নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে খিলঞ্জীয়াৰ যুঁজত জয়ী বিজেপি

সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকন; সাক্ষাৎগ্রহণঃ ভৰত দত্ত

অসম বিধানসভালৈ নির্বাচিত হ’বলৈ পাই আপোনাৰ অনুভৱ কেনেকুৱা? ৰাইজৰ প্রতিনিধি হিচাপে আপুনি সর্বপ্রথমে কেনেধৰণৰ দায়িত্ব পালন কৰিব?
ঃ সর্বপ্রথমে নিয়মীয়া বার্তাৰ সমূহ সদস্যলৈ ধন্যবাদ জনালোঁ আমাক এইখিনি সুযোগ প্রদান কৰাৰ বাবে৷ সৰুপথাৰ সমষ্টিবাসীলৈ এই আপাহতে কৃতজ্ঞতা জনালোঁ আমাক সমষ্টিটোৰ প্রতিনিধি হিচাপে নির্বাচিত কৰাৰ বাবে৷ অনুভৱ বুলি ক’বলৈ গ’লে, প্রথম কথাটো হ’ল যে মই গভীৰ দায়িত্ব বোধ কৰিছোঁ৷ কাৰণ সৰুপথাৰ সমষ্টিৰ ৰাইজে বহু আশাৰে, গভীৰ প্রত্যাশাৰে আমাক ভোট দি নির্বাচিত কৰিছে আৰু সৰুপথাৰ সমষ্টিটো যিহেতু অসম–নাগালেণ্ড সীমান্তৰ এক আছুতীয়া আওহতীয়া ঠাইৰ সমস্যাজর্জৰ সমষ্টি, হাজাৰটা সমস্যাই এই সমষ্টিৰ জনসাধাৰণক জুৰুলা কৰি আহিছে, গতিকে এই সমষ্টিৰ ৰাইজে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ আশাৰে আমাক ভোট দি নির্বাচিত কৰিছে৷ আমাৰ সন্মুখত তেখেতসকলৰ আশাবোৰ বাস্তৱত ৰূপায়িত কৰাৰ যি গভীৰ দায়িত্ব, সেই দায়িত্ব আমাৰ কান্ধত আছে৷ নির্বাচনত জয়লাভ কৰি সেই দায়িত্ব পালন কৰাৰ তাগিদা অনুভৱ কৰিছোঁ৷ ৰাইজৰ প্রতিনিধি হিচাপে প্রথম কথাটো হ’ল যে সৰুপথাৰ সমষ্টিৰ ৰাইজৰ লগত সুখে–দুখে প্রতিটো মুহূর্ততে থকাৰ সংকল্পবদ্ধ হৈছোঁ৷ প্রথম অৱস্থাত আমাৰ আটাইতকৈ ডাঙৰ প্রত্যাহ্বানটো হ’ল ক’ভিড মহামাৰী৷ গোলাঘাট জিলাৰ ভিতৰতে সৰুপথাৰত ক’ভিডৰ প্রাদুর্ভাৱ সর্বাধিক৷ জনসাধাৰণক এতিয়াও সচেতন কৰিব পৰা নাই৷ গতিকে সৰুপথাৰত ক’ভিডৰ প্রত্যাহ্বানৰ সৈতে মুখামুখি হোৱাটো আমাৰ এটা প্রধান দায়িত্ব৷ তাৰ লগতে নৱপ্রজন্মক আমি সঠিক পথলৈ লৈ যাব লাগিব৷ আজি ড্রাগছৰ দৰে মহাব্যাধিয়ে সৰুপথাৰ অঞ্চলত গভীৰ সমস্যাৰ সৃষ্টি কৰিছে৷ উঠি অহা প্রজন্মক কোঙা কৰিবলৈ চেষ্টা কৰিছে৷ সেয়ে ধনশিৰি মহকুমাৰ প্রশাসনক ড্রাগছৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা ল’বলৈ আহ্বান জনাইছোঁ, যাতে যুৱপ্রজন্মক ড্রাগছৰ এই ব্যাধিৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ৷ শিক্ষাৰ ক্ষেত্রতো সৰুপথাৰত বহুখিনি কৰণীয় আছে৷ সমষ্টিটোত ছাত্র–ছাত্রীৰ অনুপাতে শিক্ষানুষ্ঠানৰ অভাৱ৷ বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্রত৷ আজি যদি সৰুপথাৰ মহাবিদ্যালয়লৈ চাওঁ, মহাবিদ্যালয়খনিত ২৬শ ছাত্র–ছাত্রীৰ বিপৰীতে শিক্ষকৰ সংখ্যা যথেষ্ট কম৷ গতিকে ছাত্র–ছাত্রীসকলক যথোপযুক্ত শিক্ষা দিবৰ বাবে ছাত্র আৰু শিক্ষকৰ সংখ্যাৰ অনুপাত যাতে সঠিক হয়, প্রয়োজন সাপেক্ষে নতুন নতুন শিক্ষানুষ্ঠান যাতে হয় তাৰ ব্যৱস্থা কৰিব লাগিব৷ ইয়াৰ লগতে স্বাস্থ্য খণ্ড, কৃষি খণ্ড আৰু অন্যান্য ক্ষেত্রত জলসিঞ্চনৰ ব্যৱস্থা, বিজুলীৰ ব্যৱস্থা, ৰাস্তা–ঘাটৰ ব্যৱস্থা আদিকে ধৰি প্রতিটো ক্ষেত্রতে কৰিব লগা কামখিনি সমাধা কৰিব লাগিব৷ ৰাস্তা–ঘাটৰ কথা যদি কওঁ, সীমান্তৱর্তী অঞ্চলটোত যোৱা দহটা বছৰত ৰাস্তা–ঘাটৰ নির্মাণ একেবাৰে নহ’ল৷ কিছুদিনৰ পূর্বে বর্তমান মাননীয় মুখ্যমন্ত্রী, সেই সময়ৰ লোকনির্মাণমন্ত্রী যেতিয়া সৰুপথাৰলৈ আহিছিল, তেখেতে সেই সময়ত কৈছিল যে লোকনির্মাণমন্ত্রী হিচাপে মই নিজেই লাজ পাইছোঁ সৰুপথাৰলৈ আহি৷ কাৰণ সৰুপথাৰত যে ৰাস্তা–ঘাট ইমান বেয়া হৈ আছে সেই কথা গমেই পোৱা নাই বুলি মন্ত্রীগৰাকীয়ে এখন সভাত ৰাইজৰ আগত প্রকাশ কৰিছিল৷ আগন্তুক ৫ বছৰত ৫০০ কিলোমিটাৰ পথ নির্মাণৰ সংকল্প লোৱা হৈছে আৰু প্রাৰম্ভিক পর্যায়ত ২০০ কিলোমিটাৰ পথৰ প্রাক্কলন প্রস্তুত কৰিবলৈ লোকনির্মাণ বিভাগক যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনোৱা হৈছে৷

