দ্বিতীয় মহাসমৰৰ আৰম্ভণিৰে পৰা জার্মানীৰ নাজী বাহিনীৰ অত্যাচাৰত, জার্মানীকে ধৰি ইউৰোপৰ বিভিন্ন দেশৰ পৰা বিজ্ঞানীসকলৰ বাবে, এমেৰিকা এক নিৰাপদ আশ্রয়স্থল হিচাপে জনপ্রিয় হোৱাৰ পিছত বিজ্ঞানীসকলে তালৈ প্রব্রজন কৰে৷ এনৰিকো ফার্মি আৰু এলবার্ট আইনষ্টাইনক ৰাষ্ট্রপতি ৰুজভেল্টৰ নির্দেশত আণৱিক বিভংগন আৰু শৃংখল বিক্রিয়াৰ ওপৰত গৱেষণা কৰ্বিৰ বাবে উদগনি জনোৱা হয়৷ ইয়াৰে পৰিণতি বিখ্যাত মানহাট্টান প্রকল্প৷ সেই সময়ত গ্রেট ব্রিটেইন আৰু কানাডাত একে বিষয়তে গৱেষণা কৰি থকা বিজ্ঞানীসকলকো মানহাট্টান প্রকল্পলৈ অনা হয়৷ গৱেষণাৰ অন্তত ১৯৪৫ চনৰ ১৬ জুলাইত মেক্সিকোৰ দক্ষিণৰ এলামগর্ডো নামৰ মৰুভূমিৰ মাজত প্রথম আণৱিক বোমাৰ কৃতকার্যতাৰে বিস্ফোৰণ ঘটোৱা হয়৷ ইয়াকে মানহাট্টান প্রকল্পৰ ড্রিনিটী টেষ্ট বুলি জনা যায়৷
প্রশান্ত মহাসাগৰত থকা এমেৰিকান পোতাশ্রয় পার্ল হাৰবাৰৰ ওপৰত হোৱা জাপানৰ আক্রমণৰ প্রতিশোধ ল’বলৈ এমেৰিকাই মুঠ তিনি ছৰ আঠ মাহ অপেক্ষা কৰিবলগীয়া হ’ল৷ ৰাষ্ট্রপতি ড্রুমেনে মানহাট্টান প্রকল্পৰ বিজ্ঞানীসকলৰ লগত আলোচনা কৰি দ্বিতীয় মহাসমৰৰ খৰতকীয়া পৰিসমাপ্তি ঘটাবৰ াবে, আণৱিক বোমাই উপযুক্ত হ’ব বুলি বিবেচনা কৰিলে৷
সেইমতেই ১৯৪৫ চনৰ ৬ আগষ্টত জাপানৰ হিৰোশ্বিমা নামৰ উদ্যোগনগৰীত বোমাবর্ষণ কৰি ১,২৯,০০০জন লোকৰ প্রাণ কাঢ়ি লয়৷ তাৰ ঠিক তিনি দিনৰ পিছতেই ৯ আগষ্টত আন এখন উদ্যোগনগৰী নাগাছাকিৰ ওপৰত বোমাবর্ষণ কৰি ২,১৬,০০০জন লোকৰ মৃত্যু ঘটায়৷ জাপানৰ ওপৰত এমেৰিকাই বর্ষণ কৰা এই আণৱিক বোমাৰ ভয়াৱহতাই গোটেই বিশ্বকে কঁপাই তুলিলে৷ এই বোমাৰ কুফল জাপান্বাসীয়ে আজিও ভুগি আছে৷ এই সময়ৰ পৰাই বিশ্বত আণৱিক বা পাৰমাণৱিক যুগৰ সূচনা হয়৷
