ক’ৰোনা, ‘কা’ , কংগ্রেছঃ ড০ হিমন্ত বিশ্ব শর্মাৰ সন্মুখত নতুন প্রত্যাহ্বান
- ড০ সুশান্ত কুমাৰ কাশ্যপ
এটাৰ পিছত এটা বিপদে যেন লগা নেৰা হৈছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল চৰকাৰক ৷ শেহতীয়াকৈ ক’ৰোনাৰ ৰূপত এক নতুন বিপদে ভাৰাক্রান্ত কৰি তুলিছে চৰকাৰখনক৷ ‘কেব’ আন্দোলনৰ পিছত বর্তমান বিশ্বব্যাপী দেখা দিয়া ক’ৰোনা মহামাৰীয়ে যেন চৰকাৰখনৰ ওপৰত উপর্যুপৰি আক্রমণ অব্যাহত ৰাখিছে৷ প্রণিধানযোগ্য যে ‘কেব’ আৰু ‘কা’বিৰোধী আন্দোলনৰ সময়ত অসমত যি পৰিস্থিতিৰ উদ্ভৱ হৈছিল, সেয়া বর্তমান হোৱা ‘লকডাউন’তকৈ অলপো কম নাছিল৷ এক ভয়াৱহ বিভীষিকাময় পৰিস্থিতিৰ সন্মুখীন হৈছিল অসম৷ ক্ষতিগ্রস্ত হৈছিল ৰাজ্যৰ শিক্ষা, সংস্কৃতি আৰু অর্থ ব্যৱস্থা৷ অৱশ্যে সেয়া বৰ বেছি দিনলৈ অব্যাহত নাথাকিল৷ ৰাজ্যৰ পৰিস্থিতিও লাহে লাহে স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিছিল৷ এনেকুৱা এক সময়তেই বিশ্বব্যাপী বিয়পি পৰা মহামাৰী ‘ক’ভিড–১৯’ যেন ভূতৰ ওপৰত দানহ পৰা দি ধ্বংস কৰিবলৈ আহিছে ৰাজ্যৰ শিক্ষা, সংস্কৃতি আৰু অর্থ ব্যৱস্থা৷ ইতিমধ্যে লকডাউনৰ প্রায় দুমাহ উকলি গৈছে, আৰু কিমান দিন লকডাউনত থাকিব লগা হ’ব, সেয়াও সন্দেহৰ আৱর্তত৷ কেতিয়া লকডাউন সম্পূর্ণ শিথিল কৰিব পাৰিব তাৰ নিশ্চয়তা চৰকাৰৰ হাততো নাই৷ কাৰণ দৈনিক ভাৰতবর্ষত বৃদ্ধি পাই আহিছে ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা, লগতে মৃত্যুৰ সংখ্যাও৷ অসমতো ক্রমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা৷ অৱশ্যে আন ৰাজ্যৰ তুলনাত অসমত সম্প্রতি ক’ৰোনা নিয়ন্ত্রণাধীন বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷ ইফালে ক’ৰোনাৰ ‘ৰেড জ’ন’ হিচাপে চিহ্ণিত নলবাৰী আৰু গোলাঘাট জিলা ‘গ্রীন জ’ন’লৈ পর্যবসিত হোৱাৰ পিছত পৰিস্থিতি কিছু স্বাভাৱিক হ’ব বুলি আশা কৰা হৈছিল যদিও পৰৱর্তী পর্যায়ত বঙাইগাঁও আৰু নতুনকৈ গুৱাহাটী আৰু যোৰহাট জিলাত ক’ৰোনা আক্রান্ত ৰোগী চিনাক্ত হোৱাৰ পিছত পৰিস্থিতি যে জটিল হ’বলৈহে গৈ আছে তাৰেই উমান পোৱা গৈছে৷ স্বাস্থ্যমন্ত্রী ডাঙৰীয়াই এতিয়াৰ পৰাহে ক’ৰোনাৰ বিৰুদ্ধে আচল যুদ্ধ আৰম্ভ হ’ব বুলি ঘোষণা কৰাৰ লগতে এতিয়াও অসমত সামাজিক সংক্রমণ হোৱা নাই বুলি সংবাদ মেলযোগে অৱগত কৰিছে৷ সামাজিক সংক্রমণ নোহোৱাটো বর্তমান ভাল খবৰ বুলিয়েই ক’ব পৰা যায়৷ অৱশ্যে শেহতীয়াভাৱে কোনো ‘ড্রেভেল হিষ্ট্রী’ নথকা বা আন কোনো ক’ৰোনা আক্রান্ত ৰোগীৰ প্রত্যক্ষ সংস্পর্শলৈ নহাসকল কেনেকৈ আক্রান্ত হ’ল, সেইসকলৰ উৎস ক’ত, তাক নির্ণয় কৰাটো বর্তমান সময়ত স্বাস্থ্য বিভাগৰ বাবে অতি গুৰুত্বপূর্ণ আৰু জৰুৰী বিষয় হিচাপে চিহ্ণিত হৈছে৷ বিশেষকৈ মৃত্যু হোৱা কিশোৰীগৰাকীৰ দেহত মৰণোত্তৰভাৱে ‘ক’ৰোনা’ ধৰা পৰাটো উদ্বেগৰ বিষয়৷ আকৌ দুজন চিকিৎসকৰ দেহত ক’ৰোনাৰ উপস্থিতি ধৰা পৰাৰ পিছত আৰু গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ তিনিশতকৈ অধিক স্বাস্থ্যকর্মী একেলগে কোৱাৰেণ্টাইনত যাব লগা হোৱা অৱস্থাৰ পৰিপ্রেক্ষিতত আগত দিনবোৰত পৰিস্থিতি যে অধিক ভয়াৱহ হ’ব পাৰে, পৰোক্ষভাৱে তাৰেই যেন আভাস পোৱা গৈছে ৷
ইতিমধ্যে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্য বিভাগৰ লগত জডিত কর্মীসকলে দিন–ৰাতিক একাকাৰ কৰি ৰাইজৰ সেৱাত ব্রতী হৈ আছে৷ আৰু কিমান দিনলৈ এনেদৰে কষ্ট কৰিব পাৰিব, সেয়াও এটি লাখটকীয়া প্রশ্ন ৷ স্বাস্থ্যমন্ত্রী তথা স্বাস্থ্য বিভাগৰ লগত জডিত লোকসকলৰ বাবে আগত দিনবোৰ যে প্রত্যাহ্বানৰ দিন হ’ব, সেয়া নিশ্চিত৷ কিন্তু বর্তমান এটা কথা উল্লেখ কৰিব লাগিব যে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই বিৰতিহীনভাৱে যি তৎপৰতাৰে ইখনৰ পিছত সিখন হাস্পতাল, ইটোৰ পিছত সিটো ‘কোৱাৰেণ্টাইন চেণ্টাৰ’ তথা ‘কণ্টেইনমেণ্ট জ’ন’ ভ্রমণ কৰি আছে, ইয়ে স্বাস্থ্যকর্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে কর্ম প্রেৰণা বৃদ্ধিত অৰিহণা যোগাইছে৷ তদুপৰি ৰোগীসকলকো সাহস দিছে ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ক্ষেত্রত৷ হয়তো স্বাস্থ্যমন্ত্রীয়ে নিজৰ বিভাগীয় কার্যালয়ৰ পৰা নীতি–নির্দেশনা দি গোটেই ব্যৱস্থা তদাৰক কৰিব পাৰিলেহেঁতেন, কিন্তু সেয়া নকৰি যে নিজেই সতীর্থ মন্ত্রী পীয়ূষ হাজৰিকাক লগত লৈ ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছে, সিয়ে অসমৰ সাধাৰণ জনতাক আশ্বস্ত কৰাৰ লগতে নিৰাপদো অনুভৱ কৰাইছে৷ আকৌ বহিঃৰাজ্যত ক’ৰোনাত আক্রান্ত হোৱা অসমীয়া ৰোগীসকলৰ ভাইৰেল হোৱা ভিডিঅ’ কিছুমানে সেই ৰাজ্যবোৰৰ স্বাস্থ্যখণ্ডৰ ভয়াৱহ চিত্র একোখন প্রতিফলিত কৰিছে৷ সেইসকল ৰোগী তথা পৰিয়ালৰ লোকে অসম চৰকাৰক অসমলৈ লৈ আহি চিকিৎসা কৰাবলৈ অনুৰোধ জনাইছে৷ এয়া নিশ্চয় অসমৰ স্বাস্থ্যখণ্ডৰ প্রতি সাধাৰণ মানুহৰ আস্থা আৰু বিশ্বাস, আৰু এই আস্থা আৰু বিশ্বাস বর্তাই ৰখাটো সাম্প্রতিক সময়ত স্বাস্থ্য বিভাগৰ সন্মুখত এটা গধুৰ দায়িত্ব হ’ব৷ ইতিমধ্যে মুম্বাইৰ হিন্দুজা হাস্পতালত কর্মৰত ক’ৰোনা আক্রান্ত অসমীয়া নার্ছগৰাকীৰ ভিডি’ ভাইৰেল হোৱাৰ পিছত স্বাস্থ্যমন্ত্রীয়ে উপযুক্ত চিকিৎসাৰ ক্ষেত্রত তৎপৰ হোৱা বুলি জানিব পৰা গৈছে৷ স্বাস্থ্যমন্ত্রীজনৰ এই তৎপৰতা শলাগিবলগীয়া৷
কিন্তু লকডাউনৰ ফলত ৰাজভঁৰাল প্রায় উদং হোৱাৰ পথত৷ যোৱা দুমাহত চৰকাৰৰ আয় প্রায় নোহোৱাৰ দৰেই হৈছে, একপ্রকাৰ শূন্য বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব৷ যি সময়ত চৰকাৰী কর্মচাৰীৰ দৰমহা, পেঞ্চন আদিৰ নামতে মাহিলি প্রায় চাৰে তিনি হাজাৰ কোটি টকাৰ প্রয়োজন হয়, তেনে অৱস্থাত এশ কোটি টকাও আয় কৰিব নোৱাৰা চৰকাৰখন কেনেকুৱা অৱস্থাত পৰিব পাৰে, সেয়া সহজেই অনুমেয়৷ ইতিমধ্যে ৰাজ্য চৰকাৰে ব্যয় সংকোচন নীতি গ্রহণ কৰিছে৷ চৰকাৰী কর্মচাৰী বা বিষয়াৰ বাদে ৰাজনৈতিকভাৱে পদবী লাভ কৰা নিগম–নিকায়ৰ অধ্যক্ষ, মন্ত্রী, বিধায়ক আনকি ৰাজ্যপালৰো দৰমহা কর্তন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ যোৱা দুটা মাহত ক্রমবর্ধমান হাৰত চৰকাৰৰ ব্যয় বৃদ্ধি হৈ আছে, কিন্তু দ্রুত হাৰত হ্রাস পাইছে ৰাজহ সংগ্রহ৷ গতিকে বৰ ভয়াৱহ আর্থিক সংকটৰ দিশে গতি কৰিছে ৰাজ্যখন৷ পৰিস্থিতি স্বাভাৱিক হ’বলৈ কিমান সময় লাগিব, সেয়া কোৱা টান৷ ভাৰত চৰকাৰেও কিমান আর্থিক সকাহ দিব পাৰিব, সেয়াও সাম্প্রতিক সময়ত অতি