প্রকৃতি আৰু দর্শন
প্রকৃতি নামৰ সর্বব্যাপী সত্তাটোৰ উপলব্ধি প্রথমবাৰৰ বাবে মানুহে যিদিনা কৰিছিল, সেই বিশেষ মুহূর্তৰ পৰাই সম্ভৱতঃ মানুহ চিন্তাশীল প্রাণী ৰূপে পৰিগণিত হৈছিল৷ মানুহৰ চিন্তাৰ প্রথম পৰিচয় পোৱা গৈছিল বহির্জগৎ সম্বন্ধে উদ্ভৱ হোৱা প্রশ্ণসমূহৰ মাধ্যমে৷ এনে প্রশ্ণ কিন্তু এটা বা দুটা নাছিল৷ একে সময়তে শত–সহস্র প্রশ্ণই নতুনকৈ চিন্তা কৰিবলৈ শিকা প্রাণী–প্রজাতিটোৰ মনত তোলপাৰ লগাইছিল৷ প্রথমবাৰলৈ চিন্তা কৰিবলৈ লোৱাৰ মাদকতাই হয়তো সুকীয়া আছিল৷ আন প্রাণীসমূহেও সিবোৰৰ জানেন্দ্রিয়ৰ সহায়ত পূর্বৰে পৰা অনুভৱ কৰি অহা অৱয়ববিলাককে মানুহে নতুন ৰূপত বুজিবলৈ আৰম্ভ কৰিছিল৷ মানুহ নামৰ প্রাণী–প্রজাতিৰ উৎপত্তিৰ সেই আদিম ক্ষণৰে পৰা প্রকৃতি সন্দর্ভত উদ্ভৱ হোৱা প্রশ্ণৰ প্রৱাহ আজিও অব্যাহত আছে৷ প্রকৃতিৰ বিভিন্ন দৃষ্টিকোণৰ পৰা মানুহে নিৰন্তৰ অৱলোকন কৰি আহিছে৷ কিন্তু সেই জিজ্ঞাসাৰ আজিও অন্ত পৰা নাই৷ বৰং নিতৌ নৱ–দিগন্ত উন্মোচিত হোৱা আমি দেখিবলৈ পাইছোঁ৷ প্রথম অৱস্থাত মানুহে বোধ কৰোঁ এটা কথা অনুভৱ কৰা নাছিল যে মানুহ নিজেও এই প্রকৃতি–ৰাজ্যৰে অন্তর্গত এটা বিশেষ সত্তা৷ কিন্তু বিংশ শতাব্দীত জ্ঞান–বিস্ফোৰণৰ যুগ আৰম্ভ হোৱাৰ পাছত প্রকৃতি সন্দর্ভত মানুহৰ দৃষ্টিভংগীলৈ এক বিশাল পৰিৱর্তন অহাৰ কথাটো অনুভৱসাধ্য হৈ উঠিল, যেতিয়া বিজ্ঞানী নীল্ছ ব’ৰে অতি তাৎপর্যপূর্ণভাৱে মন্তব্য দাঙি ধৰিলে – প্রকৃতিৰ ৰংগমঞ্চত মানুহ কেৱল দর্শকেই নহয়, একে সময়তে তেওঁলোক অভিনেতাও৷
প্রকৃতিৰ চৰিত্র সম্বন্ধে যুকিয়াই ল’বলৈ মানুহক এক দীঘলীয়া সময়ৰ আৱশ্যক হৈছিল৷ সত্তা হিচাপে প্রকৃতি যদিও একক আৰু অনন্য, ইয়াৰ অভিব্যক্তি কিন্তু ভিন ভিন ৰূপত ঘটি আহিছে৷ প্রাচ্যৰ (মূলতঃ ভাৰতৰ) ‘প্রকৃতি’ৰ ধাৰণা আৰু পাশ্চাত্যৰ’Nature’-ৰ ধাৰণা অধিকাংশ ক্ষেত্রতে সাদৃশ্যপূর্ণ হ’লেও প্রকৃতি শব্দৰ তাৎপর্য’Nature’-ৰ তুলনাত বিশালতৰ বুলি ভবাৰ সপক্ষে অনেক যুক্তি আছে৷ পাশ্চাত্যৰ দেশসমূহত ভাৰতীয় প্রকৃতি শব্দৰ সমার্থক হিচাপে উদ্ভৱ হোৱা ‘নেচাৰ’ শব্দৰ নেপথ্যত এক জড়বাদী দর্শনৰ অস্তিত্ব সহজে অনুভূত হয়৷ কিন্তু তাৰ বিপৰীতে ভাৰতীয় চিন্তা–পৰম্পৰাত প্রকৃতি এক চৈতন্যবিশিষ্ট সত্তা ৰূপে পৰিগণিত হৈ আহিছে৷ অৱশ্যে তাৰ মাজতেMother Nature আৰু আমাৰ প্রকৃতিদেৱী শব্দ দুটাৰ অন্তর্নিহিত ঐক্য মন কৰিবলগীয়া৷ ভাৰতীয় চিন্তা–পৰম্পৰাত প্রকৃতি হৈছে সৃষ্টিৰ উপান্ত্য Penultimate) কাৰণ৷ প্রাচীন ভাৰতৰ চিন্তানায়কসকলৰ মতানুসৰি সৃষ্টি সংৰচনাৰ মাধ্যম ৰূপে সৃষ্টিকর্তাই প্রকৃতিক সৃষ্টি কৰি লৈছিল৷ ইয়াত প্রকৃতিৰ সমপর্যায়ৰ অপৰ সত্তাক ‘পুৰুষ’ নামেৰে জনা যায়৷ পুৰুষ আৰু প্রকৃতিৰ মিলনতহে জগতৰ দৃষ্টি–প্রক্রিয়া সম্পন্ন কৰাটো সম্ভৱপৰ৷ ভাৰতীয় দর্শন অনুসৰি পুৰুষ আৰু প্রকৃতি উভয়েই ‘সগুণ’৷ কিন্তু পুৰুষ আৰু প্রকৃতিৰো কাৰণ স্বৰূপ পৰমেশ্বৰ হৈছে ‘নির্গুণ’৷ অনুমান, জাগতিক উপমাৰ আধাৰতে পুৰুষ আৰু প্রকৃতিৰ ধাৰণা দুটাই গঢ় লৈ উঠিছে৷ সগুণ আৰু নির্গুণ শব্দ দুটাৰ অর্থ আমাৰ দৰে অনেকৰ বাবেই সহজবোধ্য নহয়৷ কিন্তু এটা কথা অনুভৱ কৰাত একো জটিলতাৰ উদ্ভৱ নহয় আৰু সেইটো হৈছে প্রকৃতি মানুহৰ দৰেই এক বুদ্ধিমান সত্তা৷ এতেকে মূলতঃ বুদ্ধিমত্তা যি সত্তাৰ এক অবিচ্ছেদ্য অংগ, সেই সত্তা সগুণ হোৱাটোত আচৰিত হ’বলগীয়া একো নাই৷ এনে বুদ্ধিমত্তা অবিহনে এই সূক্ষ্মাতিসূক্ষ্ম পৰিকল্পনাৰ অভিব্যক্তিৰে পূর্ণ এই মহাজগৎখনৰ অস্তিত্ব ভাবিব নোৱৰা কথা৷
আন এক দৃষ্টিকোণৰ পৰা বিষয়টো বিচাৰ কৰি চালে দেখা যায় যে প্রকৃতি হৈছে সৃষ্টিৰ সৈতে জড়িত সকলো স্বতঃস্ফূর্ততাৰ সমাহাৰ৷ এক সর্বশক্তিমান সৃষ্টিকর্তাৰ ধাৰণাটোৰ লগত পৰিকল্পনাৰ তত্ত্ব আৰু স্বতঃস্ফূর্ত সৃষ্টিৰ ধাৰণাটোৰ সৈতে প্রকৃতিৰ ধাৰণাটো সাঙোৰ খাই আছে৷ যিসকল জড়বাদী ব্যক্তিয়ে স্বতঃস্ফূর্ত সৃষ্টি প্রক্রিয়াত বিশ্বাস কৰে, সেইসকলে প্রকৃতি জগতৰ প্রতিটো প্রপঞ্চৰ বাবে প্রকৃতি নামৰ সত্তাটোৰ আশ্রয় লয়৷ এইক্ষেত্রত প্রকৃতি হৈছে স্বতঃস্ফূর্ততাৰ প্রতীক৷ উদাহৰণ স্বৰূপে টোকোৰা চৰাইবোৰক সুন্দৰকৈ নিজৰ বাহ সাজি ল’বলৈ কোনে শিকালে? উত্তৰ – প্রকৃতিয়ে৷ মানুহৰ বাবে অতিশয় অপকাৰী অতিবেঙুনী ৰশ্মি ভূপৃষ্ঠলৈ অহাত বাধা দিয়া অ’জন স্তৰ কোনে তৈয়াৰ কৰি দিলে? তাৰো উত্তৰ – প্রকৃতিয়ে৷ এনে ধৰণৰ অসংখ্য ৰহস্যাবৃত্ত বিষয়ৰ ব্যাখ্যা কৰিবলৈ নিতান্ত জড়বাদীজনেও প্রকৃতি শব্দৰ ওপৰত নির্ভৰ কৰা সততে দৃষ্টিগোচৰ হয়৷ বিজ্ঞান–জগতত স্বতঃস্ফূর্ততাৰ ব্যাখ্যা কৰিবৰ উদ্দেশ্যে এশ শতাংশই প্রকৃতিৰ ওপৰত নির্ভৰ কৰা সর্ববৃহৎ গৱেষণা–প্রকল্পটো হৈছে চালর্ছ ডাৰউইনৰ প্রাকৃতিক নির্বাচনৰ জৰিয়তে প্রজাতিৰ উৎপত্তিৰ তত্ত্ব৷ তেওঁৰ প্রজাতিৰ উৎপত্তি Origin of species) গ্রন্থত প্রকৃতিবিদ ডাৰউইনে জীৱ–জগতত ঘটি থকা ক্রমবিকাশ অথবা বিৱর্তনৰ প্রক্রিয়াটো এশ শতাংশই স্বতঃস্ফূর্তভাৱে সংঘটিত এক প্রপঞ্চ ৰূপে উত্থাপন কৰিছে৷ এই প্রসিদ্ধ গ্রন্থখনৰ প্রকৃতিবিদগৰাকীয়ে প্রাকৃতিক নির্বাচনৰ সমর্থনত যিবিলাক সৃষ্টি দাঙি ধৰিছে, সেইবোৰত পতিয়ন নোযোৱাৰ একো কাৰণেই থাকিব নোৱাৰে৷ কিন্তু কথা হৈছে, ডাৰউইনে তেওঁৰ জীৱনজোৰা প্রকল্পটোত জীৱ–জগতৰ প্রাকৃতিক প্রপঞ্চসমূহ পর্যবেক্ষণ কৰিলে ঠিকেই, পিছে প্রকৃতিৰ মৌলিক চৰিত্র সম্বন্ধে এক সামগ্রিক ধাৰণা আয়ত্ত কৰিবলৈ তেওঁ সমর্থ নহ’ল৷ ইয়াৰ গুৰিতে আছে বিজ্ঞানীগৰাকীৰ জড়বাদী বিচাৰধাৰা৷ কোৱা বাহুল্য, প্রকৃতিক এক চেতনাসম্পন্ন সত্তা হিচাপে অৱলোকন কৰিবলৈ তেওঁ কোনো সময়তে চেষ্টা নকৰিলে৷ সম্ভৱতঃ বৈজ্ঞানিক বিচাৰধাৰাৰ পৰিপন্থী বুলিয়েই তেওঁ ইয়াক পৰিহাৰ কৰি চলিলে৷ তদুপৰি ডাৰউইনৰ সমসাময়িক প্রকৃতিবিদসকলৰ সমস্ত মনোযোগ মূলতঃ জীৱ–জগতকে কেন্দ্রীভূত হৈ থকাটো বিশেষভাৱে মন কৰিবলগীয়া৷ চার্লছ লায়েলৰ নিচিনা এমুঠিমান ভূতত্ত্ববিদে ভূপৃষ্ঠৰ গঠন সম্বন্ধে অধ্যয়ন কৰিছিল যদিও এই অধ্যয়নৰ মূল উদ্দেশ্যও জীৱবিজ্ঞানৰ সৈতে সাঙোৰ খাই আছিল৷ সেই যুগত প্রাকৃতিক ইতিহাস নামৰ যিটো বিষয়ে জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰিবলৈ সমর্থ হৈছিল, তাৰ পৰিধিও ভূপৃষ্ঠতে সীমাবদ্ধ হৈ থকা যেন লাগে৷ এতেকে প্রকৃতিবিদ ৰূপে পৰিচিত শ্রেণীটোৱে সকলো সময়তে জীৱ–জগতৰ ৰহস্যসমূহতে নিজকে ব্যস্ত ৰখাটো প্রকট হৈ উঠিছিল৷ ফল স্বৰূপে প্রকৃতি সন্দর্ভত এক সামগ্রিকতাৰ যে অভাৱ ঘটিছিল, সেই কথাত সন্দেহৰ থল নাই৷
কিন্তু পৰৱর্তী কালত প্রকৃতি–ৰাজ্যই জীৱ আৰু জড় উভয়কে সামৰি লৈছিল৷ এলবার্ট আইনষ্টাইনৰ এষাৰ কথা এই সন্দর্ভত বিশেষভাৱে প্রণিধানযোগ্য৷ তেওঁ কৈছিল যে প্রকৃতিয়ে ইয়াৰ পুচ্ছভাগহে পর্যবেক্ষণৰ সুযোগ মানুহক দিছে৷ অর্থাৎ প্রাকৃতিক প্রপঞ্চৰাজিৰ এটা অতি ক্ষুদ্র অংশহে মানুহৰ দৃষ্টিগোচৰ হৈছে৷ লক্ষণীয়ভাৱে ডাৰউইন কিম্বা আইনষ্টাইনৰ সময়তকৈ বর্তমানৰ বৈজ্ঞানিক পর্যবেক্ষণৰ পৰিসৰ বহুগুণে প্রসাৰিত হৈছে৷ অৱশেষত ষ্টিফেন হকিঙৰ দৰে তাত্ত্বিক বিজ্ঞানীয়ে এক সুপৰিকল্পিত মহাবিশ্বৰ ধাৰণাটোও স্বীকাৰ কৰি লৈছে৷ পূর্বৰ একক মহাবিশ্বৰ Universe) পৰিৱর্তে বহু–মহাবিশ্বৰ Multiverse) ধাৰণা এটায়ো সবল ৰূপত আত্মপ্রকাশ কৰা দেখা গৈছে৷ তাৰ লগে লগে প্রকৃতি–ৰাজ্যৰ পৰিসৰো মৌলিক কণাৰ পর্যায়ৰ পৰা বহুব্রহ্মাণ্ডীয় পর্যায়লৈ সম্প্রসাৰিত হোৱাটো অতিশয় তাৎপর্যপূর্ণ৷ কিন্তু সাম্প্রতিক কালতো মহাবিজ্ঞানী আইনষ্টাইনৰ পূর্বোক্ত সেই প্রখ্যাত বাক্যটিৰ গুৰুত্ব অপৰিৱর্তিত হৈ ৰৈছে৷ অর্থাৎ প্রকৃতিৰ বিভিন্ন অভিব্যক্তিসমূহ মানুহৰ দৃষ্টিগোচৰ হৈছে ঠিকেই, কিন্তু প্রকৃতিৰ প্রকৃত ৰূপ আজিও বোধ–পৰিধিৰ বাহিৰত ৰৈ গৈছে৷ সেয়েহে মোৰ অনুমান, একমাত্র জড়বাদী বিচাৰধাৰাৰে প্রকৃতিৰ ৰহস্যভেদ কৰাটো কোনো কালেই সম্ভৱ হৈ নুঠিব৷
কার্য–কাৰণবাদ Cause and affect theory) দর্শনৰ অতিশয় মৌলিক তত্ত্বসমূহৰ অন্যতম৷ এই তত্ত্বৰ পৰিধি ব্রহ্মাণ্ডৰ সর্বত্র পৰিব্যাপ্ত৷ অর্থাৎ প্রতিটো কার্যৰ নেপথ্যত একোটা কাৰণৰ উপস্থিতি অনস্বীকার্য৷ কিন্তু চার্লছ ডাৰউইনে তেওঁৰ প্রসিদ্ধ তত্ত্বটোত জীৱৰ ক্রমবিকাশৰূপী প্রপঞ্চটো নিতান্ত বিশ্বাসযোগ্যভাৱে প্রতিষ্ঠা কৰিবলৈ সমর্থ হ’ল যদিও ই এটা পৰিপূর্ণ সত্যৰ অর্ধেকহে উন্মোচন কৰিলে৷ এইখিনিতে এটা কথা বিশেষভাৱে মন কৰিবলগীয়া যে জীৱৰ ক্রমবিকাশৰ সমস্ত প্রক্রিয়াটোত এটা পৰিৱর্তনৰ ইংগিত সর্বত্র বিদ্যমান৷ ইয়াৰ মাধ্যমে ব্যক্ত হৈছে এক উন্নততৰ পর্যায় লাভৰ বাসনা৷ জীৱৰ দেহত এই বিকাশৰ প্রক্রিয়া বিগত কোটি কোটি বছৰ ধৰি অব্যাহত আছে৷ কিন্তু এই প্রক্রিয়াই সম্পূর্ণ সত্যটোৰ অর্ধেকহে দাঙি ধৰিছে৷ ইয়াৰ অর্থ হ’ল, ডাৰউইনৰ তত্ত্বই কেৱল কার্য অংশটোহে বিৱেচনা কৰিলে, কিন্তু তাৰ কাৰণ অংশটো তেওঁ সযতনে এৰাই চলিলে৷ ফলত এটা পূর্ণাংগ তত্ত্ব কিম্বা সত্য সম্বন্ধে অৱগত হোৱাটো মানুহৰ পক্ষে সম্ভৱ হৈ নুঠিল৷