সদ্যসমাপ্ত নির্বাচন কিছু পৃথক বুলি চর্চিত হৈছে৷ বিজেপিয়ে এইবাৰ যুৱ প্রার্থীক সর্বাধিক অগ্রাধিকাৰ দিয়াৰ ফলত বহুকেইজন যুৱক জনপ্রতিনিধি হিচাপে নির্বাচিত হৈছে৷ ভোটাৰ ৰাইজে যুৱ প্রার্থীক অগ্রাধিকাৰ দিয়াৰ কাৰণ কি বুলি ভাবে?
ঃ প্রথম কথা হ’ল, দলবিলাকে যুৱ প্রার্থীক অগ্রাধিকাৰ দিছে৷ সৰুপথাৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা চাৰিজন প্রার্থীৰ ভিতৰত বয়সৰ দিশত ময়েই জ্যেষ্ঠ আছিলোঁ৷ দলসমূহে কাম কৰিব পৰা সক্ষমতাৰ প্রতি লক্ষ্য ৰাখি সম্ভৱতঃ যুৱ প্রার্থীক অগ্রাধিকাৰ দিছে আৰু ৰাইজেও যাৰ কাম কৰাৰ ক্ষমতা বেছি, যি সক্রিয় হৈ থাকে, তেনে ব্যক্তিকে কামৰ বাবে নির্বাচন কৰিছে৷ সেই হিচাপে যুৱ প্রার্থীসকলে অগ্রাধিকাৰ পাইছে৷ সেয়েহে এইবাৰ বিধানসভাত ২৪খনতকৈও অধিক নতুন মুখে ভুমুকি মাৰিছে৷ মই অৱশ্যে যুৱ বা জ্যেষ্ঠ বুলি ভাগ কৰিব বিচৰা নাই৷ প্রত্যেকেই কাম কৰিছে৷ দলত নতুনৰ প্রয়োজন আছে, সেইদৰে পুৰণাৰো প্রয়োজন আছে৷ অভিজ্ঞসকলে তেওঁলোকৰ অভিজ্ঞতাৰ ভিত্তিত আমাক পথ প্রদর্শন কৰিব আৰু নতুনসকলে অফুৰন্ত কর্মশক্তি লৈ কাম কৰিব৷ নতুন–পুৰণি সকলো মিলি ৰাইজৰ কাম কৰিম৷ মই নতুন পুৰণি হিচাপে বিশেষ ভাগ ভাগ কৰিব বিচৰা নাই৷ তথাপি কওঁ, নতুনক অধিকভাৱে গুৰুত্ব দি আদৰি লোৱাটো এটা শুভলক্ষণ৷

