অলিম্পিক আৰু অসমত এটা ক্রীড়া বিপ্লৱ
নীৰজ চোপ্রাই এইবাৰৰ টকিঅ’ অলিম্পিকত স্বর্ণ পদক লাভ কৰাৰ লগে লগে সমগ্র দেশতে আনন্দৰ লহৰ বৈছে৷ দেশবাসীৰ বহুদিনৰ পুৰণি এক সপোন সার্থক হৈছে৷ প্রথমবাৰৰ বাবে অলিম্পিকৰ এথলেটিকছ প্রতিযোগিতাত এজন ভাৰতীয়ই পদক পালে তাকো সোণৰ পদক৷ ১৯০০ চনৰ প্রথমটো অলিম্পিকত ভাৰতৰ হৈ প্রতিনিধিত্ব কৰা ব্রিটিছ ইণ্ডিয়ান নর্মান প্রিচার্ডে এথলেটিকছত দুটাকৈ ৰূপৰ পদক পাইছিল৷ তাৰ পিছত এই ১২১ বছৰৰ ব্যর্থতাৰ এক ইতিহাস৷ ১৯৬০ চনৰ ৰোম অলিম্পিকত ফ্লাইং শিখ মিলখা সিং ০.১ ছেকেণ্ডৰ বাবে ৪০০ মিটাৰ দৌৰত পদক পোৱাৰ পৰা বঞ্চিত হ’ল৷ পায়লী এক্সপ্রেছ পি টি ঊষাই ১৯৮৪ চনৰ লছ এঞ্জেলেছ অলিম্পিকত /১০০ ছেকেণ্ডৰ বাবে ৪০০ মিটাৰ হার্ডলছত পদকৰ পৰা বঞ্চিত হ’ল৷ মুঠতে এক নিৰাশজনক ইতিহাস৷
সেই প্রেক্ষাপটত নীৰজ চোপ্রাৰ সোণৰ পদক ভাৰতৰ ক্রীডা ইতিহাসৰ এক যুগান্তকাৰী ঘটনা৷ ২৩ বছৰীয়া পানিপট হাৰিয়ানাৰ নীৰজ চোপ্রাই জেভলিন থ্র’ত স্বর্ণ পদকেৰে নতুন ইতিহাস ৰচিলে৷ নীৰজে সমগ্র দেশৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল পোলেণ্ডত অনুষ্ঠিত ২০১৬ চনৰ ২০ বছৰৰ অনূর্ধ্বৰ বিশ্ব চেম্পিয়নশ্বিপত বিজয়ী হৈ৷ তাৰ পাছত তেওঁ ২০১৮ চনৰ এছিয়ান গেমছ আৰু কমনৱেল্থ গেমছ বা অসমত হোৱা ছাফ গেমছতো স্বর্ণপদক পাবলৈ সক্ষম হয়৷ সেই সময়তে বিখ্যাত সাংবাদিক শেখৰ গুপ্তাই লিখিছিল যে ভাৰতত এজনেই বিশ্বমানৰ এথলীট আছে আৰু তেওঁ হৈছে নীৰজ চোপ্রা৷ এই প্রতিভাৰ বলত, প্রচণ্ড অধ্যাৱসায়, চেষ্টা আৰু জেভিলিন থ্র’ত বিশ্ব ৰেকর্ড হোল্ডাৰ জার্মানীৰ অৱে হনক প্রশিক্ষক হিচাপে লৈ নীৰজে বিশ্ব জয় কৰিবলৈ সক্ষম হ’ল৷ ২০১৬ চনত নীৰজ সেনাত অন্তর্ভুক্ত হয় আৰু সেনাৰ মিছন অলিম্পিকৰ অংশীদাৰ হয়৷ ইতিমধ্যে দুটাকৈ ৰূপৰ পদক সেনাৰ এই মিছন অলিম্পিকৰ পৰা আহিছে আৰু নীৰজৰ এই কৃতিত্বত সেনাৰ এই মিছনৰ বৃহৎ ভূমিকা আছে৷ সৰুতে মাখন খাই ভালপোৱা নীৰজ খুব মেদবহুল, শকত আছিল৷ তেৰ বছৰ বয়সতে প্রায় ৮০ কিঃগ্রাঃ ওজনৰ বাবে তেওঁ সমনীয়াৰ উপলুঙাৰ পাত্র হ’বলগীয়া হৈছিল৷ খুৰাক ভীম চোপ্রাই পানিপটৰ জিমনাষ্টিক ষ্টেডিয়ামত ২০১১ চনত নীৰজক নাম লগাই দিয়ে আৰু হাৰিয়ানৰ অলিম্পিক খেলাসমূহৰ বাবে থকা সুন্দৰ পৰিৱেশত নীৰজ দোপতদোপে আগুৱাই যায়৷ এইবাৰ অলিম্পিকতো নীৰজৰ লগতে বিজয় ডাহিয়া, বজৰং পুনীয়াকে ধৰি হাৰিয়ানাৰ তিনিগৰাকীয়ে মেডেল লাভ কৰিছে৷
