বর্তমান সময়ত ভাৰতবর্ষত জলসংকট কোনো নতুন সমস্যা নহয়৷ কাৰণ বিভিন্ন প্রান্তত ইতিমধ্যে জলসংকটে গুৰুতৰ ৰূপ ধাৰণ কৰি আহিছে৷ জলবায়ু পৰিৱর্তনৰ ফলত ইতিমধ্যে আমাৰ অসমতো খৰাং বতৰৰ ম্যাদ যথেষ্ট বৃদ্ধি পাইছে৷ সেয়েহে পৰম্পৰাগত পদ্ধতিৰে বৰষুণৰ পানী যিমান পাৰি সংৰক্ষণৰ ব্যৱস্থা কৰা অতি আৱশ্যক হৈ পৰিছে৷ এই ব্যৱস্থাৰ পৰা আমাৰ দুই প্রকাৰৰ লাভ হ’ব পাৰে, যেনে– অধিক পৰিমাণৰ পানী বৈ গৈ বানপানীৰ সৃষ্টি হোৱা ৰোধ কৰিব পাৰি আৰু আনহাতে আমাৰ ঘৰসমূহলৈ অতি কম আয়াসতে অতি চাফা আৰু পৰিষ্কাৰ পানীৰ ব্যৱস্থা কৰি ল’ব পাৰি৷
পৰম্পৰাগত পদ্ধতিৰে বিভিন্ন কামত ব্যৱহাৰ কৰিব পৰাকৈ বৰষুণৰ পানী সংৰক্ষণ কৰাকেই ‘ৰেইন ৱাটাৰ হার্ভেষ্টিং’ বুলি কোৱা হয়৷ বৰষুণ হোৱা সময়ত এটা সাধাৰণ গিলাচ আৰু এডাল স্কেলৰ সহায়ত আমি বৰষুণৰ পানীৰ মাত্রা জুখিব পাৰোঁ৷ দেখা যায় যে কম পৰিমাণৰ বৰষুণৰ ফলত গিলাচটোত ৫–১০ মিলিমিটাৰ পানী জমা হৈ যায়, মধ্যমীয়া বৰষুণত অতিকমেও ৩০ মিলিমিটাৰ পানী গিলাচটোত গোট খায় আৰু দপদপীয়া বৰষুণত ৬০ মিলিমিটাৰ বা অধিক পানী গিলাচটোত গোট খায়৷ অৱশ্যে কিমান পৰিমাণৰ পানী গোট খায়, সেইটো স্থানৰ ওপৰতহে নির্ভৰযোগ্য৷
ঘৰৰ মূধচত নাইবা বাগিচাত যিকোনো ঠাইতেই বৰষুণৰ পানী ধৰি ৰাখিব পৰা যায়৷ চিমেণ্ট নাইবা টাইলছৰ মূধচৰ পৰা যথেষ্ট পৰিমাণৰ পানী বৈ যোৱা দেখা যায়, যাক টেংকিত সংৰক্ষণ কৰি থ’ব পৰা যায়৷ এই পদ্ধতিক ‘ৰুফ টপ হার্ভেষ্টিং’ বুলি কোৱা হয়৷ সামান্য বৰষুণত ৩০–৪০ ফুট মূধচৰ পৰা ২২০০ লিটাৰ পানী ধৰি ৰাখিব পৰা যায়৷ যদি মূধচৰ আকৃতি ৬০–৪০ ফুট হয় বা ৮০–৫০ ফুট হ’লে ৪৪০০ আৰু ৭৪০০ লিটাৰ ক্রমে পানী ধৰি ৰখাৰ সুবিধা থাকে৷
‘ৰেইন ৱাটাৰ হার্ভেষ্টিং’ৰ বাবে হেলনীয়া নাইবা সমান মূধচৰ দুয়োটাই ডপযোগী৷ ইয়াৰ বাবে মূধচ ভালকৈ পৰিষ্কাৰ কৰি ল’ব লাগে৷ এই পৰিষ্কাৰ মূধচত পৰা পানী অতি চিকুণ আৰু বিশুদ্ধ হয় আৰু ইয়াক বিভিন্ন ঘৰুৱা কাম, যেনে– কাপোৰ ধোৱা, বাচন ধোৱা, গা ধোৱা বা গাডী ধোৱা আদি কামত ব্যৱহাৰ কৰিব পৰা যায়৷ ‘হার্ভেষ্ট’ কৰা এই পানী ঘৰৰ কাষত থকা সৰু বাগিচাতো ব্যৱহাৰ কৰিব পৰা যায়৷ এই পানী ভালকৈ চেকি লৈ ডতলালে খোৱা অথবা ৰন্ধা আদি কামতো ব্যৱহাৰ কৰিব পৰা যায়৷