ইংৰাজীPhilosophy শব্দৰ অর্থ হৈছে মূলতঃ জ্ঞান–সম্পর্কীয় অধ্যয়ন৷ ভাৰতীয় ভাষাসমূহত ইয়াৰ প্রতিশব্দ হিচাপে ‘দর্শন’ শব্দটো গ্রহণ কৰা হৈছে যদিও পূর্বোক্ত ইংৰাজী শব্দটোৰ তুলনাত দর্শন শব্দৰ পৰিধি বিশালতৰ৷ কিয়নো দর্শন শব্দই কেৱল আমাৰ চর্মচকুৰে কৰা দর্শনকে নুবুজায়৷ এই শব্দৰ সৈতে ঘাইকৈ অন্তর্দৃষ্টিৰ সম্বন্ধহে অধিক৷ এনে অন্তর্দৃষ্টিৰ সহায়তহে মানুহে প্রকৃতিৰ অনেক গূঢ় ৰহস্য ভেদ কৰাটো সম্ভৱ হৈ আহিছে৷ গতিকে দর্শনৰ একমাত্র উদ্দেশ্য হৈছে মানুহক প্রকৃত সত্য সম্বন্ধে অৱগত কৰোৱাটো৷ সেয়ে জড়বাদী পর্যবেক্ষণলব্ধ জ্ঞান আৰু উদ্দাম ভাববাদী কল্পকথাবোৰতকৈ মানুহক সবাতোকৈ প্রয়োজনীয় বস্তুটো হৈছে শাণিত অন্তর্দৃৃষ্টি৷ চার্লছ ডাৰউইনে প্রকৃতি সম্বন্ধে যিখিনি সত্য উদ্ঘাটন কৰিবলৈ সমর্থ হ’ল, তাৰ মূলতে আছিল তেওঁৰ অসাধাৰণ অন্তর্দৃষ্টি৷ লগতে এই কথাও সত্য যে তেওঁ আৱিষ্কাৰ কৰা প্রখ্যাত তত্ত্বটোৰ যি আধাভাগ আন্ধাৰত থাকি গ’ল, তাৰ বাবেও দায়ী একেগৰাকী ব্যক্তিৰ অন্তর্দৃষ্টিৰ অসম্পূর্ণতা৷ ইয়াৰ বাবেই প্রকৃতি নামৰ পৰম সত্তাৰ চৈতন্যময় ৰূপটো দেখিও তেওঁ তাক অৱহেলা কৰিলে৷ সম্ভৱতঃ দর্শন আৰু পর্যবেক্ষণ আধাৰিত বিজ্ঞানৰ সহাৱস্থান সম্ভৱ নহয় বুলিয়েই তেওঁ বিৱেচনা কৰিলে৷ তথাপি এটা গূঢ় সত্যৰ অর্ধেক অংশ উদ্ধাৰ কৰাৰ কৃতিত্ব ডাৰউইনক প্রদান কৰাটোৱেই হ’ব ইতিবাচক দৃষ্টিভংগীৰ প্রকৃষ্ট উদাহৰণ৷
বিগত এক শতিকাৰ ভিতৰত মানুহৰ চিন্তা–জগতলৈ অনেক ইতিবাচক পৰিৱর্তন আহিছে৷ ধর্মৰ শিবিৰেই হওক অথবা বিজ্ঞানৰ শিবিৰেই হওক, কোনোটোৰ ক্ষেত্রতে মতান্ধতা বাঞ্ছনীয় নহয়৷ প্রকৃত সত্য উদ্ঘাটনৰ ক্ষেত্রত সর্বকালৰ সর্ববৃহৎ অন্তৰায় হৈছে মতান্ধতা৷ পাৰ হৈ যোৱা এক শতিকাৰ কালছোৱাত জড়বাদী আৰু ভাববাদী শিবিৰ দুটাই নিজ নিজ মতান্ধতা কিছু হ’লেও পৰিহাৰ কৰিবলৈ প্রস্তুত হোৱাৰ লক্ষণ ফুটি উঠিছে৷ এনে সংস্কাৰমুক্ত বিচাৰধাৰা অব্যাহত থাকিলে অদূৰ ভৱিষ্যতে প্রকৃতিৰ প্রকৃত ৰূপটো মানুহৰ দৃষ্টিৰ পৰিসৰলৈ আহিব বুলি আশা কৰিব পাৰি৷