ড০ হিমন্ত বিশ্ব শর্মাৰ উত্থান
বহু জল্পনা–কল্পনাৰ অন্তত ড০ হিমন্ত বিশ্ব শর্মা অসমৰ মুখ্যমন্ত্রী হ’ল৷ বিজেপিৰ সংসদীয় বোর্ডে বহু বিচাৰ–বিবেচনাৰ অন্তত তেওঁকেই বাছনি কৰিলে৷ মোৰ তাৎক্ষণিক প্রতিক্রিয়া আছিল, তেওঁক ন্যায় বিচাৰ দিয়া হ’ল৷ পূর্বৰ কংগ্রেছ আমোলৰ পৰা বিগত সোণোৱাল আমোললৈকে ড০ শর্মাই অতুলনীয় কর্মদক্ষতা আৰু অমানুষিক পৰিশ্রমেৰে নিজে নিজৰ ভাগ্য তিলতিলকৈ গঢ়ি আহিছিল৷ তেওঁৰ চকু আছিল মুখ্যমন্ত্রীৰ আসনখনত আৰু তাৰ পৰা তেওঁ এক মুহূর্তৰ বাবেও চকু আঁতৰাই অনা নাছিল৷ কংগ্রেছৰ আমোলত তেতিয়াৰ মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈয়ে ড০ শর্মাৰ বাট ভেটি থকাত তেওঁ কংগ্রেছ দলকেই ত্যাগ কৰিলে, কিন্তু আত্মসমর্পণ নকৰিলে৷ সেই সময়তো মই দৃঢ়তাৰে তেওঁৰ সপক্ষেই লিখি আছিলোঁ আৰু যুক্তি দর্শাইছিলোঁ যে,he is more sinned against than sinning. খ্রীষ্টান আখ্যান মতে স্বর্গাধিপতিGod-এ তেওঁৰ উত্তৰাধিকাৰী নির্বাচনত নিজৰ পুত্রৰ মোহত অন্যায়ৰ আশ্রয় লৈছিল আৰু দ্বিতীয় স্থানত থকা Second-in-command)Satan-ক ন্যায়প্রাপ্তিৰ পৰা বঞ্চিত কৰিছিল৷Satan-এ বিদ্রোহ কৰি স্বর্গৰ পৰা খেদা খাই নৰকত পতিত হ’বলগীয়া হ’ল, কিন্তু নৰকযন্ত্রণাই তেওঁৰ উদ্যম, অদমনীয় সাহস আৰু প্রতিশোধৰ বাসনাক নির্বাপিত কৰিব নোৱাৰিলে৷ তেওঁৰ বাবে এখন যুঁজত হাৰিলেও সকলো শেষ হৈ যোৱা নাছিল৷Satan কেতিয়াও দুর্বল হৈ পৰা নাছিল, কাৰণ তেওঁ জানিছিল আৰু কৈছিল‘to be weak is miserable’. মইSatan-ৰ দৰে ড০ শর্মাও ন্যায় বিচাৰৰ পৰা বঞ্চিত হোৱা বুলি বিশ্বাস কৰিছিলোঁ আৰু জনমানসত তেওঁৰ ভাবমূর্তিক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছিলোঁ৷ অৱশ্যেSatan-ৰ লগত ড০ শর্মাৰ এটা পার্থক্যও আছিল ঃSatan-ক স্বর্গৰ পৰা বলেৰে বাহিৰ কৰি দিয়া হৈছিল, কিন্তু ড০ শর্মাই স্ব–ইচ্ছাৰে কংগ্রেছৰ পৰা ওলাই আহিছিল৷ তদুপৰি কংগ্রেছ দলটোওheaven নাছিল আৰু বিজেপিও নাছিল নৰক৷Satan-এ কৈছিলBetter to reign in hell than serve in heaven. ড০ শর্মায়ো কংগ্রেছত গেবাৰি নাখাটি বিজেপিত শাসন চলাবলৈ গুচি আহিল৷