উজনিত এইবাৰ বিৰোধীক ধূলিসাৎ কৰি বিজেপিয়ে অভাৱনীয় উত্থান লাভ কৰিছে৷ ইয়াৰ আঁৰৰ কাৰণ কি বুলি ভাবে? চাহ বাগিচাৰ ভোটাৰক সর্বাধিক গুৰুত্ব দিয়াৰ বাবে উজনিত বিজেপিৰ ফলাফল উন্নত হৈছে নেকি? অন্য কাৰণো আছে নেকি?
ঃ যোৱা পাঁচটা বছৰত, বিজেপি মিত্রজোঁটৰ চৰকাৰৰ দিনত যি অভূতপূর্ব উন্নয়ন হ’ল এই পাঁচ বছৰত ৰাস্তা–ঘাটৰ ক্ষেত্রতে হওক, বাগিচা অঞ্চলৰ কথাই কওক, প্রত্যেকটো দিশত সমগ্র অসমত যথেষ্ট কাম কৰিছে আৰু সেইখিনি কামৰ ওপৰত নির্ভৰ কৰিয়েই জনসাধাৰণে বিজেপিৰ সপক্ষে ভোট দিছে৷ বিশেষকৈ উজনি অসমত সন্দেহযুক্ত বাংলাদেশী বা সন্দেহযুক্ত নাগৰিকৰ সংখ্যা কিছু কম হোৱাৰ কাৰণে ইয়াত এ আই ইউ ডি এফৰ দৰে সাম্প্রদায়িক দলে ভোট নোপোৱাৰ বাবে, তেওঁলোকৰ প্রভাৱ কম থকাৰ বাবে উজনি অসমত আমাৰ ফলাফল অধিক ভাল হ’ল৷ বিজেপি চৰকাৰে প্রত্যেকটো জনগোষ্ঠীৰ সমবিকাশ আৰু সমউন্নয়নৰ কাৰণে কাম কৰি আহিছে৷ চাহ বাগিচাৰ শ্রমিকসকলক পূর্বতে কংগ্রেছ চৰকাৰে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল৷ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ পিছত প্রকৃতার্থত চাহ জনগোষ্ঠীসকলৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি লোৱা হৈছে৷ শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্রতো বাগিচাসমূহত বহুখিনি কাম কৰা হৈছে৷ জাতি–ধর্ম নির্বিশেষে সকলো স্তৰৰ মানুহে বিজেপিক যিদৰে ভোটদান কৰিছে তাৰ ভিতৰত চাহ জনগোষ্ঠীৰ লোকসকলো অধিক উৎসাহিত হৈ ভাৰতীয় জনতা পার্টীৰ প্রার্থীক ভোটদান কৰিছে৷ ইয়াৰ ফলশ্রুতিতে চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত, য’ত আগতে কংগ্রেছৰ ভোট বেংক আছিল, সেইবিলাক অঞ্চলত ৭০–৮০ শতাংশলৈকে বিজেপিয়ে ভোট লাভ কৰিবলৈ সক্ষম হৈছে৷

