নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোৰ দেউতা আছিল কাগজ কলৰ কর্মচাৰী

-মণিকংকনা দাস 

         অলপতে লগৰ বন্ধুৰ লগত ইফাল–সিফাল ফুৰিবলৈ গৈ যোগীঘোপাৰ অশোক কাগজ কলৰ চৌহদত সোমালগৈ ভাইটি৷ পৰিত্যক্ত কলটোৰ কেইখনমান ফটোও তুলি আনিলে৷ ফটোবোৰ দেখি আৱেগিক হৈ পৰিল আমাৰ ঘৰৰ সকলো৷ খুৰাই লগে লগে ফোন কৰি হা–হুমুনিয়াহ কাঢ়িলে৷ কাগজ কলটোৰ সৈতে আজিও আমাৰ পৰিয়ালৰ পুৰণি বহু স্মৃতি, আৱেগ জডিত হৈ আছে৷ এই কলটোৰ পৰাই প্রথম কর্মজীৱন আৰম্ভ কৰিছিল দেউতাই৷ কথাখিনি ভালদৰে বর্ণনা কৰ্বিলৈ হ’লে আৰু অলপ পুৰণি দিনৰ কথালৈ যাব লাগ্বি৷ তেতিয়া দেউতাহঁত স্কুললৈ যোৱাৰ সময়, সেই সময়খিনিতে অর্থাৎ ১৯৬৪ চনত গোৱালপাৰাত প্রতিষ্ঠা কৰা হৈছিল অসমৰ প্রথম তথা একমাত্র সৈনিক স্কুলখন৷ ঘৰৰ নিচেই কাষতে এনেকুৱা এখন স্কুল প্রতিষ্ঠা হোৱাত দেউতাকো তাতেই নামভর্তি কৰোৱাৰ ব্যৱস্থা কৰিছিল আমাৰ প্রয়াত ককাই৷

