চকলা টেঙাটি অকলে নেখাবা
আমাকো এচকল দিবা,
বিহু মাৰিবলৈ অকলে নেযাবা
আমাকো লগতে নিবা৷
গণশিল্পী খগেন মহন্তদেৱে গোৱা বিহুনামফাকি শুনিলে চকলাটেঙাটোক লৈ মানুহৰ মনত উৎসুকতা জাগে৷ এসময়ত আমাৰ গাঁৱৰ বহুতৰে ঘৰত আনবোৰ ফল–মূলৰ লগতে চকলাটেঙাৰ গছো আছিল৷ হাতে ঢুকি পোৱাতে লাগি থকাৰ কাৰণে কাৰোবাৰ মন গ’লেই চকলা এটা পাৰি খাইছিল আৰু ওচৰ–চুবুৰীয়াকো বিলাই দিছিল৷ কাৰণ যিয়েই নহওক কিয়, চকলাটেঙা Citrus aurantium), গোলনেমু Citrus jambhiri), হোলংটেঙা Citrus megaloxyca), বীৰাজৰা Citrus medica) আদি নেমুজাতীয় (চাইট্রাছ) উদ্ভিদবোৰ চকুৰ পচাৰতে হেৰাই যোৱাৰ উপশম হ’ল৷ অসমৰ মাটিত প্রাকৃতিকভাৱে গজা এই চাইট্রাছ প্রজাতিবোৰ তড়িৎ গতিত বিলুপ্তিৰ দিশেৰে আগবাঢ়িছে বুলি মোৰ ভাব হৈছে এইবাবেই যে শদিয়াৰ পৰা ধুবুৰীলৈকে খা–খবৰ কৰিও বীৰাজৰা গছৰ সন্ধান উলিয়াব পৰা নাই, অথচ যিবিধ উদ্ভিদ আগতে আমাৰ ডাঙৰ পেহীৰ ঘৰৰ বাৰীৰ ঢ়াপত আথানি–আবানিকৈ হৈছিল আৰু কোমোৰা এটাৰ সমান ডাঙৰ ফল ধৰিছিল৷
কৃষিজীৱী অসমীয়াই ৰোৱা গছি লওঁতে পৰম্পৰা অনুসৰি বৰটেঙা এটা কাটি হেলচ কেইটামানৰ সৈতে আগলি কলপাতত সভক্তিৰে আগবঢ়াই দিয়া কার্যৰ পৰা বুজিব পাৰি যে চাইট্রাছ ফলৰ ব্যৱহাৰিক গুৰুত্ব যিমান, সাংস্কৃতিক গুৰুত্ব তাতকৈ কোনোগুণে কম নহয়৷ প্রণিধানযোগ্য যে কাহিকুছিস্থিত কৃষিবিজ্ঞান কেন্দ্রৰ বিজ্ঞানীসকলে ২০১৯ চনত গোলনেমুৰ Rough Lemon) গা–গছত জাতিনেমুৰ Assam Lemon) আগ সংস্থাপিত কৰি এজোপা সংকৰ Hybrid) নেমু সৃষ্টি কৰিবলৈ সক্ষম হ’ল৷ কাজেই এই সংকৰ জাতে নেমু খেতিত যোগাত্মক প্রভাৱ পেলাব৷ নক’লেও হয় যে চাইট্রাছ প্রজাতিবোৰৰ মাজত জিনীয় সাদৃশ্য থকাৰ বাবেহে এনেধৰণৰ সংকৰণ Hybridization) সম্ভৱ৷ সেয়ে বাছ–বিচাৰ নকৰাকৈ চাইট্রাছ উদ্ভিদবোৰ কাটি পেলোৱাতকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিলেহে উদ্ভিদজাত সম্পদৰ সুব্যৱহাৰৰ সুবিধা থাকে৷ চৰকাৰৰ উদ্যোগত উদ্ভিদ উদ্যান গঢ়ি তুলি চাইট্রাছ প্রজাতিবোৰো সংৰক্ষণ কৰিবলৈ দিহা কৰিব লাগিছিল যদিও সেয়া আজিকোপতি হৈ উঠা দেখা নাই আনহাতে চৰকাৰৰ মুখলৈ চাই থাকিলে ‘ধান পকে মানে টুনীৰ মৰণ’ হোৱাৰ দৰে এনেহেন আপুৰুগীয়া উদ্ভিদবোৰ মৰি–হজি নাইকিয়া হ’ব৷ সেই কথা উপলব্ধি কৰি সুবিধা থকাসকলে ঘৰৰ বাৰীখনতে সাধ্যানুসাৰে চাইট্রাছ ৰুব লাগে৷ তাৰ উপৰি বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ চৌহদত নেমু–জৰা–সুমথিৰাৰ গছ পৰিকল্পিতভাৱে লগালে কেইবছৰমানৰ পিছত ফল লাগিব আৰু উদ্ভিদ প্রজাতিবোৰ সুৰক্ষিত হৈ থাকিব৷
