আন্তঃৰাজ্যিক সীমাৰ আধুনিক জৰীপ
মাটি–বাৰীৰ সীমা লৈ মানুহৰ মাজত হোৱা সংঘর্ষ অতি পুৰণি৷ ভূমি বিবাদ ব্যক্তিগত স্তৰৰ উপৰি চৰকাৰী স্তৰতো বহুদিন চলি থাকে৷ ৰাজ্যৰ সীমাত ওচৰ–চুবুৰীয়া ৰাজ্যৰ জনগণে বলপূর্বক অতিক্রমণ কৰা আৰু তাকে লৈ সময়ে সময়ে হোৱা কাজিয়া–পেচাল আদি অতি উদ্বেগজনক ঘটনা৷ এনে ঘটনাৰ গুৰি বিচাৰিলে গম পোৱা যাব যে বহুদিন ধৰি মাটিৰ সীমা সঠিকভাৱে নির্ধাৰণ কৰা হোৱা নাই আৰু সীমান্তত থকা লোকসকলে লাহে লাহে সীমাৰ ইফালে–সিফালে নিজৰ আধিপত্য স্থাপন কৰিছে, অজানিতে বা জানি–বুজিও৷ ঠিক সেই ধৰণেৰেই ইঘৰে–সিঘৰৰ লগত বাৰী, খেতি মাটিৰ সীমা লৈও বিবাদ হয়৷
ভূমি–সীমা বিবাদ আৰু জৰীপ
ৰাজ্য চৰকাৰসমূহে এক নির্ধাৰিত সময়ৰ অন্তৰালত মাটি–বাৰীৰ পুনঃ–বন্দৱস্তিৰ re-settlement) ব্যৱস্থা কৰে আৰু সংশ্লিষ্ট সকলোকে সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰে যাতে নিজৰ মাটিৰ সীমা আৰু নামজাৰি আদি সম্যকভাৱে চৰকাৰী অভিলেখত লিপিবদ্ধ হৈছেনে নাই, সেয়া সকলোৱে চাব পাৰে আৰু প্রয়োজন অনুসৰি শুধৰণিও কৰাব পাৰে৷ বাস্তৱিকতে দেখা যায় যে এই প্রক্রিয়াত সকলোৱে ভাগ নলয়, ফলত কিছুমান ভুল (যেনে নামজাৰি সম্পর্কে) চৰকাৰী অভিলেখত থাকিয়েই যায় আৰু মাটি–বাৰী বিক্রী অথবা বন্ধক আদি ৰখাৰ পৰিস্থিতি আহিলেহে সিবিলাক ধৰা পৰে৷ উদাহৰণস্বৰূপে চৰকাৰে নানা কাৰণত ভূমি অধিগ্রহণ কৰে আৰু তাৰ বাবে মাটিৰ গৰাকীক ক্ষতিপূৰণৰ ধনৰাশি প্রদান কৰে৷ নীতি অনুসৰি ৰাজহ বিভাগে তাৰ পিছতেই চৰকাৰী অভিলেখত নতুন গৰাকীৰ নাম লিপিবদ্ধ কৰি তাৰ প্রতিলিপি নতুন গৰাকীক দিব লাগে, কিন্তু এয়া সকলো সময়মতে নহয় ফলত পুৰণা মাটিৰ গৰাকীয়ে ইয়াৰ সুবিধা লৈ চৰকাৰক কেতিয়াবা শ’লঠেকত পেলাব পাৰে বা নামজাৰি অবিহনে সেই অধিগৃহীত ভূমিত চৰকাৰী প্রকল্প আদি অনুমোদন হোৱাত বাধা জন্মিব পাৰে৷