এইবাৰ অলিম্পিকত ভাৰতে সর্বাধিক ৭টা মেডেল পাইছে, ইয়াৰ আগতে ২০১২ চনত লণ্ডন অলিম্পিকত ৬টা মেডেল পাইছিল৷ প্রায় ৪১ বছৰৰ মূৰত ভাৰতৰ পুৰুষ হকী দলে এটা মেডেল পাইছে৷ ঠিক সেইদৰে মহিলা হকী দলেও তীব্র প্রতিদ্বন্দ্বিতা আগবঢ়াই অলপৰ বাবেহে ব্রঞ্জৰ পদকৰ পৰা বঞ্চিত হয়৷ অদিতি অশোকে ঠিক সেইদৰে মহিলাৰ গল্ফত সুন্দৰ প্রদর্শনেৰে চতুর্থ স্থান লাভ কৰে৷ ভাৰোত্তোলনত মীৰা বাঈ চানুৱে প্রথমদিনা পোৱা ৰূপৰ পদকে সমগ্র দেশকে উদ্বুুদ্ধ কৰিছিল৷ এইবাৰ অলিম্পিকত ভাৰতৰ ৮জন বক্সাৰৰ পৰা মেডেল আশা আছিল যদিও শেষত লাভলীনাইহে দেশৰ মান ৰাখিলে৷ গোলাঘাটৰ ভিতৰৰ গাঁৱৰ পৰা, আর্থিক অনাটন নেওচি প্রচুৰ মনোবল আৰু চেষ্টাৰে লাভলীনাই সুন্দৰ প্রদর্শনেৰে সমগ্র দেশ আৰু বিশ্ব ক্রীডা জগতৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতৰ ১৩০ কোটি জনতাৰ মাজত কেৱল ৭টা মেডেল পোৱাটো অতি দুখলগা যদিও অনাগত দিনত ভাৰতৰ প্রদর্শন আৰু বহু ভাল হ’ব বুলি আশা কৰিব পাৰি৷ আগতকৈ চৰকাৰৰ ফালৰ পৰা ক্রীডা ক্ষেত্রত গুৰুত্ব বহু বেছি দিয়া দেখা গৈছে৷ এইবাৰৰ অলিম্পিকৰ সফলতাৰ পাছত অকল ক্রিকেটত বিনিয়োগ কৰা দেশৰ কর্প’ৰেট খণ্ডয়ো অলিম্পিকৰ খেলা–ধূলাক বহু বেছি গুৰুত্ব দিব বুলি আশা কৰা হৈছে৷ এইবাৰ অলিম্পিকত ওড়িশাৰ মুখ্যমন্ত্রী প্রাক্তন হকী গ’লকীপাৰ নবীন পাটনায়কে ভাৰতৰ পুৰুষ আৰু মহিলা দলটো স্প’নছৰ কৰাৰ বাবে চৌদিশে প্রশংসিত হৈছে৷ অনাগত দিনত বাকী ৰাজ্য চৰকাৰসমূহেও অলিম্পিকত দেশৰ হৈ খেলা বাকী দলসমূহ স্প’নছৰ কৰাৰ সম্ভাৱনা আছে৷ ক্রিকেটবলিয়া ৰাইজৰ মাজত অলিম্পিক তথা খেলা–ধূলাই গুৰুত্ব পোৱা দেখি ভাল লাগিছে৷ যোৱা কেইদিন সমগ্র দেশৰ চকু কেৱল অলিম্পিকত আছিল৷ এইকেইদিন ইংলেণ্ড ভাৰতৰ মাজত টেণ্টব্রীজত হৈ থকা ক্রিকেট টেষ্ট মেট্চতকৈ প্রচাৰ মাধ্যমতো অলিম্পিকে বহু বেছি গুৰুত্ব পাইছে৷ আমি সৰুতে শিৱসাগৰৰ কোঁৱৰপুৰৰ গাঁৱৰ ফিল্ডবোৰত টেঙাবল খেলিছিলো৷ ফুটবল এটা যোগাৰ কৰা অসুবিধা আছিল৷ পিছলৈ বৰষুণ, তীব্র ৰ’দ সকলো পাহৰি আবেলি ফুটবল খেলি দিখৌ নৈত জাঁপ মৰা স্মৃতিয়ে এতিয়াও পুলকিত কৰে৷ সৰুতে বাঁহৰ মূৰাৰে বল বনাই ক্রিকেট খেলিছিলো৷ পাছলৈ ভালদৰে ক্রিকেট খেলিবলৈ ল’লোঁ, শিৱসাগৰ যোৰহাটৰ বহু ঠাইলৈ প্রতিযোগিতাত খেলিবলৈ পাইছিলো, নিমন্ত্রিত খেলুৱৈ হিচাপে৷ সৰুৰে পৰাই বিভিন্ন খেলা খেলি আৰু চাই ভাল পাইছিলো৷ কিন্তু পঢ়াশুনাত ঠিকেই আছিলো বাবে ঘৰত খেলা–ধূলা বেছিকৈ কৰিবলৈ নিদিলে৷
অলিম্পিকক লৈ সমগ্র দেশৰ লগতে আমাৰ ৰাজ্যখনত ব্যাপক উৎসাহ দেখা পাইছেছা৷ কিন্তু এই উৎসাহ কেৱল পদক লাভ কৰিলেহে দেখা যায়৷ অলিম্পিকত পদক লাভ কৰা অতিশয় কঠিন৷ তাৰ কাৰণে ব্যাপক প্রস্তুতিৰ প্রয়োজন৷ বিশ্বমানৰ আন্তঃগাঁথনি অবিহনে আন্তঃৰাষ্ট্রীয় মানৰ খেলুৱৈ সৃষ্টি কৰা সম্ভৱ নহয়৷ নিয়মিতভাৱে আন্তঃৰাষ্ট্রীয় মানৰ প্রতিযোগিতাৰো অনুষ্ঠিত কৰাটোও প্রয়োজন৷ আটাইতকৈ প্রয়োজনীয় খেলুৱৈসকলক উৎসাহ প্রদান কৰাটো৷ এটা কথা সকলোৱে বুজা উচিত যে ভাল খেলুৱৈ হ’লে, প্রতিযোগিতা জিকিলে তেওঁলোকে স্প’নছৰশ্বিপ লাভ কৰিব৷ লাভলীনাইও অনাগত সময়ত যথেষ্ট পৰিমাণে স্প’নছৰশ্বিপ লাভ কৰিব৷ খেলুৱৈসকলেও স্প’নছৰশ্বিপ এই বাবেই লয় যাতে জীৱনটো তেওঁলোকে সুৰক্ষিত কৰি ৰাখিব পাৰে৷ খেলুৱৈ জীৱনটো সীমিত, খেলাৰ সময়ত, দেশ বা ৰাজ্যক প্রতিনিধিত্ব কৰাৰ সময়ত তেওঁলোকে পঢ়াশুনা ভালদৰে কৰিব নোৱাৰে৷ তেওঁলোকে ভৱিষ্যৎ সুৰক্ষাৰ বাবে অর্থ উপার্জন কৰাটো অতি দৰকাৰ৷ বিজ্ঞাপনত অংশগ্রহণ কৰিও এজন খেলুৱৈয়ে উচ্চমানৰ প্রদর্শন অব্যাহত ৰাখিব পাৰে৷ পি ভি সিন্ধু, মেৰীকম, বিৰাট কোহলী ইত্যাদিয়ে বহু বিজ্ঞাপনত অংশগ্রহণ কৰাৰ পাছতো নিজৰ খেলৰ পাৰদর্শিতা কোনোগুণে কম হ’বলৈ দিয়া নাই৷ হিমা দাসক পুলিচৰ চাকৰিটো চোৰ ডকাইত ধৰাৰ বাবে দিয়া হোৱা নাছিল৷ বিভিন্ন আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত পদক লাভ কৰি ৰাজ্যখনৰ বাবে সুনাম অনাৰ বাবে তেওঁক এটা সন্মান হিচাপে প্রদান কৰা হৈছিল৷ সেই বিষয়টোক লৈ সামাজিক মাধ্যমত বহু ট্ৰল কৰা হৈছে, সমালোচনা হৈছে৷ এনেধৰণৰ কথাবোৰে খেলুৱৈৰ মন ভাঙি দিব পাৰে৷ এনে ঋণাত্মক চিন্তাধাৰা সামূহিকভাৱে আমাৰ মনৰ পৰা আঁতৰাব লাগিব৷
