প্রকৃত অর্থত স্বাস্থ্যৱান মানুহ
কিতাপৰ পাতত আৱিষ্কাৰ কৰা দুজন মানুহক মই ঈর্ষণীয় স্বাস্থ্যৰ অধিকাৰী বুলি বিবেচনা কৰোঁ৷ তেওঁলোক দুজন হ’ল ব্রিটিছ লেখক ৰবার্ট লুই ষ্টিভেনছন আৰু আমেৰিকান দার্শনিক হেনৰী ডেভিদ থৰো৷ দুয়োজনেই গোটেই জীৱন শৰীৰত যক্ষ্মাৰ কালান্তক বীজাণু বহন কৰি লৈ ফুৰিছিল, আৰু যক্ষ্মা ৰোগতেই দুয়োজনৰ অকাল–মৃত্যু হৈছিল৷ তথাপি মোৰ চকুত তেওঁলোক স্বাস্থ্যৱান মানুহ, কাৰণ তেওঁলোকে ৰোগৰ যন্ত্রণাক জয় কৰি জীয়াই থকাৰ আনন্দত মতলীয়া হৈ আছিল৷ তেওঁলোকে লিখি থৈ যোৱা কিতাপে পৃথিৱীৰ কোটি কোটি মানুহক সুন্দৰভাৱে জীয়াই থাকিবলৈ প্রেৰণা দিছে৷
আচলতে স্বাস্থ্যৰ কোনো সৰল সংজ্ঞা নাই৷ সৌ সিদিনালৈকে মানুহক শিকোৱা হৈছিল যে শৰীৰৰ নিৰোগ অৱস্থাকেই স্বাস্থ্য বুলি কোৱা হয়৷ কিন্তু কোনো এটা শাৰীৰিক ৰোগ নথকা মানুহো জীৱনৰ বিভিন্ন সময়ত নানা মানসিক অশান্তিৰ দ্বাৰা জর্জৰিত হ’ব পাৰে৷ তেনে অশান্তিয়ে তেওঁৰ স্বাস্থ্যও নষ্ট কৰিব পাৰে৷ আনহাতে, বাহ্যিক দৃষ্টিত নিৰোগ যেন লগা মানুহৰ শৰীৰতো তেওঁৰ নিজৰ অজ্ঞাতেই নানা ধৰণৰ ৰোগ থাকিব পাৰে৷ ডাঃ কেনেথ ৱাকাৰে তেওঁৰ এখন কিতাপত লণ্ডনৰ এটা সম্ভ্রান্ত চুবুৰিৰ কথা উল্লেখ কৰিছে– যিটো চুবুৰিৰ নির্মল সুন্দৰ পৰিৱেশত বাস কৰা আটাইবোৰ শিক্ষিত আৰু ধনী মানুহকেই সম্পূর্ণভাৱে ৰোগমুক্ত বুলি ভবা হৈছিল৷ কৌতূহলৰ বশৱর্তী হৈ এবাৰ কেইজনমান ডাক্তৰে চুবুৰিটোৰ আটাইবোৰ মানুহৰে স্বাস্থ্য পৰীক্ষা কৰিলে৷ পৰীক্ষাৰ ফলত দেখা গ’ল যে তথাকথিত স্বাস্থ্যৱান বুলি ভবা কোনো এজন মানুহেই আচলতে সম্পূর্ণভাৱে ৰোগমুক্ত নহয়৷
একপ্রকাৰে চাবলৈ গ’লে বিভিন্ন ধৰণৰ ৰোগ আৰু শাৰীৰিক সমস্যা মানুহৰ নিত্য সহচৰ৷ প্রাণীমাত্রৰে মৃত্যু যেনেকৈ অনিবার্য, ঠিক তেনেকৈ ৰোগো অনিবার্য৷ চিকিৎসা–বিজ্ঞানৰ বিস্ময়কৰ অগ্রগতিয়ে ৰোগ নির্মূল কৰিব পৰা নাই কৰিব পাৰিছে কেৱল বহুতো ৰোগৰ আৰোগ্যৰ উপায় উদ্ভাৱন৷ কিন্তু চিকিৎসা–বিজ্ঞানে কিছুমান ৰোগ সম্পূর্ণভাৱে জয় কৰিব পাৰিলেও (যেনে– হাইজা, মেলেৰিয়া, বসন্ত, কুষ্ঠ, পলি’ ইত্যাদি) নতুন নতুন ৰোগেও আত্মপ্রকাশ কৰি আছে