গুৰুত্বপূর্ণ প্রশ্ণ৷ কাৰণ লকডাউনৰ ফলত দ্রুতহাৰত হ্রাস হৈছে কেন্দ্রীয় চৰকাৰৰ ৰাজহ সংগ্রহ৷ গতিকে এই অৱস্থাত যে নিজৰ জুই নিজেই নুমাব লাগিব, সেয়া নিশ্চিত৷ প্রশ্ণ উদয় হৈছে– এই অৱস্থা অব্যাহত থাকিলে উন্নয়নমূলক কাম–কাজ দূৰৰে কথা, আগত মাহবোৰত চৰকাৰখনে কর্মচাৰীক দৰমহা দিবলৈ সামর্থ্য হ’বনে৷ পূর্বৰ অগপ চৰকাৰৰ দিনৰ দৰে দৰমহা নেপোৱা দিনবোৰ আকৌ ঘূৰি আহিব নেকি, এনে শংকাও নোহোৱা নহয়৷ গতিকে আগত দিনবোৰত বিত্ত বিভাগ যে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’ব সেয়া খাটাং৷
ইফালে ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহো বন্ধ হৈ আছে৷ কেতিয়ালৈ খুলি দিব পৰা যাব, সেয়া এতিয়াই থিৰাং কৰিব নোৱাৰি৷ যদি ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ গৈ থাকে, তেনেহ’লে পুনৰ দুই–তিনি মাহলৈ যে শিক্ষানুষ্ঠানবোৰ খোলা দিব পৰা নাযাব, সেয়া স্পষ্ট৷ গতিকে ছাত্র–ছাত্রীসকলে এই দুর্যোগপূর্ণ মুহূর্তত এটা বর্ষ হয়তো হেৰুৱাব লগা হ’ব পাৰে৷ আকৌ যদি বর্ষ হেৰুওৱাৰ আংশকাত জধে–মধে শিক্ষানুষ্ঠানবোৰ খুলি দিয়া হয়, তেনেহ’লে পৰিস্থিতি বিষম হ’বলৈও যে বেছি সময় নালাগিব, সেয়া নিশ্চিত৷ গতিকে শিক্ষাখণ্ডটোও যে প্রত্যাহ্বানৰ সন্মুখীন হ’ব, সেয়া সহজেই অনুমেয়৷
আকৌ কংগ্রেছ দলে বিভিন্ন ধৰণে সমালোচনা কৰিছে চৰকাৰখনক৷ বিশেষকৈ সাহায্য প্রদান, ক’ৰোনাৰ চিকিৎসা সামগ্রী আদি ক্রয় বা আমদানি কৰাৰ ক্ষেত্রত দুর্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে৷ অৱশ্যে স্বাস্থ্যমন্ত্রীয়ে সংবাদ মেলত এই অভিযোগৰ বিনম্রতাৰে উত্তৰ দিছে৷ তদুপৰি কৃষিকে ধৰি আন কিছুমান বিভাগত দুর্নীতি হোৱা বুলিও অভিযোগ উত্থাপন কৰিছে৷ ভৱিষ্যতে আকৌ যে সমালোচনাৰ সন্মুখীন হ’ব লাগিব, সেয়া ধুৰুপ৷ কাৰণ এনেকুৱা পৰিস্থিতিত চাৰে তিনি কোটি মানুহৰ প্রত্যেককে সন্তুষ্ট কৰা সহজ নহয়৷