ড০ শর্মাই কংগ্রেছ এৰাৰ সময়ত বিজেপিত সর্বানন্দ সোণোৱালৰ আমোল চলি আছিল৷ কিন্তু সোণোৱাল কংগ্রেছৰ তৰুণ গগৈ নাছিল আৰু মোৰ বিশ্বাস, এই কথা ড০ শর্মাতকৈ আন কোনেও বেছি ভালকৈ বুজা নাছিল৷ সেয়ে ২০১৬ত সর্বানন্দ সোণোৱালকে মুখ্যমন্ত্রী কৰা হৈছিল যদিও ড০ শর্মাই মন্ত্রীসভা গঠনৰ দিনটোৰ পৰাই নিজৰ এটা পৃথক আৰু বেপৰোৱা অৱস্থান বাছি লৈছিল৷ মন্ত্রীসভাত তেওঁ দ্বিতীয় স্থানত থাকিও নিজৰ আচৰণ আৰু কাম–কাজত নিজকে সদায় এক নম্বৰ হিচাপেহে প্রক্ষেপ কৰিছিল৷ ঘটনাটো ৰাজ্যবাসীৰ চকুত ধৰা নপৰাকৈও থকা নাছিল৷ তাকে লৈ বিৰোধীয়ে ৰাজ্যত ‘মুখ্যমন্ত্রী দুজন’ বুলিও সততে শেল দলিয়াইছিল? বিৰোধীৰ সমালোচনাই ড০ শর্মাৰ আত্মবিশ্বাস আৰু সাহস স্বাভাৱিকতে বঢ়াইছিলহে আৰু তেওঁক নিজৰ লক্ষ্যৰ ফালে দুখোজ আগবঢ়ায়ো দিছিল৷ তেওঁৰ বিপৰীতে মুখ্যমন্ত্রী সোণোৱাল লোকচক্ষুত যেন ক্রমাৎ সন্ত্রষ্ট আৰু সংকুচিতহে হৈ পৰিছিল৷ মন্ত্রী পৰিষদ আৰু সদন উভয়তে ড০ শর্মাৰ আধিপত্যহে বাঢ়ি গৈছিল৷ তেওঁৰ গুণগ্রাহী আৰু সমর্থকৰ সংখ্যাও বাঢ়ি গৈছিল, বাঢ়িছিল মুখ্যমন্ত্রী সোণোৱালৰ শংকা আৰু মূৰ কামোৰণিও৷ ৰাজ্যখনৰ জনমানসত ভাবী মুখ্যমন্ত্রী হিচাপে ড০ শর্মাৰ ভাবমূর্তিহে অধিক উজ্জ্বল হৈ উঠিছিল৷
ড০ হিমন্ত বিশ্ব শর্মাৰ ভাবমূর্তিৰ এই ক্রমাগত উত্তৰণ তেওঁৰ কোনো ভাগ্যৰ ফেৰ নাছিল সি আছিল তেওঁৰ কর্মদক্ষতা, উদ্যম আৰু অমানুষিক পৰিশ্রমৰহে ফচল৷ সোণোৱালৰ কর্মদক্ষতা যে নাছিল তেনে নহয়, কিন্তু উদ্যম আৰু পৰিশ্রমৰ বিচাৰত তেওঁ আছিল ড০ শর্মাৰ বহু পাছত৷ আনকি তৰুণ গগৈৰ বেপৰোৱা আৰু সৰলভাষী স্বভাৱটোও তেওঁৰ নাছিল৷ সেয়ে ৰাজ্যখনৰ সর্বসাধাৰণ লোকসকলৰ আস্থাও তেওঁৰ পৰা ড০ শর্মাৰ ফালেহে বাগৰিবলৈ ধৰিছিল৷ দৰাচলতে নির্বাচনৰ বহু আগতেই মুখ্যমন্ত্রিত্বৰ যুঁজখনত সর্বানন্দ সোণোৱালৰ নৈতিক পৰাজয় ঘটি গৈছিল৷ মন্ত্রী–বিধায়কসকল্ মাজতো ড০ শর্মাৰ প্রতিহে ভয়–ভক্তি বেছি হৈছিল৷
কিন্তু সমস্যা আছিল আনুষ্ঠানিকতাত৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নৈতিক আৰু ব্যৱহাৰিক কর্তৃত্বৰ পৰা ড০ শর্মাই নিজকে মুক্ত কৰি স্বয়ম্ভু মুখ্যমন্ত্রী এজনৰ দৰে অবাধে কাম–কাজ চলাই থাকিলেও ৰাজ্যৰ সুশীল সমাজখনত সোণোৱালৰ ভাবমূর্তি আৰু জনপ্রিয়তা একেবাৰে শেষ হৈ যোৱা নাছিল৷ বৰাক–ব্রহ্মপুত্রৰ দুই উপত্যকা আৰু পাহাৰ–ভৈয়ামৰ অসংখ্য জনগোষ্ঠীত বিভক্ত হৈ থকা অসমবাসীৰ ঐক্য–সংহতিৰ প্রেক্ষাপটত সোণোৱালৰ গ্রহণযোগ্যতাহে আছিল অধিক৷ সেয়ে ভাবী মুখ্যমন্ত্রীজনৰ বাছনিৰ প্রশ্ণত দলৰ শীর্ষ নেতৃত্বও বোধহয় দ্বিধাগ্রস্ত হৈ পৰিছিল৷ সর্বানন্দ সোণোৱালৰ দাবী পোনছাটে নাকচ কৰাটো তেওঁলোকৰ বাবে সহজ নাছিল৷ স্বাভাৱিকতে মুখ্যমন্ত্রিত্বৰ যুঁজখনো জটিল হৈ পৰিছিল৷ নির্বাচনৰ আগত দলে মুখ্যমন্ত্রিত্বৰ প্রার্থী হিচাপে কোনো এজনকে প্রক্ষেপ নকৰাটো আৰু ফলাফল ঘোষণাৰ পিছতো কেইবাদিনলৈকে মুখ্যমন্ত্রী বাছনি কৰিব নোৱৰাটো আছিল সেই জটিলতাৰে পৰিণাম৷ মুখ্যমন্ত্রী বাছনিৰ অনিশ্চয়তা আৰু ৰাজ্যবাসীৰ উৎকণ্ঠা একেবাৰে শেষ মুহূর্তলৈকে চলি আছিল৷ অৱশেষত নিৰামিষ সাধুতাৰ বিপৰীতে আগ্রাসী দক্ষতাৰে জয় হ’ল৷ নির্বাচনৰ প্রার্থী নির্বাচন, প্রচাৰ কৌশল আৰু নির্বাচনী শ্লোগান (সভ্যতা–সংস্কৃতিৰ যুঁজ ইত্যাদি) উদ্ভাৱনৰ বিষয়ত ড০ শর্মাৰ অতি হিচাপী আৰু কৌশলী পদক্ষেপবোৰে অৱশেষত সুফল দিলে৷ সোণোৱালে অভঙৰ দৰে মুখ মেলি সমগ্র ঘটনা প্রবাহক কেৱল চাই থাকিল৷