এইবাৰৰ নির্বাচনত ধর্মীয় মেৰুকৰণ হোৱা বুলি যথেষ্ট চর্চাৰ সৃষ্টি হৈছে৷ উজনিত খিলঞ্জীয়াৰ ভোট এককভাৱে বিজেপিয়ে লাভ কৰাৰ বিপৰীতে নামনি অসমত সংখ্যালঘু অধ্যুষিত এলেকাত বিজেপি একপ্রকাৰ ধূলিসাৎ হৈছে৷ এয়া ধর্মীয় মেৰুকৰণৰ প্রভাৱ নেকি? এজন যুৱ প্রতিনিধি হিচাপে এই বিষয়টো কি ধৰণেৰে পর্যবেক্ষণ কৰে?
ঃ সদ্যসমাপ্ত নির্বাচনত ধর্মীয় মেৰুকৰণ বুলি নকৈ খিলঞ্জীয়া লোক আৰু সন্দেহযুক্ত লোকৰ মাজত মেৰুকৰণ হোৱা বুলি ক’ব বিচাৰোঁ৷ যিসকল খিলঞ্জীয়া লোক যুগ যুগ ধৰি অসমত বাস কৰি আহিছে সেইসকল ব্যক্তিয়ে উঠিপৰি বিজেপি দলৰ সপক্ষে ভোটদান কৰিছে৷ যিসকল ব্যক্তিৰ ইতিহাস অসমৰ পৰিৱর্তে কাষৰীয়া ৰাষ্ট্রৰ লগত জড়িত হৈ আছে সেইসকল ব্যক্তিয়ে এ আই ইউ ডি এফেই হওক, বা কংগ্রেছেই হওক, তেওঁলোকৰ জৰিয়তে তেওঁলোকৰ ছত্রছায়াত থাকি ৰাজনীতি কৰিব বিচাৰিছে৷ গতিকে যি অঞ্চলত তেনেধৰণৰ লোকৰ জনবসতি বেছি, সেই অঞ্চলত স্বাভাৱিকতেই এ আই ইউ ডি এফ বা কংগ্রেছ দলে অধিক ভোট লাভ কৰিছে৷ আৰু তেওঁলোকৰ দখললৈ সেইবিলাক সমষ্টি গৈছে৷

অসম চুক্তি ৰূপায়ণ, ছয় নং দফা কার্যকৰীকৰণ, খিলঞ্জীয়াৰ সুৰক্ষা, এন আৰ চি আদি বিষয়বোৰ নির্বাচনৰ পূর্বে যথেষ্ট চর্চাৰ বিষয় আছিল৷ বিধানসভাত এই বিষয়বোৰ কেনেদৰে উত্থাপন কৰিব আৰু চৰকাৰখনে এইক্ষেত্রত কেনেকুৱা পদক্ষেপ গ্রহণ কৰাটো বিচাৰে?
ঃ অসম চুক্তিৰ ছয় নং দফাই হওক, খিলঞ্জীয়াৰ সুৰক্ষাই হওক, এন আৰ চিয়েই হওক, এই গোটেইকেইটা বিষয় অসমীয়া সমাজ–সংস্কৃতি আৰু জাতিটোক বচোৱাৰ লগত জড়িত হৈ আছে৷ ভাৰতীয় জনতা পার্টীয়ে এই বিষয়সমূহ গুৰুত্বসহকাৰে লৈছে৷ ছয় নং দফা ৰূপায়ণৰ ক্ষেত্রত এই চৰকাৰে নিশ্চয় ব্যৱস্থা ল’ব৷ কিন্তু যিবিলাক জাতীয় সংগঠন নামধাৰী সংগঠনে ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে এই শব্দকেইটা ব্যৱহাৰ কৰে, তেওঁলোকৰ একমাত্র লক্ষ্য কেৱল নির্বাচনেই থাকে৷ সেয়ে এইবিলাক লোকৰ পৰা আমাৰ সমাজখন বচাই ৰাখিব লাগিব৷ এন আৰ চি ১০০ শতাংশ পুনৰীক্ষণৰ বাবে চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে৷ খিলঞ্জীয়াৰ সুৰক্ষাৰ ৰক্ষাকৱচৰ কাৰণে এই চৰকাৰে ব্যৱস্থা ল’ব৷ আৰু ভাৰতীয় জনতা পার্টীৰ নেতৃত্বাধীন এই চৰকাৰখনৰ দিনত, অনাগত দিনত অসমীয়া জাতি সুৰক্ষিত কৰি ৰাখিবৰ বাবে অসম বিধানসভাই ব্যৱস্থা গ্রহণ কৰিব বুলি মই বিশ্বাস কৰোঁ৷ বিধানসভাত এই বিষয়সমূহ গুৰুত্বসহকাৰে আলোচনা হ’ব৷ আৰু চৰকাৰৰ যি মূল নীতি, সেই নীতিৰ ভিত্তিত খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে, অসমীয়া ভাষা–সংস্কৃতি, অসমীয়া জনগোষ্ঠীয় সুৰক্ষাৰ কাৰণে বিধানসভাই সক্রিয় ভূমিকা পালন কৰিব আৰু বাস্তৱসন্মত কার্যব্যৱস্থা গ্রহণ কৰিব৷