বিবাদ নিষ্পত্তিৰ বাবে ব্যক্তিগতভাৱে জিলাধিকাৰীক অনুৰোধ কৰি সময়ে সময়ে ওচৰা–উচৰিকৈ থকা মাটিৰ সীমা পুনৰ নির্ধাৰণ হৈ থাকে – অৱশ্যে এতিয়াও এনে কামত জৰীপৰ আধুনিক কৌশল প্রয়োগ কৰা নহয় আৰু কোনো প্রসংগৰ reference point) আলমতTheodoliteৰ বাChain-link পদ্ধতিৰে কামখিনি পূৰা কৰা হয়৷ দুখন জিলাৰ মাজৰ সীমা অথবা আন্তঃৰাজ্যিক সীমাবিলাকো আগতে প্রায় একে ধৰণেৰেই নির্ধাৰণ কৰা হৈছিল৷ একে ৰাজ্যৰ ভিতৰৰ জিলা, মহকুমা আদিৰ সীমা এনে ধৰণেৰে নির্ধাৰণ কৰিলেও বিশেষ অসুবিধা নহয় কিন্তু আন্তঃৰাজ্যিক সীমাবিলাকত প্রায়ে বিবাদ হয় কাৰণে আধুনিক জৰীপৰ পদ্ধতি প্রয়োগ কৰি সীমা নির্ধাৰণ কৰিলে মতভেদ হোৱাৰ থল অতি কম হ’ব৷
ভূমি জৰীপৰ আধুনিক কৌশল
বর্তমান জৰীপ কৰাৰ নতুন যন্ত্রৰ ভিতৰতGPSভিত্তিকTotal Station অথবা সূক্ষ্মাতিসূক্ষ্ম সঠিকতাৰ Accuracy) বাবে আৰু দ্রুতভাৱে জৰীপ কৰিবলৈDifferential GPS আৰুElectronic Total Station ব্যৱহাৰ কৰিব পাৰি, যাৰ দ্বাৰা ভূমিৰ বিশেষ গঠন৷ আকৃতি land features) আদিৰ তথ্যও পৰিলক্ষিত হ’ব৷ এই যন্ত্রবিলাকেৰে বহুভুজ জৰীপ Polygon Survey) কৰি এখন ঠাইৰ প্রত্যেক ভূমি–সম্পত্তিৰ সঠিক সীমা উলিয়াব পাৰি সীমান্তৱর্তী ঠাইবিলাকত অৱশ্যে সীমা জৰীপ Boundary Survey) কৰিলেই যথেষ্ট, অৱশ্যে ইয়াৰ বাবে কোনো প্রসংগ Reference point) হোৱা অতি প্রয়োজনীয়৷ বর্তমান উপগ্রহৰ সহায়েৰেRemote Sensing প্রযুক্তিবিদ্যা প্রয়োগ কৰি কোনো ঠাইৰ মানচিত্রতGeo-referencing কৰাৰ সুবিধা আছে যাৰ দ্বাৰা এখন ঠাইৰ অক্ষাংশ আৰু দ্রাঘিমাংশ খোদিত হয় হায়দৰাবাদস্থিতNational Remote Sensing কেন্দ্রই এইক্ষেত্রত প্রয়োজন অনুসৰি এনে কামৰ বাবে প্রশিক্ষণো দিয়ে৷ মুঠতে এতিয়া ভূমি–জৰীপৰ কাম আধুনিক, শুদ্ধকৈ, খৰকৈ আৰু নিষ্পক্ষভাৱে কৰিবলৈ যথেষ্ট সুবিধা আছে৷ ৰাজ্য চৰকাৰসমূহৰ ৰাজহ বিভাগৰ জৰীপৰ লগত জডিত কর্মচাৰী আৰু অধিকাৰীসকলক এই আধুনিক কৌশল সম্পর্কে প্রশিক্ষণ দিয়া অতি প্রয়োজনীয়৷ ভূমি জৰীপৰ বাবে ভাৰতীয় সর্বেক্ষণ বিভাগৰ Survey of India) উপৰি অন্য দক্ষ জৰীপ সংস্থানো আছে, যিবিলাকে আধুনিক প্রযুক্তিবিদ্যা প্রয়োগেৰে যিকোনো স্থানৰ জৰীপ কৰি উৎকৃষ্ট প্রতিবেদন দাখিল কৰিব পাৰে৷
আন্তঃৰাজ্যিক সীমা নির্ধাৰণ
