এজোপা বিশেষ গছ, মাত্র চাৰিটা পাতবিশিষ্ট গছজোপাৰ দাম ৪ লাখ টকা!
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰ: ৪ লাখ টকা! এই অর্থৰ বিনিময়ত কিনিব পৰা যায় এখন বিলাসী গাড়ী। কিন্তু কেতিয়াবা ভাবিছেনে কেৱল এজোপা গছ কিনিবলৈ ইমান টকা খৰচ কৰিব? তাকো যিজোপা গছত আছে মাত্ৰ চাৰিটা পাত! শুনি আচৰিত লাগিলেও এই ঘটনা ঘটিছে নিউজিলেণ্ডত। অনলাইন নিলামত মাত্র চাৰিটা পাতবিশিষ্ট এই গছজোপা কিনা হৈছে ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৪ লক্ষ টকাত।
কিন্তু কি এনে বিশেষত্ব আছে গাছজোপাত? জনা গৈছে, গছজোপা হ’ল বিৰল প্রজাতিৰ ৰাফিডোফোৰা টেট্রাছপেৰমা (Rhaphidophora Tetrasperma)। যি ফিলোডেণ্ড্ৰন মিনিমা নামেও পৰিচিত।
স্থানীয় মুদ্রাত যাৰ দাম ৮,১৫০ নিউজিলেণ্ড ডলাৰ। বাস্তৱত এই গছজোপা ইমানেই সৰু যে ইয়াক ঘৰৰ ভিতৰতো ৰাখিব পাৰি। কিন্তু নিলাম হোৱা গছজোপাৰ বিশেষত্ব হ’ল, ইয়াৰ চাৰিওটা পাতৰ প্রত্যেকটিতে আছে দুটি পৃথক ৰং।
এই গছজোপাৰ প্রসংগত এগৰাকী পৰিবেশবিদে জনায়, এই ধৰণৰ গছৰ সেউজীয়া অংশৰে সালোকসংশ্লেষণ হয় আৰু হালধীয়া অংশত শর্কৰা তৈয়াৰ হয়।