অসমত যোৱাটো বর্ষত ক’ৰোনাত যিমানসংখ্যক মানুহৰ মৃত্যু ঘটিছে, তাতোকৈ অধিক মানুহৰ মৃত্যু ঘটিছে পথ দুর্ঘটনাত৷ প্রত্যেক দিনাই বিভিন্ন সূত্রৰ পৰা পথ দুর্ঘটনাত মানুহৰ মৃত্যুৰ খবৰবোৰ পাওঁ৷ যোৱাটো বর্ষত উত্তৰ–পূবৰ ভিতৰতে সর্বাধিকসংখ্যক প্রায় ৩,৮৪৩জনে অসমৰ বিভিন্ন অঞ্চলৰ পথ দুর্ঘটনাত প্রাণ হেৰুৱাইছে৷ তাৰে ভিতৰত ৪১ শতাংশই মটৰচাইকেলৰ দুর্ঘটনা৷ তীব্র গতিয়ে প্রায় ১,৭৮০জন লোকৰ প্রাণ কাঢ়িছে৷ ৰাষ্ট্রীয় পথত হোৱা দুর্ঘটনাই মোৰ এজন অতি মৰমৰ ব্যক্তিক আমাৰ কাষৰ পৰা লৈ গ’ল প্রাঞ্জল দাস মাত্র ৩২ বছৰীয়া এজন স্থপতিবিদ৷ দেশৰ ভিতৰতে সন্মানীয় স্কুল অৱ প্লেনিং এণ্ড আর্কিটেকচাৰৰ পৰা স্নাতক ডিগ্রী লাভ কৰি আমাৰ পৰিচালিত অনুষ্ঠান এম এম এছ এডভাইজৰিত তেওঁ কর্মৰত আছিল৷ প্রাঞ্জলে আমি কৰা কৃষি, পর্যটন, নগৰ উন্নয়ন ইত্যাদি বহু প্রকল্পৰ স্থাপত্য পৰিকল্পনা কৰিছিল৷ তাৰ লগতে তেওঁ আমি দিল্লী, মুম্বাই, বেংককত অনুষ্ঠিত কৰা নর্থ–ইষ্ট ফেষ্টিভেলৰ প্রদর্শনীসমূহৰ নেতৃত্ব দিছিল৷ প্রাঞ্জলে উত্তৰ–পূবৰ পর্যটন, কৃষি আদিৰ বজাৰ সৃষ্টিৰ বাবে অপৰিসীম প্রচেষ্টা হাতত লৈছিল, আমি কৰা বিভিন্ন ক্রেতা–বিক্রেতা সন্মিলন, বজাৰ সংযোজী প্রচেষ্টাৰ মূল হোতা আছিল তেওঁ৷ লগতে উত্তৰ–পূবৰ বিভিন্ন ৰাজ্যৰ লগত অতি সুন্দৰভাৱে সমন্বয় স্থাপন কৰাৰ লগতে থাইলেণ্ডৰ বিভিন্ন সংস্থাৰ লগত সুন্দৰ সমন্বয়েৰে আমি বেংককত অনুষ্ঠিত কৰা নর্থ–ইষ্ট ইণ্ডিয়া ফেষ্টিভেলতো তেওঁ মূল ভূমিকা লৈছিল৷ মাছ মাৰি ভাল পোৱা প্রাঞ্জল অসমৰ এংগলিং ক্রীডাৰ আগৰণুৱা আছিল৷ সেইদিনা প্রাঞ্জল সোণাপুৰৰ পৰা স্কুটাৰ চলাই গুৱাহাটীলৈ আহি আছিল৷ যোৰাবাটৰ কাষত এখন ড্রাকে মহটিয়াই তেওঁক গুৰুতৰভাৱে আঘাত কৰে৷ পিছত পুুলিচে প্রাঞ্জলক গুৱাহাটী মেডিকেল কলেজলৈ নিয়ে৷ পৰৱর্তী পর্যায়ত আমি গম পাই জি এন আৰ চি হাস্পতাললৈ আনো, ইতিমধ্যে বহু সময় পাৰ হয়৷ চিকিৎসকসকলৰ আপ্রাণ চেষ্টাৰ ফলতো একো লাভ নহ’ল, প্রাঞ্জলৰ হূদপিণ্ডৰ ক্রিয়া বন্ধ হৈ মৃত্যুমুখত পৰে৷ প্রাঞ্জল দাসৰ মৃত্যুত মই এজন পৰম সুহূদ হেৰুৱালোঁ আৰু আমি এজন অতি প্রতিভাশালী ব্যক্তি, অসমৰ এজন সুযোগ্য সন্তান হেৰুৱালোঁ৷ ৰাষ্ট্রীয় পথত