আৰু কৰি থাকিবও৷ ৰোগৰ বীজাণু আৰু মানুহৰ মাজত চলি থকা সুদীর্ঘ সংগ্রামত শেষ পর্যন্ত বীজাণুৱেই জয়ী হোৱা যেন অনুভৱ হয়৷ উদাহৰণস্বৰূপে বিভিন্ন ধৰণৰ এণ্টিবায়’টিক ঔষধে প্রাথমিক অৱস্থাত বীজাণুক বিধ্বস্ত কৰিব পাৰিছে বুলি ধাৰণা কৰা হৈছিল যদিও এতিয়া এই কথা পোহৰলৈ আহিছে যে এণ্টিবায়’টিকৰ আক্রমণক প্রতিহত কৰিব পৰাকৈ বীজাণুবোৰেও এতিয়া নিজকে নতুনকৈ দুর্ধর্ষ ৰূপত গঢ়ি তুলিছে৷ ঠিক সেইদৰে প্রকৃতিত এনে ন ন বীজাণুৰ সৃষ্টি হ’ব ধৰিছে– যিবোৰৰ অস্তিত্বৰ কথা চিকিৎসা বিজ্ঞানে কল্পনাও কৰিব পৰা নাছিল৷ সিহঁতৰ আত্মৰক্ষাৰ শক্তি ইমানেই প্রবল যে এহাজাৰজন মানুহ নিমিষতে মাৰিব পৰা গামা ৰশ্মিয়েও সিহঁতক মাৰিব নোৱাৰে৷ বিজ্ঞানীৰ ভাষাত একে আষাৰে ক’বলৈ গ’লে মানুহতকৈ বীজাণু বা জীৱাণুৰ ভৱিষ্যৎ বেছি উজ্জ্বল৷ অৱশ্যে লগতে এই কথাও ক’ব লাগিব যে চিকিৎসা–বিজ্ঞানৰ অপ্রতিহত অগ্রগতিৰ ফলত চিকিৎসকৰ হাতলৈ এনে নতুন নতুন অস্ত্র অহাৰ সম্ভাৱনাই দেখা দিছে– যিবোৰক এতিয়া কল্প বিজ্ঞান(Science fiction) যেন লাগিলেও এদিন সি বাস্তৱত পৰিণত হ’ব পাৰে৷ চন্দ্রত মানুহৰ পদার্পণো এদিন আছিল মাত্র কল্প–বিজ্ঞানৰ বিষয়বস্তু৷ আধুনিকতম চিকিৎসা বিজ্ঞানে আশা কৰিছে যে অদূৰ ভৱিষ্যতত এদিন মানুহক সম্পূর্ণ ৰোগমুক্ত কৰা সম্ভৱ হ’ব৷ মানুহৰ আয়ুসো দুশ বছৰ পর্যন্ত বঢ়াব পৰা যাব বুলি যুক্তিসহকাৰে অনুমান কৰা হৈছে৷
সেই গোটেইবোৰ সম্ভাৱনাই এতিয়াও অচিনাকি ভৱিষ্যতৰ গর্ভত৷ সর্বৰোগৰ মহৌষধ মকৰধ্বজ আৱিষৃকত নোহোৱা পর্যন্ত অহা দহ বা বিশ বছৰৰ ভিতৰত যিবোৰ ৰোগত বা দুর্ঘটনাত মানুহ মৰিব তাৰ এখন তালিকা বিশ্ববিখ্যাত হার্ভার্ড স্কুল অৱ পাব্লিক হেল্থে প্রস্তুত কৰি উলিয়াইছে৷ Time, ৮ নৱেম্বৰ, ১৯৯৯)৷ এই তালিকাত অন্তর্ভুক্ত হোৱা ৰোগ আৰু দুর্ঘটনাবোৰ হ’ল ঃ হূদৰোগ, মাৰাত্মক বিমর্ষতা(depression), পথ দুর্ঘটনা, ষ্ট্র’ক(stroke), দীর্ঘস্থায়ী হাঁওফাঁওৰ ৰোগ, নিশ্বাস যন্ত্রত হোৱা সংক্রমণ, যক্ষ্মা, যুদ্ধক্ষেত্রত হোৱা আঘাত, পেটচলা ৰোগ আৰু এইড্ছ৷ এইকেইটা ৰোগ আৰু সমস্যাৰ কথা বিশেষভাৱে উল্লেখ কৰি ক’বলৈ বিচৰা হৈছে যে আন সকলো ৰোগ আৰু সমস্যাতকৈ এই দহটা ৰোগ আৰু সমস্যা অদূৰ ভৱিষ্যতত সর্বাধিক মৃত্যুৰ কাৰণে দায়ী হ’ব৷