উদ্ভিদ সংৰক্ষণৰ নিচিনা মহৎ কাম এটাত হাত দিয়াৰ আগতে স্বঃস্থানিক In-situ) আৰু বহিঃস্থানিক Ex-situ) প্রক্রিয়া দুটাৰ বিষয়ে বুজি ল’ব লগা হয়৷ উল্লেখ্য যে থলুৱাভাৱে হোৱা উদ্ভিদবোৰে সেই স্থানৰ জলবায়ু আপোন কৰি লয়, যাৰ ফলত স্থায়ী পৰিৱেশতন্ত্রটোৰ Ecosystem) এক অভিন্ন সদস্য হৈ পৰে৷ কিবা কাৰণবশতঃ এবিধ উদ্ভিদৰ অপমৃত্যু হ’লে পৰিৱেশতন্দ্রটোত তাৰ বিৰূপ প্রভাৱ পৰে৷ সেয়ে মূল্যৱান গছ–লতিকাৰে পৰিৱেষ্টিত হৈ থকা স্থানত পৰিলক্ষিত হোৱা অমংগলীয়া কাৰকবোৰ চিনাক্ত কৰি উপযুক্ত ব্যৱস্থা গ্রহণ কৰিব লাগে৷ সেয়া লাগিলে এখন সংৰক্ষিত বনাঞ্চলেই হওক অথবা চাৰি ঢ়াপৰ মাজত থকা মানুহৰ ঘৰৰ বাৰীখন৷ কিন্তু কেতিয়াবা এনে পৰিস্থিতি হয় যে বিভিন্ন জাতৰ মূল্যৱান উদ্ভিদেৰে ভৰি থকা ঠাই এডোখৰতে ঘৰ সাজিবলৈ বা আন অনুষ্ঠান পাতিবলৈ নির্বাচিত কৰিবলগীয়া হয়৷ তেনেকুৱা এৰাব নোৱাৰা সমস্যাত পৰিলে আগতীয়াকৈ সিদ্ধান্ত লৈ তাত থকা উদ্ভিদ প্রজাতিবোৰ সুৰক্ষিত ঠাইলৈ স্থানান্তৰিত কৰিব লাগে৷ এই প্রক্রিয়াত বহিঃস্থানিক সূত্র মানি চলিবলগীয়া হোৱাৰ বাবে বাছনি কৰা স্থানৰ জলবায়ু অধ্যয়ন কৰাটো প্রাথমিক কামৰ ভিতৰত পৰে৷ ঠিক সেই একেদৰে নতুনকৈ ৰোৱা গছপুলিবোৰ ডাঙৰ নোহোৱা পর্যন্ত পৰিচর্যা নকৰিলে পুলিৰ মৃত্যুৰ হাৰ বেছি হয়৷
অসমৰ জলবায়ু সাপেক্ষে নেমু খেতিৰ সম্ভাৱনাৰ বিষয়ে পূর্বৰ লেখাত বিস্তৃতভাৱে লিখিছিলোঁ৷ পুনৰ সেই একেবোৰ কথাকৈ কৈ লেখাৰ কলেৱৰ দীঘলীয়া নকৰি আচল কথাটো কওঁ– চ’তৰ শেষৰফালে নেমু ফুলে৷ সেয়ে তাৰ আগতেই নিশকটীয়া ডালবোৰ কাটি–বাছি, গছৰ তলখন চিকুণাই গা–গছত বৰড’পেষ্ট Bordo mixture) বা চূণ সানিব লাগে৷ তাৰপিছত পচন সাৰৰ লগত নাইট্রজেন (২) ঃ চফেট (১) ঃ পটাছ (১) অনুপাতত মিলাই, গছৰ গুৰিত ছটিয়াই কোৰ মাৰি দিব লাগে৷ তেতিয়া নেমু গছজোপা সবল হয় আৰু ফলিয়াই বেছি৷ আনহাতে ফুল ফুলাৰ পৰা ফলিয়াবলৈ লোৱাৰ সময়খিনিত কীট–পতংগৰ উপদ্রৱ বেছি হয়৷ তেতিয়া এসপ্তাহ–দহ দিনৰ মূৰে মূৰে দৰব ছটিয়াই থাকিব লাগে৷ ঢ়ৌতে খৰ মাৰি হ’লেও এই কামখিনি সময়ত কৰিব পাৰিলে নেমুজোপাই খেতিয়কক অর্থনৈতিক সকাহ দিয়াত সহায় কৰিব বুলি আশা কৰিব পাৰি৷
ফোন: ৯৩৬৫৪–৮২৬৩০