নতুনকৈ কোনো ৰাজ্য গঠন হ’লে, প্রথমেই ইয়াৰ চাৰিসীমা নির্ধাৰণ হয় সীমাৰ দুয়োফালে থকা গাঁও–চহৰ আদিৰ সম্পূর্ণ বিৱৰণ থাকে আৰু কিছুমান ঐতিহাসিক মাইল খুঁটিৰো Landmark) উল্লেখ থাকে৷ তাৰ ওপৰত ভিত্তি কৰিয়েই নতুন ৰাজ্যৰ মানচিত্র তৈয়াৰ হয়৷ এই সীমাই হ’ল দুয়োখন ৰাজ্যৰ সাংবিধানিক সীমা Constitutional boundary)৷ এখন ৰাজ্যৰ সীমাত একাধিক ৰাজ্যও থাকিব পাৰে, সীমা নির্ধাৰণৰ প্রক্রিয়া অৱশ্যে একেটাই৷ এই সীমা সম্পর্কীয় দস্তাবেজসমূহত সংশ্লিষ্ট সকলো ৰাজ্যৰ প্রতিনিধিৰ হস্তাক্ষৰ থাকিব লাগে আৰু সিবিলাক সংশ্লিষ্ট সকলো ৰাজ্যলৈ প্রেৰণ কৰিব লাগে৷ উল্লেখনীয় যে নতুন ৰাজ্য গঠনৰ চৰকাৰী ৰাজপত্র অধিসূচনা Gazette Notification) প্রকাশ হোৱাৰ লগতে এই দস্তাবেজখিনিও অধিসূচিত হয় আৰু ইয়াৰ প্রতিলিপি সংশ্লিষ্ট সকলো ৰাজ্যৰ অভিলেখাগাৰত State Archives) সংৰক্ষিত হৈ থকাৰ উপৰি ৰাষ্ট্রীয় অভিলেখাগাৰতো National Archives) থাকিব লাগে৷ সীমা সম্পর্কীয় যিকোনো বিবাদ নিষ্পত্তিৰ বাবে এই দস্তাবেজখিনি প্রধান ভিত্তি হোৱা উচিত৷
আন্তঃৰাজ্যিক সীমা বিবাদত জৰীপৰ ভূমিকা
সীমান্তৱর্তী কিছুমান স্থানত নানা কাৰণত দুখন ওচৰ–চুবুৰীয়া ৰাজ্যৰ বাসিন্দাসকলৰ মাজত বিবাদ উৎপন্ন হয়৷ সীমাৰ কোনো কোনো ঠাইত দুয়োফালে খেতিৰ মাটি থাকিব পাৰে, য’ত দুয়োখন ৰাজ্যৰ লোকে অনেক ধৰণৰ খেতি কৰে এই মাটিবিলাকৰ সীমা লৈও বিবাদ হয়৷ ক’ৰবাত আকৌ সীমাৰ দুয়োফালে ঘন অৰণ্য আছে আৰু অৰণ্যজাত সামগ্রী ব্যৱহাৰক লৈও বিবাদ হয়৷ আন্তর্জাতিক সীমাত থকাৰ নিচিনাকৈ আন্তঃৰাজ্যিক সীমাত চিনাক্তকৰণৰ বিশেষ ব্যৱস্থা নাথাকে (যেনেকৈ ভাৰত–পাকিস্তান সীমাত বহুতো ঠাইত কাঁটাতাঁৰৰ বেৰা আছে) সেয়েহে, সীমালৈ বিবাদবিলাক চলি থাকে৷ কিন্তু এনে পৰিস্থিতিৰ অৱসান ঘটাই স্থায়ী ব্যৱস্থা কৰা অতি প্রয়োজনীয়৷ অর্থাৎ, সীমা চিনাক্ত কৰিব পৰা চিহ্ণ দিয়াৰ দিহা কৰি দুয়োখন ৰাজ্যৰ সহমত ল’ব লাগে আৰু সীমান্তত বাস কৰা লোকক এই বিষয়ে অৱগত কৰাব লাগে৷ এই প্রক্রিয়া সম্পন্ন কৰিবলৈ উপৰিউক্ত দস্তাবেজখিনিৰ প্রয়োজন হ’ব৷ এই দস্তাবেজখিনিক ভিত্তি কৰি