সমগ্র দেশৰ লগতে অসমৰো ক’ৰোনা পৰিস্থিতি অতি জটিল৷ জটিল বা সংকটজনক পৰিস্থিতিত নেতৃত্বৰ দক্ষতা, সাহস আৰু আগ্রাসী সক্রিয়তাৰে প্রয়োজন হয়৷ ড০ শর্মাৰ গাত সেই গুণবোৰ পূৰামাত্রাই আছে৷ সেয়ে তেওঁ মুখ্যমন্ত্রী নির্বাচিত হোৱাত ৰাজ্যবাসী সাধাৰণভাৱে আশ্বস্ত আৰু উৎসাহিত হৈছে৷ জনসাধাৰণৰ সেই আস্থা আৰু উৎসাহৰ প্রতি যথাযোগ্য সন্মান প্রদর্শন কৰা আৰু তাক ভৱিষ্যতলৈও প্রবাহিত কৰি ৰখাৰ দায়িত্ব এতিয়া ড০ শর্মাৰ কান্ধত৷ মোৰ বিশ্বাস ড০ শর্মাই সেই প্রত্যাহ্বান দক্ষতা আৰু উদ্যমেৰে মোকাবিলা কৰিব৷ তেওঁ এজন অক্লান্ত আৰু দুর্দান্ত পর্বতাৰোহণকাৰী৷ তেওঁৰ দৃষ্টি হিমালয়ৰ শৈলশিখৰত৷ এভাৰেষ্ট জয়ৰ আকাংক্ষাই তেওঁৰ ক্লান্তি–ৱসাদ দূৰতে বিদূৰ কৰি থাকিব৷
স্বনামধন্য হোমেন বৰগোহাঞিদেৱৰ মৃত্যু ড০ হিমন্ত বিশ্ব শর্মাৰ বাবে এক অপূৰণীয় ব্যক্তিগত ক্ষতি যেন ধাৰণা হয়৷ শোকবার্তাত (সংবাদপত্রত পঢ়া মতে) ড০ শর্মাই কৈছিল যে, ‘তেওঁ যদি কেতিয়াবা কক্ষচ্যুত হৈছিল, বৰগোহাঞিদেৱে তেওঁক কক্ষলৈ ঘূৰাই আনিছিল৷ ড০ শর্মাৰ দৰে এজন কৰিৎকর্মা ৰাজনীতিকৰ বাবে তেনে এজন সাৱধানী অভিভাৱকৰ প্রয়াণ দস্তুৰমত গভীৰ বেদনাদায়ক আৰু চিন্তনীয় হ’ব পাৰে৷ ড০ শর্মাৰ ‘ৰিস্ক’ এতিয়া বাঢ়িছে৷ তেওঁ এতিয়াৰ পৰা নিজেই নিজক চম্ভালিব লাগিব৷ তেওঁ পৰামর্শ লোৱা বা ল’ব পৰা দ্বিতীয় এজন বিদ্বান অসমত আছে বুলি মোৰ ধাৰণা নহয়৷ কাৰণ, জ্ঞান–বুদ্ধিত ড০ শর্মাই তেওঁৰ আন কোনো সমকক্ষ আছে বুলি নাভাবে যেনেই লাগে৷ তেওঁৰ প্রচণ্ড আত্মবিশ্বাস আৰু গর্বৰ উৎসও সেইটোৱেই৷ উচিত–নুচিতৰ বিচাৰ ক্ষমতা তেওঁৰ আছে কিন্তু তাৰ লগতে তেওঁৰ আত্মাভিমানে লক্ষ্মণৰেখা অতিক্রম কৰাৰ দুর্ভাৱনাও আছে৷ ৰাজ্যবাসীক মংগলৰ খাতিৰতে তেওঁ নিজকে সেই দুর্ভাৱনাৰ পৰা বচাই ৰাখিব লাগিব৷ তেওঁক লৈ মোৰ প্রচণ্ড আশা আৰু আশংকা দুয়োটাই আছে৷ লিখি থাকোঁতে দীপালী বৰঠাকুৰৰ গীতৰ কলি এটা মনলৈ আহিছে ঃ ‘আয়ে ভাবিছে/ আমাৰ ধৰাখনি/ ওখোৰা–মোখোৰা বাট/ আৰু আয়ে ভাবিছে/ টাকুৰি ঘূৰাদি ঘূৰি/ পিছলি পৰিমগৈ তাত৷’
