কোনে ৰক্ষা কৰিব অসমৰ ঐতিহাসিক সত্র–নামঘৰ তথা আধ্যাত্মিক অনুষ্ঠানসমূহ? বান, গৰাখহনীয়া, ধর্মান্তৰকৰণ, বেদখলকাৰীৰ কবলত পৰি এখনৰ পিছত আন এখন সত্রানুষ্ঠান ক্রমাৎ ধ্বংসৰ ফালে গতি কৰিছে৷ গুৰুদুজনাৰ বৰ অসমৰ সত্রদ্বীপ মাজুলীৰ ৬৫খন সত্রৰ প্রায় কুৰিখন সত্র প্রাকৃতিক দুর্যোগত বিধ্বস্ত হৈ চিন–মোকাম নোহোৱা হ’ল৷ সমান্তৰালভাৱে সত্রনগৰী বৰপেটাৰ ৮৪খন সত্রৰ ২৪খন সত্র আজি সম্পূর্ণ ৰূপে অস্তিত্ব বিলীন হৈ পৰিল৷ বিশেষকৈ নামনি আৰু মধ্য অসমক সামৰি অবৈধ বাংলাদেশী প্রব্রজনকাৰীৰ জনবিস্ফোৰণ, আগ্রাসী ভূমিকাৰ কবলত পৰি শ শ অসমীয়া হিন্দু লোকে নিজৰ বসতি স্থানান্তৰ কৰি নিৰাপদ আশ্রয় গ্রহণ কৰাত বহু ঐতিহাসিক সত্র প্রয়োজনীয় ভকত–বৈষ্ণৱৰ অভাৱত ক্রমাৎ নিঃশেষ হৈ পৰিছে৷ এফালে অবৈধ বেদখলকাৰীৰ দপ্দপনি আনপিনে অসমৰ বহু ইতিহাসপ্রসিদ্ধ সত্র–নামঘৰ, মঠ–মন্দিৰত সংঘটিত চুৰি কার্যই সম্পূর্ণ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে৷ অসমৰ সত্রসমূহ জাতীয় জীৱনৰ বৰঘৰ৷ বিগত গগৈ চৰকাৰৰ সময়ছোৱাৰ পৰাই অসমৰ ঐতিহাসিক প্রায় ৪৫খন সত্র, শতাধিক নামঘৰ, মন্দিৰৰ ওপৰত পৰিকল্পিত আক্রমণ চলাইছে৷ বিগত সময়ছোৱাত এক চক্রই এইসমূহ ঐতিহাসিক জাতীয় অনুষ্ঠান ক্রমে তেজপুৰৰ নিকামূল সত্রত তিনিবাৰ, ঢ়েকীয়াজুলিৰ চিৰাজুলি সত্রত দুবাৰ, শিৱসাগৰৰ কৰচুং সত্রত, দৰঙৰ খটৰা সত্রত, কামৰূপৰ ছমৰীয়া সত্রত, গোৱালপাৰা জিলাৰ বাপুৰাৰা সত্রত, বৰপেটা জিলাৰ গণককুছি, পাটবাউসী, সুন্দৰদিয়া, গুৱাগাছা, জনিয়া, গজিয়া, বঙাইগাঁও জিলাৰ বাটাবাৰী, ধর্মপুৰ, বিষ্ণুপুৰ সত্রত ধাৰাবাহিক চুৰিকার্য সংঘটিত কৰাৰ উপৰি বিগত ২০১৪ চনত নগাঁও জিলাৰ কামপুৰত তেতিয়াৰ কংগ্রেছ চৰকাৰৰ দিনত একেনিশাই ১২টা নামঘৰ, মৰিগাঁৱৰ ৬টা সত্র নামঘৰত বিশাল সা–সম্পত্তি চুৰি কৰিছে৷ উক্ত অনুষ্ঠানসমূহত সেৱাৰ গুৰু আসন লণ্ডভণ্ড কৰাৰ উপৰি নামঘোষা কীর্তনঘোষা ফালি পেলোৱা, সাঁচিপতীয়া পুথি লণ্ডভণ্ড কৰা, দানপাত্র ভাঙি নিয়া ঘটনা সংঘটিত হৈছে৷ ইয়াৰ উপৰি ঐতিহাসিক মঠ–মন্দিৰ দেৱালয়সমূহৰ ওপৰত চলিছে ধাৰাবাহিক আক্রমণ৷ এই দুষ্কার্যৰ সৈতে জডিত সিংহভাগ অপৰাধী বালাদেশী মূলৰ মুছলমান৷ এইক্ষেত্রত বিগত সময়ছোৱাত কোনো আন্দোলনকাৰী জাতীয় সংগঠনে এটা মাত নামাতিলে৷ নিজকে জাতীয় সংগঠন বুলি পৰিচয় দি ফুৰা একাংশ সংগঠনৰ নীৰৱ ভূমিকাই সমগ্র অসমবাসীক চিন্তিত কৰি তুলিছে৷ জাতিৰ বৰঘৰত আক্রমণকাৰীসকলক বিৰুদ্ধে নীৰৱ হৈ থকা অসমৰ তথাকথিত বুদ্ধিজীৱী, আন্দোলনকাৰী দল–সংগঠনসমূহ কাৰ ভয়ত নীৰৱতা অৱলম্বন কৰিছে সেয়া এক বৃহৎ সাঁথৰ হৈ থাকিল৷
জাতীয় জীৱনৰ দুর্বলতাৰ বাবে আজি বৰপেটা জিলাত ১৯৯৫ চনত মানেৰী সত্র নিশ্চিহ্ণ হোৱাৰ পিছত ২০০৫ চনত মইনবডি সত্র , ২০১৩ চনত কনৰা সত্র বিধ্বস্ত হ’ল৷ শেহতীয়াকৈ সত্রনগৰী বৰপেটাৰ মহাপুৰুষ হৰিদেৱৰ আদিসত্র বহৰি সত্রখন গৰাখহনীয়াৰ কবলত পৰাত ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শক্তিশালী কার্যব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে৷ চলিত মাহৰ ১৭ জুনত মুখ্যমন্ত্রীৰ নির্দেশমর্মে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই নিজে খহনীয়া অঞ্চল পৰিদর্শন কৰি ডেৰ কিলোমিটাৰ জি’ বেগেৰে খহনীয়া প্রতিৰোধৰ ব্যৱস্থা লোৱা কার্যই আশাৰ ৰেঙনি বিৰাজ কৰিছে৷ কিন্তু শ শ সত্র–নামঘৰ, মঠ–মন্দিৰ অস্তিত্বৰ সংকটত পৰি ককবকাই থকাৰ সময়তে একাংশ আন্দোলনকাৰী নেতাই নেতা হোৱাৰ বাসনাতে অসমীয়া জাতিৰ এনেহেন মহা দুর্যোগৰ সময়ত নীৰৱ হৈ কেৱল চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰি টিভিৰ পর্দাত লম্ফজম্ফ কৰি অসম ৰক্ষা কৰা, স্বাভিমানী জাতীয় চিন্তাৰ ধ্বনি দি জাতিটোক বন্ধকত ৰাখিব বিচৰা ঘটনাই একবিংশ শতিকাৰ নৱপ্রজন্মক ভবাই তুলিছে৷ সামাজিক, সাংস্কৃতিক ক্ষেত্রৰ মেৰুদণ্ড স্বৰূপ, জাতিৰ বর্ণাঢ়্য জাতীয় চৰিত্র, জাতিৰ হূদপৃণ্ড ‘হৰিগৃহ’ সত্র–নামঘৰসমূহ কিমান মহান উদ্দেশ্য লৈ মহাপুৰুষসকলে প্রতিষ্ঠা কৰিছিল সেই কথা জানিলে বা বুজিলে অনুধাৱন কৰিলে প্রতিজন অসমীয়াৰ আত্মগৌৰৱত বুকু ফুলি উঠে৷ সময় তেতিয়া আছিল পঞ্চদশ শতিকা৷ চৌদিশে হত্যা, হিংসা, অন্যায়, অনাচাৰ, ব্যাভিচাৰ, কুসংস্কাৰে আৱৰি ধৰাৰ জটিল সন্ধিক্ষণত উত্তৰ–পূব ভাৰতৰ অসমমুলুকত আৱির্ভাৱ হৈছিল এক নতুন সূর্য৷ সেই উদিত নতুন সূর্যটোৱে হ’ল মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ৷
