মোৰ কলেজীয়া জীৱন
‘বাৰ–ওঠৰ’ নামৰ কিশোৰ আলোচনীখনত ‘মোৰ ছাত্র জীৱন’ নাম দি মোৰ জীৱনৰ এটা অধ্যায়ৰ কাহিনী ধাৰাবাহিকভাৱে লিখিছিলোঁ৷ কাহিনীটোৱে সামৰি লৈছে মোৰ বর্ণ পৰিচয়ৰ দিনটোকে ধৰি প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হোৱালৈকে এই গোটেইখিনি দীঘলীয়া সময়৷ প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হোৱাৰ লগে লগে ‘মোৰ ছাত্র জীৱনৰ কাহিনী’ও সমাপ্ত হ’ল৷ আলোচনীখনৰ সম্পাদকে মোক অনুৰোধ কৰিছিল যে মোৰ ছাত্র জীৱনৰ কাহিনীয়ে কটন কলেজৰ চাৰিটা বছৰকো সামৰি ল’লে ভাল হয় কাৰণ তেতিয়া ‘মোৰ ছাত্র জীৱন’ৰ কাহিনীটো হ’লহেঁতেন মোৰ সমগ্র ছাত্র জীৱনৰ কাহিনী৷ কিন্তু তেওঁৰ প্রস্তাৱত মই ৰাজী নহ’লোঁ, কাৰণ মোৰ কটন কলেজৰ চাৰিটা বছৰৰ কাহিনী ক’বলৈ মই এখন বিশাল আকাৰৰ কিতাপ লিখিব লগা হ’লহেঁতেন৷ সেইটো কৰিবলৈ এতিয়া মোৰ সময় আৰু শক্তি দুয়োটাই নাই৷ জীৱনৰ বহুত সময় অবাবতে অপচয় কৰিলোঁ৷ জীৱনৰ গধূলি পৰত তাকে লৈ অনুশোচনা কৰাৰ কোনো অর্থ নাই৷ মই কিয় মোৰ কলেজীয়া জীৱনৰ কাহিনী এতিয়া লিখিব নোখোজোঁ বা নোৱাৰোঁ তাৰ সামান্য আভাস তলৰ সংক্ষিপ্ত টোকাটোত পোৱা যাব৷
মোৰ জীৱনৰ ইতিহাসৰ আটাইতকৈ তাৎপর্যপূর্ণ অধ্যায় হ’ল কটন কলেজৰ ‘ছেকেণ্ড মেছ’ নামৰ হোষ্টেলটোত অতিবাহিত কৰা মোৰ জীৱনৰ চাৰিটা বছৰ৷
কটন কলেজত পঢ়ি থকাৰ সময়ত মই আছিলোঁ ‘ছেকেণ্ড মেছ’ নামৰ হোষ্টেলত৷ অৱশ্যে সেই ‘ছেকেণ্ড মেছ’ এতিয়া ধ্বংসস্তূপত পৰিণত হ’ল৷ আমাৰ দিনত প্রৱেশিকা পৰীক্ষাত উচ্চমানৰ কৃতিত্ব প্রদর্শন কৰা ছাত্রসকলেহে ‘ছেকেণ্ড মেছ’ত স্থান পোৱাৰ গৌৰৱ আৰু অধিকাৰ অর্জন কৰিছিল৷ ‘ছেকেণ্ড মেছ’ত থাকি কটন কলেজত পঢ়া বহুতো ছাত্রই পিছৰ জীৱনত অসমৰ শিক্ষা, সংস্কৃতি, সাহিত্য, বিজ্ঞান–প্রযুক্তি, ব্যৱসায় আৰু প্রশাসন ব্যৱস্থা ইত্যাদি বিভিন্ন কর্মক্ষেত্রত উচ্চ স্থান অধিকাৰ কৰি হোষ্টেলটোৰ এটা অনন্য পৰিচয় প্রতিষ্ঠা কৰিছিল৷ ছেকেণ্ড মেছৰ পুৰণি আৱাসীসকলৰ ভিতৰত যিকেইজনে সাহিত্য একাডেমীৰ পুৰস্কাৰ পাইছিল তেওঁলোক হ’ল– ভবেন্দ্র নাথ শইকীয়া, লক্ষ্মীনন্দন বৰা, হোমেন বৰগোহাঞি, হৰেকৃষ্ণ ডেকা আৰু হীৰেন্দ্র নাথ দত্ত৷ ‘ছেকেণ্ড মেছ’ৰ ন–পুৰণি সকলো আৱাসীয়েই গর্বেৰে এই কথা স্মৰণ কৰে যে অসমৰ বিশ্ববিদ্যালয়কেইখনৰ পাঁচজন প্রাক্তন উপাচার্য আছিল ছেকেণ্ড মেছৰ আৱাসী৷ তেওঁলোক হ’ল– ড০ ধীৰেন্দ্র নাথ বৰঠাকুৰ, ড০ শৈলধৰ গগৈ, ড০ দেৱপ্রসাদ বৰুৱা, কমলেশ্বৰ বৰা আৰু ড০ হীৰালাল দুৱৰা৷ ঠিক সেইদৰে অসম সাহিত্য সভাৰ চাৰিজন প্রাক্তন সভাপতি আছিল ছেকেণ্ড মেছৰ আৱাসী৷ তেওঁলোক হ’ল– যোগেশ দাস, চন্দ্রপ্রসাদ শইকীয়া, লক্ষ্মীনন্দন বৰা আৰু হোমেন বৰগোহাঞি৷ অৱশ্যে ছেকেণ্ড মেছৰ কীর্তিমান প্রাক্তন আৱাসীসকলৰ তালিকাখন ওপৰত উল্লেখ কৰা নামকেইটাৰ মাজতে সীমাবদ্ধ নহয়৷
মই ওপৰত এবাৰ ক’লোঁ যে মোৰ জীৱনৰ ইতিহাসৰ আটাইতকৈ তাৎপর্যপূর্ণ অধ্যায় হ’ল ছেকেণ্ড মেছ৷ তলত এই কথাটোৰ কিছু ব্যাখ্যা দিবলৈ চেষ্টা কৰা হৈছে৷
ঘটনাৰ ঘনঘটাৰে মুখৰিত কি আশ্চর্য সময় আছিল সেই ৪টা বছৰ মাত্র তিনি বছৰৰ আগতে দেশ স্বাধীন হৈছিল৷ মই কটন কলেজত প্রৱেশ কৰাৰ মাত্র কেইমাহমানৰ আগতে স্বাধীন ভাৰতে নিজকে গণৰাজ্য বুলি ঘোষণা কৰি এখন যুগান্তকাৰী নতুন সংবিধান ঘোষণা কৰিছিল৷ দেশৰ আকাশে–বতাহে তেতিয়াও সদ্যোলব্ধ স্বাধীনতাৰ মাদকতা বিৰাজ কৰিছিল৷ কিন্তু সেই মাদকতাই দেশৰ সকলো মানুহকে আত্মহাৰা কৰিব পৰা নাই৷ ‘য়ে আজাদী ঝুথা হেই’ –বুলি কমিউনিষ্টসকলে বিদ্রোহ আৰম্ভ কৰিছিল৷ মার্ক্সবাদী–লেনিনবাদ্ কমিউনিষ্টসকলে আৰু এখোপ আগুৱাই গৈ সশস্ত্র বিদ্রোহ ঘোষণা কৰিছিল৷ বিষ্ণুপ্রসাদ ৰাভা, খগেন বৰবৰুৱা, ষ্টেন বৰুৱা, ছত্রসিং টেৰণ…. জীৱন্ত কিংবদন্তিত পৰিণত হোৱা এইসকল লোকৰ দুঃসাহসিক অভিযানৰ কাহিনীয়ে আমাৰ তৰুণ হূদয়ত আৱেগৰ খলকনি তুলিছিল৷ চীন দেশৰ পৰা আহিছে কমিউনিজমৰ জয়যাত্রা আৰম্ভ হোৱাৰ খবৰ৷ আমাৰ চকুৰ আগতে উন্মোচিত হৈছে ইতিহাসৰ নতুন দিগন্ত৷ মাত্র দুবছৰৰ আগতে স্থাপিত হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ে অসমৰ বৌদ্ধিক পৰিমণ্ডল আলোড়িত কৰি তুলিছে৷ বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ সম্পাদনাত ‘ৰামধেনু’ৱে আৰম্ভ কৰিছে অসমীয়া সাহিত্যৰ এটা নতুন যুগ– আধুনিক যুগ বা ৰামধেনু যুগ৷ ৰামধেনুৰ পাতত লেখক হিচাপে আত্মপ্রকাশ কৰিবলৈ সুযোগ পোৱা কটনিয়ানসকল তেতিয়া নিত্য নতুন আৱিষ্কাৰৰ ৰাগিত মতলীয়া৷ তেওঁলোকে নিজকে নতুনকৈ আৱিষ্কাৰ কৰিছে আধুনিক সাহিত্যাদর্শ আৰু ভাবধাৰাৰ এখন নতুন জগতত৷ তেওঁলোকৰ প্রেৰণাৰ আৰু দৈনন্দিন আলোচনাৰ বিষয় হ’ল বোডলয়ৰ, ৰ্যাধোঁ, ৰীল্কে, এলিয়ট, অডেন, স্পেণ্ডাৰ, মেকনিছ, হেমিংৱে, কাফ্কা…. তেওঁলোক পৰিণত হ’ল বিশ্ব–নাগৰিকত৷
কলেজৰ প্রথম দুটা বছৰত মই আছিলোঁ এজন শান্ত সংযত নির্জু যুৱক৷ ক্লাছত বিজ্ঞানৰ অধ্যয়ন, লাইব্রেৰীত সাহিত্যৰ অধ্যয়ন– মোৰ শান্ত নীৰৱ জীৱন দোলায়িত হৈছিল এই দুখন জগতৰ মাজত৷ কিন্তু তৃতীয় বার্ষিকত ভৰি দিয়েই হঠাৎ মোৰ কি হ’ল মই নিজেই নাজানিলোঁ– মই পৰিণত হ’লোঁ এটা সম্পূর্ণ নতুন মানুহত৷ বিচিত্র অভিজ্ঞতাৰ প্রতি দৈত্যসুলভ ক্ষুধাই মোক উন্মাদ কৰি তুলিলে৷ গোটেই ৰাতিটো উজাগৰে থাকি জুৱা খেলা, গোটেই দিনটো বিচিত্র বিষয়ৰ কিতাপ পঢ়া, ৰামধেনুৰ কাৰণে গল্প–কবিতা, প্রবন্ধ লিখা, দেওবাৰৰ আবেলিবোৰত বীৰেনদাৰ চেনিকুঠীৰ ঘৰত সাহিত্যৰ আড্ডা দিয়া, ৰাম গগৈৰ লগত কাছাৰীঘাটৰ শিলত বহি বা দীঘলী পুখুৰীৰ পাৰৰ ঘাঁহনিত বহি কবিতা পঢ়া, সন্ধিয়া কিছুসময় হীৰেন্দ্র নাথ দত্ত আৰু পবীন্দ্র বৰাৰ লগত সাহিত্যিক তর্ক কৰা, সপ্তাহৰ এটা বা দুটা দিনত ললিত কুমাৰ দলেৰ লগত দলবাহাদুৰ ছেত্রীৰ ঘৰত মদ খোৱা, আবেলি কার্জন হলত কিতাপ আৰু আলোচনী পঢ়া… জীৱনটোক অতি নিবিড়ভাৱে, গভীৰভাৱে আৰু বিপজ্জনকভাৱে যাপন কৰাৰ নিচাই মোক এনেকৈ মতলীয়া কৰিছিল যে মই মোৰ ৫০ কেজিতকৈও কম ওজনৰ কৃশকায় দেহটোত অনুভৱ কৰিছিলোঁ এটা বিশালকায় দৈত্যৰ শক্তি৷ অনাথ আশ্রমৰ অলিভাৰ টুইষ্টৰ নিচিনাকৈ ময়ো চিঞৰি আছিলোঁ–’I want more.’
এনেকুৱাই আছিল যোৱা শতিকাৰ ৫০ৰ দশকত কটন কলেজৰ ‘ছেকেণ্ড মেছ’ৰ মোৰ জীৱন৷ ‘ছেকেণ্ড মেছ’ৰ চাৰিটা বছৰত মই নিজৰ জীৱনটোক লৈ যৌৱনৰ দুৰন্ত স্পর্ধাৰে বিচিত্র পৰীক্ষা কৰিছিলোঁ৷ খনিকৰে একেখিনি মাটিৰ পৰাই কেতিয়াবা দেৱীৰ প্রতিমা আৰু কেতিয়াবা অসুৰৰ প্রতিমা সজাৰ দৰে ময়ো নিজকে কৰিছিলোঁ কেতিয়াবা মানৱ আৰু কেতিয়াবা দানৱ৷ যি কৰিলোঁ তাৰ কাৰণে মোৰ মনত অকণো খেদ নাই৷ এই সকলোবোৰকে লৈ মই আজিৰ মানুহটো৷