কেইবাজনো জ্যোতিষীয়ে নির্বাচনৰ আগত গণনা কৰি পাইছিল যে মে’ মাহত সর্বানন্দ সোণোৱালৰহে ৰাজযোগ আছিল আৰু ড০ শর্মাৰ গ্রহদশা নিম্নগামী হৈছিল৷ ড০ শর্মাৰ দুর্দম ৰাজযোগ অহা জুলাই মানৰ পৰাহে আৰম্ভ হোৱাৰ কথা আছিল৷ কিন্তু বাস্তৱত সকলো ওলট–পালট হৈ গ’ল৷ গ্রহৰ আশীর্বাদত নহয়, অগণন মানুহৰ আশীর্বাদ আৰু সমর্থনতহে ড০ শর্মা মুখ্যমন্ত্রী হ’ল৷ গণদেৱতাহে আচল, বাকীবোৰ ফাঁকিবাজ৷ কিন্তু ড০ শর্মা নিজে গ্রহপূজাত বৰ বিশ্বাসী৷ মোৰ বোধেৰে সেইটোৱেই তেওঁৰ চৰিত্রৰ আটাইতকৈ দুর্বল দিশ৷ অৱশ্যে তেওঁ সেই বাস্তৱতাক স্বীকাৰ কৰি ল’ব বুলি মই ভবা নাই৷ তেওঁ যদি ভাবি লৈছে যে মহাৰুদ্র যজ্ঞ বা মহামৃত্যুঞ্জয় পূজা আদিৰ পৰা লাভ কৰা পুণ্যইহে তেওঁৰ গ্রহদোষ খণ্ডন কৰিলে, ভগৱানে তেওঁক ৰক্ষা কৰক৷ তেনে অন্ধবিশ্বাসে মুখ্যমন্ত্রীজনৰ বহু মূল্যৱান সময় আৰু ৰাজকোষৰ বহু ধনৰ অপচয় ঘটাব আৰু একাংশ দুর্নীতিগ্রস্ত দুর্বৃত্তক ছল দি কাষ চপাই আনিব৷
মুখ্যমন্ত্রী হিচাপে ড০ শর্মাৰ আৰু তেওঁৰ চৰকাৰখনৰ সন্মুখত আটাইতকৈ ডাঙৰ প্রত্যাহ্বান হৈছে সাম্প্রদায়িক ভেদবাদক নিয়ন্ত্রণ কৰাটো৷ দেশত নির্বাচন হ’লেও সাম্প্রদায়িক ভেদাভেদবোৰক বহলাই মেলি দিয়া হয়৷ নির্বাচনৰ পিছত নতুন ছিগা–ভগাবোৰ মেৰামতি কৰিবলগীয়া হয়৷ ড০ শর্মা আৰু তেওঁৰ চৰকাৰখনৰ কান্ধতো এতিয়া সেই দায়িত্ব আহি পৰিছে৷ বিগত নির্বাচনটোতো অসমৰ জনসাধাৰণৰ মেৰু বিভাজন প্রায় সম্পূর্ণ হৈ উঠিছিল৷ কংগ্রেছ আৰু ইউ ডি এফে পৰম্পৰাগতভাৱে মুছলমান সাম্প্রদায়িকতাৰ ওপৰত ভেজা দি মুছলমান ভোটবেংকটো অক্ষত ৰখাৰ কৌশল হিচাপে নির্বাচনী বুজাবুজি কৰি লৈছিল৷ তাৰ প্রত্যুত্তৰত বিজেপিয়েও, বিশেষকৈ ড০ হিমন্ত বিশ্ব শর্মাই, মিঞা সংস্কৃতিৰ বিৰুদ্ধে থলুৱা অসমীয়াৰ ‘সভ্যতাৰ যুঁজ’ৰ ধ্বনিৰে