্ত আৰু সেই পৰিৱেশ তেতিয়াই সৃষ্টি হয়, যেতিয়া পৰিয়ালৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক সোনকালে দেখা পায়৷ ভংগুৰ পৰিয়ালৰ অধিকাংশ সন্তানেই ডাঙৰ হোৱাৰ পিছত প্রচণ্ড নিৰাপত্তাহীনতাত ভোগে আৰু তাৰ প্রভাৱ তেওঁ ডাঙৰ হোৱাৰ পিছত ব্যক্তি আৰু সমাজ জীৱনত পৰে৷ এটা কথা সম্পূর্ণ সত্য যে এটা পৰিয়ালত সন্তান যদি প্রতিমুহূর্ততে হুলস্থূল আৰু কাজিয়াৰ মাজত ডাঙৰ হয় আৰু কোনোবাই যদি অকলশৰে সন্তান ডাঙৰ কৰে, তেন্তে ফলো সন্তানেই ভোগ কৰিব লগা হয়৷ শান্তিৰ প্রয়োজনত স্বামী–স্ত্রীৰ বিচ্ছেদ হ’ব পাৰে৷ কিন্তু সন্তানৰ ওপৰত তাৰ প্রভাৱ পৰিব নে নাই সেই কথা পূৰামাত্রাই নির্ভৰ কৰে দুয়োজনৰ ইতিবাচক মনোভাব আৰু আচৰণৰ ওপৰত৷ দাম্পত্য সম্পর্কত ফাট মেলিলেই যে সন্তানৰ লগতো সম্পর্ক নষ্ট হ’ব অথবা সন্তানে তেওঁৰ প্রাপ্য ভাল পোৱাৰ পৰা বঞ্চিত হ’ব তেনে নহয়৷ আটাইতকৈ আপোন দুজন মানুহৰ বিচ্ছিন্ন হোৱাৰ সিদ্ধান্তই সন্তানক প্রচণ্ড একাকিত্ব আৰু দুশ্চিন্তাৰ গৰাহত পেলায়৷ কিন্তু এই সমস্যা সমাধানৰ চাবি–কাঠী পিতৃ–মাতৃৰ হাততেই থাকে৷ সেয়েহে সন্তানৰ প্রতিপালনৰ ক্ষেত্রত আইনে লোৱা সিদ্ধান্তকৈ বেছি গুৰুত্বপূর্ণ হ’ল সন্তানৰ সার্বিক কল্যাণ৷ পিতৃ–মাতৃৰ দুয়োজনেই সন্তানৰ মানসিক স্বাস্থ্যৰ প্রতি গুৰুত্ব দিব লাগে আৰু সেই বিষয়ে বিবেচনা কৰাৰ অধিকাৰ আৰু দায়িত্ব পালন কৰিব লাগে৷ এইক্ষেত্রত পৰিয়ালৰ অন্যান্য সদস্য আৰু সমাজৰ ভূমিকাও ভীষণ গুৰুত্বপূর্ণ৷ আমাৰ সমাজ ব্যৱস্থাত এতিয়াও বিচ্ছেদক সহজভাৱে লোৱা নহয় আৰু পুৰুষ–মহিলা উভয়েই নানা তিক্ত অভিজ্ঞতাৰ মুখামুখি হ’ব লগা হয়৷ ভংগুৰ পৰিয়ালৰ সন্তানক কটু কথা শুনোৱা হয় আৰু কঠোৰ আচৰণ কৰা হয়৷ বিচ্ছেদৰ পিছত মাক–দেউতাকৰ সৈতে সন্তানৰ বন্ধুত্বপূর্ণ সম্পর্ক থাকিব নে নাথাকে সেয়াও নির্ভৰ কৰে পৰিয়াল আৰু সমাজ আৰু পাৰিপার্শ্বিকতাৰ ওপৰত৷ পিতৃ–মাতৃৰ যত্নত ডাঙৰ হোৱা সন্তানৰ শাৰীৰিক আৰু মানসিক বিকাশ সুস্থ হয়৷ সকলো পাৰিবাৰিক আইনত সন্তানৰ অভিভাৱকত্ব আৰু সন্তানৰ যত্নৰ দায়িত্ব পিতৃৰ ওপৰত ন্যস্ত থাকে৷ এটা নির্দিষ্ট বয়লৈকে মাকৰ হাতত সন্তানৰ দায়িত্ব থাকে আৰু মাকৰ অধিকাৰ এইক্ষেত্রত সকলোৱে স্বীকৃতি দিয়ে৷ সন্তানে অৱশ্যে যিজনৰ লগত থাকিব বিচাৰে আৰু স্বাচ্ছন্দ্য অনুভৱ কৰে তেওঁৰ লগতেই থাকিব পাৰে৷ এইক্ষেত্রত অৱশ্যে আর্থিক বিষয়টোৱে গুৰুত্ব পায়৷ কিন্তু সন্তানে এজনৰ লগত থাকি আনজনৰ সৈতে নিয়মিত যোগাযোগ আৰু যাতায়াত ৰক্ষা কৰে, তেন্তে সন্তানৰ খৰচ তেওঁ বহন কৰিব লগা হয়৷ দুজন সুস্থ মানসিকতাৰ মানুহে পাৰস্পৰিক বুজাবুজিৰ সৃষ্টিত অথবা শান্তিৰ সন্ধানতে তিক্ততাপূর্ণ সম্পর্ক শেষ কৰিব পাৰে৷ কিন্তু সন্তানৰ লগত কেতিয়াও কোনো অৱস্থাতে বিচ্ছেদ কাম্য নহয়৷ পিতৃ–মাতৃৰ উচিত যতন সন্তানক প্রয়োজন৷ গতিকে বিচ্ছেদৰ সিদ্ধান্ত ল’লেও সন্তানক এই সম্পর্কে সৰলভাৱে বুজাই দিয়া উচিত৷ তেওঁলোকে যাতে কোনোপধ্যে নিৰাপত্তাহীনতাত নোভোগে৷ সন্তানৰ মংগলৰ বাবে তেওঁক আশ্বাস দিয়া প্রয়োজন যে বিচ্ছেদৰ পিছতো পিতৃ–মাতৃ আগৰ দৰে তাৰ কাষত থাকিব আৰু তেওঁক ভাল পাই থাকিব৷ সম্পর্ক শেষ হ’লেও সন্তানৰ খাতিৰতে বন্ধুত্ব বজাই ৰখাটো প্রয়োজন৷
মোলৈ চিঠি লিখা অচিনাকি ছোৱালীজনীয়ে লিখিছে যে মাক–দেউতাকৰ সম্পর্ক অত্যধিক বেয়া সত্ত্বেও তাইৰ এজন ভায়েকো তেওঁলোকৰ সংসাৰলৈ আহিল৷ মানসিক ৰোগী মাকৰ সৈতে মামাকৰ ঘৰত থকা ভায়েকে কেইশ্রেণীমান পঢ়িয়েই বিদ্যালয় বাদ দিবলৈ বাধ্য হ’ল৷ উচ্চ শিক্ষিত দেউতাক থাকোঁতেও মামাকৰ ঘৰত লাচনি–পাচনি কৰি পেটৰ ভাতমুঠি যোগাৰ কৰা ভায়েকৰ প্রতি তাই অহৰহ চিন্তাত থাকে৷ জীৱনৰ কোনো ভৰসা নোহোৱা হোৱা এই কণমানি ছোৱালীজনীৰ কথা ভাবিলে মোৰ বুকুখন মোচৰ খাই উঠে৷ দুজন মানুহ আৰু এটা পৰিয়ালৰ দম্ভ আৰু অহংকাৰৰ বাবেই কলিতে মৰহি যাব খোজা ছোৱালীজনী আৰু তাইৰ ভায়েকৰ দৰেই যাতে আন কাৰো জীৱন যন্ত্রণাময় নহয় তাকে তাই কামনা কৰোঁ৷ তাই বিচাৰিছে আমাৰ সমাজত যাতে মনোৰোগ সম্পর্কে এক সুস্থ আলোচনাৰ পৰিৱেশ সৃষ্টি হয়৷ এইক্ষেত্রত মই অনভিজ্ঞ, কিন্তু আমাৰ সমাজৰ যিসকল মনোৰোগ বিশেষজ্ঞ আছে তেওঁলোকেই ঐক্যবদ্ধ প্রচেষ্টাৰে ক্রমান্বয়ে বৃদ্ধি পোৱা মানসিক স্বাস্থ্য সম্পর্কীয় সমস্যাবোৰ সমাধানৰ চেষ্টা নিশ্চয়কৈ কৰিব পাৰে৷