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে সকলো শ্রেণীৰ লোকক ঐক্যবদ্ধ কৰিবলৈ এক উমৈহতীয়া ক্ষেত্র উদ্ভাৱন কৰিছিল৷ নানা জাতি–উপজাতি, ধর্ম–বর্ণ–সম্প্রদা লোকক এখন ক্ষেত্রত সমৱেত কৰাই একশৰণ হৰিনাম ধর্মৰ সন্ধান দিবলৈ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু শ্রীশ্রী মাধৱদেৱৰ লগতে আন বৈষ্ণৱ ধর্মগুৰুসকলে স্থাপন কৰা হৰিগৃহই হ’ল আমাৰ অতি পৱিত্র অনুষ্ঠান ‘সত্র’৷ কোচবিহাৰকে ধৰি সমগ্র অসমত প্রতিষ্ঠাপিত সত্রানুষ্ঠানৰ সংখ্যা প্রায় ১০০০ বা ততোধিক৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু শ্রীশ্রী মাধৱদেৱৰ উপৰি মহাপুৰুষ শ্রীশ্রী দামোদৰ দেৱ, মহাপুৰুষ শ্রীশ্রী হৰিদেৱ, আতা পুৰুষসকল যেনে– নাৰায়ণদাস ঠাকুৰ আতা, মথুৰাদাস বুঢ়া আতা, গোপালদেৱ আতা, কেশৱচৰণ আতা, বদুলা পদ্ম আতা, হৰিহৰ আতা, শ্রীৰাম আতা, মাণিকপুৰীয়া কৃষ্ণ আতৈ, গোবিন্দ আতৈ, সন্তপুৰুষসকল যেনে– ভট্টদেৱ, অনিৰুদ্ধদেৱ, সভদৱানদেৱ, মনোহৰদেৱ, বংশীগোপালদেৱ, যদুমণিদেৱ, জগন্নাথদেৱ, বলদেৱ, মুকুন্দদেৱ, পুৰুষোত্তম ঠাকুৰ, দৈত্যাৰি ঠাকুৰ, চতুর্ভুজ ঠাকুৰ, পূর্ণানন্দ ঠাকুৰৰ লগতে অন্যান্য ধর্মাচার্যসকল, শিষ্য–প্রশিষ্য আৰু তেখেতসকলৰ উত্তৰসুৰী অনুগামীসকলৰ অহোপুৰুষার্থত এই সত্রসমূহ প্রতিষ্ঠা হৈছিল৷ এই মহান পুৰুষসকলৰ দ্বাৰা স্থাপিত সত্রানুষ্ঠানসমূহ কেইবাটাও ভাগ যেনে মূলসত্র, আজ্ঞাপৰ সত্র, শলাবন্তি সত্র, উদাসীন সত্র, অর্ধউদাসীন সত্র, গৃহস্থী সত্র, ৰজাঘৰীয়া চাৰিসত্রৰ বৈশিষ্ট্যই অসমীয়া জাতিক সাংস্কৃতিক আৰু আধ্যাত্মিকভাৱে একত্রিত কৰি ৰাখিছে৷
সমগ্র অসমতে আমি ব্যক্তিগতভাৱে ২০১২–১৩ চনত চলোৱা এক সমীক্ষা অনুসৰি– অসমৰ শদিয়াৰ পৰা মধুপুৰলৈকে প্রায় ১০০০খন সত্র আছে৷ সমগ্র অসমত গাঁৱে–ভূঞে ৰাইজ তথা ভকত–বৈষ্ণৱৰ উদ্যোগত প্রতিষ্ঠিত নামঘৰৰ সংখ্যা ৩৫ হাজাৰৰো অধিক হ’ব৷ কিন্তু অতি দুখজনক কথাটো হ’ল অসমৰ ঐতিহাসিক সত্রৰ প্রায় ৮১০১ বিঘা ভূমি বর্তমান অবৈধ দখলদাৰীয়ে বেদখল কৰিছে৷
বেদখলকাৰীৰ কবলত পৰা সত্র আৰু ভূমিৰ তথ্য এনেধৰণৰ–
১) ৰামৰায় কুঠী, ধুবুৰী ৩২ বিঘা
২) শিমলিবাৰী, ধুবুৰী ১৯৫ বিঘা
৩) কালজাৰ, বৰপেটা ১৯০০ বিঘা
৪) ভৱানীপুৰ, বৰপেটা ১১৭ বিঘা
৫) বহৰি, বৰপেটা ১৯০ বিঘা
৬) জনিয়া, বৰপেটা ১৬০ বিঘা
৭) ধূপৰগুৰি, বৰপেটা ১৮২ বিঘা
৮) পাটবাউসী, বৰপেটা ৮১ বিঘা
৯) মইনবডি, বৰপেটা ১৪০ বিঘা
১০) মন্দিয়া, বৰপেটা ৬ বিঘা
১১) গো–মূঢ়া, বৰপেটা ৬৫ বিঘা
১২) বৰপেটা, বৰপেটা ৯৬০ বিঘা
১৩) বাপুপাৰা, গোৱালপাৰা ১১০ বিঘা
১৪) দামোদৰ, গোৱালপাৰা ৪৬ বিঘা
১৫) বিষ্ণুপুৰ, গোৱালপাৰা ১৬১ বিঘা
১৬) ৰঙাপানী, বঙাইগাঁও ৫৮ বিঘা
১৭) বাটবাৰী, বঙাইগাঁও ১ বিঘা
১৮) ছমৰীয়া, কামৰূপ ৫০ বিঘা
১৯) মালঞ্চা, কামৰূপ ৪৮ বিঘা
২০) কোবাইকটা, মৰিগাঁও ৪৬ বিঘা
২১) পাটেকীবডি, মৰিগাঁও ৭৭ বিঘা
২২) বৰদোৱা, নগাঁও ১০৪ বিঘা
২৩) বালিসত্র, নগাঁও ৪৬২ বিঘা
২৪) ৰামপুৰ, নগাঁও ৫৮৪ বিঘা
২৫) ধিং শলগুৰি, নগাঁও ৪ বিঘা
২৬) কৰচুং, নগাঁও ৪৬ বিঘা
২৭) খাটপুৰ (নাওবৈচা), লখিমপুৰ ৪৮ বিঘা
২৮) বৰ এলেঙী, লখিমপুৰ ১০৫ বিঘা
২৯) আদি এলেঙী, লখিমপুৰ ১,৯০০ বিঘা
৩০) চিপহা, লখিমপুৰ ৩৪ বিঘা
৩১) নিকামূল, শোণিতপুৰ ১০ বিঘা ৷
হাজাৰ বিঘা সত্রৰ ভূমি এচামে অবৈধ বেদখল কৰাৰ ফলত বৃহত্তৰ অসমীয়া সমাজখনলৈ গভীৰ সংকট নামি আহিছে৷
এইখিনিতে উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা কুন্তলা ডেকাই সত্রৰ ভূমি বেদখলমুক্ত কৰাৰ আবেদন জনাই তৰা এক গোচৰমর্মে মহামান্য ন্যায়ালয়ে ১৯৯৭ চনৰ ২৭ মার্চত এক ঐতিহাসিক ৰায়দান প্রদান কৰি সত্রৰ বেদখলীকৃত ভূমি উচ্ছেদৰ নির্দেশ দিছিল৷ কিন্তু দুর্ভাগ্যজনকভাৱে উক্ত সত্রসমূহৰ বেদখলীকৃত ভূমি উচ্ছেদৰ বাবে চৰকাৰে কোনোধৰণৰ বাস্তৱ পদক্ষেপ গ্রহণ নকৰিলে৷ ২০১২ চনৰ ডিচেম্বৰ মাহত তেতিয়াৰ দেশৰ প্রধানমন্ত্রী ড০ মনমোহন সিং, গৃহমন্ত্রী সুশীল কুমাৰ সিন্ধেক নতুন দিল্লীত সাক্ষাৎ কৰি সত্রসমূহৰ বেদখলীকৃত ভূমিৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ আমি নিজেই অসম সত্র মহাসভাৰ যুৱ সংগঠন যুৱতীর্থৰ সাধাৰণ সম্পাদক হিচাপে প্রবল দাবী জনাইছিলো৷ সেই সময়ৰ কেন্দ্রীয় চৰকাৰে অসমৰ মুখ্যমন্ত্রীক বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ মুখ্য সচিবক এক পত্র প্রেৰণ কৰাৰ পিছতো তেতিয়াৰ কংগ্রেছ নেতৃত্বাধীন চৰকাৰে ভোটবেংকৰ আশাত কোনো পদক্ষেপ গ্রহণ নকৰিলে৷ ইয়াৰে পৰৱর্তী সময়ত পৰিৱর্তনৰ শ্লোগানেৰে দিছপুৰৰ শাসনৰ গাদী দখল কৰা সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে কেৱল গুৰুজনাৰ জন্মস্থান বটদ্রৱাৰ বেদখলীকৃত ভূমি বেদখলমুক্ত কৰি ৰাজ্য চৰকাৰে নিজৰ দায়িত্ব কিছু পৰিমাণে পালন কৰিছিল৷ পূর্বৰ ৰাজ্য চৰকাৰৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ একান্ত তৎপৰতাত বেদখল উচ্ছেদ কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক আমন্ত্রণ কৰি বটদ্রৱাৰ বেদখল উচ্ছেদ কৰি ১৮৪ কোটি টকাৰ প্রকল্প নির্মাণৰ শুভাৰম্ভ কৰি বৰ অসমৰ সমাজ জীৱনলৈ এক নতুন বার্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ কিন্তু শেহতীয়াভাৱে অসমৰ সত্রীয়া প্রেক্ষাপটখন চালে এক বেদনাদায়ক ছবি দেখা পাব৷ আজি বৰ অসমত ১৪১খন ঐতিহাসিক সত্র প্রায় নিশ্চিহ্ণ হ’ল৷ প্রায় ৩৫ হাজাৰ নামঘৰৰ ১৪ হাজাৰ নামঘৰৰ অস্তিত্বই কালক্রমত বিলীন হৈ পৰাৰ দিশে গতি কৰিছে৷
জাতীয় জীৱনৰ হূদপিণ্ডস্বৰূপ ঐতিহাসিক সত্র–নামঘৰ, থান তথা আধ্যাত্মিক অনুষ্ঠানসমূহ সুৰক্ষা প্রদান কৰাটো আমাৰ প্রতিজন অসমীয়াৰ দায়িত্ব আৰু কর্তব্য৷ কিন্তু অসমীয়া সমাজ জীৱনৰ সচেতনতাৰ অভাৱত ৰাজ্যৰ এইসমূহ জাতীয় জীৱনৰ মূল পৰিচয় আজি গভীৰ সংকটত৷ অসম আন্দোলনৰ ফলস্বৰূপে স্বাক্ষৰিত অসম চুক্তিৰ ৬নং দফাৰ আধাৰত গুৰু দুজনাৰ সৃষ্ট বৰ অসমৰ ঐতিহাসিক সত্র–নামঘৰ, ইতিহাস প্রসিদ্ধ স্থান, ৰজাদিনীয়া সম্পদসমূহ সুৰক্ষা প্রদানৰ লগতে অসমীয়া জাতীয় সাহিত্য, সংস্কৃতি সুৰক্ষা প্রদান কৰাটো ৰাজ্য তথা কেন্দ্রীয় চৰকাৰ দায়বদ্ধ আছিল যদিও সেয়া কোনো এখন চৰকাৰে কার্যকৰী নকৰিলে৷ যাৰ ফলত ৰাজ্যখনৰ তিনি কোটি চল্লিশ লাখ জনতাই