আন বহুতৰে দৰে দেউতাৰো সৈনিক স্কুলত পঢ়াৰ প্রধান লক্ষ্যই আছিল সামৰিক বাহিনীত যোগদান৷ অৱশ্যে যথা সময়ত উচ্চতা কিছু কম হোৱা বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাছ কৰাৰ পিছত এন ডি এত যোগ দ্বি পৰা নাছিল৷ তাৰে পৰা উভতি আহি কটন কলেজত বি এছ চিত নামভর্তি কৰিছিল আৰু কিছুদিন কলেজলৈও অহা–যোৱা চলিছিল৷ কিন্তু বি এছ চিত ভালদৰে মন বহা নাছিল দেউতাৰ৷ তাৰ পৰিৱর্তে বৃত্তিমুখী পাঠ্যক্রম এটা পঢ়্বিলৈহে ইচ্ছা জাগিছিল৷ তেনে সময়তে কাকতৰ উদ্যোগে নামনি অসমত কর্মসংস্থাপনৰ নতুন বাট মুকলি কৰ্বি বুলি বিভিন্নজনৰ দিহা–পৰামর্শ শুনি দেউতা ৰাওনা হৈছিল উত্তৰ প্রদেশৰ ছাহাৰানপুৰলৈ৷ ১৯৭৩ চনত ইনষ্টিটিউট অৱ পেপাৰ টেকন’লজী (তমানে আই আই টি ৰুৰকীৰ অধীন)ৰ পৰা পাঠ্যক্রম সমাপ্ত কৰি আহি ১৯৭৪ চনত তেওঁ যোগদান কৰিছিল যোগীঘোপাৰ অশোক কাগজ কলত৷ সেই সময়ত গোৱালপাৰা, বঙাইগাঁৱকে ধৰি নামনি অসমৰ মানুহখিনিৰ বাবে নতুন আশাৰ সঞ্চাৰ ঘটাইছিল অশোক কাগজ কলে৷ এটা বৃহৎ উদ্যোগ স্থাপনে ওচৰ–পাঁজৰৰ মানুহবোৰক বহুখিনি সকাহ দিছিল৷ দিছিল নতুন সপোন দেখাৰ প্রলোভন৷ সৰু–বৰ বিভিন্ন ধৰণৰ কামত স্থানীয় মানুহ জডিত হোৱাৰ সুযোগ পাইছিল৷ বিভিন্ন ঠাইৰ পৰা তালৈ মানুহে চাকৰি কৰ্বিলৈ অহাত এই উদ্যোগটোৰ আলম লৈ আন আন ক্ষুদ্র ব্যৱসায়ো আৰম্ভ হৈছিল৷ মুঠতে নদন–বদন অৱস্থা৷ ১৯৭০ চনত মুকলি হোৱা নামনি অসমৰ বৃহৎ কাগজ উদ্যোগটো প্রথম ১০–১২ ছৰমান সুন্দৰকৈয়ে চলিছিল৷ তাৰ পিছৰ অৱস্থাটো প্রায় সকলোৰে জ্ঞাত৷ লাহে লাহে অর্থৰ অভাৱ আৰু অন্যান্য সমস্যাবোৰে মূৰ দাঙি উঠাত উদ্যোগটো চলাব নোৱৰা হৈছিল কর্তৃপক্ষ৷ আৰু অৱশেষত অসমৰ আন বহু উদ্যোগৰ দৰে এদিন বন্ধ হৈ পৰিছিল সহস্র পৰিয়ালৰ জীৱিকাৰ থল এই কাগজ কলটোও৷ প্রায় ১১ ছৰীয়া স্মৃতি বুকুত বান্ধি ১৯৮৫ চনত কাগজ কলৰ চাকৰি এৰি উভতি আহিছিল দেউতা৷ অযুত আশা বুকুত বান্ধি পেপাৰ টেকন’লজী পঢ়্বিলৈ যোৱা আৰু সেই ক্ষেত্রখনতে চাকৰি কৰাৰ সুযোগ পায়ো মাজতে সেয়া হেৰুৱাই আহিবলগীয়া হোৱাৰ দুখ কিমান সেয়া ভুক্তভোগীজনৰ বাহিৰে আন কোনেও হয়তো অনুভৱ কৰ্বি নোৱাৰে৷ অৱশ্যে দেউতাই তেতিয়ালৈ ব্বিাহৰ তথা সাংসাৰিক বান্ধোনত সোমোৱা নাছিল বাবে তেওঁৰ বৰ বেছি হাহাকাৰ হোৱা নাছিল৷ কিন্তু তেওঁৰ লগত কাম কৰা আন বহু মানুহকে সেই সময়ত অনিশ্চয়তা আৰু হতাশাই আগুৰি ধৰিছিল৷ দেউতাহঁতৰ মুখতে শুনিছিলোঁ, পৰিয়াল থকা মানুহবোৰৰ মাজ সাগৰত প্রবল ধুমুহাই বিধবস্ত কৰা নাওখনৰ দৰে অৱস্থা হৈছিল৷ যিয়ে যেনি পাৰে তেনি আঁতৰি গৈছিল৷ গৃহ চহৰ গোৱালপাৰাৰ উপায়ুক্ত কার্যালয়ত কোনোমতে চাকৰি এটা যোগাৰ হৈছিল দেউতাৰ আৰু সেই মতেই চলি গৈছিল৷