বৰষুণৰ পৰা সংৰক্ষণ কৰা পানী চেকিবলৈ বালি অথবা এঙাৰ ব্যৱহাৰ কৰিব পাৰি৷ মনত ৰখা অতি প্রয়োজনীয় যে এই পানী ভালকৈ নেচেকাকৈ খাবলৈ ব্যৱহাৰ কৰা অনুচিত৷ প্রতিবাৰ বৰষুণতে ১–২ মিনিটৰ বাবে বৰষুণৰ পানী এৰি দিব লাগে, যিহেতু প্রথমে অহা টোপালত ধূলি নাইবা বীজাণু আদি থাকিব পাৰে৷ প্রথম ১–২ মিনিট পানী যাবলৈ দি মূধচখন পৰিষ্কাৰ কৰি ল’ব লাগে৷ প্রথম বৰষুণৰ পানী সুকীয়া কৰিবলৈ ‘ফর্াষ্ট ৰেইন ছেপাৰেটৰ’ৰ দৰে যন্ত্রও ব্যৱহাৰ কৰিব পাৰি৷
খোলাকৈ ৰখা পানীৰ কুঁৱাবোৰে মাটিৰ উপৰিভাগত থকা পানী আমাক যোগান ধৰে৷ কিন্তু ‘ব’ৰ ডৱেল’–এ মাটিৰ গভীৰ তললৈ গৈ অতি গভীৰৰ পৰা পানী যোগান ধৰে৷ কুঁৱা আৰু ‘ব’ৰ ডৱেল’ৰ পৰা নিৰন্তৰভাৱে পানী পাই থাকিবলৈ বৰষুণৰ পানী ‘ব’ৰ ডৱেল’ৰ দিশেও বৈ যাবলৈ দিব পাৰি৷ এই প্রক্রিয়াক ‘ৰিচার্জ’ বুলি কোৱা হয়৷
গুৱাহাটী মহানগৰীকে ধৰি বর্তমান অসমৰ বিভিন্ন স্থানত দেখা দিয়া পানীৰ নাটনিৰ সমস্যা এনে ধৰণৰ পানী সংৰক্ষণ পদ্ধতিৰ জৰিয়তে দূৰ হ’ব পাৰে বুলি ইতিমধ্যে বিভিন্ন গৱেষণাৰ পৰা প্রমাণ হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ইতিমধ্যে ‘মন কী বাত’ নামৰ অনুষ্ঠানত জলসংকটৰ কথা ডল্লেখ কৰি বৰষুণৰ পানী সংৰক্ষণৰ বাবে আহ্বান জনোৱাৰ ডপৰি পৰম্পৰাগত পদ্ধতিৰে পানী সংৰক্ষণৰ বাবে ৰাইজক অনুৰোধ জনাইছে৷
সমগ্র পৃথিৱীৰ লগতে ভাৰতৰো বহুকেইখন ৰাজ্যত যেনে– ছত্তিশগড, আহমেদাবাদ আদিতো ‘ৰেইন ৱাটাৰ হার্ভেষ্টিং’ৰ জৰিয়তে পৰম্পৰাগত পদ্ধতিৰে পানী সংৰক্ষণ কৰিবলৈ জনসাধাৰণে আৰম্ভ কৰিছে৷ চৰকাৰৰ ডপযুক্ত ব্যৱস্থাৰ সহায়ত ইতিমধ্যে ‘ৰেইন ৱাটাৰ হার্ভেষ্টিং’ অতি জনপ্রিয় হৈ পৰিছে৷ অসমতো প্রশাসনৰ পৰা সঠিক সহায় পালে এই পদ্ধতিৰ জৰিয়তে ৰাইজে খৰাং বতৰতো পর্যাপ্ত পৰিমাণৰ জল লাভ কৰিবলৈ সক্ষম হ’ব পাৰিব৷