এতিয়া এজন ব্যক্তিৰ ওপৰত বৰ আগ্রহেৰে বাট চাইছে সেই ব্যক্তিজনেই হ’ল অসমৰ গতিশীল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মুখৰ পিনে৷ বহু জল্পনা–কল্পনাৰ অন্তত ১০ মে’ত ৰাজ্যৰ মুখ্যমন্ত্রী হিচাপে বিধিৰ দ্বাৰা স্থাপিত ভাৰতীয় সংবিধানৰ ওপৰত শপত লৈ সদনৰ মজিয়াত ৰাজ্য প্রশাসনৰ মুৰব্বী মুখ্যমন্ত্রী ড০ শর্মাই সদম্ভে ঘোষণা কৰিছে সত্রৰ ভূমি বেদখলকাৰীক সহ্য কৰা নহ’ব৷ যি নির্ভীক সততাৰে মুখ্যমন্ত্রীগৰাকীয়ে ঘোষণা কৰিলে সেয়া দেখি অনুমান হয় অসমীয়া জাতিটোৱে এজন সবল, যোগ্য বিচক্ষণ মুখ্যমন্ত্রীক বহু বছৰ পিছত লাভ কৰিলে৷ তাৰ স্পষ্ট ছবি প্রতিফলিত কৰি মুখ্যমন্ত্রী ড০ শর্মাই প্রতিকূল বতৰক নেওচি যোৱা ৭ জুনত মঙলদৈ জিলাৰ ছিপাঝাৰৰ অতি দুর্গম ধলপুৰত থকা ঐতিহাসিক শিৱ মন্দিৰৰ বেদখলীকৃত ভূমি পৰিদর্শন কৰি তাৰ সংৰক্ষণৰ বাবে লোৱা পদক্ষেপে সমগ্র ৰাজ্যবাসীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ উত্তৰ–পূবত সনাতন সংস্কৃতি সুৰক্ষাৰ বাবে মুখ্যমন্ত্রীৰ আসনত বহি থকা কোনো এজন মুখ্যমন্ত্রীয়ে আজিলৈকে হয়তো এইদৰে খোজকাঢ়ি, ভুটভুটি নৌকাৰে গৈ আধ্যাত্মিক সংস্কৃতিক সুৰক্ষাৰ বাবে নিজৰ দায়বদ্ধতা প্রকাশ কৰা নাছিল৷ যাৰ বাবে আমি তেখেতক মুকলিভাৱে শলাগ ল’বই লাগিব৷
ছিপাঝাৰৰ ৭৭ হাজাৰ বিঘা ভূমি অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ ড০ শর্মাৰ কেবিনেটে যি শক্তিশালী সাহসী পদক্ষেপ লৈছে সেয়া সঁচাকৈয়ে প্রশংসনীয়৷ আজিৰ এই মুহূর্তত ৰাজ্যৰ কেইবাগৰাকীও সত্রৰ জ্যেষ্ঠ সত্রাধিকাৰে মুখ্যমন্ত্রীৰ শেহতীয়া পদক্ষেপক প্রশংসা কৰি সত্রীয়া সংস্কৃতি সুৰক্ষাৰ ক্ষেত্রত গভীৰ বিশ্বাস–আস্থা প্রকাশ কৰিছে৷ সৰভোগৰ ঐতিহাসিক মইনবড়ি সত্রৰ সত্রাধিকাৰ প্রভু গণেশ চন্দ্র অধিকাৰীয়ে মুখ্যমন্ত্রী শর্মাই অসমীয়া সমাজখন উদ্ধাৰ কৰাৰ বাবে যে শক্তিশালী পদক্ষেপ ল’ব সেয়া ৰাজহুৱাকৈ মনৰ আশা ব্যক্ত কৰিছে৷ সমান্তৰালভাৱে তিনি ৰাজ্যৰ বন্দ্য থান বৰপেটা সত্রৰ বুঢ়াসত্রীয়া বশিষ্ঠ দেৱ শর্মাই সত্রৰ ভূমিৰ বেদখল