পুৰণি দিনৰ কথাবোৰ কিছু পাতল হৈছিলহে, এদিন হঠাৎ দেউতাৰ বন্ধু এগৰাকী আহি ওলাইছিল উজনিৰ এখন ঠাইৰ (নামটো পাহৰিলোঁ) পৰা৷ তেতিয়া আমি স্কুলত পঢ়োঁ, এইবাৰ আমাৰ সম্মুখতে চলিল সকলো কথা–বার্তা৷ জান্বি পাৰিলোঁ তেওঁ দেউতাৰ স’তে একেলগে কাম কৰিছিল কাগজ কলত৷ অত বছৰৰ মূৰত দুই বন্ধুৰ মিলন, এক আৱেগগধুৰ মুহূর্ত৷ কিয় ইমান দিন খা–খ্বৰ নাছিল বুলি দেউতাহঁতে ওজৰ–আপত্তি কৰাত তেওঁ কৈছিল নিজৰ কথাবোৰ৷ হঠাৎ কাগজ উদ্যোগটো বন্ধ হৈ পৰাত যথেষ্ট কষ্ট হৈছিল পৰিয়াল চলোৱাত৷ কি কৰ্বি, ক’ত যাব একো উৱাদিহ পোৱা নাছিল৷ উভতি গৈছিল নিজৰ ঠাইলৈ৷ পত্নীয়ে ক্বিা এটা চাকৰি কৰিছিল বাবে তেওঁৰ তত্ত্বাৱধানতে এল এল বি পঢ়ি আকৌ এবাৰ নতুনকৈ কেৰিয়াৰৰ পাতনি মেলিছিল দেউতাৰ বন্ধুগৰাকীয়ে৷ ইপিনে, সন্তানৰ দায়িত্ব আছিলেই৷ তেনেস্থলত বন্ধু–বান্ধৱৰ খ্বৰ কৰাৰ সময়ে বা থাকে ক’ত কিমান যে উত্থান–পতন একেটা জীৱনত এয়া অকল দেউতা বা তেওঁৰ বন্ধুৰে কাহিনী নহয়, একোটা উদ্যোগ বন্ধ হোৱাৰ ফলত জীৱন–জীৱিকালৈ অন্ধকাৰ নামি অহা প্রতিজন মানুহৰে কাহিনী একে৷ এবাৰ সৰুতে যোগীঘোপালৈ গৈ বহু পৰিয়ালৰে সংকট অৱস্থা দেখিছিলোঁ৷ অৱশ্যে তেতিয়া কথাবোৰ বুজা–নুবুজাৰ মাজতে ৰৈছিল আমাৰ মনত৷

অশোক কাগজ কলৰ পিছত জাগীৰোড আৰু কাছাৰ কাগজ কলৰ অৱস্থাও আজি প্রায় একেই৷ কলত কাম কৰা কর্মচাৰীৰ পৰিয়ালৰ কৰুণ অৱস্থাৰ ছবি সময়ে সময়ে টেলিভিছন অথ্বা বাতৰিকাকতত দেখ্বিলৈ পাওঁ৷ দীর্ঘ দিনে বেতন নাপাই উপায়হীন হোৱা তেনে পৰিয়ালৰ কেইটিমান সন্তানে পঢ়াৰ খৰচৰ বাবে বৰঙণি খুজ্বিলৈ যোৱা কৰুণ ভিডি’ এটাও কেইমাহমান আগতে চর্চালৈ আহিছিল৷ কাগজ কল বুলিয়ে নহয়, অসমৰ বিভিন্ন ঠাইত স্থাপন হোৱা কটন মিল, পলিয়েষ্টাৰ মিল আদিৰ ছবিবোৰো ধূলি–ধূসৰিত৷ আমাৰ মামাৰ ঘৰ ৰঙিয়াত৷ সেই সূত্রে নিজ চকুৰে দেখিছোঁ ৰঙিয়াৰ তুলসীবাৰীত এসময়ত স্থাপন হোৱা পলিয়েষ্টাৰ মিলটোৱে অনা সুদিন আৰু দুর্দিনৰ ছবি৷ মিলটো চলি থাকোঁতে যিবোৰ মানুহ তথা পৰিয়ালৰ মুখত হঁাহি বিৰিঙি আছিল, উপার্জনৰ পথ অর্থাৎ সেই মিলটো হঠাৎ বন্ধ হৈ পৰাত একেবোৰ পৰিয়ালৰে বিৱর্ণ মুখবোৰ আজিও মনত পৰে৷ সময়ে সময়ে চৰকাৰবোৰে এই কল–কাৰখানা তথা উদ্যোগসমূহ পুনৰাম্ভ কৰাৰ কথা প্রকাশ কৰে, নানা প্রতিশ্রুতি দিয়ে, কিন্তু বাস্তৱত কামবোৰ হৈ উঠিছে জানো? চৰকাৰৰ সদিচ্ছাৰ অভাৱত ধবংসৰ গৰাহলৈহে গৈ আছে এটাৰ পাছত আনটোকৈ উদ্যোগ৷

You might also like