একে আষাৰে ক’বলৈ গ’লে ৰোগ আৰু দুর্ঘটনাৰ পৰা মানুহৰ নিস্তাৰ নাই৷ মৃত্যুৰ কাৰণেও কিবা এটা অজুহাত লাগিব, আৰু বেছিভাগ ক্ষেত্রতে সেই অজুহাতটো হ’ল কিবা নহয় কিবা এটা ৰোগ৷ তাৰ ভিতৰতো চিকিৎসা বিজ্ঞানে মানুহক বহুতো ৰোগৰ পৰা দীর্ঘদিন ধৰি মুক্ত ৰাখিবলৈ সহায় কৰিছে, আৰু আধুনিক সভ্যতাৰ বিভিন্ন কাৰকে মানুহৰ আয়ুস ক্রমান্বয়ে বৃদ্ধি কৰি নি আছে৷
এই টোকাটো আৰম্ভ কৰা হৈছিল হেনৰী ডেভিদ থৰো আৰু ৰবার্ট লুই ষ্টিভেনছনৰ উল্লেখেৰে৷ ক’বলৈ বিচাৰিছিলোঁ যে দুয়োজন মানুহকে যক্ষ্মা ৰোগে তিলতিলকৈ ক্ষয় কৰি অকালতে মৰিবলৈ বাধ্য কৰা সত্ত্বেও মোৰ চকুত দুয়োজনেই স্বাস্থ্যৱান মানুহ৷ এনে এটা দাবী কৰি মই এই কথাকেই প্রতিপন্ন কৰিব খুজিছোঁ যে এজন তথাকথিত নিৰোগ আৰু বলৱান মানুহো প্রকৃত অর্থত স্বাস্থ্যৱান মানুহ নহ’ব পাৰে– যদিহে তেওঁক জীয়াই থকাৰ আনন্দই মতলীয়া কৰি নাৰাখে আৰু সকলো সময়তে কর্মব্যস্ত হৈ থাকিবলৈ তেওঁ অন্তৰৰ পৰা প্রেৰণা অনুভৱ নকৰে৷ এই কথা মানি ল’বলৈ হ’লে স্বাস্থ্যৰো এটা নতুন সংজ্ঞা বিচাৰিব লাগিব৷ ইংৰাজ লেখক আই এ ৰিচার্ডছে তেওঁৰ এখন কিতাপত কবিতাৰ এশটা সংজ্ঞা সন্নিৱিষ্ট কৰিছে৷ এশজন কবি বা লেখকে দিয়া এশটা সংজ্ঞা৷ প্রতিটো সংজ্ঞাই আংশিকভাৱে সত্য কোনো এটা সংজ্ঞাই কবিতাৰ পৰিচয় সম্পূর্ণভাৱে প্রকাশ নকৰে৷ কিন্তু এশটা সংজ্ঞা একেলগে মিলাই পঢ়িলে কবিতা কি বস্তু সেই কথা বুজা যেন লাগে৷ স্বাস্থ্যৰ বিষয়ে বিক্ষিপ্তভাৱে বহুতো কথা পঢ়াৰ পিছত শেহতীয়াকৈ স্বাস্থ্যৰ যিটো সংজ্ঞা মোৰ মনোগ্রাহী হৈছে সেইটো হৈছে বিখ্যাত ভাৰতীয় চিকিৎসা বিজ্ঞানী ডাঃ বি এম হেগড়েই দিয়া স্বাস্থ্যৰ সংজ্ঞা৷ তেওঁৰ মতে প্রকৃত স্বাস্থ্য হ’লEnthusiasm for work and enthusiasm for compassion৷ আচল স্বাস্থ্যৱান মানুহ হ’ল সেইজনেই– যিজন মানুহে কাম কৰিবৰ কাৰণে অনুভৱ কৰি থাকে প্রবল উদ্দীপনা আৰু যিজন মানুহে সকলো সময়তে হূদয়ত অনুভৱ কৰি থাকে মানুহকে ধৰি সকলো প্রাণীৰ প্রতি গভীৰ কৰুণা ৷