১৯৪৫ চনত পাৰমাণৱিক যুগ আৰম্ভ হোৱাৰ পিছত এমেৰিকা যুক্তৰাষ্ট্রই পাৰমাণৱিক বোমাৰ গোপনীয়তা ৰক্ষা কৰিব নোৱাৰিলে আৰু জাপানৰ বিস্ফোৰণৰ মাত্র ৪ বছৰৰ পিছতেই ছোভিয়েট ৰাছিয়া, ১৯৫২ চনত যুক্তৰাষ্ট্র (গ্রেট ব্রিটেইন), ১৯৬০ চনত ফ্রান্স আৰু ১৯৬৪ চনত চীন দেশেও এই বোমাৰ সফল বিস্ফোৰণ ঘটায়৷ বিভিন্ন উপায় অৱলম্বন কৰি, ইখন দেশৰ পিছত সিখন দেশে তথ্য আৰু প্রযুক্তি এমেৰিকা যুক্তৰাষ্ট্রৰ পৰা চুৰি কৰি, পাৰমাণৱিক শক্তিসম্পন্ন দেশলৈ নিজকে ৰূপান্তৰ কৰিলে৷ এইক্ষেত্রত ভাৰত, পাকিস্তান, ইজৰাইল আৰু উত্তৰ কোৰিয়াও পিছ পৰি নাথাকিল৷
এই পর্যন্ত গোটেই পৃথিৱীতে দুহাজাৰতকৈও অধিক পৰীক্ষামূলক পাৰমাণৱিক বিস্ফোৰণ ঘটোৱা হৈছে৷ আৰু ইয়াৰ াবে ইতিহাসত আমেৰিকা যুক্তৰাষ্ট্রই এককভাৱে দায়ী বুলি প্রতিপন্ন হৈছে৷ এতিয়ালৈকে যি সমূহ দেশ পাৰমাণৱিক শক্তিসম্পন্ন লি জনা যায়, সেই দেশসমূহ হ’ল– এমেৰিকা, যুক্তৰাষ্ট্র া গ্রেট ব্রিটেইন, ৰাছিয়া, ফ্রান্স, চীন, ভাৰত, পাকিস্তান, উত্তৰ কোৰিয়া আৰু ইজৰাইল৷ ২০১৯ চনৰ জানুৱাৰীত ছুইডেনৰ ষ্টকহোমত অনুষ্ঠিত হোৱা আন্তর্জাতিক শান্তি গৱেষণা সংস্থাৰ তথ্য মতে, এই পর্যন্ত পৃথিৱীত ওপৰত উল্লেখ কৰা দেশসমূহৰ মাজত মুঠ ১৩,৮৬৫টা পাৰমাণৱিক অস্ত্র আছে আৰু ইয়াৰে ৯০ শতাংশ এমেৰিকা যুক্তৰাষ্ট্র আৰু ৰাছিয়াৰ দখলত আছে৷ এমেৰিকা যুক্তৰাষ্ট্রৰ াহিৰে এতিয়ালৈকে কোনো দেশেই, আন এখন দেশৰ ওপৰত এই বোমাৰ প্রয়োগ কৰা নাই৷
পাৰমাণৱিক বোমাৰ পৰীক্ষাসমূহ সাধাৰণতে ভূমিৰ ওপৰত, ভূমিৰ গভীৰতাত বা সমুদ্রগর্ভৰ তলত ঘটোৱা হয়৷ ভূমিৰ ওপৰত ঘটোৱা বিস্ফোৰণত সৃষ্টি হোৱা তেজস্ক্রিয়তাৰ বাবে মানুহৰ স্বাস্থ্যৰ ওপৰত এক বিৰূপ প্রভাৱ পেলায়৷ ভূমিৰ গভীৰতাতেই হওক বা সমুদ্রগর্ভৰ তলতেই হওক, এইবোৰ আমাৰ পৰিৱেশৰে অংশ৷ গতিকে, ইয়াৰ বিৰূপ প্রভাৱে গোটেই পৰিৱেশকেই সামৰি লোৱাটো স্বাভাৱিক৷
