ড০ প্রফুল্ল মহন্তক দেখিলে অথবা তেখেতৰ স’তে কথা পাতিলে ধৰিব নোৱাৰি যে এই ক্ষীণকায় আৰু মৃদুভাষী বিদ্বানৰ এক আপোচহীন বিদ্রোহী সমাজ–ইতিহাস চেতনা আৰু প্রজ্ঞা আছে৷ ইতিহাস অনুসন্ধানৰ এক তীক্ষ্ণ দৃষ্টিভংগী তেখেতৰ প্রতিটো লেখাতে বিদ্যমান৷ ড০ মহন্তৰ প্রধান কৃতিত্ব অসমৰ মধ্যশ্রেণীৰ ইতিহাস প্রণয়ন৷ অসমৰ সমাজ, সংস্কৃতি আৰু তাৰ দীঘলীয়া ইতিহাস তন্ন তন্নকৈ বিচাৰ কৰি ড০ মহন্তই অসমৰ সমাজ জীৱনৰ বহুবোৰ বদ্ধমূল ধাৰণা নস্যাৎ কৰিছে৷ ড০ মহন্তই অসমৰ সমাজ ব্যৱস্থাত বর্ণবাদৰ আধিপত্যৰ কথাটো ইমান তীক্ষ্ণ দৃষ্টি আৰু গভীৰতাৰে বিচাৰ কৰিছে যে সেই কাম অসমৰ অন্য কোনো ইতিহাসবিদে ইমান একাণপতীয়াকৈ কৰিছে বুলি মোৰ মনে নধৰে৷ তাৰ জৰিয়তে তেখেতে অসমৰ ক্ষেত্রত উপেক্ষিত হৈ ৰোৱা শ্রেণী আৰু বর্ণৰ সংযোগৰ কথাটো, অর্থাৎ বর্ণব্যৱস্থাটো যে শ্রেণী ব্যৱস্থাৰ স’তে যুক্ত হৈ আছে সেই কথা বিস্তাৰিতভাৱে সন্মুখলৈ লৈ আহিছে৷ ড০ ভূপেন হাজৰিকাৰ গীতত বর্ণবাদৰ বিৰুদ্ধে যি ৰণহুংকাৰ তাৰ এক বৌদ্ধিক প্রতিফলন আমি ড০ প্রফুল্ল মহন্তৰ চিন্তা আৰু কর্মত দেখা পাওঁ৷
ড০ মহন্তই তেখেতৰ বৌদ্ধিক চিন্তাৰ সমল হিচাপে যিবোৰ উৎস বাছি লৈছে সেইবোৰৰ ভিতৰত অন্যতম হ’ল আধুনিক অসমীয়া সাহিত্য৷ অসমীয়া ভাষা–সাহিত্যৰ সংগ্রাম আৰু যাত্রাৰ স’তে অসমীয়া জাতীয় চেতনাৰ উত্থান, পৰিবর্ধন আৰু দ্বন্দ্ব তথা তাৰ জাত্যভিমানী চৰিত্রৰো সম্পর্ক আছে৷ ড০ মহন্তই অতি তীক্ষ্ণ দৃষ্টি আৰু গভীৰ অনুসন্ধানেৰে আধুনিক অসমীয়া সাহিত্যৰ বিচাৰ কৰিছে৷ অসমীয়া মধ্যশ্রেণীৰ ইতিহাস নির্মাণতেই হওক অথবা অসমৰ বৌদ্ধিক মণ্ডলীৰ চিন্তা, অৱদান আৰু সীমাবদ্ধতাৰ বিচাৰ–বিশ্লেষণতেই হওক ড০ মহন্তই অসমীয়া সাহিত্যক বৌদ্ধিক–ঐতিহাসিক বিচাৰৰ এক গুৰুত্বপূর্ণ উৎস হিচাপে ব্যৱহাৰ আৰু প্রতিষ্ঠা কৰিছে৷ এই কাম যে কেৱল ড০ প্রফুল্ল মহন্তইহে কৰিছে এনে নহয়৷ ড০ হীৰেন গোহঁাইকে প্রমুখ্য কৰি আন বহু কেইগৰাকী বৌদ্ধিক অনুসন্ধানকাৰীৰ ৰচনাতো এই দিশটো বিদ্যমান৷ ড০ পৰমানন্দ মজুমদাৰে অসমীয়া সাহিত্যত বিপ্লৱৰ সূচনা কৰা কেইবাখনো আলোচনীৰ সংকলন প্রস্তুত কৰোঁতেও এই দিশবোৰ উত্থাপন কৰিছে৷ ড০ প্রফুল্ল মহন্তৰ কৃতিত্ব এয়ে যে তেখেতে এই ধাৰাটোক নিৰৱচ্ছিন্নভাৱে ধৰি ৰাখিছে৷ সমান্তৰালভাৱে তেখেতে প্রগতিশীল ঐতিহাসিক তত্ত্বক স্বকীয় সৃষ্টিশীলতাৰে প্রয়োগ কৰিছে৷
ড০ মহন্তৰ ইতিহাস প্রণয়নে এক দীর্ঘকাল সামৰি লৈছে৷ আধুনিক ইতিহাস নির্মাণৰ বাবে তেওঁ প্রাক আধুনিক কাল, বিশেষকৈ আহোমৰ ৰাজত্ব কাল আৰু শংকৰদেৱৰ সময় আৰু অৱদানৰ গভীৰ বিশ্লেষণ কৰিছে৷ ভিন্ন সীমাবদ্ধতাৰ পিছতো আহোম শাসনে কেনেকৈ এখন উদাৰ অসমীয়া সমাজ নির্মাণত অৰিহণা যোগাইছিল তাৰ বিশ্লেষণ গভীৰভাৱে কৰিছে৷ শংকৰদেৱ, জ্যোতিপ্রসাদ আৰু বিষ্ণু ৰাভা –এই তিনি মনীষীয়ে বৃহত্তৰ অসমীয়া সমাজ নির্মাণত যোগোৱা অৱদানৰ বিষয়ে ড০ মহন্তই বিস্তৰ আলোচনা আগবঢ়াইছে৷
অসমৰ সমাজ জীৱনৰ জনজাতীয় কাঠামটোহে যে অসমৰ সমাজখন সংহতিৰ মাজেৰে ধৰি ৰখাৰ প্রধান অৱলম্বন সেই কথা ড০ মহন্তই ঐতিহাসিক তথ্যৰ বস্তুনিষ্ঠ আলোচনাৰে প্রতিষ্ঠা কৰিছে৷ বডো নৱজাগৰণৰ পথিকৃৎ গুৰুদেৱ কালীচৰণ ব্রহ্মৰ ভূমিকাক তেখেতে বিস্তাৰিতভাৱে আলোচনা কৰিছে৷
ড০ মহন্ত যে এজন প্রখৰ চিন্তা পিপাসু বৌদ্ধিক পথিক সেই কথা তেখেতৰ প্রতিটো লেখাতে বিদ্যমান৷ বয়স আৰু স্বাস্থ্যৰ প্রত্যাহ্বানেও তেখেতক সেও মনাব পৰা নাই৷ তাৰ প্রমাণ তেখেতৰ ২০২০ চনৰ মার্চ মাহত প্রকাশিত গ্রন্থ ‘আধুনিক অসমীয়া সাহিত্য ঃ সামাজিক–বৌদ্ধিক পটভূমি আৰু অন্যান্য’৷ ২১৬ পৃষ্ঠাৰ এই গ্রন্থখনত মুঠ আঠটা প্রবন্ধ সন্নিবিষ্ট হৈছে৷ এই গ্রন্থখনে তেখেতৰ আজীৱন ইতিহাস সাধনাৰ পৰিপক্ব ৰূপটো তুলি ধৰিছে৷ ড০ মহন্তৰ ইতিহাস শৈলী সম্পর্কে উল্লেখ কৰা আটাইবোৰ দিশ এই গ্রন্থত প্রতিফলিত হৈছে৷ ৮৩ পৃষ্ঠাৰ দৈর্ঘৰ ‘আধুনিক অসমীয়া সাহিত্য ঃ সামাজিক–বৌদ্ধিক পটভূমি’ শীর্ষক প্রবন্ধটো পঢ়িলেই ড০ মহন্তৰ অসমীয়া সাহিত্যৰ ৰাজনৈতিক চৰিত্র বিচাৰৰ স্বকীয় দৃষ্টিভংগীৰ উমান পোৱা যায়৷ একেই কথা আনকেইটা প্রবন্ধৰ ক্ষেত্রতো প্রযোজ্য৷ মধ্যযুগৰ কুঁৱলি ফালি আধুনিক অসম নির্মাণ প্রক্রিয়াটোলৈ বাট কাটি দিয়া আহোম স্বর্গদেউসকল আৰু শংকৰদেৱৰ অৱদান আৰু আধুনিকতাক মানুহৰ সর্বাত্মক মুক্তিৰ আধাৰ কৰিবৰ বাবে জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্রসাদ ৰাভা আৰু কালিচৰণ ব্রহ্মই যোগোৱা অৱদানৰ আলোচনা কৰিছে৷ তাৰ অর্থ এইটো নহয় যে আধুনিক অসম তথা অসমীয়া ভাষা–সাহিত্যৰ অন্য কাণ্ডাৰীসকলক ড০ মহন্তই আওকাণ কৰিছে৷ তাৰ বিপৰীত কথাটোহে সত্য৷ তেখেতে অসমৰ ইতিহাস নির্মাণত জডিত অন্য মনীষীসকল– যজ্ঞৰাম ফুকন, হলিৰাম ফুকন, আনন্দৰাম ঢ়েকিয়াল ফুকনৰ পৰা আৰম্ভ কৰি লক্ষ্মীনাথ–হেমচন্দ্র্ বৰুৱাকে আদি কৰি প্রায়সকল অসম হিতৈষীৰ অৱদানৰ বিষয়ে বস্তুনিষ্ঠ আলোচনা আগবঢ়াইছে৷ কিন্তু তেখেতে এইসকল মনীষীক অন্ধভাৱে বন্দনা কৰা নাই৷ তাৰ বিপৰীতে তেওঁলোকৰ মতাদর্শগত স্থিতি আৰু শ্রেণী চৰিত্রৰো বিচাৰ কৰিছে৷ মূলসুঁতিৰ ইতিহাসবিদৰ বিচাৰত উচ্চাসন নাপালেও ড০ মহন্তৰ ঐতিহাসিক অনুসন্ধান আৰু বিচাৰ ভৱিষ্যৎ প্রজন্মৰ ইতিহাসবিদৰ বাবে গণ ইতিহাস প্রণয়নৰ আধাৰ হৈ উঠিব৷
কিছু ব্যক্তিগত
ড০ প্রফুল্ল মহন্তক কেতিয়া প্রথমবাৰৰ বাবে লগ পাইছিলো মোৰ সঠিকভাৱে মনত নাই৷ বোধহয় ১৯৯৫–৯৬ চনত প্রসিদ্ধ সাংবাদিক তিলক হাজৰিকাৰ শিলপুখুৰীৰ বাসগৃহৰ লগতে থকা অন্বেষাৰ কার্যালয়ত প্রথমবাৰ দেখা পাইছিলো৷ তেতিয়া তেখেত আনন্দৰাম বৰুৱা সাহিত্য–সংস্কৃতি প্রতিষ্ঠানৰ সঞ্চালক৷ তেখেতৰ স’তে কথা পতাৰ সুযোগ নহ’ল৷ তাৰ প্রায় ডেৰটা দশকৰো পাছতহে তেখেতৰ স’তে ব্যক্তিগত সান্নিধ্য গঢ়ি উঠিল৷ মই তেখেতৰ যিমান লেখা বা গ্রন্থ পঢ়িছেছা তাতকৈ বেছিকৈ তেখেতে মোৰ লেখা পঢ়িছে৷ কাকতত প্রকাশিত মোৰ প্রায়বোৰ লেখাই তেখেতৰ চকুৰ পৰা সাৰি যাব পৰা নাই৷ অথচ মই তেখেতৰ দৰে গৱেষণাধর্মী লেখা নিলিখো৷ কাকতত লেখা মোৰ প্রায়বোৰ লেখা সমসাময়িক ঘটনা প্রৱাহৰ ওপৰত৷ অথচ এই লেখাবোৰ পঢ়ি উঠি তেখেতে মোক প্রায়ে ফোন কৰে৷ মোৰ লেখাৰ গুৰুত্ব সম্পর্কে তেখেতে মোক সোঁৱৰাই থাকে৷ এয়া তেখেতৰ মোৰ প্রতি স্নেহাবৃত বদন্যতা আৰু আশীর্বাদ৷ প্রায়ে তেখেতে মোক প্রশংসাৰে উপচাই পেলায়৷ মোৰ লেখা পঢ়ি দেহ–মন সুস্থ হৈ উঠা বুলিও কয়৷ আন বহুতেও মোৰ লেখা পঢ়ি মোক ফোন কৰে৷ কিন্তু ইমান নিয়মীয়াকৈ আৰু নিষ্ঠাৰে অন্য কোনোবাই মোৰ লেখা পঢ়ি ফোন কৰাৰ নজিৰ নাই৷ পুত্রসম লেখকক তেখেতে সম–বন্ধুত্বৰ মর্যাদা দিয়া কথাটোৱেই প্রমাণ কৰে তেখেতৰ বৌদ্ধিক সততা আৰু সৰলতা৷ তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ৷