চাহ অধ্যুষিত সমষ্টি এটাৰ পৰা আপুনি এইবাৰ নির্বাচিত হৈছে৷ স্থানীয় সমস্যাৰ লগতে চাহ শ্রমিক তথা সমষ্টিটোৰ অন্য জাতি–জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰে জর্জৰ সৰুপথাৰ অঞ্চল৷ বিধানসভাত এই সমস্যাবোৰ কেনেধৰণেৰে তুলি ধৰিব?
ঃ সৰুপথাৰ সমষ্টিৰ প্রতিটো সমস্যা বিধাসভাৰ বাহিৰে–ভিতৰে য’ত উত্থাপন কৰিলে সমস্যাটো সমাধান হয়, তেনেধৰণেই সমষ্টিটোক আগুৱাই নিম৷ কেৱল বিধানসভাত গৈ কোৱাটোৱেই মূল উদ্দেশ্য নহয়৷ বহু সময়ত দেখা যায় যে বিধানসভাত আলোচনা হ’ল, কিন্তু কার্যকৰী নহ’ল৷ প্রতিটো কর্ম কার্যকৰী কৰিবৰ কাৰণে যেনেধৰণৰ ব্যৱস্থা ল’ব লাগে, যি কাম কৰিলে এই সমস্যাসমূহ সমাধান হ’ব, সেই কামেই আমি কৰিম৷ প্রয়োজন সাপেক্ষে বিষয়বিলাকৰ সন্দর্ভত বিধানসভাত আমি আমাৰ মতামত প্রকাশ কৰিম৷ চৰকাৰৰ মন্ত্রীসকলৰ দৃষ্টি আকর্ষণ কৰাৰ চেষ্টা কৰিম৷

অসম–নাগালেণ্ড সীমান্তৰ সৰুপথাৰ অঞ্চল৷ এই এলেকাত প্রায়ে সীমাকেন্দ্রিক বিবাদৰ বাবে সীমান্তৱর্তী জনসাধাৰণে দুর্ভোগ ভুগি আহিছে৷ এইক্ষেত্রত এগৰাকী জনপ্রতিনিধি হিচাপে আপোনাৰ ভূমিকা কি হ’ব?
ঃ সীমা সমস্যাটো আজিৰ তাৰিখত মহামান্য উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে৷ সীমান্তৱর্তী অঞ্চলৰ জনসাধাৰণৰ জীৱন–সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাটো প্রশাসনৰ দায়িত্ব৷ ৰাজ্য চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণৰ সময়ত নগা দুর্বৃত্তই মাজে মাজে সীমান্ত অঞ্চলত অসুবিধাৰ সৃষ্টি কৰে৷ এইক্ষেত্রত প্রশাসনক কঠোৰ হ’বলৈ আহ্বান জনাইছোঁ৷ সীমান্ত অঞ্চলৰ ৰাইজেও নগৰাঞ্চলৰ প্রতিটো সুবিধা পাব লাগিব৷ কোনো ক্ষেত্রতে বঞ্চিত হ’ব নোৱাৰিব৷ সীমান্ত অঞ্চলৰ উন্নয়নৰ ক্ষেত্রত এই ৫ বছৰ সমউন্নয়নৰ জৰিয়তে সীমান্তৱর্তী গাঁওসমূহৰো সকলো দিশৰ পৰা বিকাশ সাধন কৰিব লাগিব৷ প্রত্যেকটো অঞ্চলৰ উন্নয়ন কৰাটো আমাৰ দায়িত্ব৷

You might also like