১৯৪৮ চনৰ পৰা ১৯৯৬ চন পর্যন্ত পাৰমাণৱিক বোমাৰ পৰীক্ষণৰ ওপৰত কোনো নিষেধাজ্ঞা নথকাৰ াবে এমেৰিকা যুক্তৰাষ্ট্র, ৰাছিয়া, ফ্রান্স আৰু চীন দেশৰ মাজত এক অঘোষিত স্নায়ুযুদ্ধ সদৃশ প্রতিযোগিতাৰ ফলত পৃথিৱী ধবংসৰ গৰাহত পৰাৰ পৰা কোনোমতেহে ৰক্ষা পৰিল৷ পাৰমাণৱিক বোমাৰ প্রসাৰ আৰু পৰীক্ষণ যাতে আৰু আন দেশলৈ াপ্ত হ’ব নোৱাৰে, তাৰ বাবে এমেৰিকা যুক্তৰাষ্ট্রৰ উদ্যোগত ১৯৬৮ চনত পৰমাণু প্রসাৰণ নিষিদ্ধ চুক্তি Nuclear Non Proliferation Treaty) সম্পাদিত হয়৷ ইয়াৰ পিছত ১৯৯৬ চনত এমেৰিকা যুক্তৰাষ্ট্রৰ উদ্যোগতে সম্পূর্ণ পৰমাণু পৰীক্ষণ নিষিদ্ধ চুক্তিও Comprehensive Nuclear Test Ban Treaty) সম্পাদিত হয়৷ কিন্তু ভাৰত, পাকিস্তান, ইজৰাইলে এতিয়াও এই চুক্তিত স্বাক্ষৰ কৰা নাই৷ ১৯৯১ চনৰ উপসাগৰীয় যুদ্ধৰ সময়ত (কুৱেইট, ইৰাক আৰু আমেৰিকা যুক্তৰাষ্ট্র) ইৰাকৰ ছাদ্দাম হুছেইনে গোপনে পাৰমাণৱিক বোমাৰ বিকাশ কৰিছিল৷ চুক্তিত স্বাক্ষৰকাৰী উত্তৰ কোৰিয়াই এই চুক্তি উলংঘন কৰি পাৰমাণৱিক বোমাৰ পৰীক্ষণ আৰম্ভ কৰি এই পৃথিৱীত বর্তমান সময়ত এক ত্রাসৰ কাৰণ হৈ পৰিছে৷ ইৰান আৰু লিবিয়ায়ো গোপনে পাৰমাণৱিক বোমাৰ গৱেষণা চলাইছিল৷ এমেৰিকা যুক্তৰাষ্ট্রই ইৰাক আৰু লিবিয়াৰ ওপৰত আক্রমণ কৰি, এই গৱেষণা কার্যৰ অন্ত পেলায়৷ ইৰানৰ ওপৰত অর্থনৈতিক অৱৰোধ আৰোপ কৰি, বোমাৰ পৰীক্ষণ কার্যৰ পৰা দেশখনক দূৰত ৰাখিছে৷ দক্ষিণ আফ্রিকাৰ ওচৰত ৬টা পাৰমাণৱিক অস্ত্র আছিল যদিও নব্বৈৰ দশকত তাক ধবংস কৰি পেলোৱা হয়৷ ১৯৯১ চনৰ ৰাছিয়াৰ বিভাজনৰ পিছত বেলাৰুছ, ইউক্রেইন আৰু কাজাখাস্তানে তেওঁলোকৰ অস্ত্রসমূহ ৰাছিয়াক সমর্পণ কৰে৷ কিন্তু বিশ্বৰ ৰাজনৈতিক নেতাসকলৰ মনত আন এটা আশংকাই জুমুৰি দি ধৰিছে৷ পাৰমাণৱিক বোমাৰ তথ্য আৰু প্রযুক্তি ইছলামিক সন্ত্রাসবাদীৰ হাতত পৰিলে, আতংকৰ এক নতুন অধ্যায় আৰম্ভ হ’ব৷
এতিয়া আমি পৃথিৱীৰ বিভিন্ন দেশত মজুত কৰি থোৱা সেই ১৩,৮৬৫টা পাৰমাণৱিক অস্ত্রৰ কথা আলোচনা কৰোঁ৷ অদূৰ ভৱিষ্যতে যদি তৃতীয় মহাসমৰৰ সূচনা হয়, তেনেহ’লে এই পাৰমাণৱিক বোমাসমূহ যদি পৃথিৱীতে এখন দেশে আনখন দেশৰ ওপৰত ষণ কৰি বিস্ফোৰণ ঘটায়, তাৰ পৰিণাম কি হ’?