প্রয়োজন সাপেক্ষে ওপৰত উল্লেখ কৰা আধুনিক যন্ত্রপাতিৰে সীমাৰেখাৰ দুয়োফালৰ মাটিৰ পুনঃ জৰীপ কৰিব পাৰে৷ এই কার্য হাতত ল’বলৈ সীমান্তৱর্তী ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ নথি–পত্রবিলাকৰ (যেনে, জমাবন্দী, ডাগ–নম্বৰ আদি ) অদ্যাৱধি up-to-date) হ’ব লাগিব সময়ে সময়ে হোৱা বন্দৱস্তিত ৰাজ্য গঠন হোৱা সময়ৰ ডাগ–নম্বৰ আদিৰ হয়তো পৰিৱর্তন হৈছে, বিশেষকৈ ৰাজ্যৰ ভূ–ভিলেখ যদি কম্পিউটাৰাইজড computerized) হৈছে৷ এবাৰ আধুনিক প্রযুক্তিবিদ্যাভিত্তিক জৰীপেৰে সীমা চিহ্ণিত হ’লে আৰু সীমাত বিশেষ চিহ্ণ দিয়াৰ ব্যৱস্থা কৰিলে ভৱিষ্যতে কোনো বিবাদ হোৱাৰ সম্ভাৱনা কম হ’ব৷
দুই বা ততোধিক ৰাজ্যৰ মাজত বিবাদ চলি থকা সীমা পুনৰ চিহ্ণিত কৰিবলৈ হ’ব লগা জৰীপ কেন্দ্রীয় চৰকাৰৰ তত্ত্বাৱধানত হ’ব লাগে আৰু ৰাজ্যসমূহে জৰীপৰ কামত প্রয়োজনীয় সহযোগ আগবঢ়াবলৈ তথা জৰীপৰ ফলাফলত মান্তি হ’বলৈ লিখিত সন্মতি দিব লাগে যাতে গোটেই প্রক্রিয়াটো সম্পূর্ণ কৰাত কোনো ব্যাঘাত নজন্মে৷ এনে জৰীপতsatellite imagery ৰ সহায়ত পূর্ব নির্ধাৰিত সীমাৰেখা বর্তমান কি অৱস্থাত আছে, কাৰ অধীনত আছে ইত্যাদি তথ্য স্পষ্ট হ’ব আৰু ইলেক্ট্র’নিক যন্ত্রপাতিৰ সহায়ত হোৱা বাবে কায়িক পদ্ধতিৰে কৰা জৰীপৰ দোষবিলাকো নাথাকিব৷ এনেকৈ জৰীপ কৰি তৈয়াৰ কৰা দস্তাবেজত সীমাৱর্তী প্রত্যেক ৰাজ্যৰ উপযুক্ত পর্যায়ৰ অধিকাৰীয়ে হস্তাক্ষৰ কৰিব লাগে আৰু ইয়াৰ প্রতিলিপি সংশ্লিষ্ট ৰাজ্যলৈ আৰু লগতে ৰাজ্যিক তথা ৰাষ্ট্রীয় অভিলেখাগাৰলৈ প্রেৰণ কৰিব লাগে৷ এই দস্তাবেজবিলাকক স্থায়ী ৰূপ দিবলৈ সিবিলাক কম্পিউটাৰাইজড কৰাৰ উপৰিও মাইক্রফিল্মিঙো micro-filming) কৰাব লাগে৷ জৰীপৰ পিছত কি ধৰণেৰে সংশ্লিষ্ট ৰাজ্যই সীমাৰ সুৰক্ষা নিশ্চিত কৰিব তাৰোSOP কেন্দ্রীয় চৰকাৰৰ অনুমোদন সাপেক্ষে জাৰি কৰিব লাগে যাতে এই ৰাজ্যসমূহে নিজৰ বিকাশ যাত্রাত মনোনিৱেশ কৰিব পাৰে৷ যিবিলাক ৰাজ্যৰ মাজত সীমা বিবাদ চলি আছে, সিবিলাকে এক সময়বদ্ধ যোজনাৰে সীমান্তৱর্তী এলেকাৰ জৰীপ কৰালে সোনকালেই এই সমস্যাৰ ওৰ পৰিব বুলি আশা কৰিব পাৰি৷