ট্রাকচালকৰ দৌৰাত্ম্যৰ ফলত এয়া হ’ল৷ এনে ধৰণৰ বহু ঘটনা নিতৌ ঘটি আছে৷ ৰাষ্ট্রীয় পথসমূহত ঘটি থকা ঘটনাবোৰে বহু ঘৰ থানবান কৰি পেলাইছে৷ বহু উঠি অহা ল’ৰা–ছোৱালী অকালতে হেৰাই গৈছে৷ এই ক্ষেত্রত সকলো দিশৰ পৰা ব্যাপক সজাগতাৰ প্রয়োজন হৈছে৷ আজিৰ এই আলোচনাটোত আমি ঘাইপথৰ দুর্ঘটনাৰ কথা আলোচনা কৰিম৷ তাৰ কাৰকসমূহৰ লগতে লেহেমীয়া পথ নির্মাণ, বিধ্বস্ত পথ ইত্যাদি সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম৷
অসমত প্রায় ৪০,৩৪২ কিলোমিটাৰ দৈর্ঘ্যৰ পথ আছে৷ তাৰে ২,৮৪১ কিলোমিটাৰ ৰাষ্ট্রীয় পথ, ৭,৫৪৭ কিলোমিটাৰ জিলা পথ, ৩,০৩৪ কিলোমিটাৰ ৰাজ্যিক ঘাইপথ৷ এই দুর্ঘটনাবোৰৰ ৪৮ শতাংশই ৰাষ্ট্রীয় পথসমূহত সংঘটিত হয়৷ পথত হোৱা গাঁত, দিনে দিনে হৈ থকা গাডীৰ সংখ্যা বৃদ্ধিৰ লগতে ফ’ৰলেন পথত দুৰন্ত গতিৰ বাবে দুর্ঘটনাৰ সংখ্যা বাঢ়িছে৷ আজিকালি সকলো গাডীয়েই তীব্র গতিত চলিব পাৰে৷ আজিকালি নতুন গাডীত ঘণ্টাত ১০০ কিলোমিটাৰতকৈ বেছি গতি ল’লে গাডীখনে কিছু ছিগনেল দিয়াৰ চৰকাৰে ব্যৱস্থা কৰিছে৷ কিন্তু বেছিভাগ গাডীতেই সেই ব্যৱস্থা নাই৷ ৰাষ্ট্রীয় পথসমূহ অত্যধিক বেগ ১০০ কিলোমিটাৰ প্রতি ঘণ্টাৰ বাবে ডিজাইন কৰি নির্মাণ কৰা হৈছে৷ কিন্তু মানুহে পথসমূহত ১২০–১৪০ কিলোমিটাৰ বেগ লোৱা আমি দেখোঁ৷ বাকী তেনেদৰে টু লেন ঘাইপথসমূহ ৮০ কিলোমিটাৰ গতিৰ বাবে নির্মাণ হয়, কিন্তু মানুহবোৰে ১০০ কিলোমিটাৰতকৈ বেছি বেগত যোৱাৰ চেষ্টা কৰে৷ দুইলেন পথসমূহত দুর্ঘটনা বাঢ়িছে৷ গাডী বহু বাঢ়িছে আৰু বহু পথ মেৰামতি কৰি থকাৰ বাবে চলোৱাত অসুবিধা হয়৷ ঠাণ্ডাকালি ৰাতি কুঁৱলীয়েও বহু দুর্ঘটনা ঘটায়৷ এতিয়া বেছি বেগত গাডী চলোৱাৰ যি প্রৱণতা, বিশেষকৈ মদ খাই গাডী চলোৱা ৰোধ কৰিবলৈ শাস্তিমূলক বিশেষ ব্যৱস্থা নল’লে নহ’ব৷ কিন্তু অসমৰ এই দীঘল পথবোৰৰ সকলোতে পুলিচ ৰাখি থোৱা সম্ভৱো নহয়৷ কিন্তু তথাপি আমি চৰকাৰক আহ্বান জনাম কিছু অভিনৱ পদক্ষেপ লোৱাৰ বাবে৷ তামিলনাডুৰ দৰে ৰাজ্যই হাইৱে’ পুলিচৰ ব্যৱস্থা কৰিছে৷ অসমত তেনে ব্যৱস্থা কৰিব পাৰি নেকি? তাৰ বাবে প্রয়োজন হোৱা বাজেট ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে (এন এইচ এ আই) পথ নির্মাণৰ খৰচৰ লগতে অন্তর্ভুক্ত কৰিব পাৰে৷ কাজিৰঙাত বানপানীৰ সময়ত টাইম কার্ডৰ ব্যৱস্থা হোৱাৰ পিছত প্রশাসনে গতিবেগৰ ধাৰা নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছে৷ ঠিক তেনেদৰে তীব্র বেগৰ বাবে দুর্ঘটনা ৰোধ কৰিবলৈ এই ধৰণৰ ব্যৱস্থা কৰিব পৰা যায়৷ ধৰা হওক, সোণাপুৰত টোলগেটত যদি গাডীত টাইম কার্ড দিয়া হয়, তেতিয়া ৰহা টোলগেটত পৰীক্ষা কৰিলে সাধাৰণ গতিবেগ জানিব পৰা যাব৷ এনেদৰে ৮০ কিলোমিটাৰতকৈ বেছি গতি হ’লে শাস্তিমূলক ব্যৱস্থা, ফাইন ল’ব লাগে৷ শক্তিশালীভাৱে শাস্তিৰ ব্যৱস্থা নল’লে এইটো নিয়ন্ত্রণ কৰা সহজ নহ’ব৷ অসমৰ সকলোখিনি ৰাষ্ট্রীয় পথত এতিয়া টোল লোৱাৰ ব্যৱস্থা কৰা হৈছে৷ এইখিনিতে প্রশ্ণ উত্থাপন হয় যে আমি ৰোড টেক্স দিয়াৰ পিছত টোল টেক্স কিয় দিব লাগে? বহুতে উচটনি দিয়ে যে টোলবোৰ ভাঙি দিব লাগে, কিন্তু এইটো সমীচীন নহয়৷ সমগ্র দেশত টোল লোৱাৰ ব্যৱস্থা হৈছে৷ পথ নির্মাণৰ পিছত সঘনাই গাডী আহ–যাহ কৰিলে বা বৰষুণ ইত্যাদিৰ বাবে পথ বিধ্বস্ত হ’লে পথ মেৰামতিৰ দৰকাৰ৷ তাৰ বাবে টোল সংগ্রহ কৰিবই লাগিব৷ মাজতে অখিল গগৈৰ নেতৃত্বত হোৱা আন্দোলনত টোলপ্লাজাবোৰ বন্ধ হ’ল আৰু কেন্দ্রীয় চৰকাৰে ৰাস্তা মেৰামতিৰ বাবে অনুদান দিয়া বন্ধ কৰিছিল৷ কিন্তু এতিয়া টোলপ্লাজাবোৰ আৰম্ভ হোৱাৰ পিছতো কিয় পথ মেৰামতি হোৱা নাই? বিশেষকৈ, যোৰাবাটৰ পৰা ক্ষেত্রীলৈ যোৱা পথছোৱাত বহু গাঁত দেখা যায়৷ এন এইচ এ আইৰ মতে অসমত বৰষুণৰ বাবে বহু গাঁতৰ সৃষ্টি হয়৷ অসমত প্রতিদিনে ডেৰ কোটি টকাতকৈও অধিক টোল সংগ্রহ হয়৷ সেই পইচাৰে গাঁতবোৰ মেৰামতি কৰা বিশেষ অসুবিধাৰ কথা নহয়৷ অসমত টোলৰ মূল্য বহু বেছি৷ সোণাপুৰ টোলগেটত ফাষ্টটেগ লগোৱা গাডীৰ বাবে ১১৫ৰ বিপৰীতে নলগোৱা গাডীত ২৩০ টকা হয়গৈ৷ কিন্তু তাৰ বিনিময়ত গাঁতভৰা ৰাস্তা মানুহক উপহাৰ দিয়াটো অতি দুখজনক কথা৷ এন এইচ এ আয়ে শীঘ্রেই ব্যৱস্থা লৈ ৰাস্তা মেৰামতি কৰিব লাগে আৰু অসম চৰকাৰে এই ক্ষেত্রত চোকা নজৰ দিব লাগে৷ দেখা যায় যে অসমত ঘাইপথ নির্মাণৰ গতি সাংঘাতিক লেহেমীয়া৷ মাজতে উত্তৰ প্রদেশৰ এজন ড্রাকচালকৰ এটা ভিডি’ খুব ভাইৰেল হৈছিল৷ তেওঁ কৈছিল– ‘অসমলৈ আৰু কেতিয়াও