উচ্ছেদ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জাতীয় জীৱনৰ সফল মুখ্যমন্ত্রী হিচাপে ৰাজ্যবাসীৰ আগত পৰিচয় দিব বুলি সংবাদ মাধ্যমৰ সন্মুখত ৰাজহুৱাভাৱে আশা ব্যক্ত কৰা ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে৷ সত্রীয়া সংস্কৃতিক সুৰক্ষাৰ বাবে কেইবাজনো সত্রাধিকাৰে মুখ্যমন্ত্রী শর্মাক ‘সত্র সুৰক্ষা বোর্ড’ এখন গঠন কৰিবলৈ পৰামর্শ আগবঢ়াইছে৷ উক্ত সত্র সুৰক্ষা বোর্ডৰ অধীনত ৰাজ্যৰ সত্র–নামঘৰ, দেৱালয়, মঠ–মন্দিৰসমূহৰ সংৰক্ষণ, সংবর্ধন আদি বিষয় চোৱাচিতাৰ বাবে ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে৷ অসমীয়া সমাজখনৰ বাবে অতি লাজৰ বিষয়টো হ’ল অসম চৰকাৰৰ প্রত্নতত্ত্ব সঞ্চালকালয়ৰ কার্যালয়ত ‘সত্রকোষ’ নামৰ এটা কোষ গঠন কৰি এটি সৰু কোঠাত জ্যেষ্ঠ সহায়ক যতীন্দ্র নাথ শর্মা আৰু চতুর্থ শ্রেণীৰ কর্মচাৰী (ৰাভা যুৱতী)য়ে সত্র উন্নয়নৰ সমগ্র দিশ চোৱাচিতা কৰে৷ যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্রী ড০ শর্মাই অসমত মাদ্রাছাসমূহ বন্ধ কৰি প্রশংসনীয় পদক্ষেপ লৈছে সেই সময়ত মুখ্যমন্ত্রীগৰাকীয়ে গুৰুদুজনাৰ বৰ অসমৰ সংস্কৃতিক সুৰক্ষাৰ বাবে পৃথক কার্যালয় পাৰিলে ‘শ্রীমন্ত শংকৰদেৱ সঞ্চালকালয়’ এটি স্থাপনৰ দিহা কৰিবলৈ অসমবাসীৰ অন্তৰ আত্মাৰ আহ্বান হিচাপে বিবেচিত হৈছে৷ সেই বাবেই বহু সত্রৰ সত্রাধিকাৰ প্রভুৱে ড০ শর্মাই আজিৰ দিনটোত একমাত্র ভৰসা বুলি ভাবিবলৈ বাধ্য হৈছে৷ কাৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিভিন্ন সময়ত সত্রৰ অপ্রকাশিত বহু বেদনা, সত্রাধিকাৰক হানি–খুঁচি হত্যা কৰা, সত্রাধিকাৰ পৰিয়ালৰ আত্মীয় যুৱতীৰ সতীত্ব হৰণ, সত্রৰ ভূমি বেদখল, জাতিটোৰ প্রতি অহা ভাবুকিক মুকলি প্রত্যাহ্বান জনাই ৰাজহুৱা সভাত নিজৰ স্পষ্ট স্থিতি প্রকাশ কৰি আহিছে৷ বিৰল ব্যক্তিত্বৰ গৰাকী ৰাজ্যৰ সুদক্ষ ৰাজনৈতিক নেতা মুখ্যমন্ত্রী ড০ শর্মাই চৰকাৰ গঠন কৰিয়ে কেইবাটাও উল্লেখযোগ্য সাহসী পদক্ষেপ গ্রহণ কৰিছে৷ সেয়েহে সত্রীয়া সংস্কৃতিক বুকুত বান্ধি লৈ শ শ বছৰজুৰি জাতিৰ স্বকীয় পৰিচয় দি অহা বৈষ্ণৱপ্রাণ ৰাইজৰ মনৰ বেদনা উপলব্ধি কৰি ভূমি বেদখলমুক্ত কৰি উক্ত ভূমিত বাঁহ–বেতৰ থলুৱা উদ্যোগ, মুখা শিল্প, মৎস্য শিল্প, বৈজ্ঞানিক পদ্ধতিৰে কৃষিকর্মৰ দ্বাৰা সত্রীয়া যুৱক–যুৱতীসকলক্ স্বাৱলম্বী কৰাৰ দিহা কৰিবলৈ আহ্বান জনালোঁ৷ তদুপৰি ৰাজ্যৰ এইসমূহ অনুষ্ঠানক ধর্মীয় পর্যটনস্থলী হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত শক্তিশালী কার্যব্যৱস্থা গ্রহণ কৰিব লাগে৷ অসমৰ নতুন প্রজন্মক গুৰুজনাৰ চিনাকি কৰি দিয়াৰ স্বার্থত বিদ্যালয়ৰ পৰা মহাবিদ্যালয় পর্যায়লৈ পাঠ্যক্রমত গুৰুজনাৰ আদর্শ–দর্শন, সৃষ্টিৰাজি অন্তর্ভুক্ত কৰিবলৈ প্রয়াস কৰাটো জৰুৰী হৈ পৰিছে৷ সনাতন সভ্যতা সংস্কৃতিক নিশ্চিত ৰূপত সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্রীয়ে সকলো দিশ বিবেচনা কৰি বিশেষ ‘বিশেষ সুৰক্ষা গোট’ এটি গঠন কৰিব লাগে৷ প্রতিখন অনুষ্ঠানক সামৰি একোটি শংকৰ–মাধৱ সাংস্কৃতিক বিকাশ কেন্দ্র স্থাপন কৰি নৱপ্রজন্মক প্রশিক্ষণ দিয়াৰ বাবে চৰকাৰৰ সাংস্কৃতিক বিভাগে প্রশিক্ষক নিযুক্তিৰ দিহা কৰিব লাগে৷ এইখন অসমত আজানৰ সুৰত ৰাতি পুৱায়– আজানৰ সুৰত বেলি মাৰ যায়– সেয়ে গুৰুজনাৰ বৰগীত, দবা, শংখৰ সুৰ যাতে চৌদিশে প্রতিধ্বনিত হয় সেইক্ষেত্রত প্রতিখন সত্র, নামঘৰত মাইক ছেট্ যোগানৰ দিহা কৰিবলৈ চৰকাৰক আহ্বান জনালোঁ৷ বিভিন্ন পন্থাত বিশ্বাসী এইসমূহ জাতীয় আধ্যত্মিক অনুষ্ঠানক যাতে বহুধা বিভক্ত অসমীয়া সমাজখনক আমি গুৰুজনাৰ আদর্শৰে পুনৰুজ্জীৱিত কৰি একতাৰ ডোলেৰে সমৃদ্ধিশালী কৰি তুলিবলৈ সক্ষম হওঁ, তাৰ নিমিত্তে ৰাজ্য প্রশাসনৰ মুৰব্বী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সকলোকে সামৰি লৈ এক গ্রহণযোগ্য দায়িত্ব পালন কৰাটো এতিয়া সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে৷ যি কাম কেৱল নির্ভীক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰিব পাৰিব৷ কাৰণ ড০ শর্মাই বিগত সময়ছোৱাত অসমৰ আঠ হাজাৰ ঐতিহাসিক নামঘৰত আঢ়ৈ লাখকৈ টকা অনুদান আগবঢ়াই বহু নামঘৰক আজিৰ দিনটোত এক নতুন প্রাণ দিবলৈ সক্ষম হৈছিল৷