ৰণক্ষেত্র উত্তাল কৰি তুলিছিল৷ সেই ৰণধ্বনিত ‘কা’বিৰোধী আন্দোলনটোও ছেদেলি–ভেদেলি হৈ পৰিছিল৷ ধর্মৰ ভিত্তিত ৰাজ্যবাসীৰ বিভাজন একেবাৰে পূৰাপূৰি নহ’লেও বহুলাংশে সম্পূর্ণ হৈ উঠিছিল৷ দেখাদেখিকৈ মুছলমান সাম্প্রদায়িকতাবাদৰ স’তে হাত মিলাব নোৱাৰি একাংশ ‘কা’বিৰোধীয়ে ‘অজাপ’ আৰু ‘ৰাইজৰ দল’ নামেৰে দুটা নতুন আঞ্চলিক দলো গঠন কৰিলে৷ এই বিশৃংখলাৰ মাজত নির্বাচনৰ ফলাফল বিজেপি মিত্রজোঁটৰ সপক্ষেই নির্ধাৰিত হ’ল৷ কিন্তু সাম্প্রদায়িকতাবাদৰ সমস্যাটো একেদৰেই থাকি গ’ল৷ মধ্য আৰু নামনি অসম আৰু বৰাক উপত্যকাৰ মুছলমান ভোটৰ একচেটিয়া সমর্থনত কংগ্রেছ আৰু ইউ ডি এফৰ বৃহৎসংখ্যক প্রার্থী জয়ী হ’ল আৰু তেওঁলোকৰ মহাজোঁটৰ বিধায়কৰ সংখ্যা পঞ্চাশলৈ বৃদ্ধি পালে৷ বিজেপিৰ বিধায়কৰ সংখ্যা (৩০) আগৰবাৰৰ সমানেই থাকিল, কিন্তু মিত্রদল অগপৰ আসনৰ সংখ্যা কেইবাখনো কমিল৷ বড়োৰ ভোট বি পি এফ আৰু ইউ পি পি এলৰ মাজত প্রায় সমানে ভাগ হ’ল৷
মোৰ অনুমান, ড০ হিমন্ত বিশ্ব শর্মাই ‘আমাক মিঞাভোট নালাগে’ বুলি বৰকৈ চিঞৰ–বাখৰ কৰাত অগপই পাবলগীয়া দুখনমান আসন হেৰুৱাবলগীয়া হ’ল৷ ড০ শর্মাই নিশ্চয় কিবা হিচাপ–নিকাচ কৰিয়েই সেই আৱাজটো মেলি দিছিল৷ কিন্তু সেইটো বিচক্ষণ ৰাজনীতিজ্ঞ এজনৰ চিন্তা হ’ব পাৰে বুলি নাভাবোঁ৷
ৰাজ্যখনত ‘মিঞা’ বা অভিবাসী মুছলমানসকলৰ জনসংখ্যা মাত্রাধিক আৰু অবাৰিত হাৰত বৃদ্ধি পাই থকাটো থলুৱা জাতি–জনগোষ্ঠীৰ লোকসকলৰ বাবে নিশ্চয় ভয়ৰ কাৰণ৷ অসমখন অতীতত কেতিয়াও উচ্চ বর্ণহিন্দুপ্রধান ৰাজ্য যিদৰে নাছিল, একেদৰে মুছলমানপ্রধান ৰাজ্যও নাছিল৷ কিন্তু এতিয়া অভিবাসী মুছলমানৰ জনবিস্ফোৰণে জনগাঁথনিৰ ভাৰসাম্য নষ্ট কৰি পেলাইছে আৰু থলুৱা লোকসকলৰ আর্থ–ৰাজনৈতিক অধিকাৰবোৰৰ লগতে থলুৱা অসমীয়াৰ সংস্কৃতিটোও তেওঁলোকৰ দখললৈ গুচি যোৱাৰ উপক্রম হৈছে৷ এই ঘটনাচক্রক বাধা দিবলৈ তেওঁলোকৰ জনসংখ্যাক