আগত বর্ষৰ আৰম্ভণিতে ৰাজ্যত নির্বাচন অনুষ্ঠিত হ’ব৷ যি সময়ত চৰকাৰখনে উন্নয়নমূলক কাম–কাজেৰে ৰাইজক সন্তুষ্ট কৰিব লাগিছিল, সেই সময়ত ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিওঁতেই সময় অতিবাহিত কৰিব লগা হৈছে৷ আশা কৰা হৈছিল কিছুসংখ্যক নিবনুৱা যুৱক–যুৱতীয়ে টেট বা আন পৰীক্ষাৰ জৰিয়তে চাকৰি পাবলৈ সক্ষম হ’ব, সেয়াও বর্তমান অনিশ্চয়তাত৷ অৱশ্যে মাজতে ড০ হিমন্ত বিশ্ব শর্মাই প্রায় পঞ্চাশ হাজাৰ চাকৰিপ্রত্যাশী প্রার্থীক নিয়োগ কৰিব পৰা যাব বুলিও সংবাদ মেলযোগে ঘোষণা কৰিছে৷ নিৰাশাৰ মাজতো এই ঘোষণাই নিবনুৱা যুৱক–যুৱতীসকলৰ্ মাজত আশাৰ সঞ্চাৰ কৰিছে৷ তদুপৰি স্বাস্থ্য বিভাগতো কিছু নিয়োগ সৃষ্টি কৰিব পৰা যাব বুলি স্বাস্থ্যমন্ত্রীয়ে ঘোষণা কৰিছে৷ আহি থকা দিনবোৰত এইবোৰ মোকাবিলা কৰাৰ ক্ষেত্রত কি ভূমিকা লয়, সেয়া গুৰুত্বপূর্ণ হ’ব৷
বর্তমান সময়ত যিকেইটা বিষয় আটাইতকৈ গুৰুত্বপূর্ণ বিত্ত, স্বাস্থ্য আৰু শিক্ষা, সেই আটাইকেইটা বিভাগৰে গুৰুদায়িত্ব বহন কৰি আছে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ যোৱা দুমাহ ধৰি অসমৰ ৰাইজে বিভিন্ন সংবাদ আৰু সামাজিক মাধ্যমৰ যোগেদি প্রত্যক্ষ কৰি আছে ড০ হিমন্ত বিশ্ব শর্মাক৷ ৰাইজে তেখেতক মুকলিকৈ প্রশংসা কৰাও দেখা গৈছে৷ লকডাউন শেষ হোৱাৰ পিছত এই গুৰুত্বপূর্ণ বিভাগবোৰৰ মন্ত্রী হিচাপে প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব হিমন্ত বিশ্ব শর্মা৷ কাৰণ পৰিস্থিতি স্বাভাৱিক পর্যায় হোৱাৰ প্রায় পিছতে সন্মুখীন হ’ব লাগিব জনতাৰ নির্বাচনৰ মাধ্যমেৰে৷ গতিকে নির্বাচনৰ সময়ত ৰাজনৈতিক নেতা হিচাপে কংগ্রেছৰ বিৰুদ্ধে আৰু শিক্ষামন্ত্রী হৈ ছাত্র সন্থাৰ লগত ‘কেব’ বা ‘কা’ আন্দোলনৰ বিৰুদ্ধে আকৌ যে যুদ্ধ দিব লাগিব, সেয়া খাটাং৷ তদুপৰি স্বাস্থ্যমন্ত্রীৰ দায়িত্বত থকা বাবে ক’ৰোনাৰ সফলতা–বিফলতাৰ হিচাপো যে ড০ হিমন্ত বিশ্ব শর্মাই দিব লাগিব, সেয়াও নিশ্চিত৷ এই তিনি ‘ক’ অর্থাৎ কংগ্রেছ, ‘ক’ আৰু ক’ৰোনাৰ প্রত্যাহ্বান বিশ বছৰৰ অভিজ্ঞতাপুষ্ট মন্ত্রী হিচাপে ড০ হিমন্ত বিশ্ব শর্মাই কেনেদৰে গ্রহণ কৰিব পাৰিব, সেয়া লক্ষণীয় হ’ব আগত দিনবোৰত ৷
লেখক নলবাৰীৰ কুমাৰ ভাস্কৰ বর্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রক
ফোনঃ ৯৮৫৯৯–৭৮৯১১