নাহেহা৷ অসমত পথ নির্মাণ কৰা মানুহবোৰ উত্তৰ প্রদেশলৈ যাওক৷ বেলেগ পথত গাঁত থাকিলেও ৰাষ্ট্রীয় পথত কেতিয়াও গাঁত পোৱা নাযায়’৷ এইটো এটা ৰূঢ় বাস্তৱ৷ অসমৰ বিভিন্ন ঠাইলৈ গাডী লৈ গ’লে, বিশেষকৈ গুৱাহাটীৰ পৰা উজনি অসমৰ তিনিচুকীয়ালৈ গ’লে বা ডিমা হাছাওলৈ গ’লে বেয়া ৰাস্তাৰ ফলত কঁকালৰ বিষ হোৱা দেখা যায়৷ এইটো অত্যন্ত দুখজনক৷ ইয়াৰ কাৰণ কি হ’ব পাৰে? মাজতে মই ‘যোগাত্মক দৃষ্টিৰে শ্যামকানুৰ সৈতে’ মোৰ অনুষ্ঠানত প্রাক্তন আয়ুক্ত অজয় বৰদলৈ আৰু এন এইচ এ আইৰ উত্তৰ–পূবৰ মহাপ্রবন্ধক আলোক কুমাৰৰ সৈতে এই কথাখিনি পাতিছিলোঁ৷ এন এইচ এ আইৰ মত অনুসৰি বৰষুণৰ বাবে মাত্র ৬ মাহৰ বাবেহে ৰাস্তা নির্মাণ কৰিব পাৰি, সেইবাবেই পথ নির্মাণ দেৰি হয়৷ কিন্তু এইখিনিতে এটা কথা ক’ব পাৰি যে মেঘালয়তো যথেষ্ট বৰষুণ হয়৷ কিন্তু গুৱাহাটী–শ্বিলং বা জোৱাইৰ পথছোৱা যথেষ্ট ভাল৷ এই ক্ষেত্রত বহুখিনি কাম কৰিবলগীয়া আছে৷ অজয় বৰদলৈৰ মতে, অসমত ৰাষ্ট্রীয় ঘাইপথ আইনখন ভালদৰে হোৱা নাই৷ আমি মধ্যপ্রদেশ–উত্তৰ প্রদেশৰ ৰাস্তা ভাল, বিহাৰৰ হাইৱে’ ভাল বুলি কওঁ৷ সেইবোৰ ৰাজ্যত তেওঁলোকে হাইৱে’ আইনখন ভালদৰে কৰিছে৷ আইনখনৰ মতে পথৰ কাষত কোনো নির্মাণ বা মানুহৰ আহ–যাহ বন্ধ কৰাটো পৌৰসভা বা পৌৰ নিগমৰ দায়িত্ব৷ এনে ধৰণৰ বহু কথা আছে, যিবোৰে ৰাষ্ট্রীয় পথ নির্মাণ সহজ কৰি তোলে৷ অসমতো এনে ধৰণৰ আইনখন শীঘ্রে ৰূপায়ণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনালোঁ৷ আৰু এটা গভীৰ সমস্যা ৰাস্তাৰ অধিকাংশজুৰি কৰা ড্রাক পার্কিংবোৰ৷ যোৰাবাটৰ গোটেই পথছোৱাত কেতিয়াবা শ শ ড্রাক পার্কিং কৰা থাকে৷ এইবোৰ অবৈধ পার্কিং৷ ফলস্বৰূপে গাডী লৈ আহোতে যথেষ্ট অসুবিধা হয়৷ বহু দুর্ঘটনা ঘটে৷ অসমত বিভিন্ন পথত অবৈধ পার্কিং কৰা হয়৷ এই ক্ষেত্রত এন এইচ এ আই আৰু আৰক্ষীয়ে সিদ্ধান্ত ল’ব লাগে– কিদৰে এইবোৰ বন্ধ কৰিব পাৰি৷ ৰাস্তাত যাতে কোনেও ড্রাকবোৰ নৰখায়, তাৰ বাবে যোৰাবাট বা বিভিন্ন অঞ্চলত কিছুমান ড্রাক পার্কিঙৰ দৰকাৰ৷ এন এইচ এ আয়ে কোৱা মতে, তেওঁলোকে পথৰ কাষত ৰহা, ধৰমতুল, ওৰিয়া গাঁও, শ্রীৰামপুৰ আদিত পথ–বিশ্রাম সুবিধাৰ সৃষ্টি কৰাৰ পদক্ষেপ লৈছে৷ য’ত ৫০খন মানকৈ ড্রাক থোৱাৰ ব্যৱস্থা কৰাৰ লগতে টয়লেট, সুস্বাদু খাদ্যৰ ব্যৱস্থা থাকিব৷ চৰকাৰে এই কামৰ বাবে সোনকালে মাটি দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ এইটো পর্যটনৰ বাবেও প্রয়োজনীয়৷ আমি এই সম্পর্কত বহুদিনৰ পৰা কৈ আছোঁ৷ কেৱল হাইৱে’তে নহয়, জিলাসমূহৰ ভিতৰতো পথ–বিশ্রাম কেন্দ্র কৰিব লাগে৷ এই ব্যৱস্থা গাডীচালক বা পর্যটকসকলৰ বাবে অতি প্রয়োজনীয়৷ ঠিক তেনেদৰে অসমত ঘাইপথ নির্মাণ লেহেমীয়া হোৱাৰ এটা মূল কাৰণ হৈছে– ভাৰত চৰকাৰে যেতিয়া কামটো এটা ঠিকাদাৰী সংস্থাক দিয়ে, তেওঁলোকে নিজে নকৰি বেলেগ ঠিকাদাৰী সংস্থাক ছাব কণ্ড্রেক্ট দিয়ে৷ কেইবাবাৰো এনেকুৱা স্তৰত কামবোৰ বিভাজন হোৱাৰ বাবে দেৰি হয়৷ দেৰি হোৱাৰ লগে লগে কথাবোৰ আইনী প্রক্রিয়াত সোমাই আৰু অধিক দেৰি হৈ গৈ থাকে৷
নুমলীগডৰ পৰা যোৰহাট, ডিব্রুগডলৈ পথছোৱাৰ নির্মাণ বিশেষকৈ টীয়ক, শিৱসাগৰৰ ওচৰত অতিশয় লেহেমীয়া হৈছে৷ লাহে লাহে কাম কৰি থকা বাবে পথছোৱাৰ অবর্ণনীয় অৱস্থা হৈছে৷ এই পথছোৱাৰ কাম এন এইচ আই ডি চি এলে কৰি আছে৷ জনা মতে, এই প্রকল্পটো প্রথমে ভাৰত চৰকাৰে লোৱা নাছিল৷ তেওঁলোকৰ মতে, এই পথছোৱাত ভিৰ কম৷ পিছলৈ পুনৰ পৰীক্ষণ কৰোঁতে ড্রেফিক আছে বুলি গম পোৱা গ’ল৷ এইদৰে ৰাস্তা নির্মাণ প্রক্রিয়াটো দেৰি হ’ল৷ তাৰ পিছত ঠিকাদাৰ বাছনি কৰোঁতে ভুল নির্ণয় কৰা বাবে প্রকল্পটো আৰু দেৰি হ’ল৷ এই কাৰণে উজনি অসমত গাডী চলোৱাৰ পৰিৱেশ একেবাৰে শোচনীয়৷ যেতিয়ালৈকে হাইৱেৰ নির্মাণ সম্পূর্ণ নহয়, তেতিয়ালৈকে অন্ততঃ গাডীখন যাব পৰাকৈ পথখিনি সুচল কৰাৰ ব্যৱস্থা কৰক৷ মই অসমৰ ৰাইজক আৰু এটা কথা ক’ব বিচাৰোঁ যে অসমলৈ ডাঙৰ ঠিকাদাৰী সংস্থা আহিব নিবিচাৰে, কাৰণ অসম সম্পর্কে তেওঁলোকৰ ধাৰণা যে ইয়াত চান্দা দিব লাগে, পইচা তোলা বহু লোক আছে ইত্যাদি বিভিন্ন কথা৷ কিন্তু তেওঁলোকে উত্তৰ প্রদেশ, বিহাৰত ভালদৰে কাম কৰিব পাৰে৷ এই ক্ষেত্রত চৰকাৰে ঠিকাদাৰসকলক সুৰক্ষা দি সহায় কৰিব লাগিব৷ ৰাইজেও কথাবোৰ বুজিব লাগিব যে ভাল ঠিকাদাৰৰ দ্বাৰা কাম নহ’লে লোকচান আমাৰ নিজৰে৷ পথ নির্মাণ দেৰি হোৱা মানে সর্বাধিক লোকচান আমাৰ ৰাইজৰ, কাৰণ আমিয়েই ৰাস্তাত চলা–ফুৰা