নিয়ন্ত্রণলৈ আনিবই লাগিব আৰু থলুৱা জাতি–জনগোষ্ঠীবোৰকো পর্যাপ্ত সুৰক্ষা দিব লাগিব৷ কিন্তু তাৰ অর্থ এইটো নহয় যে স্থায়ী বাসিন্দা হৈ পৰা ‘মিঞা’সকলৰ লগত বাকীসকলে সদায় কাজিয়া কৰি থাকিব লাগিব৷ চৰকাৰখনে তেওঁলোকৰো আস্থা আদায় কৰাৰ বাবে আৰু তেওঁলোকক জন্ম তথা জনসংখ্যা নিয়ন্ত্রণৰ প্রতি আকর্ষিত কৰাৰ বাবে কার্যক্ষম ব্যৱস্থা কেতবোৰহে গ্রহণ কৰাৰ প্রয়োজন আছে৷ এইক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ পূর্বৰ কিছু আগ্রাসী আচৰণ আৰু দৃষ্টিভংগী সলোৱা উচিত হ’ব বুলিয়েই মোৰ বিশ্বাস৷
ড০ শর্মাই অসম আৰু অসমীয়া জাতিটোক যে প্রাণভৰি ভাল পায়, তাত মোৰ কোনো সন্দেহ নাই৷ কিন্তু তেওঁ হয়তো নিজকে তাতোকৈ বেছিকৈয়ে ভাল পায়৷ তেওঁৰ এই আপোন প্রেম যাতে তেওঁৰ জাতিপ্রেমৰ স’তে সংঘাতলৈ নাহে বা আহিব নোৱাৰে, তাৰ প্রতি তেওঁ সদায় সতর্ক হৈ থাকিব বুলিয়েই আশা কৰিলোঁ৷
বহুজাতিক আৰু বহুভাষী অসমবাসীৰ সমস্যা বহুত৷ কিছুমান উমৈহতীয়া আৰু কিছুমান গোষ্ঠীগত৷ উমৈহতীয়া সমস্যাবোৰৰ সমাধানত তেওঁ সমগ্র ৰাজ্যবাসীৰ সহায়–সহযোগ আদায় কৰিব লাগিব৷ গোষ্ঠীগত বা সম্প্রদায়গত সমস্যাবোৰৰ ক্ষেত্রত তেওঁ ঐতিহাসিক আৰু সামাজিক ন্যায়–নীতি দৃঢ়তাৰে অনুসৰণ কৰিব লাগিব৷ সেইবোৰৰ মাজত থলুৱা অসমীয়া জাতিটোক সংঘবদ্ধ আৰু বিকশিত কৰিবলৈ হ’লে জাতিটোৰ লোকসকলক চৰকাৰৰ ভিক্ষাদানৰ আঁচনিবোৰেৰে জীয়াই ৰখাৰ সস্তীয়া তথা ক্ষতিকৰ নীতি পৰিহাৰ কৰি সকলোকে হাতে–কামে লগোৱাৰ উদ্যমী আৰু উদ্যোগী কার্যব্যৱস্থাবোৰহে গ্রহণ কৰিব লাগিব৷ অসমীয়াই নিজৰ উদ্যমী সাহস, কর্মতৎপৰতা আৰু কষ্টসহিষ্ণুতা দেখুৱাব নোৱাৰিলে অচিৰেই নিজৰ ঘৰতে ভগনীয়াত পৰিণত হ’বগৈ৷ মুখ্যমন্ত্রী শর্মাই জাতিটোৰ উজ্জীৱনৰ এই বাঞ্ছিত সংগ্রামক সাহসী, দূৰদর্শী আৰু বিচক্ষণ নেতৃত্বৰে দুর্দমনীয় আৰু সফল কৰি তোলক, তাকে কামনা কৰিলোঁ৷