সমালোচনা কৰাৰ মানসিকতাৰ বাবে আমাৰ বহু প্রতিভা বিকাশ হ’বলৈ সুযোগ নাপায়৷ মানুহবোৰক উৎসাহ যোগাবলৈ এটা অনুপ্রেৰণাৰ সংস্কৃতি গঢ়ি তুলিব লাগিব৷ কেৱল পদক পালেহে সফল হোৱা নুবুজায়৷ পদক অর্জন কৰালৈকে বিভিন্ন পর্যায়ত সহযোগ কৰিব লাগিব৷ হিমা দাসৰ পৰা আৰু বহু আশা কৰিব পাৰোঁ৷ এইক্ষেত্রত চৰকাৰৰ ক্রীডা বিভাগৰ বৃহৎ ভূমিকা আছে৷ ইতিমধ্যে অসমত বক্সিং, শ্বুটিং ইত্যাদিৰ ভাল আন্তঃগাঁথনি হৈছে৷ ড্রেক এণ্ড ফিল্ড, হকী ইত্যাদিৰ ভাল আন্তঃগাঁথনি নাই৷ তৰুণ গগৈৰ মুখ্যমন্ত্রী থাকোঁতে ২০০৭ চনত হোৱা ৰাষ্ট্রীয় ক্রীডা আয়োজন কৰোঁতেই সৰুসজাই ষ্টেডিয়ামখন ভালদৰে কৰা হৈছিল৷ হকী, আর্চাৰী ইত্যাদিৰ বহু খেলাৰ সুবিধা তেতিয়াই কৰা হৈছিল৷ তাৰ পাছত ৰাজ্যখনত পর্যাপ্ত পৰিমাণে উচ্চমানৰ আন্তঃগাঁথনি নির্মাণ হোৱা নাই৷ প্রত্যেক জিলা–মহকুমাই ষ্টেডিয়াম নির্মাণ কৰাৰ চৰকাৰৰ সিদ্ধান্তটো প্রশংসনীয় আৰু এইটোৱে এটা ক্রীডাৰ পৰিৱেশৰ সৃষ্টি কৰিব৷
অলিম্পিক মানৰ খেলুৱৈ সৃষ্টিৰ বাবে আমি সুনির্দিষ্ট পৰিকল্পনাৰে আগবাঢ়িব লাগিব৷ আমি কোন খেলত গুৰুত্ব দিম, মোৰ দৃষ্টিত অলিম্পিকত হোৱা খেলসমূহক অধিক গুৰুত্ব দিব লাগে৷ বক্সিং, আর্চাৰী, শ্বুটিং , বেডমিণ্টন, টেবল টেনিছ ইত্যাদিত অসমৰ খেলুৱৈয়ে ভৱিষ্যতে ভাল কৰাৰ যথেষ্ট সম্ভাৱনা আছে৷ এতিয়াৰ পৰা প্রস্তুতি চলালেহে চাৰি বছৰৰ পাছত ভাল ফল আশা কৰিব পাৰি৷ আচল প্রতিভাৰ সন্ধান কৰাটো অতি দৰকাৰ৷ জিলা বা স্থানীয় ক্রীডা সন্থাবোৰৰ এইক্ষেত্রত মূল ভূমিকা ল’ব লাগিব৷ কিন্তু আমাৰ ক্রীডা সন্থাবোৰৰ আর্থিক অৱস্থা অতি শোচনীয়৷ চৰকাৰে এইক্ষেত্রত সহায় কৰাটো দৰকাৰ৷ লগতে চৰকাৰে অ’এনজিচি, অইল, এন আৰ এল ইত্যাদিক ক্রীডা সন্থাবোৰক সহায় কৰিবলৈ আৰু বিশেষকৈ প্রতিভাৱান খেলুৱৈক নিজৰ লগত লৈ তেওঁলোকৰ প্রশিক্ষণ নাইবা খেলাৰ বাবে বাকী অহা–যোৱাৰ খৰচ ইত্যাদি বহন কৰিবলৈ অনুৰোধ কৰিব লাগে৷ ইয়াৰ লগতে ক্রীডা সন্থাসমূহ যোগ্য ব্যক্তিক নেতৃত্ব দিবলৈ দিব লাগে৷ খেলাত ৰুচি থকা তথা কাম কৰিবলৈ ক্ষমতা থকা ৰাজনীতিকে নেতৃত্ব ল’ব পাৰে, কিন্তু বহু অযোগ্য ৰাজনৈতিক ব্যক্তিয়ে ক্রীডা সন্থাসমূহৰ পদ লৈ থকাটো বন্ধ হ’ব লাগে৷ খেলাৰ পৰিৱেশ, প্রতিভা সন্ধান ইত্যাদি সকলো ক্ষেত্রত পেছাদাৰিত্বৰ মনোভাব আহিলেহে সফলতা আহিব৷ অলিম্পিক পর্যায়ত সফলতা ফিটিঙত নহ’ব৷
আমাৰ চৰকাৰৰ ফালৰ পৰা খেলুৱৈসকলক ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় খেলত যোগদান কৰিবলৈ যাৱতীয় সহায় কৰিব লাগে৷ সর্বানন্দ সোণোৱাল ক্রীডামন্ত্রী থাকোঁতে হোৱা ছাফ গেমছ, ২০২০ চনৰ গুৱাহাটীত হোৱা খেলো ইণ্ডিয়া গেমছ ইত্যাদিয়ে ৰাজ্যখনৰ ক্রীডাৰ পৰিৱেশ ভাল কৰিছে৷ ভাৰতীয় বক্সিং সন্থাৰ দ্বাৰা গুৱাহাটীত আয়োজিত কেইবাখনো আন্তর্জাতিক মানৰ প্রতিযোগিতাই লাভলীনাৰ দৰে খেলুৱৈক সহায় কৰিছে৷
অনাগত দিনত অসমত সঘনাই প্রতিযোগিতা হৈ থকাটো দৰকাৰী৷ সৰুতে গ্রাম্য ক্রীডাৰ খুব জনপ্রিয়তা দেখিছিলো, গাঁৱতে আমাৰ লাভলীনা, হিমা, যমুনা বডোৰ দৰে প্রতিভাখিনি আছে, সুবিধা দি বিচাৰি অনাৰ দায়িত্ব চৰকাৰৰ, সমাজৰ৷ প্রত্যেক স্কুলত, প্রত্যেকজন শিক্ষার্থীক একোটা খেলা শিকাবই লাগিব৷ অকল চেম্পিয়ন হ’বলৈ নহয়, মানসিক আৰু শক্তিশালীভাৱে সবল এটা জাতি গঠনৰ বাবে৷ তাৰ বাবে চৰকাৰে প্রশিক্ষক নিযুক্তি দিব লাগে৷
ৰাইজেও কথাবোৰ বুজিব লাগিব যে সন্তানে ভাল খেলিলে তেওঁক অনুপ্রেৰণা দিয়া উচিত৷ ভাল খেলে এটা সুন্দৰ কেৰিয়াৰ গঢ়ি তুলিব পাৰে৷ এজন বিশ্বজয়ী বক্সাৰ, এজন শ্বুটাৰ, হকী, বেডমিণ্টন খেলুৱৈৰ সৃষ্টি হ’ব পাৰে৷ যিকোনো খেলতেই ভাল খেলিলে সুন্দৰ কেৰিয়াৰ হ’ব পাৰে৷ সন্তানক এইক্ষেত্রত উদগনি দিয়ক, এজন ভাল খেলুৱৈয়ে এজন এভাৰেজ ডাক্তৰ ইঞ্জিনীয়াৰতকৈ ভাল উপার্জন কৰিব পাৰে৷ বর্তমান দিনৰ দিনটো ফেচবুক ইন্ষ্টাগ্রামত ব্যস্ত হৈ ল’ৰা–ছোৱালীয়ে সোণালী শৈশৱ বহুগুণে নষ্ট কৰা দেখা যায়৷ খেলাত আগ্রহ হ’লে চাৰিত্রিক দিশো উন্নত হয়৷
নীৰজ চোপ্রাৰ সোণৰ পদক আৰু এইবাৰৰ অলিম্পিকত দেশে কৰা প্রদর্শনে দেশখনত এটা ব্যাপক জনজাগৰণৰ সৃষ্টি কৰিছে, ক্রিকেটৰ বাদেও বাকী খেলৰ গুৰুত্ব বাঢ়িব৷ অসমতো এটা ক্রীডা বিপ্লৱৰ দৰকাৰ৷ অসমত এজন কর্মদক্ষ, খেলা ভাল পোৱা মুখ্যমন্ত্রী আছে৷ তেখেত দেশৰ বেডমিণ্টন সন্থাৰো সভাপতি আৰু দেশখনৰ বেডমিণ্টনৰ উত্থানত তেখেতৰ ভাল ভূমিকা আছে৷ আশাকৰোঁ অনাগত দিনত চৰকাৰ আৰু ৰাইজৰ সহযোগত অসমত এটা ব্যাপক খেলাৰ জাগৰণ হ’ব, বহু লাভলীনা, হিমাৰ দৰে খেলুৱৈৰ সৃষ্টি হ’ব৷