এটা পাৰমাণৱিক বোমাৰ বিস্ফোৰণত তাৰ চাৰিওফালে ৫০ কিঃমিঃ এলেকাত এক হৎ অগ্ণিগোলকৰ সৃষ্টি হ’ব৷ ইয়াৰ ভিতৰৰ সকলো স্তু নিমিষতে বাস্পীভূত হৈ যাব আৰু ৩০০০ গ কিঃমিঃ অঞ্চলত কোনো জীৱ–জন্তু বাচি নাথাকিব৷ এই িবস্ফোৰণক কেন্দ্র কৰি ২৫০ কিঃমিঃ পর্যন্ত সকলো জ্বলি ছাৰখাৰ হ’ব৷ এই বিস্ফোৰণৰ শব্দ ইমানেই প্রচণ্ড প্রাবল্যৰ হ’ব যে এই শব্দ পৃথিৱীজুৰি শুনা যাব৷ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা মাশ্বৰূম ক্লাউড পৃথিৱীৰ পৰা ৫০ কিঃমিঃ পর্যন্ত উচ্চতাত প্রায় এসপ্তাহলৈকে থাক্বি আৰু ইয়াৰ তেজষ্ক্রিয়তাৰ প্রভাৱত পৃথিৱীত আৰম্ভ হ’ব এক শীতপ্রবাহ, যাৰ ফলত অধিকাংশ জীৱ–জন্তুৰে মৃত্যু ঘট্বি আৰু ৰফৰ তলত পোত যাব৷ ক্ষয়–ক্ষতিৰ পৰিমাণ প্রকৃতিয়ে পূৰণ কৰি আগৰ অৱস্থালৈ আনিবলৈ প্রায় ১০ লাখ ছৰৰ প্রয়োজন হ’ব৷
সমগ্র বিশ্বতে প্রায় ৪,০০০খন মাত্র ডাঙৰ চহৰ আছে (আমাৰ দিল্লী, মুম্বাইৰ দৰে)৷ প্রত্যেকখন চহৰত যদি ২–৩টাকৈ পাৰমাণৱিক বোমা ক্ষেপণাস্ত্রৰ দ্বাৰা নিক্ষেপ কৰি বিস্ফোৰণ ঘটোৱা হয়, তেনেহ’লে পৃথিৱীৰ তিনি চতুর্থাংশ লোক পৃথিৱীৰ পৰা নিশ্চিহ্ণ হৈ যাব৷ পাৰমাণৱিক বোমাৰ আতংক আৰু সংশয়ৰ মাজত আমাৰ ভৱিষ্যতবোৰ ওপৰত উল্লেখ কৰা নখন দেশৰ ৰাজনৈতিক নেতৃত্বৰ সিদ্ধান্তৰ ওপৰতে এক দোদুল্যমান দোলকৰ দৰে নির্ভৰশীল হৈ আছে৷
এতিয়া আমি চাওঁ, এই পৰমাণু বোমাসমূহ কাৰ ওচৰত কিমান আছে আৰু ক’ত ক’ত কেনেকৈ অস্ত্রসমূহ মজুত কৰি ৰখা আছে৷ ২০২০ চনৰ এক তথ্য অনুসৰি এমেৰিকা যুক্তৰাষ্ট্রৰ ৫,৮০০, ৰাছিয়াৰ ৬,৩৭৫, ফ্রান্সৰ ২০০, যুক্তৰাষ্ট্রৰ (গ্রেট ব্রিটেইন) ২১৫, চীন দেশৰ ৩২০, ভাৰতৰ ১৫০, পাকিস্তানৰ ১৬০, ইজৰাইলৰ ৯০ আৰু উত্তৰ কোৰিয়াৰ ওচৰত ৩০ৰ পৰা ৪০টামান পাৰমাণৱিক অস্ত্র আছে৷ এই বোমাসমূহ ক’ত নিক্ষেপ কৰিব তাকো পূর্বেই নির্ধাৰণ কৰি থোৱা আছে৷ এই বোমাসমূহ নিক্ষেপ কৰিবৰ বাবে ক্ষেপণাস্ত্রসমূহো সাজু কৰি থোৱা আছে৷ কিন্তু চীন দেশে আধুনিক ক্ষেপণাস্ত্র ব্যৱহাৰ কৰাৰ সম্ভাৱনা উপগ্রহৰ পৰা লোৱা আলোকচিত্রত পৰিস্ফুট হৈছে৷ চীন দেশে ইতিমধ্যে ১৯টা পৰমাণু অস্ত্র সংৰক্ষণ কৰাৰ বাবে ভূগর্ভস্থ পৰিকাঠামোৰ Underground Silo) নির্মাণ সম্পূর্ণ কৰিছে৷ ক্ষেপণাস্ত্রৰ লক্ষ্যস্থানৰ দূৰত্ব অনুসৰি, ক্ষেপণাস্ত্রসমূহো হ্রস্ব দূৰত্ব, মধ্যম দূৰত্ব বা দীর্ঘ দূৰত্বৰ মহাদেশভেদী ক্ষেপণাস্ত্র Intercontinental Ballistic Missile) হ’ব পাৰে৷
গতিকে ওপৰৰ আলোচনাৰ পৰা এইটো সুন্দৰকৈ জা গৈছে যে এতিয়া তৃতীয় মহাসমৰৰ সূচনা হ’লে, আগৰ দিনৰ দৰে সৈন্য–সামন্ত, টেংক বা বিমানেৰে এখন দেশৰ ওপৰত আক্রমণ কৰাৰ দিন উকলিল৷ মহাসমৰখন খুব বেছি এঘণ্টামানৰহে হ’ব আৰু কাৰ জয় হ’ল আৰু কাৰ পৰাজয় হ’ল তাক চাবলৈ কোনো বাচি নাথাক্বি৷ ইমানবোৰ নিৰাশাজনক কথাৰ অন্তত এটা আশাব্যঞ্জক খবৰ দি প্রবন্ধটো সামৰিব খুজিছোঁ৷
২০২১ চনৰ ২৩ জানুৱাৰীত পাৰমাণৱিক অস্ত্রৰ নিষিদ্ধকৰণ চুক্তিত স্বাক্ষৰ কৰা দেশসমূহৰ মাজত অস্ত্রৰ ৱহাৰ, বিকাশ, পৰীক্ষণ, উৎপাদন আৰু মজুতকৰণৰ কেন্দ্র স্থাপন আৰু স্থানান্তৰকৰণৰ উপৰি হুমকি বা ভাবুকি প্রদান নিষিদ্ধ কৰিবৰ াবে, এইবাৰেই প্রথম আন্তর্জাতিক সন্মিলনত প্রায় ৮৫খন দেশে চুক্তিত স্বাক্ষৰ কৰিছে আৰু ৫১খন দেশে এই প্রস্তাৱসমূহৰ প্রতি সমর্থন জনাইছে৷