ৰক্ষা সম্পদা বিভাগে Defence Estates Department) ভাৰত চৰকাৰৰ প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনত থকা প্রায় ১৮ লাখ একৰ মাটিৰ জৰীপ আধুনিক যন্ত্রপাতিৰে অলপতে সম্পূর্ণ কৰিলে আৰু মাটিৰ সকলো দস্তাবেজ কম্পিউটাৰাইজড কৰাৰ উপৰি দৰকাৰী বহুত কাগজ–পত্রৰ মাইক্রফিল্মিঙো কৰালে৷ বর্তমান অতি পুৰণা, ফাটি–উঁৱলি যোৱা দস্তাবেজ পুনৰুদ্ধাৰ কৰাৰ কৌশলো উদ্ভাৱন হৈছে আৰু এই কার্যত ৰাষ্ট্রীয় অভিলেখাগাৰৰ উপদেশমর্মে যাৱতীয় সা–সৰঞ্জাম সংগ্রহ কৰি ৰক্ষা সম্পদা বিভাগে বহুত নষ্টপ্রায় দস্তাবেজৰ পুনৰুদ্ধাৰো কৰিলে৷ প্রতিৰক্ষা মন্ত্রালয়ৰ মাটি সুৰক্ষিত কৰি ৰাখিবলৈ ৰিম’ট ছেন্সিং প্রযুক্তিৰে মাটিৰ সীমা মানচিত্রতGeo-referencing কৰাৰো ব্যৱস্থা কৰা হৈছে৷ এই বিভাগৰ মহানির্দেশক Director General) হৈ থাকোঁতে এই কামখিনি চোৱাৰ দায়িত্ব বহুলাংশে মোৰ ওপৰতে আছিল৷ উপৰিউক্ত পৰামর্শখিনি সেই কাম কৰাৰ অভিজ্ঞতাৰ পৰাই দিয়া হৈছে৷
ভূমিৰ জৰীপ, ভূমি অভিলেখৰ সংৰক্ষণ আদি ভূমি প্রবন্ধনৰ অবিচ্ছেদ্য অংশ হ’ব লাগে৷ ভূমি–ভিলেখবিলাক অতি প্রয়োজনীয় দস্তাবেজ৷ সেয়েহে, প্রত্যেক ৰাজ্য চৰকাৰে সিবিলাক কম্পিউটাৰাইজড কৰাৰ উপৰি দৰকাৰী নথিপত্রবিলাক মাইক্রফিল্মিং কৰাৰ ব্যৱস্থাও কৰিব লাগে৷ অৱশ্যে, ভূমি–ভিলেখবিলাক কম্পিউটাৰাইজ কৰাৰ আগতে ব্যক্তিগত অথবা চৰকাৰী মাটিৰ সীমাও আধুনিক যন্ত্রপাতিৰে জৰীপ কৰিব পাৰিলে দস্তাবেজবিলাক সংৰক্ষণত সুবিধা হ’ব৷ ভূমি–ভিলেখ কম্পিউটাৰাইজড হ’লে মাটিৰ দস্তাবেজৰ প্রতিলিপিও অনায়াসে (আবেদনকাৰীক) প্রদান কৰিব পাৰিব প্রাধিকৃত অধিকাৰীৰ ডিজিটেল হস্তাক্ষৰসহ৷ এনেকুৱা দৰকাৰী কাগজ–পত্রবিলাক কেৱল উৎস–কার্যালয়তেই নাৰাখি, দুর্যোগ–প্রশমনৰ উপায় হিচাপে measure of disaster management), সিবিলাকৰ প্রামাণিত authentic) প্রতিলিপি ৰাজ্যিক অভিলেখাগাৰত কম্পিউটাৰাইজড ৰূপত আৰু পাৰিলে মাইক্রফিল্মিং কৰি সুকীয়াকৈ ৰাখিব লাগে৷
যজ্ঞেশ্বৰ শর্ম্মা
লেখক- ৰক্ষা সম্পদা বিভাগৰ অৱসৰপ্রাপ্ত মহানির্দেশক, ফোন: ৮৮০৬৭–৭৭৭০১