ভালপোৱাৰ নিবেদন কৰক ৰঙা গোলাপেৰে
ফেব্ৰুৱাৰী মানেই প্ৰেমৰ বতৰ। এই ফেব্ৰুৱাৰীতে আৰম্ভ অসমীয়াৰ ফাগুন মাহ। ফাগুন মানেই চঞ্চল, উতলা। ফাগুন মানেই প্ৰেম-ভালপোৱা। এই ফাগুনতে পাশ্চাত্যৰ ভেলেণ্টাইন ডে’। প্ৰেমাস্পদক ভালপোৱাৰ কথা ক’বলৈ যদি আপোনাৰ শব্দৰ অভাৱ, তেন্তে তাৰে বিকল্প এটি গোলাপ। এটি ৰঙা গোলাপৰ কলিৰে মনৰ সমস্ত কথাকৈ পেলাওঁক আজিয়েই। কিয়নো, আজিৰে পৰাই আৰম্ভ ভেলেণ্টাইন সপ্তাহ। ৭ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ হয় ভেলেণ্টাইন সপ্তাহ। এই সপ্তাহটোৰ এটি এটি দিন প্ৰেমাস্পদৰ বাবে খুবেই বিশেষ। ভেলেণ্টাইন সপ্তাহৰ প্ৰথম দিনটো ৰোজ ডে’। ৰোমাণ্টিক হ’বলৈ এয়া মাত্ৰ এটা অজুহাত।