কৰোঁ৷ এই চান্দা বা গুণ্ডাগিৰি প্রথা বন্ধ হ’ব লাগিব৷ এইটোৱে অসমৰ বহু লোকচান কৰিছে৷ বিনিয়োগকাৰী, ঠিকাদাৰক অহাৰ সুবিধা কৰি দিব লাগিব৷ মুনাফা ল’লেও এজন ভাল ঠিকাদাৰে কামটো ভালকৈ কৰি থৈ যাব৷ তাৰ লগতে অসমৰ থলুৱা ঠিকাদাৰসকলক আমি উদগনি দিব লাগিব৷ তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ বাবে চেষ্টা কৰিব লাগিব৷ থলুৱা ঠিকাদাৰসকলৰ সহযোগতহে ভাল কাম হ’ব৷ এই ক্ষেত্রত এটা সুপৰিকল্পিত–সুসংহ্ চেষ্টাৰ বাবে চৰকাৰে আগভাগ ল’ব লাগে৷
যোৱা কেইবছৰমানৰ পৰা অসমত ৰাস্তাৰ কাম ভাল হৈছে৷ ভাল ঠিকাদাৰ অসমতো আছে৷ তেওঁলোকক উদগনি দিয়াটো অতিশয় দৰকাৰ৷মই আগতে দিল্লী–নইদা ব্রীজ, চেন্নাই–পণ্ডিচেৰী ৰাস্তাৰ ক্ষেত্রত কিছু কাম কৰিছিলোঁ৷ সেই ৰাস্তাবোৰৰ কাম ঠিকাদাৰক দিয়াৰ আগতে প্রথমতে মাটি অধিগ্রহণ কৰা হয়৷ বন বিভাগৰ অনুমতি বা পৰিৱেশ সম্পর্কীয় যাৱতীয় অনুমোদন ইত্যাদি আগতে লৈ লোৱা হয়, তাৰ পিছত ঠিকাদাৰক কামটো কৰিবলৈ দিয়া হয়৷ এই কথাটোকে প্রকল্প প্রস্তুতি বুলি কোৱা হয়৷ প্রজেক্টৰ প্রাৰম্ভিক কাম আগতে পেছাদাৰী সংস্থাৰ দ্বাৰা কৰা হয়৷ এই কামত মই নিজেই জডিত আছিলোঁ৷ মই বহুতো শক্তি প্রকল্প, ৰাস্তা প্রকল্পৰ বাবে প্রকল্প প্রস্তুতিৰ কামত ভাৰতৰ বিভিন্ন প্রান্তত কাম কৰিছোঁ৷ এই সকলো কাম কৰাৰ পিছত ঠিকাদাৰৰ কাম কৰিবলৈ আগবাঢ়িবলৈ সুবিধা হয় আৰু তেতিয়া কোনো বাধা নোহোৱাকৈ কামটো কৰি যাব পাৰি৷ আগৰ অভিজ্ঞতাৰ পৰা মই ক’ব বিচাৰোঁ যে অসমত প্রায় এনেকুৱা হৈছিলে যে কাম আৰম্ভ কৰাৰ পিছত গম পায় যে মাটিত আইনী যুঁজ হৈ আছে বা কোনোবা সংগঠনে আহি অসুবিধা কৰিছে, ফলস্বৰূপে কামটো তাতেই ৰৈ যায়৷ ঠিকাদাৰে ঋণ লৈ কাম কৰে আৰু সেইবাবে তেওঁলোকৰ বহুত অসুবিধা হয়৷ এইটো কাৰণে অসমে বহু মূল্যৱান সময় লোকচান কৰিলে৷ ভৱিষ্যতৰ কথা ভাবি আমি ৰাস্তাৰ কাম কৰিব লাগিব৷ আমি ১০০ বছৰ আগত লৈ কাম কৰিব লাগিব৷ কাৰণ দিনে দিনে গাডী, মানুহৰ সংখ্যা সকলো বাঢ়িছে৷ তাৰ লগতে আমাৰ অসমত পথ সংকেত ভালকৈ দেখা নাযায়৷ নদী, দলং ইত্যাদি কোন ফালে আছে, তাক ভালদৰে জনাব লাগে৷ আন্ধাৰ ৰাস্তাৰ বাবে বহু বস্তু চুৰি হৈছে৷ সৌৰশক্তিৰ দ্বাৰা লাইট লগাই পোহৰ কৰিব লাগে৷ সেই ক্ষেত্রত পুলিচ থানাৰ বহু দায়িত্ব আছে৷ দুর্ঘটনাৰ ক্ষেত্রত পুলিচৰ অতিশয় গুৰুত্বপূর্ণ ভূমিকা আছে৷ এটা ঘটনা ঘটাৰ পিছত পুলিচে যদি যথাসম্ভৱ কম সময়ৰ ভিতৰত দুর্ঘটনাগ্রস্তক হাস্পতাললৈ নিব পাৰে, তেতিয়া মৃত্যু ৰোধ কৰিব পৰা যাব৷ দুর্ঘটনাৰ পিছৰ প্রথম ঘণ্টাটো সোণালী ঘণ্টা বুলি কোৱা হয়৷
আজিকালি প্রায়েই দেখা যায়– দুর্ঘটনাৰ পিছত মানুহে ফটো লয়, ভিডি’ কৰে, কিন্তু ওচৰৰ হাস্পতাললৈ লৈ যাবলৈ কোনো আগবাঢ়ি নাহে৷ বহু পুলিচে ভাল কাম কৰে, কিন্তু বহুসংখ্যকে হাস্পতাললৈ নিয়াত দেৰি কৰে৷ এনে ঘটনা বহু ঘটিছে৷ এই ক্ষেত্রত অসম পুলিচে বহুখিনি কৰিবলগীয়া আছে৷ হাইৱেৰ কাষৰ পথবোৰত দুর্ঘটনাগ্রস্ত মানুহজনৰ বাবে এখন ড্রলীৰ প্রয়োজন৷ থানাত কাম কৰা লোকসকলক নিয়মিত প্রশিক্ষণ দিয়া প্রয়োজন৷ এই ক্ষেত্রত ইতিমধ্যে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে কাম হাতত লৈছে৷ তেওঁলোকৰ সৈতে সমন্বয়েৰে ৰাস্তাৰ কাষৰ থানাসমূহত পুুলিচক প্রশিক্ষণ দিব লাগে যে এটা দুর্ঘটনা হ’লে তাৎক্ষণিকভাৱে কি কৰাটো উচিত৷ চিপিআৰ কৰি মানুহজনক ঘূৰাই আনিব পাৰি নেকি? এইখিনি কথা শিকাব লাগিব৷ ঘাইপথত হাস্পতাল বা অন্যান্য সুবিধাবোৰ কিমান দূৰত আছে লিখি থোৱা উচিত৷ বাকী ৰাষ্ট্রীয় পথবোৰৰ দৰে অসমত পথ সংকেত দেখা পোৱা নাযায়৷ এই ক্ষেত্রত এন এইচ এ আইৰ বহুত দায়িত্ব আছে৷ দুর্ঘটনাৰ পিছত মানুহজনক হাস্পতাললৈ নিবলৈ পুলিচেও ৰাইজক শিকাব লাগিব৷ বেছিভাগ ক্ষেত্রতে আইনী মেৰপেঁচত সোমোৱাৰ ক্ষেত্রত মানুহে হাস্পতাললৈ নিবলৈ ভয় কৰে৷ এই ক্ষেত্রত মানুহে বিনাদ্বিধাই হাস্পতাললৈ নিব পৰাকৈ পুলিচে ব্যৱস্থা কৰিব লাগে৷ সকাহ দিব লাগে, ৰাইজক পুৰস্কৃত কৰাৰ ব্যৱস্থা হ’ব লাগে৷ ৰাস্তাটো সুচল কৰি ৰাখিবলৈ এন এইচ এ আই আৰু পুলিচৰ মাজত ভাল সমন্বয় হ’ব লাগে৷ দুর্ঘটনা ৰোধৰ ক্ষেত্রত ৰাইজৰ ভূমিকা আটাইতকৈ বেছি৷ পিতৃয়ে ডেকা পুত্রক বাইক এখন দিয়াৰ লগতে এটা হেলমেট দিয়ক আৰু ল’ৰাটোক বুজাওক যে তীব্র গতিত বেপৰোৱাভাৱে মটৰচাইকেল চলোৱাটো অনুচিত৷ দুর্ঘটনাত মূৰত আঘাত পালে কোনো মানুহ গণেশ নহয় যে মূৰটো কাটি আনি লগাব পৰা যাব৷ হেলমেট নোহোৱাৰ বাবে আৰু সুৰাপান কৰি গাডী চলোৱাৰ ফলত আটাইতকৈ বেছি দুর্ঘটনা হয়৷ কিছু সংকেত–চিহ্ণৰ দ্বাৰা পথে পথে বুজাই দিয়া উচিত যাতে তীব্র বেগত চলোৱাসকলৰ মনত পৰি থাকে৷ এটা ব্যাপক সজাগতা সৃষ্টি কৰা অতিশয় দৰকাৰ৷ আমি আমাৰ উঠি অহা ল’ৰা–ছোৱালীবোৰক মৃত্যুদূতৰূপী ঘাইপথত হেৰুৱাব নিবিচাৰোঁ৷ তাৰ কাৰণে সকলোৱে কাম কৰিব লাগিব৷ পৰিবহণ বিভাগৰ এই ক্ষেত্রত বহু কৰিবলগীয়া আছে৷ অসমত সজাগতা সৃষ্টি ধৰণৰ কাম বহু কম হৈছে৷ সমগ্র অসমৰ চুকে–কোণে সজাগতা বৃদ্ধিৰ বাবে ব্যাপক অভিযান লোৱা উচিত৷ আকৌ কৈছোঁ– ক’ভিডতকৈ বেছি মানুহ দুর্ঘটনাত মৰে৷ ক’ভিড সম্পর্কে মানুহৰ মাজত যিমান সজাগতা গঢ়ি উঠিছে, দুর্ঘটনা সম্পর্কে তাৰ আধাও সজাগতা নাই৷ চৰকাৰে কথাবোৰ বুজক৷ এখন ৰাজ্যৰ উন্নয়নৰ বাবে ভাল পথৰ প্রয়োজনীয়তাৰ কথা দোহৰাৰ প্রয়োজন নাই৷ আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি জন এফ কেনেডীয়ে কৈছিল যে আমেৰিকা ধনী ৰাষ্ট্র বাবে আমেৰিকাৰ ৰাস্তা ভাল, এনে নহয়৷ আমেৰিকা এইবাবেই ধনী কাৰণ আমেৰিকাৰ ৰাস্তা ভাল৷ নেপোলিয়নৰ দিনৰ পৰা ইউৰোপত সুৰংগ কাটি বহু পথ নির্মাণ হ’ল৷ ইউৰোপৰ ঔদ্যোগিক উন্নয়নত ভাল ৰাস্তাৰ ভূমিকা অসীম৷ অসমত সকলোতে উন্নত প্রযুক্তিৰ পথ নির্মাণৰ সময় আহিছে৷ ঘাইপথৰ দৰে বাকী পথসমূহো নির্মাণ কৰিব পাৰিলে ভাল৷ ইতিমধ্যে অসম মালাৰ দৰে প্রকল্পৰ কথা ভবা হৈছে৷ অসমৰ চুকে–কোণে ৰাস্তা হওক৷ পি এম জি এছ ৱাইৰ যথেষ্টখিনি ৰাস্তা চলি আছে৷ আৰু সমগ্র অসম ভাল পথেৰে সংযোজিত কৰিব পাৰিলে উন্নয়ন আহিব৷ গুৱাহাটী–নগাঁৱৰ ঘাইপথৰ কাষে কাষে বজাৰ, হোটেল–ৰেস্তোৰাঁ গঢ়ি উঠিছে৷ পর্যটন, কৃষি, পথাৰৰ পৰা বজাৰলৈ সকলো ক্ষেত্রতে ভাল ৰাস্তাই উন্নয়ন আনে৷ এই সমগ্র প্রক্রিয়াটোৰ ওপৰত অসমৰ উন্নয়ন নির্ভৰ কৰিব আৰু চৰকাৰৰ লগতে ঠিকাদাৰসকলেও বৃহৎ ভূমিকা ল’ব লাগিব৷ ঠিকাদাৰে ভালদৰে পথ নির্মাণ কৰিলে তেওঁলোকৰ মেৰামতিৰ খৰচ কমিব৷ বাকী ৰাইজৰ দায়িত্ব৷ ঠিকাদাৰক মুনাফালোভী বুলি নাভাবি সহায় কৰিব পাৰিলে ভাল৷ চৰকাৰে তেওঁলোকক নির্মাণ সামগ্রীসমূহ অনাৰ ক্ষেত্রত সহায় কৰক৷ চৰকাৰ, ঠিকাদাৰ, ৰাইজ– সকলোৰে সমন্বয়ত কামবোৰ হ’লে ভালদৰে পথ নির্মাণ হ’ব, পথ সুৰক্ষা হ’ব৷